ফটাঢোল

অকাঁফকীয় মেটামৰ্ফচিচ – অভিজিত কলিতা

কাঁফকাৰ মেটামৰ্ফচিচ পঢ়িছোঁ, কেইবাবাৰো। কিন্তু পঢ়ি বৰ সুবিধা পোৱা নাই, বুজিও যে পাইছোঁ সন্দেহ, প্ৰত্যেক বাৰ পঢ়োঁতেই বেলেগ অৰ্থ বুজোঁ। কাঁফকাৰ নায়ক, ট্ৰেভেলিং চেলছমেন গ্ৰেগৰে হঠাৎ এদিন পুৱা শুই উঠি গম পাই যে তেওঁ ইতিমধ্যে এটা পলুলৈ পৰিৱৰ্তন হৈ গৈছে। ঘৰৰ মানুহে ভয় খাই, গ্ৰেগৰেও মনৰ ভাৱ বুজাব নোৱাৰে, চাকৰিৰ ওপৰৱালাই ঘৰত আহি ধমকি দি যায়হি, কিন্তু গ্ৰেগৰৰ অৱস্থা দেখি পলাই যায়। ঘৰখন অৰ্থ সংকটত পৰে। কিন্তু লাহে লাহে পৰিবেশ সলনি হৈ আহে, ঘৰৰ মানুহে গ্ৰেগৰৰ এই পৰিৱৰ্তনক মানি লয়। ভনীয়েকে গ্ৰেগৰৰ তত্বাৱধানো লয়। ঘৰৰ একমাত্ৰ উপাৰ্জনশীল সদস্য গ্ৰেগৰৰ এনে অৱস্থাৰ বাবে উদ্ভৱ হোৱা নতুন পৰিস্থিতিৰ সৈতে ঘৰখনে সহাৱস্থান কৰিবলৈ আৰম্ভ কৰে। সকলো ঠিক ঠাক হোৱালৈ কিন্তু সকলোৰে আমনি লাগে, কিমান আৰু পলুৰূপী গ্ৰেগৰৰ তদাৰকী কৰি থাকিব। মানুহৰ মৰম চেনেহবোৰ কমি আহে, আৰু মনে মনে সকলো দেখি, বুজি থকা গ্ৰেগৰে ঘৰখনক দ্বায়িত্বমুক্ত কৰিবলৈ এদিন মৃত্যুক আঁকোৱালি লয়। গ্ৰেগৰৰ মৃত্যুৱে ঘৰখনক সকাহ দিয়ে, সকলো আকৌ আগৰদৰে, আনকি আগতকৈ ভালকৈহে থাকিবলৈ লয়।

মই সিমানখিনিয়ে বুজিলোঁ, এই যে আমি নিজকে ইমান গুৰুত্বপূৰ্ণ বুলি ভাবোঁ, আমি নহ’লে সকলো গণ্ডগোল হৈ যাব বুলি ভাবোঁ, সেয়া আচলতে এক বৃহৎ মিছা, ধূলিকণা মই। মই নহ’লেও নিজ বাটে নক্ষত্ৰ ঘূৰিব, পৰিয়াল চলিব। তাকে হয়তো বুজাইছিল কাঁফকাই। এই চিৰন্তন সত্যটো বহুতে বহুবাৰ কৈছে। কাঁফকাৰ ষ্টাইলটো আছিল নতুন, অপৰম্পৰাগত; মানুহে পঢ়ি সোৱাদ পাইছিল। আচলতে সেয়াই সাৰ্থকতা, নতুনকৈ আৰু ক’বলৈ, লিখিবলৈ একো নাই, সকলো কোৱাও হ’ল, লিখাও হ’ল। এতিয়া মাথো সেই কথাকেইটা কোৱাৰ শৈলী অদল বদল কৰি থকাৰ সময়। কিন্তু আচল কথা হ’ল- মোৰো মেটামৰ্ফচিচ হৈছে, মই গম পাইছোঁ। মই নিশ্চিত যে মোৰ ৰূপান্তৰ হৈ আছে, কেৱল সি গ্ৰেগৰৰ দৰে একেৰাতিতে হোৱা নাই, হৈছে তিল তিলকৈ, লাহে লাহে, আনৰ চকুত নপৰাকৈ। কিন্তু আনে নেজানিলে কি হ’ব? মইতো জানো। গ্ৰেগৰ ৰূপান্তৰ হোৱাৰ কাৰিকৰী কাৰণবিলাক কাঁফকাই নক’লে, কিন্তু মই মোৰ মেটামৰ্ফচিচ হোৱাৰ কাৰণবিলাক হয়তো জানো, জানি শুনিয়েই মই ৰূপান্তৰ হৈ গৈ আছোঁ, এই প্ৰক্ৰিয়া বন্ধ কৰা মোৰ ক্ষমতাৰ বাহিৰত বুলিও জানো। জানি শুনিয়েই মই তিলে তিলে ৰূপান্তৰ হৈ গৈ আছোঁ- এটা ধাতৱ ৰবটলৈ।

মোৰ হাত ভৰিবোৰ, বা বাহিৰত দেখা পোৱা অংগ প্ৰত্যংগবোৰ এতিয়ালৈকে ধাতুৰ হোৱা নাই, কিন্তু আৰু কিছুদিনৰ ভিতৰতে হ’ব। কিন্তু ভিতৰৰ দৰকাৰী-অদৰকাৰী কল কব্জাবোৰ ইতিমধ্যে ধাতুৰ সৰঞ্জামেৰে ভৰি পৰিছে। নট বল্টু, লোহা লক্কৰ ইফাল সিফাল হোৱাৰ কঠুৱা ধাতৱ শব্দ মই অনবৰত শুনি থাকোঁ আজিকালি। কেৰেক…টিং টাং…ঘেটেং!

এই ৰূপান্তৰৰ প্ৰক্ৰিয়াটো ঠিক কেতিয়া আৰম্ভ হ’ল মোৰ মনত নাই, কিন্তু মোৰ ঠিক মনত আছে, এই ৰূপান্তৰ বাবে মই সন্মতি দিছিলোঁ, কেৱল সন্মতিয়েই নহয়, তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবিলাকো মই নিজেই নিজৰ গাঁঠিৰ ধন ভাঙি কিনি আনিছিলোঁ। আজিও কিনি আছোঁ। এটা এটাকৈ মোৰ অংগবিলাক ধাতৱ যন্ত্ৰৰে প্ৰতিস্থাপন কৰিবলৈ মই প্ৰাণপণে চেষ্টা কৰি আছোঁ। মোৰ সকলো সাঁচতীয়া ধন মই ইয়াৰ বাবে খৰছ কৰিছোঁ। এইবোৰ কিনিবলৈ দিনক দিনে ধনৰ প্ৰয়োজন বাঢ়ি যোৱাৰ বাবে মই দিনে ৰাতিয়ে কাম কৰিছোঁ, তাৰেও নোজোৰাত দূৰ্নীতি কৰিছোঁ, কেতিয়াবা ডকাইতিও কৰিছোঁ, চুৰি কৰিছোঁ। যেনে তেনে মোক ধন লাগে যাতে মই অতি সোনকালেই এটা সম্পূৰ্ণ ধাতৱ ৰবটলৈ পৰিৱৰ্তিত হ’ব পাৰোঁ। অ’ত ত’ত চেগা চোৰোকাকৈ লাগি থকা মানুহৰ চিনখিনি মোৰ সহ্য হোৱা নাই। সেইবোৰৰ পৰা গোন্ধ ওলায়, গেলিছে হয়তো। মোৰ মৰণশীল কোষবোৰ অত্যাধুনিক এলয় ধাতুৰ সৈতে মিলি থাকিব পৰা নাই, সেয়ে সেইবোৰ ক্ৰমাৎ গেলিছে, নিজে নিজে মৰি গৈছে। মই আৰু গেলা মাংসপেশীৰ ভাৰ কঢ়িয়াই ফুৰিব নোৱাৰা হৈছোঁ।

আপুনি হয়তো আচৰিত হৈছে, মই কিয় ৰবট হোৱাৰ সিদ্ধান্ত ল’লোঁ। মানুহৰ দেহাটোনো কি বেয়া আছিল? শাস্ত্ৰত কৈছে “সহস্ৰ জনমৰ পুণ্যৰ ফলত মানৱী জনম পায়”, মই কিয় সেই অমূল্য মানৱী জনমটো এটা ধাতুৰ ৰবট হৈ পাৰ কৰাৰ সিদ্ধান্ত ল’লোঁ? আচৰিত যেন লাগিলেও সেইটো কিন্তু মই সজ্ঞানে, সুস্থ শৰীৰে লোৱা এটা সচেতন সিদ্ধান্ত আছিল। মোৰ চেতনা বোলা বস্তুটো জীয়াই থাকোঁতে লোৱা সেইটো মোৰ শেষ সিন্ধান্ত আছিল। আজিকালি সেইবোৰ সমস্যা নাই, মই নিজৰ সুদক্ষ প্ৰগ্ৰামাৰে মোৰ বিবেক নামৰ প্ৰগ্ৰামটোত লিখি দিয়া মতে সিদ্ধান্ত লওঁ। মোৰ প্ৰগ্ৰামাৰজন কোন নেজানো, কিন্তু তেওঁ যে অতি দক্ষ তাত কোনো সন্দেহা নাই। মোৰ আগতে থকা মগজুটোৰ পৰা স্মৃতিৰ সকলো তথ্য উলিয়াই, তাৰ লগত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ট্ৰেণ্ড মিহলাই তেওঁ কেইবাশ বিলিয়ন পৰিস্থিতি সাপেক্ষে সকলোতকৈ উত্তম কাৰ্যপন্থাটো মোৰ প্ৰগ্ৰামত লিখি থৈছে। গতিকে আজিকালি মোৰ সিদ্ধান্ত লওঁতে একো সমস্যা নহয়।

আচলতে মই কষ্টত আছিলোঁ, কষ্ট পাইছিলোঁ এই মিছা মানবতাৰ বাবে, দুখ শোক, আবেগ, মৰম, চেনেহ, প্ৰেম, খং- ৰাগ, অভিমান, এই সকলোবোৰৰ বাবে। এই কথা কিন্তু আপুনিও অস্বীকাৰ কৰিব নোৱাৰে, এই অপ্ৰয়োজনীয় আবেগবোৰেই আমাৰ দুখ-শোকৰ মূল কাৰণ। এই আবেগবোৰে মোক বৰ কষ্ট দিছিল, পদে পদে উজুটি খাইছিলোঁ মই। সকলোফালে যেন সকলো বেয়া হৈ আছে, সমাজখন অধঃপাতে যোৱাৰ বাবে দুখী হৈছিলোঁ। চকুৰ আগতে হৈ থকা, সকলোৱে মানি লোৱা কথাবোৰ সহ্য কৰিব নোৱাৰাছিলোঁ। পৰাজয় নিশ্চিত বুলি জানিও যুঁজিছিলোঁ। এক অহেতুক মানবতাৰ অহংকাৰে মোৰ সমগ্ৰ সত্ত্বা গ্ৰাস কৰি ৰাখিছিল। বাৰে বাৰে পৰাজিত হৈছিলোঁ, তথাপিও আকোৰগোঁজকৈ একেটা কথাতে লাগি আছিলোঁ। কথাবোৰ ভাবিলে আজি বৰ হাঁহি উঠে। মই যে মানুহটো ইমান মূৰ্খ আছিলোঁ, আজি মোৰ বিশ্বাসেই নহয়। মই গল্প, কবিতা, লিখিছিলোঁ, ছবি আঁকিছিলোঁ, সততাৰে নিজৰ কাম কৰি হোৱা উপাৰ্জনখিনিৰেই এক নিৰীহ সাধাৰণ জীৱন কটাম বুলি ভাবিছিলোঁ। ভাবিছিলোঁ একো ডাঙৰ কাম কৰিব নোৱাৰিলেও সমাজখনৰ বাবে কিছু পজিটিভ শক্তি এৰি যাম। মোৰ এই হাস্যকৰ সিদ্ধান্তবোৰৰ কাৰণ আছিল মোৰ অপৰিপক্কতা। মই নিজকে বৰ জ্ঞানী আৰু আনতকৈ পৃথক বুলি ভাবিছিলোঁ।

শেষত যি হ’ব লগা আছিল তাকে হ’ল- সকলো দিশতে মই পৰাজয় স্বীকাৰ কৰিব লগা হ’ল। লগতে বহুত সময়ো নষ্ট হ’ল- মই অন্ধকাৰ দেখিলোঁ। আগুৱাই যোৱাৰ কোনো পথ নাইকিয়া হ’ল। যাক মই মোৰ সকলোতকৈ আপোন বুলি ভাবিছিলোঁ, যাৰ বাবে মই সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত আছিলোঁ, সকলোৱেই মোক ত্যাগ কৰিলে। তাৰে বহুতে হাঁহিলে, তেওঁলোকে হেনো জানিছিলেই এইবোৰ মোৰ বলিয়ালি বুলি, এদিন মই নিঃশেষ হ’মেই বুলি। কিন্তু, যিহেতু তেওঁলোকৰ বাবে মই কিছু পৰিমাণে প্ৰয়োজনীয় আছিলোঁ তেতিয়াও, গতিকে তেওঁলোকে নেদেখাৰ ভাও ধৰি আছিল। মানুহে মোক হাঁহিছিল। মানুহবোৰ সকলোফালে মোতকৈ আগুৱাই গৈছিল, মই তলৰ পৰা অঁকৰাৰ দৰে তেওঁলোকক চাই আছিলোঁ, উৰি থকা, ধুনীয়া কাপোৰ পিন্ধা, সুস্বাস্থ্যৰ কিছুমান সফল মানুহ। নিজকে ধিক্কাৰ দিয়াৰ বাদে মোৰ কোনো উপায় নাছিল।

সেইখিনি সময়তে এই কোম্পানীটো মোৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ অফাৰটো অস্বীকাৰ কৰাৰ সাহস, ইচ্ছা, ক্ষমতা একোৱেই নাছিল মোৰ ওচৰত। মই লগে লগে সিদ্ধান্ত লৈ পেলাইছিলোঁ, কাৰণ এগ্ৰীমেণ্টত মই স্ব-ইচ্ছাৰে সন্মতি দিয়া বুলি লিখি দিব লগা আছিল। আচলতে তেতিয়াই মোৰ ইচ্ছা অনিচ্ছা, বিবেক আদি একেবাৰে অপ্ৰয়োজনীয়, সেই কথাটো মই জানিছিলোৱেই, সেইবিলাকক গুৰুত্বও দিয়া বন্ধ কৰিছিলোঁ; হ’লেও অফিচিয়েল কথাত লিখিবই লাগিব। লিখি দিছিলোঁ, গোট গোট আখৰেৰে নাম লিখি তলত চহী কৰি দিছিলোঁ।

তেতিয়াৰ পৰাই মোৰ এই ৰূপান্তৰকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছিল। কোম্পানীটোৱে গুৰুত্ব দিছিল যে তেওঁলোকে এই প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে সমাপ্ত কৰিব যাতে মানুহৰ চকুত লগাকৈ একো নাটকীয় ঘটনা নহয়। তেওঁলোকৰ মতে কাঁফকাৰ গ্ৰেগৰৰ ৰূপান্তৰকৰণ বৰ বেছি ‘ৰেডিকেল’ আৰু নাটকীয়, যি তেওঁলোকৰ কোম্পানী পলিচিৰ সৈতে নিমিলে। কিন্তু কোনোবাই ইচ্ছা কৰিলে তেনেকৈয়ো কৰিব পাৰে, কেৱল খৰচ বেছি হ’ব। আনকি তেওঁলোকৰ ওচৰত মাতৃগৰ্ভত থাকোঁতেই শিশুক ৰবটলৈ সলনি কৰি দিব পৰা প্ৰযুক্তিও আছে। বহুত ধনী মানুহে তেনেকুৱা কৰিছেও।

তেওঁলোকে মোক ৰবট হোৱাৰ সা-সুবিধাবিলাকো ফঁহিয়াই বুজাই দিলে। প্ৰথম সুবিধাটোৱেই হ’ল- এই আবেগ অনুভূতি জাতীয় অদৰকাৰী বস্তুবোৰ মোৰ মাজৰ পৰা একেবাৰে নোহোৱা হৈ যাব, গতিকে মোৰ দুখ নেলাগিব, মোৰ ভয় নেলাগিব, মই শংকিত নহ’ম। ভিতৰত কোনো সৰু যন্ত্ৰ অকামিলা হ’লে লগে লগে দোকানৰ পৰা কিনি আনি লগাই দিব পাৰিম। মই প্ৰেমত পৰিব নোৱাৰিম, কাকো ভাল পাব নোৱাৰিম, কাৰো পৰা একো আশা নকৰিম, গতিকে মোক কোনেও মানসিক কষ্ট দিব নোৱাৰিব, দুখ দিয়াৰ প্ৰশ্নই নুঠে। মই কেৱল মোৰ মালিকৰ নিৰ্দেশ মতে কাম কৰিম, কোনো ওজৰ আপত্তি নকৰি; তেতিয়া মালিকেও মোক ভাল পাব, আৰু মোক বহুত পইচা দিব। সেই পইচাৰে মই আৰু উন্নততৰ কল–কব্জা কিনি মোৰ গাত লগাব পাৰিম, দিনক দিনে মই বেছি ভাল আৰু দক্ষ ৰবট হৈ গৈ থাকিম। মোৰ কামৰ দক্ষতা বাঢ়িব, ভুল নহ’ব, দিনে ১৬-১৭ ঘণ্টাকৈ মই মালিকৰ সেৱাত নিজকে উচৰ্গা কৰিব পাৰিম। মালিকৰো ভাল হ’ব, মোৰতো কথাই নাই।

