ফটাঢোল

অথঃ ফেচবুক সংবাদ – ঊষামনি কাকতি

(১)

গ্ৰুপ খোলাৰ মন

যেতিয়াই নিজকে নিবনুৱা ভাব এটাই গতা মাৰি যায়, সেই তেতিয়াই মোৰ ফেচবুকত গ্ৰুপ এটা খুলিবলৈ মন যায়৷ এনেও টাউনৰ মানুহে কোনে কি কৰে খা খবৰ লৈ নুফুৰে৷ গাঁৱতহে বুকু ফিন্দাই ক’বলৈ লাগে – গ্ৰুপৰ এডমিন৷

গ্ৰুপটোৰ কাম কি হ’ব! নিজৰ প্ৰতিভা বুলিবলৈ দেখোন একোতে নাই৷ আনৰ কোনটো প্ৰতিভাত এডমিনগিৰি কৰা যায়?

এদিন ভাবিলোঁ, খাদ্যতে ধৰো নেকি! তাৰপাছত আকৌ ভাবিলোঁ, খাবৰ টাইমত বাঢ়ি কুঢ়ি লৈ কেমেৰাৰ এংগোল কোনে মিলায়৷ দিনে এটা নিজে ৰেচিপি নিদিলেও লেঠা।

: হাই ফেণ্ড, আজি হাবিৰ বাৰ্থ দে আছিল, ডিনাৰটো বৰ পাল মাৰি থলোঁ৷ ৰেচিপিটো লাগিলে দিম হাঁ….

তাৰপাছত, লোকেল ৰেষ্টুৰেণ্টৰ কাঁহী দুখনমানৰ ওপৰত কেমেৰাৰ এংগোল মিলাব লাগিব৷

কেমেৰাৰ এংগোল বোলোতে মনত পৰিছে৷ মাজতে এদিন ফটোগ্ৰাফীৰ গ্ৰুপ এটাও খুলিম বুলি ভাবিলোঁ৷ ঘৰৰ ওচৰতে মেৰবিল৷ চৰাইৰ ফটো তুলিবলৈ গৈছিলো দুদিন৷ ভূমিকম্প আহে নে কি জানো ফটো তুলিবৰ টাইমত৷

হাতখন লৰে কি চৰে,
ফটোবোৰে চেহেৰা সলনি কৰে৷

এদিন আবেলি ডুবি থকা বেলিটো গছৰ পাততে তুলিবলৈ গৈ তাতে গধূলি হ’ল৷ বেলি আহি পাতত নপৰিল যি নপৰিলেই৷

ফটোগ্ৰাফীৰ কাহিনীটো লগৰ এজনীক কোৱাত বৰকৈ হাঁহিলে৷ তাইক হঁহা দেখি ভাবিলোঁ, কমেডী গ্ৰুপ এটাকে খুলিব পাৰো দেখোন৷ ঘটনা এটা মনত পৰিল৷ ভাবিলোঁ, কমেডীৰ নামত ফেটিসাপ পুহিব নোৱাৰি৷ গোটেইখন তলে তলে ফুচ ফুচ ফুচ৷

সাহিত্যৰ মানুহ৷ কবিতাৰ গ্ৰুপ এটাকে খোলো বুলিও নভবা নহয় এবাৰ৷ নিজে লেখি নিজেই নপঢ়া কবিসকলৰ ভুল বানানেৰে ভৰা কবিতা৷ গতিকে, সেই চিন্তা বাদ পৰিল ৷

পৰচৰ্চাৰতো ঢেৰ গ্ৰুপ৷

গঁড় সুৰক্ষাৰ গ্ৰুপ এটাত এজনে নামটো লগাই দিছিল৷ ইমানেই পৰচৰ্চা কৰে যে এদিন কমেণ্ট এক অধ্যায় দি বাহিৰ হ’লো বোলো গঁড় সুৰক্ষা পাছে পৰেও হ’ব প্ৰথমে ঘৰ সুৰক্ষা দিয়াহে কথা৷ পৰচৰ্চাৰ বানে উটুৱাই নিয়েহে লাগে, সেয়ে পৰচৰ্চা বাদ৷

ৰূপচৰ্চাও বেয়া বিষয় নাছিল৷ মাত্ৰ মোৰহে সদায় আউল লাগে গালত মইশ্বাৰাইজাৰ আগত লগাই নে ফাউণ্ডেচন আগত লগায়৷

