ফটাঢোল

অপেক্ষা – ভাস্কৰজ্যোতি বৰুৱা

অহা ১৫ দিনৰ ভিতৰত ব্যংগ ৰচনা এখন লিখিব পাৰোঁ‌ নে নোৱাৰো সেই বিষয়ে এই মুহূৰ্তত মই নিশ্চিত নহয়। কিন্তু সেই লেখাটোক লৈ মোৰ বৰ্তমান অৱস্থাটো যে কৌতুকপূৰ্ণ হৈ উঠিছে সেই বিষয়ে মোৰ অলপো সন্দেহ নাই। ব্যৱসায়-বানিজ্যত লোকচান হৈ থকাৰ বাবে মানসিকভাৱে ভাৰাক্ৰান্ত, কেইদিনমানৰ পৰা শৰীৰো ভাল নহয়, কিন্তু হাস্যৰস থকা ৰচনা এখন লাগেই লাগে। যেন দল ভাল নহয়, প্ৰাৰ্থীক বিশ্বাস কৰিব নোৱাৰি, কিন্তু ভাল চৰকাৰ এখন লাগেই লাগে।

‘ৰিণ্টুমণি দত্ত’

মাৰোৱাৰী ব্যৱসায়ীয়ে হিচাপৰ বহীৰ একেবাৰে ওপৰত ‘শ্ৰীলাভ’ৰ চিম্বলটো অংকন কৰাৰ দৰে নোটবুকত ওপৰত উল্লেখ কৰা নামটো লিখি তলত আঁচ দুডাল টানি বহি আছোঁ। কাৰণ এই নামটোৰ গৰাকী এজনেই মোক দিছে এনে কিছু মিশ্ৰিত অনুভৱ যাক উলাই কৰিব পৰা নাযায়।

ভয় :- অহা মাহৰ ফটাঢোল নামৰ অনলাইন ব্যংগ আলোচনীখনৰ বাবে লেখা লাগে। সম্পাদক ৰিণ্টুমণি দত্তৰ ডিমাণ্ড।

পৰিণতি :- এটা আতংকই সকলো সময়তে মোৰ অনুভৱক বেৰিকুৰি ৰাখিছে। বিত্তীয় বিষয়ক ফেচবুকৰ মোৰ প’ষ্ট এটাটো কালি এখিলা ৰঙা পান গাঁঠি দি সম্পাদক ৰিণ্টুৱে সুধিবলৈ পাহৰা নাই – “অ’ দাদা। মোৰ কথাটো পাহৰিলে নেকি।” শো’লে চিনেমাখনত যে গব্বৰে হাঁহিবলৈ নিৰ্দেশ দিওঁতে কালিয়াহঁতৰ যি অৱস্থা হৈছিল প্ৰায় তেনেধৰণৰ মানসিক অৱস্থাৰে হাঁহিৰ ৰিয়েকচন এটা ৰিণ্টুৰ কমেণ্টত দি তৎক্ষণাৎ তাৰ পৰা পলালোঁ।

আনন্দ :- লেখা বিচাৰি ৰিণ্টুমণি দত্তই যিখিনি কথা সিদিনা ফোনত ক’লে সেইখিনিয়ে মোৰ দেহত সঞ্চাৰ কৰা আবেগৰ ঢৌৰ প্ৰভাৱৰ পৰা এতিয়াও মই সম্পূৰ্ণকৈ মুক্তি পোৱা নাই। বিখ্যাত সাহিত্যিক হ’ব খোজা মোৰ শৈশৱৰ অৰ্ধমৃত সপোনটোক ৰিণ্টুৱে এবটল চেলাইন দি দিয়া নাইতো? সঁচাকৈয়ে ৰিণ্টুৱে মোৰ ব্যংগ লেখাৰ সামৰ্থ্যৰ বিষয়ে তেনেকৈয়ে ভাবেনে? আহ! সেই আত্মগৌৰৱবোধৰ পুলকটোৰ তীব্ৰতা লাহেকৈ যেন বাঢ়ি আহিল। অৱশ্যে ৰাজনীতি কৰা মানুহৰ বাবে যেনেকৈ ভাল কাম কৰাৰ ইচ্ছা আৰু সামৰ্থ্য আছে নে নাই সেয়া গুৰুত্বপূৰ্ণ নহয়, মাত্ৰ ভোটাৰে আছে বুলি ভবাটোহে দৰকাৰ, লিখামেলাৰ জৰিয়তে যশস্যা বিচাৰি মাজে মাজে কলম চলোৱা মোৰ দৰে প্ৰাণীৰ ক্ষেত্ৰটো প্ৰায় একেই কথাই খাটে। পঢ়ক বা নপঢ়ক মানুহে যদি ভাবে – এও ভাল লিখে দেই, সেয়াও মোৰ বাবে এক প্ৰাপ্তিয়েই।

