ফটাঢোল

অথঃ বিক্ৰম-বেতাল সংবাদ – সোনটো ৰঞ্জন বৰুৱা

বেতাল ডিচ এণ্টেনাত ওলোটাই ওলমি আৰামত ৱাটচএপত জ্ঞান বিতৰণত ব্যস্ত। এইবাৰ পিচে ৰজা বিক্ৰমে নিজৰ জ্ঞান অাপডেট কৰাত অলপো ক্ৰুটি এৰা নাই। গুগুল দেবতাক ঘোৰ তপস্যা কৰি মগজটো আধুনিক জ্ঞানেৰে ভৰ্তি কৰি ৰেডি হৈ লৈছে। ৰজাই গুগুল মেপত বেতালৰ লোকেচন চাৰ্চ কৰি ডিছ এণ্টেনাৰ পৰা নমাই কান্ধত তুলি ল’লে। কান্ধত উঠি বেতালে চিধাই প্ৰশ্নবাণ আৰম্ভ কৰিলে।

বেতাল : মহাৰাজ, গণতন্ত্ৰ মানে কি?

বিক্ৰম: বাস্তৱত জাতি, ধৰ্ম, আঞ্চলিকতা, বাহুবল আৰু ধনবলৰ সংমিশ্ৰণকেই গণতন্ত্ৰ বুলিব পাৰি।

বেতাল: নিৰ্বাচন কি?

বিক্ৰম: বহুতো বেয়া মানুহৰ মাজৰ পৰা এজনক জয়ী কৰাৰ গণতন্ত্ৰিক বিৱশ।

বেতাল: ধৰ্ম?

বিক্ৰম: এডাল জখলা, যাৰ সহায়ত দেশৰ সিংহাসনলৈ বাট চমু হয় বুলি এচামে বিশ্বাস কৰে।

বেতাল: শাশ্বত কি হয়?

বিক্ৰম: দেশৰ দৰিদ্ৰতা শাশ্বত আৰু অটল সত্য। দৰিদ্ৰতাৰ সীমাৰেখা মাজে সময় সলনি হ’লেও, দৰিদ্ৰ নিজ স্থানতেই ৰৈ যায়।

বেতাল: ন্যায় মানে?

বিক্ৰম: চানিদেউলৰ ভাষাৰে ‘তাৰিখ পে তাৰিখ’, তাৰ বাদে আন একো নহয়।

বেতালো কম বস্তু নহয়, আমাৰ নেতাবোৰৰ দৰেই ঘাগু খিলাড়ী। হাৰ নামানি প্ৰশ্ন কৰি যাবলৈ ধৰিলে।

বেতাল: আটাইতকৈ ডাঙৰ প্ৰৱঞ্চনা কি?

বিক্ৰম: নিৰ্বাচনী ঘোষণাপত্ৰ।

বেতাল: সকলোতকৈ পবিত্ৰ দান কি?

বিক্ৰম: ভোটদানৰ পূৰ্বসন্ধ্যা বিতৰণ কৰা শাৰী, কম্বল, টকা, বটল আদি সকলোতকৈ মহান দান।

বেতাল: সকলোতকৈ শুনিবলৈ কৰ্কশ কি?

বিক্ৰম: টিভিৰ টকশ্বত ৰাজনৈতিক দলৰ প্ৰৱক্তাসকলৰ ভাষাবোৰ।

বেতাল: সকলোতকৈ লেতেৰা কি?

বিক্ৰম: নেতা আৰু চেলাচুমুণ্ডাবোৰৰ জিভা।

বেতাল: সকলোতকৈ অসম্ভৱ কাম কি?

বিক্ৰম: নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰা।

বেতাল: সকলোতকৈ ডাঙৰ সুখবৰ কি?

বিক্ৰম: দলীয় টিকট লাভ কৰাৰ বাতৰি।

বেতাল: সবাতোকৈ দূখবৰ কি?

বিক্ৰম: অন্তিম সময়ত টিকট কাটখোৱাৰ খবৰ।

বেতাল: ভালদিন কেতিয়া আহিব?

বিক্ৰম: যেতিয়াই নিৰ্বাচন আহিব তেতিয়াই ভালদিনৰ প্ৰচ্চায়া দেখিবলৈ পোৱা যায় আৰু পিছৰ পাঁচ বছৰৰ বাবে অন্ধকাৰত বিলীন হৈ থাকিব।

বিৰামহীনভাবে বেতালে ইণ্টাৰভিউ চলাই গ’ল। নিজৰ তুনৰ পৰা অৰিবাম প্ৰশ্নবাণ মাৰি যাবলৈ ধৰিলে।

বেতাল: প্ৰজাৰ আশা আকাংক্ষাই ন্যায় পাবনে?

বিক্ৰম: তেওঁলোকৰ কথা পাঁচবছৰৰ পাছত মনলৈ আহিব, এতিয়া ৰজাঘৰীয়াসকল শাসনৰ মদিৰা পানত ব্যস্ত হোৱাৰ সময়।

উত্তৰ শুনিয়েই বেতাল ভুটুংকৈ উৰা মাৰি মবাইল টাৱাৰ এটাত উলমি ৰ’লগৈ। ৰজা বিক্ৰমে নিৰ্বাচনত পৰাজিত নেতাৰ দৰে ধলংপলং খোজেৰে ৰাজপ্ৰসাদলৈ গতি কৰিলে। যাওঁতে মনে মনে ভাবি গল, বেতালক ধৰিবলৈ এইবাৰ চিবিআইক দায়িত্ব দিব, নিজে ইমান দৌৰি থাকিবলৈ কঁকালে নটনা হৈছেগৈ আৰু…..৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.