মই কেৱল প্ৰয়োজনীয় সুষম খাদ্যখিনিহে খাম, মোৰ ৰুচি বুলি কোনো বস্তু নেথাকিব, গতিকে মোৰ কল-কব্জাবোৰ বহুদিন ভাল হৈ থাকিব। মোৰ অভিৰুচিও নেথাকিব, মোক সুখী হ’বলৈ প্ৰেমিকাৰ সৈতে বৰষুণত তিতাৰ প্ৰয়োজন নহ’ব। মোৰ এলাহ নেলাগিব, মালিকৰ ঘড়ী মতে মই উঠিম, বহিম, খাম, শুম। মালিকে মোক বুজাই দিব কি ভাল কি বেয়া, সেই মতে মই নিৰ্বাচনত ভোট দিম, তেওঁৰ পচন্দ মতে মই কাপোৰ পিন্ধিম, গাড়ী কিনিম। মুঠতে কোম্পানীৰ মানুহবোৰৰ মতে ৰবট নোহোৱাকৈ থকাৰ সমান মূৰ্খামি নাই, ইমানবোৰ সুবিধা চকুৰ আগত দেখিও মুখ ঘূৰাই দিয়াজন জধামূৰ্খ নহয় আৰু কি?

কোম্পানীৰ মানুহবোৰে কোৱা মতে এই ৰবট বনোৱা প্ৰক্ৰিয়াটো আচলতে এক সুচিন্তিত সমাজবাদী ভাবধাৰাৰ ওপৰত প্ৰতিষ্ঠিত। আৰু মানুহবোৰ মানুহ হৈ থকাটো এক পূঁজিবাদী কথা। মানুহবোৰ মানুহ হৈ থাকিলে প্ৰত্যেকেই কেৱল নিজৰ মতে চিন্তা কৰে, নিজৰ উন্নতিৰ কথা ভাবে। স্বাৰ্থপৰ হৈ পৰে, সেয়ে কষ্টও পায়। ৰবট হৈ গ’লে সকলো সমান, সকলোৰে সমান অধিকাৰ, সকলোৰে একে চিন্তা-চৰ্চা। আচলতে মানুহৰ মনৰ পৰা এনে ব্যক্তিকেন্দ্ৰিক পূঁজিবাদী ভাবধাৰা আঁতৰোৱাৰ বাবেহে তেওঁলোকৰ এই প্ৰচেষ্টা।

হয়, ময়ো এসময়ত গাইগুটীয়া মনোভাব বেয়া পাইছিলোঁ, বহু ভাল কাম কৰিব খোজোঁতে মানুহৰ গাইগুটীয়া চিন্তা আৰু স্বাৰ্থপৰতাৰ বাবে কষ্ট পাইছিলোঁ। মানুহটোৱে প্ৰতি মনটো, কাক কিমান বুজাম, প্ৰত্যেকজন মানুহক বুজাই বুজাই পতিয়ন নিয়াওঁতেই মোৰ সময়বোৰ নষ্ট হৈছিল। কিন্তু সেইবোৰ যদি মানুহ নহৈ ৰবট হ’লহেঁতেন? বচ, প্ৰগ্ৰেমটো অলপ আপডেট কৰি দিলোহেঁতেন, সকলোৱে মই ভবা মতেই ভাবিলেহেঁতেন, কৰিলেহেঁতেন। মই ভবা কামবোৰ কিমান সহজতে হ’লহেঁতেন। মই কিয় আগতে এইটো কথা নেভাবিলোঁ? হয়, আচলতে মোৰ ক্ষমতাই নাই এনেদৰে বিশাল মন এটা লৈ ভাবিবলৈ, কোম্পানীটোৱে পাৰিছে, সেয়ে তেওঁলোক সফল হৈছে।

কোম্পানীটোৱে মোক আৰু এটা গোপন কথা ক’লে- তেওঁলোকে দেখুৱালে সেই যে সফল মানুহবিলাক দেখিছোঁ মই, সেই সকলোৱেই আচলতে একোটা ৰবট। বহু আগতেই তেওঁলোক ধাতৱ ৰবটলৈ ৰূপান্তৰ হৈ গৈছে, কিন্তু কোম্পানীৰ ৰবট নিৰ্মাণ প্ৰযুক্তি ইমান উন্নত যে, কোনেও ধৰিবই নোৱাৰে, আনকি ৰবট হোৱাজনেও কিছুদিনৰ ভিতৰতে পাহৰি যায় যে তেওঁ আচলতে এটা ৰবটহে। কি মজাৰ কথা। এতিয়া মই সুখী, এই পূঁজিবাদ সমাজবাদ আজিকালি মই নেভাবোঁ। সকলোতকৈ ভাল কথা মোৰ এজন মালিক আছে, মই কেৱল তেওঁ কোৱা কামকেইটা কৰিলেই হ’ল। বেলেগ কোনো চিন্তা কৰাৰ দৰকাৰ নাই আৰু চিন্তা কৰোঁ বুলিলেও মোৰ উপায় নাই, কাৰণ মোক ৰবটলৈ ৰূপান্তৰ কৰাৰ প্ৰথম ঢাপতে মোৰ মস্তিষ্ক বোলা অংগটো গুচাই তাৰ ঠাইত তেওঁলোকৰ অতি সফল আৰু ‘বাগ ফ্ৰী’ ‘অপাৰেটিং চিষ্টেম’ এটা প্ৰতিষ্ঠাপন কৰিছে। এতিয়া শেষ বাচি থকা মানুহৰ চিনখিনি সোনকালে নাইকিয়া হ’লেই মই ৰক্ষা পৰোঁ।

☆★☆★☆

12 Comments

  • Jyotirupam Dutta

    আমি সকলোৱে যন্ত্ৰ হৈছোৱেই, অলপহে বাকী৷ Apocalypse আহি আছে!

    Reply
  • মাধুৰ্য্য

    কিছু লিখিছে অভিজিত দা। চেল্যুট

    Reply
  • ৰামানুজ

    বৰ ভাল লাগিল…এনে exectional লেখাৰ বাবেই অপুনি বহুতৰে প্ৰিয়

    Reply
  • Anonymous

    বৰ মনযোগেৰে পঢ়িলোঁ ,

    Reply
  • Suntu

    মন্তব্য দিবলৈ একোৱেই নাই দাদা, সকলো সেই দিশেই অগ্ৰসৰ হৈছে😊

    Reply
  • Gyan Bordoloi

    পৃথিৱীত এতিয়া যন্ত্ৰৰ ৰেই জয়, জয়কাৰ

    Reply
  • Rintumoni Dutta

    মন্তব্য নিষ্প্ৰয়োজন।

    আপুনি কৈছিল, এইটো লিখি আপুনি নিজেই সন্তুষ্ট নহয়। এনেই জনাই থওঁ, মোৰ দৰে সাধাৰণ পাঠক জোখতকৈ বহুত বেছি সন্তুষ্ট

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ। কিন্তু এই লেখাটো মই জোৰ কৰি লিখা, স্বতঃস্ফুৰ্ত নহয়। মই নিজে বুজি পাইছো। তথাপিও পাঠকে কণমান ৰস পালে ভাল লাগিব।

    Reply
  • parishmita

    আপোনাৰ লিখনি সদায়ে অনন্য। এইটোও ব্যতিক্ৰম নহয়। সাংঘাতিক ভাল লাগিল।

    Reply
  • Anamika

    হয় দিয়া কেতিয়ানো ৰবট হৈ গ’লো গমেই নাপালো !

    Reply
  • জয়ন্ত দাস

    অতি সুন্দৰ৷

    Reply
  • ডলী তালুকদাৰ

    পঢ়ি ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.