কিন্তু কথাটো এনেকুৱাওতো হ’ব পাৰে যে আমাৰ পূজা বা বিহুৰ বিশেষ সংখ্যাৰ আলোচনীকেইখনৰ দৰে মেটমৰা বোজাৰে ৰিণ্টুমণিয়ে অহা মাহৰ আলোচনীখন প্ৰকাশ কৰাৰ কথা ভাবিছে। কাৰণ এইবাৰ সকলোৰে প্ৰত্যাশা বেছি। তেওঁ চেলিব্ৰেটি সম্পাদক। সেই মেটমৰা বোজাৰ মাজত চেপা খুন্দা খাই সংখ্যা বঢ়াবলৈকে লেখা এটা মোৰ ফালৰ পৰা ৰিণ্টুমণিক প্ৰয়োজন। এনেও মোৰ লেখা অনলাইন আলোচনীখনত মানুহে খুচৰি পঢ়াৰ ৰেকৰ্ড নাই। সম্পাদনামণ্ডলী আৰু ফটাঢোলৰ এডমিন পেনেলৰ ব্যক্তিকেইজনে তেওঁলোকৰ প্ৰচাৰ তথা লেখকসকলক প্ৰেৰণা যোগোৱা কৰ্মসূচীৰ এক অংগ হিচাপে দিয়া লাইক আৰু কমেণ্টৰ বাদে কেইজন প্ৰকৃত পাঠকে মোৰ ব্যংগ পঢ়িছে সন্দেহ আছে। এনে ব্যক্তিত্ব বা সৌন্দৰ্যৰ গৰাকীও নহও যে যিয়েই নিলিখো কিয় মানুহে আগ্ৰহেৰে পঢ়িব আৰু “চুই গ’ল”, “আপ্লুত হ’লো” জাতীয় কমেণ্ট দিব। হঠাৎ মোৰ মনলৈ আহিল – কোনোবা বঙালী সাহিত্যিকে কৈছিল -“সাহিত্য মৰে পূজাৰ সংখ্যাৰ আলোচনীত।” ঠিক একেদৰে অসমীয়া ব্যংগ সাহিত্যলৈ যতকিঞ্চিত হ’লেও অৰিহণা যোগাবলৈ আৰম্ভ কৰা আলোচনীখনত মই সেই ধাৰাটোৰ হত্যাকাৰীৰ ভূমিকাত অৱতীৰ্ণ নহওতো? পিছে আজি নিজৰ সামৰ্থ্যক সন্দেহ কৰিবলৈ মন নগ’লচোন। সেইবোৰ সত্যই বিশ্বাস কৰিবলৈ মন যায় যিবোৰ আমাৰ ভাল লাগে। এই ক্ষেত্ৰত সত্যটো এনে হ’লে ভাল লাগিব – কিতাপ পঢ়াত বিশেষ ৰাপ থকা ৰিণ্টুমণিয়ে মোক এনেই নকয়। ল’ৰাটোৰ আনৰ প্ৰতিভাখিনি ধৰিব পৰা গুণটো বৰ ভাল। লাহে লাহে ৰিণ্টুমণিৰ কথাত মই পতিয়ন গ’লো। সত্যতা বিচাৰি পালোঁ‌।

