ফটাঢোল

অংক জংক পংক – বিপাশা বৰঠাকুৰ

: মাছ কিমানকৈ দিছা?

: বাইদেউ পোৱা পঞ্চাশ টকা।

টিঙিচকৈ উঠিলেই নহয় খঙটো। হেৰৌ ভাব কি বুলি অমুকীক তহঁতে! মোৰ কাপোৰ-কানিৰ গতি দেখিয়েই কৈছ নে, ঘৰত খোৱা মানুহ কম বুলি ভাবিয়েই কৈছ নে, অংকত অলপ কেঁচা বুলি ভাবিয়েই কৈছ নাজানো আৰু। হেৰৌ কৈছ ক, কিন্তু ভদ্ৰতাৰ খাতিৰতে পোৱাটো নকয় কিলো কিমান তাকেই কচোন। তাৰপৰা মই একপোৱা কিনো বা আধাপোৱা তাত কাৰ কি আহে যায় ঔ! তোৰ দৰে তপামূৰীয়া বেপাৰীৰপৰা নিকিনিহে পাৰিছোঁ বুলি মুখৰ ভিতৰতে ভোৰভোৰাই ওলাই আহিলো মাছ বেপাৰীৰ ওচৰৰপৰা। নোৱাৰি বুইছে। সকলো সময়তে এনেকৈ অপমান সহি সামৰি থাকিব নোৱাৰি। কালিও একেই ঘটনা বিলাহী কিনাৰ সময়ত। গধূলি সময়ৰ ব‍্যস্ততাৰে ভৰা চান্দমাৰীৰ ফুটপাথ। শাক-পাচলি চাই চাই খোজকাঢ়ি আহি আছোঁ। বিলাহী কিনো বুলি ৰ’লো এঠাইত। দাম সুধিবলৈ বুলি মুখখন খুলিবলৈ ধৰিছোঁহে, এনেতে কাণৰ ওচৰতে আহি এজনে ক’লেহি,

: এক কিলো ফুলকবি দিবা।

ঠহৰকৈ মাৰিলে কাণত কথাষাৰ। মাৰিবই দিয়কচোন, মাহটোৰ শেষৰফালে মহঙা দিনত কোনোবাই যদি ১৫০ টকা কেজিৰ ফুলকবি খাই তেনেজন ভাগ‍্যৱানৰ কাষত বজাৰ কৰিও ভাল লাগে‍! ঘূৰি চালো, সাইলাখ কাৰ্তিকহেন চেহেৰাৰ এজন যুৱক। ধুনীয়া পাৰফিউমৰ গোন্ধ এটাও নাকত লাগিলহি। মনটো ক’ব নোৱাৰাকৈয়ে কেনেবা কেনেবাখন লাগি গ’লহে! অমুকী লাগিলে যেনেকুৱাই নহওঁ, এনেহেন সুৰ্দশন এজনে কাষতে ৰৈ ১৫০ টকা কেজিৰ ফুলকবি কিনি থাকিলে, ‘ফিলিং ছামথিং ডিফাৰেণ্ট’ ধৰণৰ ধাৰণা এটা অহাটো স্বাভাৱিকেই দিয়কচোন। বেপাৰীয়েও সুৰ্দশনক অগ্ৰাধিকাৰ দি খৰধৰকৈ ফুলকবি উঠালে পাল্লাত। এইবাৰ অমুকীৰ পাল। বেপাৰীয়ে মুখলৈ চাওঁতেই কণ্ঠত পাৰ্যমানে গাম্ভীৰ্য আনি ক’লো,

: বিলাহীৰ কিলো কিমানকৈ দিছা? (যদিও এক কিলো নলওঁ)

: ৮৫ টকা।

: অহ্, আধা কিলো দিবা।

বেপাৰীয়ে মোনাত ভৰালে বিলাহী। সুধিলো,- কিমান হ’ল। এইবাৰহে যেন মই তাক বৰ নুসুধিবলগীয়া কিবা এটা সুধিলো। কি মুখচোকা বেপাৰী ঔ বোপাই‍! দোকানৰ মালিকীস্বত্ব জাহিৰ কৰি বেটাই মোক টেঁটুৰ সিৰ ফুলাই ফুলাই ক’বলৈ ধৰিলে,

: কিয়? কৈছিলো দেখোন আপোনাক কিলো ৮৫ বুলি, এতিয়া আধাকিলোৰ দামটো দিয়ক।

মই অবাক হৈ চাই ৰ’লো। খং আৰু দুখ মিলি মানুহৰ যি অৱস্থা হয় মোৰো ঠিক তেনেকুৱাই হৈছিল। মন গৈছিল যেন হাতত থকা বিলাহীখিনি থেকেচা এটা মাৰি থৈ আহিম। হওঁতে মই অংকত সৰুতে ইমান বেয়া নাছিলো যদিও ঘৰৰ মানুহ আৰু স্কুলত মাষ্টৰৰ মতে মই বোলে অংকবোৰ বুজি পাওঁতে বেছিয়েই দেৰি লগাইছিলো। সকলোৱে কয়, মই কিন্তু বিশ্বাস হ’লে নকৰো দেই। কাৰণ মোৰ আত্মবিশ্বাস বস্তুটো সৰুৰেপৰাই বহুত বেছি। নহ’লেনো সদায় ১ৰ পৰা ১০ ৰ ভিতৰত অংকত নম্বৰ পোৱা অমুকীয়ে অনিল মাষ্টৰে দিয়া অংক মুখস্থ কৰি মেট্ৰিকত ৩০ পাওঁ নে! তথাপিও এইবোৰ কথা লৈ কাহানিও ফুটনি মাৰি নাপালো। শোক এটাই খুন্দা মাৰি ধৰিলে ভিতৰি। তথাপি আত্মবিশ্বাস অকণ দেখুৱাই বেগৰপৰা মোবাইলটো উলিয়াই ল’লো কেলকুলেটৰ অন কৰো বুলি। এনেতে সুৰ্দশনে মিচিকিয়া হাঁহিৰে মাত লগালে – ‘আপুনি ৪২ টকা দিয়ক’।

দেহি ঐ, মনটো ভাল লাগি গ’ল। এনেনো মিঠা মাত আৰু যে হিচাপটো ইম্মান পাক্কা। হতশ্ৰীযোৱা মুখচোকা বেপাৰীটোৱে চাই আছিল। মনৰ ভিতৰতে তাক ক’লো – ‘দেখিলি নহয় এতিয়া,কেনেকৈ হিচাপ উলিয়ালে।’
পিছে তাক এসেকা দিওঁ বুলিয়েই মই বাপ্পেকে আচল হিচাপ মোবাইলত উলিয়াই কৈ দিলো – ‘৪২.৫ ৰাখা মোৰপৰা।’ (দিয়ক বেটাই বাকী খুচুৰা ঘূৰাই। যুদ্ধত জিকাৰ দৰে স্ফূৰ্তি এটা লাগিল) পিছে সিয়ো কিবা নিৰুদ্বেগচিত্তেহে উত্তৰটো দিলে- ‘নালাগে হ’ব, ৪২ টকাই দিয়ক।’
আজোৰ মাৰি বিলাহী লৈ ওলাই আহিলো তাৰ দোকানৰপৰা। কাণত ধৰি শপত খালো, এই হতশ্ৰীযোৱা দন্দুৰা বেপাৰীটোৰপৰা মই পাচলি কিনাত নাই দেই।

সৰুৰেপৰাই মই পঢ়া শুনাত বিশেষকৈ অংক আৰু বিজ্ঞানত অলপ ‘বিশেষ’ আছিলো বাবেই ঘৰ আৰু স্কুলত মোক গুৰুত্বও বিশেষভাবেই লৈছিল। কিমানজন অংকৰ মাষ্টৰ মোক ঘৰত পঢ়াবলৈ আহিল আৰু গ’ল তাৰ সঠিক হিচাপ আজিলৈ ৰখা ন’হল। কিন্ত শি‍ক্ষা ব‍্যৱস্থাৰ ওপৰত এটা ক্ষোভ সদায়ে থাকি গ’ল যে চৰকাৰে অকণ চেষ্টা কৰা হ’লে আমাৰ দৰে ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে পাটীগণিতখন কিছু পৰিমাণে সহজ কৰিব পাৰিলে হয়। মোৰ কথা বাৰু বেলেগ যে কিবা দৈৱ দুৰ্বিপাকত মেট্ৰিকৰ সময়ত বহু বিচাৰ খোচাৰৰ অন্তত অনিল মাষ্টৰক মই লগ পালো আৰু যিয়ে খুব কম সময়তে অংকৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা আৰু আত্মবিশ্বাস বুজি উঠিছিল। এদিন বহুত ভাবি চিন্তি ছাৰে ক’লে-

: তই এটা কাম কৰ।

: কি ছাৰ?

: অংক মুখস্থ কৰিব পাৰিবিনে?

: পাৰিম ছাৰ। – তপৰাই ক’লো।

: তেনেহ’লে তাকেই কৰ। মই কমন পৰিবপৰা কেইটামান বাছি দিম।

কথামতেই কাম। ছাৰে দিলে, মই কণ্ঠস্থ কৰিলো আৰু সঁচাকৈয়ে ৩০ পালো।

আচলতে মই পঢ়াত বেয়া বুলি মুঠেও নামানো যদিও সমাজ হিতৈষী কামবোৰত লাগি থাকোতে সময়ৰহে অভাৱ হৈছিল। বিয়া, আই সবাহ, তোলনী বিয়া, অখণ্ড ভাগৱত এইবোৰততো মোৰ উপস্থিতি আছিল অনিবার্য। তাৰ মাজতে সময় উলিয়াই যি অলপ পঢ়ো। পৰাখিনি নিজে পঢ়ি নোৱাৰাখিনি মিলাই লিখিম বুলিয়েই যাওঁ। কাৰণ বিপদৰ বন্ধুহে আচল বন্ধু, পঢ়াতোনো কি আছে! কিন্তু তাতো যে চকুচৰহামখাৰ অভাৱ নাই। যিহে লুকুৱাই লুকুৱাই লিখে পৰীক্ষাত। মাজতে যদি খোচ এটা মাৰি সোধো – ‘ঐ কি লিখিছ অলপ দেখাচোন’ বুলি, উত্তৰটো আকৌ দিয়ে এইবুলি,

: ৰহ অ’, একো লিখা নাই।

টিঙিচকৈ খঙটো উঠি আহে। হেৰৌ, একো যদি লিখাই নাই তেনেহ’লে যোৱা দুঘণ্টা সময় বাৰে বাৰে কাগজ লৈ কি কবিতা ৰচনা কৰি আছিলি হাঁ?

এইবোৰ আহে কেলৈ বাৰু পৰীক্ষা দিবলৈ যদি লগৰকেইটাক সহায় কৰিলেও গা জ্বলে ইহঁতৰ। এইসোপাৰ উৎপাতৰ কাৰণেই বহীবোৰ আগতে মই বাধ‍্যত পৰি ঘৰৰ মানুহৰপৰা লুকুৱাই থৈছিলো। স্কুলত এই চকুচৰহাসোপা আৰু ঘৰত এটা আছেই নহয় মোৰ শান্তি শেষ কৰাটো। কিয় মোৰ ককাইদেউ আকৌ। গৰমবন্ধ খোলা শেষ হ’ল কি নাই, এইচবৰ উৎপাত কি নাচাবা বহী ঘূৰোৱাক লৈ। বেছি নম্বৰ পোৱাকেইটাৰ স্কুলত উৎপাত – “বহী যে কেতিয়া দিব। মোৰ যে ভয়েই লাগিছে। ইম্মান বেয়া হৈছে পৰীক্ষা এইবাৰ। পঢ়াই নাছিলো একো”, ইত‍্যাদি ইত‍্যাদি।

কথাবোৰ শুনি থাকিলে কিবা খুন্দা মাৰি দিবলেহে মন যায়। পঢ়াই যদি নাছিলি বহীৰ কথা ভাবি মৰিছ কেলৈ! আৰু বহী দিয়াৰ পিছত – “অ’ই কিমান পালি ক না, ক না” কৈ উৎপাত। কিয় ক’ম! নকওঁ। পৰীক্ষাত দেখুৱাইছিলি হাঁ? তেতিয়া দেখুওৱা হ’লে মোৰ লুকুৱাব লগা পৰিস্থিতি নহয়তো।

গৰমবন্ধ খোলাৰ পিছৰ এটা দেওবাৰ। মজাকৈ শক্তিমান চাই বহি আছোঁ। এনেতে আহিল নহয় এটা (দাদা) শান্তি ভংগ কৰিবলৈ।

: কচোন, এক কেজি মাছৰ দাম ১৫০ হ’লে একপোৱাৰ দাম কিমান?

: আমাক হৰণ অংক শিকোৱা নাই।

: কিয় কিতাপত দেখোন আছে তহঁতৰ।

: অহ আছে, কিন্তু পঢ়ুওৱা নাই। বছেৰেকীয়া পৰীক্ষাৰ আগতহে শিকাব বুলি কৈছে।

: হেৰি নহয়, তহঁতৰ ছমহীয়াৰ বহীবোৰ কেতিয়া দিব অ’ ঘূৰাই?

: মই কি জানো! (সাহস গোটাই ক’লো যদিও ডিঙিটো শুকাই গ’ল)

: তহঁতৰ চব বহী দিয়ে, অকল অংকখনহে নিদিয়ে যে কিয়! নহয়নে মা!

: গম নাপাওঁ মই। অংক ছাৰৰ গা বেয়া বুলি শুনিছোঁ। (ভয়ত কি কৈছোঁ গম নাপাওঁ, কিন্তু বুজি নাপাওঁ, এইটো অকল মোৰ পিছতহেনো কিয় লাগি থাকে। তাতে তুলিৰ তলত বহী লুকুৱাই ৰখা দুদিন হৈছে)

: ঠিকেই আছে, এইবাৰ হৰণ অংক শিকোৱা নাই বুলি ফেইল কৰিছ, অহাবাৰ সৰল অংক শিকোৱা নাই বুলি কৰিবি।

শেষ মই! ঘূৰি চাই দেখো তাৰ হাতত দুদিন আগতে দিয়া মোৰ অংকৰ বহীখন। ইতিমধ্যে মা আহিও ঘটনাস্থলী পালেহি। ইয়াৰ পিছৰ অৱস্থা কোৱাৰ নিশ্চয় প্ৰয়োজন নাই। আৰম্ভ হৈ গ’ল “বহী উদ্ধাৰ আৰু মোৰ পাতাল যাত্ৰা” নাটৰ পৰ্ব। কি ক’ম আৰু, জীৱনটোত সহ‍্য বহুত কৰিছোঁ বুজিছে! আৰু বা কিমান আছে! কিন্তু এটা কথা শিকিছোঁ লাহে লাহে, বস্তু কিনিলে কিলোত কিনিব, পোৱাত নহয়।

☆★☆★☆

8 Comments

  • parishmita

    সঁ‌চাকৈ অংক মানে সদায়ে জংক পংক দেই।

    Reply
  • Anonymous

    সুন্দৰ বর্ণনা..পঢ়ি বৰ ভাল লাগিল …

    Reply
  • সদানন্দ ভূঞা

    অঙ্ক জঙ্ক পঙ্ক বৰ ৰসাল হৈছে ।

    Reply
  • অমৰ জ্যোতি

    ভাল লাগিল ।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল মেডামজী৷ বৰ ৰস পালো৷ আমাৰ মেগাজিনত ৰেগুলাৰ লিখি থাকিব বুলি আশা পালিলোঁ৷

    Reply
  • ৰূপাঞ্জলী

    অংক কিযে জংক পংক। মোৰো টেমাত কমকৈ সোমাই।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ৰস পালোঁ দেই। সঁচাই অংক টো যে …

    Reply
  • ফটিক বৰা

    ৰসে টুপ টুপাই থকা ৰসমলাই।

    Reply

Leave a Reply

Your email address will not be published.