ফেচবুকত অণুগল্পৰ জোৱাৰ দেখি এবাৰ ভাবিলোঁ, এইটোতো পাৰি৷ একদম গাঁৱৰ গোটবোৰৰ দৰে কাৰবাৰ৷ একেজনী মানুহে দিনে দহটা অণুগল্প লেখাৰ দৰে দহোটা গোটৰ মেম্বাৰ, চুৰ্চৰীয়াকৈ চলি থাকে৷ গোটৰ মিটিঙলৈ গৈ দেশৰ দহৰ কথাবোৰৰ ঠোঁটত উঠাকণ বিলাই দিব পাৰি৷ অণুগল্পতো একেষাৰে কথা৷

ইমান সৰু কাম কৰিবলৈ মন নগ’ল৷ সেয়ে অণুগল্পও বাদ পৰিল৷ এডমিন হ’লে গ্ৰুপ খুলিলে আহল-বহল বিষয়ত ধৰাৰ কথা ভাবিছোঁ৷ সমাজ-সময়-ভাষা-সংস্কৃতি সকলো উদ্ধাৰ কৰা গ্ৰুপ খুলিম৷ দলে-বলে মানুহ এড কৰিম৷ মন গ’লে পোষ্ট এপ্ৰুভ কৰিম৷ মন নগ’লে দুই চাৰিদিনলৈ গেলি যোৱাকৈ পচিবলৈ থৈ দিম৷ মাজে মাজে প্ৰতিযোগিতা পাতিম – বেষ্ট কমেণ্ট, বিতৰ্ক কোঁৱৰ-কুঁৱৰী প্ৰাইজ দিম৷

বচ, গ্ৰুপ হৈ গ’ল৷ এতিয়া নাম এটা লাগিবতো, মইমতালি গ্ৰুপ নামটো বেয়া নহ’ব চাগে!

 

(২)

ৰেচিপি বুকত বিকশিত ৰন্ধন প্ৰতিভা

প্ৰতিভা বোলা সম্পদবিধ বৰ জৰুৰী৷ এনেয়ে জ্ঞানীলোকে কয় যি মূলা বাঢ়ে দুপাততে চিন,আজিকালি ফৰ্মুলা সলনি হ’ল৷ যি মূলা বাঢ়ে ফেচবুক, কিতাপতে চিন৷ আপুনি হয় ফেচবুকত মূলা বঢ়াৰ চিনৰ বিকাশ কৰিব লাগিব৷
অন্যথা কিতাপত লেখি বিকাশ কৰিব লাগিব৷ এই দুইবিধৰ এবিধৰেও মোৰ প্ৰতিভা বিকাশ হোৱা নোহোৱাৰ দুখ এটাই মাজে মাজে ৰিবৰিবাই থাকে৷

প্ৰতিভাৰো আকৌ বিভিন্ন ভাগ৷ তাৰে এভাগি হৈছে, ৰন্ধন প্ৰতিভা৷ এইবিধ প্ৰতিভা মোৰ নাই৷ সেয়ে হুমুনিয়াহ কাঢ়ি কাঢ়ি এইবিধ প্ৰতিভাৰ বিকাশ ফেচবুকতো চাওঁ৷ ফেচবুকৰ ৰন্ধন প্ৰতিভাবোৰ চালে মোৰ কনফিউজ লাগে বোলো আচলতে জাতিলাউ ভাজি খায় নে পায়স ৰান্ধি খায়৷ পদিনা নামৰ গছবিধ আমৰ সৈতে চাটনি পিহি খায় নে ভাতৰ কাঁহী, দাইলৰ বাতিত ফুলদানিৰ দৰে সজায়৷ মুঠতে, ফেচবুকৰ ৰন্ধন প্ৰতিভাত আই এম কনফিউজ৷ ৰান্ধিবলৈ যিমান সম্পদ লাগে, ফেচবুকত আপলোড কৰা ফটো চেলেকি দিওঁ দিওঁ যেন লগাকৈ সজাবলৈ তাতোকৈ বেছি সম্পদ লাগে৷ হাঁহৰ নামতে কিমানক বাঁহ দিয়া দেখিছো৷ এপোৱা মাংস আনি ৰান্ধি বাঢ়ি কাঁহীত সজাই কাষে কাষে দুইকিলো পিয়াজৰ ফুল কাটি, জলকীয়াৰ লতা কাটি, ধনীয়াৰে ৰেণু আঁকে৷ এইখন বাঁহ দিবলৈ যিমান পইচা খৰচ,তাতো এপোৱা হাঁহ সজোৱাৰ নামত৷

দেখাদেখিকৈ বাঁহ দিয়ে বাবে ফেচবুকৰ মূলা বঢ়া ৰন্ধন প্ৰতিভাত নজৰ নিদিওঁ। ৰেচিপি বুকৰ প্ৰতিভা কিনি আনোঁ৷ পঢ়িম আৰু ৰান্ধিম৷ দুখন কিনিলো দুবাৰ৷ প্ৰথমখনৰ নাম ‘পাকঘৰ আমাৰ’, মহিলা ৰাইটাৰ৷ হয়তো আক, মহিলাৰ মতে পাকঘৰ আমাৰেই৷

‘পাকঘৰ আমাৰ’খন আনি পঢ়িলোঁ মানে একদম এ টু জেদ পঢ়িলোঁ৷ আমিষ, নিৰামিষ, মিঠাই-নমকিনৰ এশ এটা ৰেচিপি৷ এটা এটা ৰেচিপি বনাবলৈ দুশটামান বস্তুৰ নামৰ লিষ্ট৷ আটাইবোৰ ৰেচিপিতে এটা আইটেম নহ’লে নহয়৷ সেইটো হ’ল-ক্ৰীম৷ মাছত ক্ৰীম, মাংসত ক্ৰীম, দাইলতো ক্ৰীম,মিঠাইতো ক্ৰীম৷ তাকো ৰান্ধি বাঢ়ি শেষ হোৱাৰ পাছত নমোৱাৰ সময়ত সংযোজন৷ ‘পাকঘৰ আমাৰ’ পঢ়ি বুজিলোঁ ৰাইটাৰৰ ৰন্ধাত কনফিডেঞ্চ নাই৷ ইমানবোৰ দি ৰন্ধাৰ পাছতো ক্ৰীম মিলাই ফাইনেল টাচ্ছ দিয়াৰ কোনো যুক্তি নাই৷ তথাপি পইচা ৱচুলৰ বাবে দুটামান দৰকাৰী ৰেচিপি মুখস্থ কৰিলোঁ, ৰান্ধিম এদিন৷

‘পাকঘৰ আমাৰ’পৰা ছাগলী মাংসত প্ৰথম প্ৰচেষ্টা৷ এশ এবিধ নাম মনত লৈ বজাৰ পালো গৈ৷ দোকানে দোকানে সাবিত্ৰীক বিচাৰি নিজৰ লগতে দোকানীৰো মূৰ চোবালো৷ ঘৰলৈ আহি কিতাপ মেলি দেখিলোঁ সত্যবানৰ সাবিত্ৰী নহয়, মাংসত লগা বিধৰ নাম জাৱিত্ৰী৷ খাব জানিলে চাউলেই চিৰা৷ সেইবাণী সৰোগত কৰি ছাগলী মাংস নহৰু-পিয়াজতে সামৰিলোঁ৷

দ্বিতীয়খন ৰেচিপি বুকৰ নাম আছিল -আমিষ আহাৰ৷ বুকফেয়াৰৰপৰা কিনি আনি গৰমে গৰমে মেলিলোঁ৷ প্ৰথম ৰেচিপি – কণী খাওঁ আহক৷ এটা পাত্ৰত চাৰিটা কণী ডুব যোৱাকৈ জোখৰ পানী দিব৷ তাতে কণীকেইটা দি গেছ স্তভত উঠাই দিব৷ চাহ চামুচেৰে এচামুচতকৈ কম নিমখ দি পাত্ৰটো ঢাকোন দি সিজিবলৈ দিব৷ সাত মিনিটমানৰ পাছত চামুচেৰে টুকুৰিয়াই চাই সিজা বুলি গম পালে উঠাই আনি বাকলি গুচাই দুফাল কৰিব৷ ওপৰে ওপৰে এচিকুট চাট মচলা, ক’লা নিমখ, জালুকৰ গুৰি চটিয়াই গৰমে গৰমে পৰিবেশন কৰিব৷

আহ! কি সুন্দৰ ৰেচিপি৷ একদম মোগল বাদচাহী ৰেচিপি৷ আমাৰ দৰে প্ৰতিভাশূণ্য মানুহে, হাফ বইল কণী গোটে গোটে গিলা মানুহে এনেকুৱা ৰেচিপি কি বুজিম৷ খাই চাব লাগিব৷ বাকী থকা ৰেচিপিকেইটাও পঢ়ি ৰন্ধন প্ৰতিভা বিকাশ কৰিব লাগিব৷

 

(৩)

মাল্টিটেলেণ্টেড বাইদেউৰ সান্নিধ্য

দৈনন্দিন জীৱনত জীৱন ধন্য হোৱা কিমান যে মানুহৰ সান্নিধ্য লাভ কৰা হয়। ফেচবুক খোলাৰ পাছত এনে সান্নিধ্যৰ পৰিমাণ আৰু বাঢ়িল। বিশেষকৈ মাল্টিটেলেণ্টেড বাইদেউৰ সান্নিধ্য লাভ কৰাৰ পাছত এই ক্ষুদ্ৰ জীৱন ধন্য হৈ পৰিল। এই বাইদেউৰ সান্নিধ্য পালে এনেকুৱা লাগে যে,
“বাইদেউৱে নেজানে কি আৰু মই জানো কি?”

সাইলাখ গুৱাহাটীৰ ফেঞ্চি বজাৰ। তাত নেপায় কি আৰু আপোনাক লাগে কি?

সাহিত্য চৰ্চা, ৰূপচৰ্চা, পৰচৰ্চা, ৰন্ধন চৰ্চা, ফটোগ্ৰাফী চৰ্চা সকলোবিধেইতো চৰ্চা কৰে। সাহিত্যৰ গ্ৰুপত দেখিব দিনে দহটা অণুগল্প। লাইকৰ অলপ হেৰফেৰ হ’লে তোলনী বিয়া পাতিব লাগে নে নেলাগে, গৰু নে গাহৰি, মোডী নে ৰাহুলত ধৰি লাইক-শ্বেয়াৰেৰে দমদমাই আছে। কবিতাৰ গ্ৰুপত দেখিব বিউটিপ্লাছ কেমেৰাৰে চিকুণ কৰা গালৰ চেলফিতে কবিতাৰ হৰ্ডিং ওলমাই দিছে। পাঠকে পঢ়ি ভাল পালে সেই গালতে চুমা আৰু বেয়া পালে চৰ শুধাব পাৰে। ৰন্ধন চৰ্চাৰ গ্ৰুপতো মাল্টিটেলেণ্টেড বাইদেউৰ টেলেণ্ট বেছি ট ট কৈ ওলায়। আপোনাৰ-মোৰ দৰে মানুহে তিঁয়হৰ চালাদৰ ৰেচিপি দিয়কচোন, মানুহে খেদি আহিব। বাইদেউসকলৰ তিঁয়হৰ চালাদৰ ৰেচিপিত লাইক দেখিব হাজাৰ হাজাৰ। তিঁয়হকো মাল্টিটেলণ্টেড বনাই দিয়ে। ইমানবোৰ টেলেণ্ট প্ৰদৰ্শনৰ পাছতো লাইভ আহি সংগীত আৰু বক্তৃতা চৰ্চা টেলেণ্টৰ পৰিচয়ো দিয়ে।

: দেখা পাইছে নে বাৰু মোক, অ’ ওলাইছো। হাই অমুক, তমুক…… (চুলিখিনি অলপ আঙুলিৰে ঠিক কৰি কৰি) বহুত ব্যস্ততাৰ মাজতো মই লাইভ আহিছো। এটা বিশেষ কথাত ব্লা…ব্লা…ব্লা ।

হত্যা, ধৰ্ষণ, বতাহ, ধুমুহা, ফেণী, গৰু-গাহৰি, প্ৰিয়ংকা, ৰাহুল, মোদী, বাৰ্থ দে, বিহু,পূজা জাতীয় কিবা বিষয় এটাত বক্তৃতা দিয়ে।

মুঠতে বাইদেউৱে নেজানে কি আৰু আপুনি জানিব বিচাৰে কি?

সান্নিধ্যলৈ অহা মাল্টিটেলেণ্টেড বাইদেউ এগৰাকীয়ে কৈছিল,

: কপালৰ ফোঁটটো অলপ ডাঙৰকৈ ল’বা। তুমি টেলেণ্টেড ছোৱালী। ডাঙৰ ফোঁটে আৰু টেলেণ্টেড দেখায়। ঊষা উথুপ, মামণি ৰয়ছমক দেখা নাই! ফোঁটটোৰ বাবেই কিমান টেলেণ্টেড লাগে।

সেইদিনাহে বুজিলোঁ, মানুহ টেলেণ্টেড হ’বলৈ কি কি লাগে। বাইদেউৰ মাল্টিটেলেণ্টো সেইদিনাই বুজিলোঁ। গতিকে, সেইদিন ধৰি প্ৰথমে টেলেণ্টেড কেনেকৈ হ’ব পাৰি বাইদেউগৰাকীৰ প্ৰফাইলতে খুচৰিলোঁ।