ভালে কিছু সময় পাৰ হৈ গ’ল। নাই, সেই প্ৰেৰণাস্ৰোতৰ স্মৃতিত ডুবি থকাৰ পাছতো একো এটা লিখিব পৰা নাই। মাত্ৰ কাগজখনত লিখা “ৰিণ্টুমণি দত্তৰ” ওপৰত কেইবাবাৰো পেনেৰে ঘঁহালো। কাগজখনৰ সোঁফালৰ ওপৰৰ চুকটোত কেইটামান ছবি আঁকিলো। চৰাইৰ দৰে কিবা দুটামান। বছ, ইমানেই হৈছেগৈ মোৰ কাম। হনুমানকো হেনো প্ৰশংসাৰ প্ৰয়োজন হৈছিল নিজৰ সক্ষমতাৰ সমন্ধে অৱগত হোৱাৰ বাবে, বীৰত্বপুৰ্ণ কাম কৰিবৰ বাবে। ৰিণ্টুমণিয়ে নিজৰ কামখিনি কৰিলে। সেই প্ৰশংসাতো মোৰ কলম সঠিক দিশলৈ আগ নবঢ়াৰ কাৰণ কি বাৰু? নাই, এতিয়া আৰু মোৰ প্ৰতিভা নাই বুলি ভাবিবই নোৱাৰো, সাংঘাতিক কষ্ট হয়। অৱশ্যে সকলোৰে জেক খাবলৈ লগা সময় একে নহ’বওতো পাৰে। হয়, কথাটো তেনেকৈ ভবাই কিজানি এইখিনি সময়ত উচিত হ’ব। তেনেহ’লে এইবাৰ নিজেই নিজক জেক দি চাওঁ নেকি? ক্ৰীড়াংগনতো এই কৌশলটো কিন্তু বহুলভাৱে ব্যৱহাৰ হয়। প্ৰতিভাৱান এথেলিটসকলে প্ৰদৰ্শনৰ ঠিক আগে আগে ভোৰভোৰাই নিজকে কিবা কৈ অথবা ষ্টেডিয়ামত উপস্থিত দৰ্শকক হাত চাপৰি মাৰি তেওঁক উদ্বুদ্ধ কৰিবলৈ আবেদন কৰা দেখিছোঁ। ময়ো তেনে নকৰোনো কিয়?

মই ধাৰণা কৰি ল’লো – এয়া, ৰিণ্টুৰ সম্পাদনাত ওলাব লগা আলোচনীৰ সংখ্যাটোৰ বাবে লেখাটো মই সম্পূৰ্ণ কৰিলোঁ। এখন অতি সুন্দৰ ব্যংগ ৰচনা। এতিয়া সেই কাল্পনিক সাৰ্থক লেখাটোৰ শেষত লেখকজনে মনত পোৱা সন্তুষ্টিখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰিলোঁ …..

এটা নতুন যুগৰেই সৃষ্টি হৈ যোৱা নাইতো! কি লিখিলোঁ! বাহ, এয়াহে ব্যংগ। কাগজখন অলপ দূৰলৈ ঠেলি চকু দুটা অলপ মুদি দিলোঁ। দেহত পুলকৰ ‘ফণী’। ভাবি অভিভূত হ’লো – অলপ আগতে এই কোঠাটোত ব্যংগ সাহিত্যৰ এক ইতিহাস নিৰ্মাণ হ’ল। বাৰু, কি বুলি নামাকৰণ হ’ব এই যুগটো? ভাস্কৰী সাহিত্যৰ যুগ নে বৰুৱা যুগ। বহু কেইজন স্বনামধন্য বৰুৱা ইতিমধ্যেই অসমৰ বুৰঞ্জীয়ে পাইছে। মানুহৰ কনফিউজন নহয়তো? নাই, ৰাভা উপাধিৰ যিমানেই মানুহ নাথাকক কিয় ৰাভা সংগীতৰ কথা ক’লে বিষ্ণু ৰাভাৰ কথাইতো আমি বুজো। কোনোবা এজনে লিখিছে – ভাস্কৰ জ্যোতি বৰুৱাক বাদ দি অসমীয়া ব্যংগ সাহিত্যৰ আলোচনা সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়। অ’ মা, আৰু নোৱাৰি! এই মুহূৰ্তটোক আৰু ৰসঘন কৰি তুলিবলৈ মই তৎপৰ হৈ উঠিলোঁ‌।

প্ৰায় দৌৰি যোৱাৰ দৰেই উঠি গৈ ফ্ৰীজত থকা ৰহিৰ বটলটো উলিয়াই আনি খুলি ল’লোঁ। বন্ধু এজনক তেওঁৰ বন্ধু এজনে উপহাৰ দিছিল। তেওঁ নাখায়, গতিকে মোক দি দিলে। দানা দানা ম্যে লিখা হ’তা হ্যে খানেৱালাকা নাম। নাঃ, ইয়াত হ’ব – বুন্দ বুন্দ ম্যে লিখা হ’তা হে পিনেৱালা কা নাম। কিন্তু পনীয় বস্তুত কেনেকৈ লিখা সম্ভৱ? যাঃ, সেইবোৰ ভাবি পৰিবেশটো নষ্ট কৰাৰ কোনো যুক্তি নাই। সেইবোৰ ভগৱানৰ ডিপাৰ্টমেণ্টৰ সমস্যা। এটা গিলাছত বাকি লৈ এচিপ এচিপকৈ সেই মিঠা থলোৱাক গিলিবলৈ ধৰিলোঁ। আচ্ছা, এই লেখাটো কেইটা ভাষালৈ অনুবাদ হ’ব বাৰু? ইংৰাজী বা আন আন ভাৰতীয় প্ৰাদেশিক ভাষালৈ অনুবাদৰ বাবে মই সিমান চিন্তা কৰা নাই। কোনোবা ভাল অসমীয়া অনুবাদকে ইংৰাজী আৰু বঙালীলৈ প্ৰথমে কৰিব। উড়িয়ালৈও চিন্তা নাই, মূল অসমীয়াৰ পৰাই অনুবাদ হৈ যাব। কবিতা দত্ত গোস্বামী বাইদেউ আছেই দেখোন। তাৰ পাছত লাহে লাহে বাকী থকা ভাৰতীয় প্ৰাদেশিক ভাষালৈ ইংৰাজী আৰু বঙালীৰ পৰা অনুবাদ হৈ থাকিব। সুন্দৰ! কিন্তু মোৰ চিন্তা লাগিল জাৰ্মান, ফৰাচী আৰু বিশেষকৈ স্পেইনীজ ভাষাৰ বাবেহে। ইউৰোপ আৰু লেটিন আমেৰিকাৰ এক বিশাল পাঠকক মই চুবগৈ নোৱাৰিম যদিহে স্পেইনীজ ভাষালৈ মোৰ ব্যংগ লেখাটো অনুবাদ নহয়।

মোৰ ভাৱনাৰ গতিবেগ ৰুদ্ধ হ’ল – যেতিয়া বিদেশী সাংবাদিকে মোক অসমীয়াতে সুধিলে – এই যুগজয়ী তীব্ৰ ব্যংগ লেখাটোৰ বিষয়বস্তুটো কেনেকৈ মোৰ মনলৈ আহিল? উত্তৰ দিবলৈ গৈহে মোৰ মনত পৰিল – ব্যংগৰ নামত মই এতিয়ালৈকে লিখা আখৰকেইটা হ’ল – “ৰিণ্টুমণি দত্ত।” ছবি নামৰ আঁকবাকখিনিকো যদি গণ্য কