ফটাঢোল

অথঃ নাৰদ পুৰাণ-সোণৰ অসম-সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

নাৰায়ণঃ নাৰায়ণঃ

নাৰদৰ মাত শুনি প্ৰভু বিষ্ণুই এটা আঠু বেকা কৰি টোপনিৰ পৰা এঙামুৰি দি উঠি বহিল।

আহা নাৰদ,বহা।ইমানদিনে তোমাৰ খবৰ বাতৰি নেদেখি মই চিন্তিতই হৈছিলোঁ,বোলো অসমত গৈ মোক পাহৰি বেলেগৰ লগ লাগিলা নেকি?বাৰু,কোৱাচোন কি খবৰ আনিলা অসম প্ৰদেশৰ,সোণৰ অসমৰ মৰ্যদা দিব পাৰি নে নোৱাৰি।

প্ৰভু,সেইখন সোণৰেই দেখোন।ক’লা সোণ,পনীয়া সোণ সকলো বিৰাজমান।নতুনকৈ আকৌ কিয় ঘোষণা কৰিব লাগে।

নহয় হে নাৰদ,তুমি ৰাজনৈতিক কথাবোৰ নুবুজা,ইমানদিনে তাৰ ৰাইজে দাবী জনাই আহিছে সোণৰ অসম কৰি দিব লাগে।মই সেই কথাটোৱেই পাত্তা পোৱা নাই,ঘটনাটো কি?সেইখন দেখোন কেতিয়াবাই মই সোণৰ বনাই থৈছিলো,আকৌ নতুনকৈ কিয় দাবী জনাই আছে তেনেহ’লে।

প্ৰভু,আপোনাৰ আদেশমৰ্মে মই যোৱা এমাহ ধৰি ধুবুৰীৰ পৰা শদিয়ালৈ ঘুৰি ফুৰি সকলোবোৰ পৰ্যবেক্ষণ কৰিলোঁ,চাৰিওফালে জয়জয় ময়ময় অৱস্থাই দেখিলো কিন্তু।

বাৰু নাৰদ,তোমাৰ অসম ভ্ৰমনৰ প্ৰতিবেদন শুনোৱা এতিয়া মোক।

প্ৰভু,মই স্বৰ্গৰ পৰা গৈ প্ৰথমতে ধুবুৰী নামৰ জেগাটুকুৰাত অৱতৰণ কৰিম বুলি ভাবিলোঁ,বোলো নদীৰ পাৰতে নামো বেলেগে নেদেখাকৈ।কিন্তু প্ৰভু,ধুবুৰী পাৰ হৈ বঙাইগাওঁ,গোৱালপাৰা,বৰপেটা হৈ মুকালমুৱা আহি পালো,ক’তো খালি জেগা নেদেখিলোঁ।লোকে লোকাৰণ্য প্ৰভু,পৰিয়ালে প্ৰতি দহ বিশজন মানুহ,নদন বদন সংসাৰ।থাকিবলৈ ঘৰ নাই প্ৰভু কিন্তু ৰাজভড়াল উদং হব দিয়া নাই,নদন বদন শস্য।এনেহেন প্ৰজাভৰ্তি হৈ থকা ৰাজ্যখন বাৰু সোণৰ নহৈ পাৰেনে প্ৰভু।

তাৰ পিচত কি দেখিলা কোৱা নাৰদ।

প্ৰভু,ক’তো খালি জেগা নেদেখি অলপদূৰ আগুৱাই আহি সেই ৰাজ্যৰ ৰাজধানী পালো।তাতো মোক ভাগ্যই লগ নিদিলে প্ৰভু।মোৰ বাহন ঢেঁকীটো পাৰ্কিং কৰিব পৰা জেগা বিচাৰি নাপালো প্ৰভু।ইয়াৰপৰা যাওঁতে আপুনিয়েই কৈছিল প্ৰভু বোলে সেই ৰাজ্যত মানুহৰ ঘৰে ঘৰে ঢেঁকী আছে,মোৰ পাৰ্কিংৰ সমস্যা নহয়,কিন্তু প্ৰভু মই যিটো বুজিলো মোৰ এই আওঁপুৰণি ঢেঁকীটো সেই দেশত লাহে লাহে নোহোৱা হব ধৰিছে।ৰাজধানীখনতে দেখিলো প্ৰভু উৰণীয়া দুচকীয়া বাহন।মোৰ ঢেঁকীটোতকৈও বেগত চলিব পাৰে প্ৰভু।ৰজা বিক্ৰমাদিত্যৰ পিঠিত বেতাল উঠাৰ দৰে কণ কণ ল’ৰাবোৰৰ পিঠিত ছোৱালী একোজনী উঠি আনন্দমনে প্ৰেম বিহাৰ কৰি আছে প্ৰভু।

প্ৰভু,অ’তবয়সে এই নাৰদক আপুনি এজনী ছোৱালী যোগাৰ কৰি দিব নোৱাৰিলে,বাইক চলাব নোৱাৰিম বুলি লাইচেন্স নিদিলে,কিন্তু সেই দেশত প্ৰভু ষোল্ল বছৰীয়া ল’ৰাই বাইক চলাই ঘুৰি আছে,আপুনি সেইখন দেশ বেলেগকৈ সোণৰ বনাব লাগেনে।

তাৰপিচত কি দেখিলা কোৱা নাৰদ।

প্ৰভু,তাৰপিচত মই ঢেঁকীটো ৰাজধানীৰ মিউজিয়ামত থৈ নাইট চুপাৰত উঠিলো উজনি অসমলৈ বুলি।জখলাবন্ধা বুলি লাইন লাইন হোটেল থকা জেগা এডোখৰ পালোঁ।গাড়ীখন তাতে ৰখাই মানুহবোৰে কিবা কিবি খাবলৈ নামি গ’ল।এনেই থকাতকৈ মানুহবোৰৰ বেপাৰ বনিজৰ উম লও বুলি ময়ো নামি গ’লো।চাৰিওফালে সুন্দৰ পৰিৱেশ।কোনোবাই আধা সিজা ৰুটি খাইছে,কোনোবাই দালি বুলি চাউল ধোৱা পানীয়েই খাইছে,কাৰো একো খং ৰাগ নাই।অলপ ভিতৰলৈ গৈ দেখিলো মই যোৱা গাড়ীখনৰ চালকজনে হোটেলৰ মালিকৰ লগত ভিতৰত মদিৰা পান কৰি আছে।ওলাই আহোতে মালিকে চালকজনক অলপ পইচা পকেটত গুজি দিছে।কি সুন্দৰ ব্যৱসায় চলি আছে এইখন ৰাজ্যত আৰু প্ৰভুৱে নতুনকৈ সোণৰ অসম বনোৱাৰ কথা কয়।

তাৰপিচত কোৱা নাৰদ।

এনেকৈ গৈ গৈ ৰাতিপুৱা সময়ত মই ডিব্ৰুগড় আৰু তিনিচুকীয়া বুলি জেগা কেইডোখৰ পালো প্ৰভু।চাৰিওফালে চাহ বাগান প্ৰভু।তেল,কয়লা আৰু কি কি নাই প্ৰভু তাতে।জয়জয় ময়ময় প্ৰভু।আপুনি সোণৰ অসম নতুনকৈ বনাব নালাগে প্ৰভু,সেইখন সোণৰ হৈয়েই আছে।

এহ ৰবাহে নাৰদ,পেকপেকাই নাথাকিবা।ক’ৰবাত কিবা এটা কেৰোণ আছে,নহ’লে এনেকৈ সময়ে সময়ে সোণৰ অসমৰ দাবীত আন্দোলন হৈ নাথাকে নহয়।বাৰু,তোমাৰ প্ৰতিবেদন শুনিলোঁ,এতিয়া মোৰ প্ৰশ্নৰ উত্তৰবোৰ দিয়া।

ধুবুৰীত নদন বদন খেতি দেখা মানুহবোৰ অসমীয়া আছিল নে?
হয় প্ৰভু,কিন্তু পূৰ্বপুৰুষসকল বাহিৰৰ পৰা অহা।

ৰাজধানীৰ বাইক চলোৱা পিলিঙাকেইটা?
সেইকেইটা খাটি অসমীয়া প্ৰভু।

জখলাবন্ধাৰ লাইন হোটেলৰ মালিকজন?
বিহাৰী প্ৰভু।

কেৰোণটো বুজিলানে এতিয়া নাৰদ?
নাই বুজা প্ৰভু।

কেনেকৈ বুজিবা,তুমিও অসমীয়াসোপাৰ দৰে একেই হৈছা। উভৈনদী সোণৰ মাজত জন্ম লৈ দিনক দিনে এলেহুৱা হৈ যাব ধৰিছা।

☆★☆★☆

2 Comments

  • অনুৰূপ মহন্ত

    এইটো বঢ়িয়া আছিল।

    Reply
  • জয়ন্ত দাস

    নাৰায়ণ নাৰায়ণ, হিলাই দিয়া দেই৷

    Reply

Leave a Reply

Your email address will not be published.