প্ৰফাইলটো খুচৰি খুচৰি গৈ গৈ বাইদেউৰ ফেচবুক খোলা বছৰটো ওলাল। বাইদেউৰ টেলেণ্টৰ নামত বেৰত ওলমাই থোৱা গোলাপৰ ফটো, পাৰ চৰাইযুক্ত ফটোৰ লগত গুড মৰ্ণিং।
ফেচবুকত বছৰ বাগৰাৰ লগে লগে বাইদেউৰ টেলেণ্টৰ অকণ অকণ বিকাশ চকুত পৰিল। কাতি বিহুত কৃষ্ণৰ ফটোৰ লগত শুভেচ্ছাসহ চল্লিশজনলৈ টেগ্য কৰা টেলেণ্ট।
আৰু দুবছৰমান বাগৰিল। গান্ধী আৰু বুদ্ধৰ কাণ বাগৰা বাণীবোৰ পোষ্ট কৰাৰ টেলেণ্ট। লাহে লাহে বছৰে প্ৰতি অকণ অকণ টেলেণ্ট বিৰিঙিছে। প্ৰথমে মহৎ বাণী, তাৰপাছত কবিতা হয় যদি হওক,নহয় যদি নহওক টাইপ কিবাকিবি। তাৰপাছত কবিতা বুলি নাম দি লেখা কবিতা। তাৰো পাছত গল্পৰ নাম দি কিবাকিবি। তাৰপাছত অণুগল্প, তাৰপাছত ভাতৰ কাঁহীৰ ফটো। তাৰপাছত কেৱল মাংসৰ বাটি উইথ ৰেচিপি লেখা ফটো। তাৰপাছত ডি.এচ.এল.আৰ কেমেৰা ধৰি ফটোগ্ৰাফী, চেলফী,বিতৰ্ক, স্কীণশ্বট, সমাজসেৱা, হেপী ফেমেলিৰ এডভাৰ্টাইজৰ টেলেণ্টেৰে ৱালখন ভৰাই তুলিছে। সমানে সমানে গ্ৰুপবোৰত বিকশিত টেলেণ্টৰ নমুনা। প্ৰথম আনৰ লেখাত নিজৰ টেলেণ্টৰ চিনস্বৰূপে…

: ভাল লাগিছে/পঢ়ি একদম চকুপানী ওলাই গ’ল জাতীয় লেৰেলা সাদৰযুক্ত কমেণ্টৰ টেলেণ্ট,শ্বেয়াৰৰ টেলেণ্ট। তাৰপাছত নিজে লেখাৰ টেলেণ্ট, বিতৰ্কত অংশগ্ৰহণৰ টেলেণ্ট, গ্ৰুপ খোলাৰ টেলেণ্ট, কিতাপ প্ৰকাশৰ টেলেণ্ট ব্লা… ব্লা…ব্লা।

এনেকৈ বাইদেউৱে ফেচবুকত কৰা নাই কি আৰু বাকীনো আছে গৈ কি?

বাপেৰ সৰু মাৰ সৰু, তই হ’বি বৰ গৰু/লাও খা বেঙেনা খা/বছৰে বছৰে টেলেণ্টেড হৈ যা টাইপত টেলেণ্ট বাঢ়ি গৈ থাকিল। যোৱা চাৰিবছৰমানৰ আগেয়ে আপলোড কৰা ফটো এখনত তেওঁৰ কপাললৈ টেলেণ্টেডৰ লক্ষণ স্বৰূপে হঠাৎ ডাঙৰ ফোঁটটোও আহিল। সেইবছৰৰপৰা নিজৰ ৱালত,গ্ৰুপবোৰত টেলেণ্টবোৰ আৰু বাঢ়িল। এনেকৈ বাঢ়ি গৈ গৈ বিশেষ বাইদেউ মাল্টিটেলেণ্টড বাইদেউ এগৰাকী হৈ পৰিল। ময়ো অনুসৰণ কৰি গৈ আছো, পিছে যি মূলা বাঢ়ে দুপাততে চিন কৰি তৃতীয়শ্ৰেণীৰ পৰা সেই গল্প আৰু ব্যংগ চৰ্চা কৰি কেৱল টেলেণ্টেড হৈ থাকিম নে! মোৰোতো মাল্টিটেলেণ্টড হ’বলৈ মন যায়৷

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, এটা শব্দত মাৰ্ভেলাচ

    Reply
  • parishmita

    ভাল লাগিল।

    Reply
  • জ্ঞানদীপ খনিকৰ

    বহুত ভাল লাগিল..

    Reply
  • হেমন্ত কাকতি

    বৰ টেলেণ্টেড লেখা দেই৷ বিশেষকৈ লাষ্টৰ লগপহকৈ বাঢ়ি অহা টেলেন্টেড বাইদেউৰ কথা খিনি৷ মস্তি লাগিল

    Reply

Leave a Reply

Your email address will not be published.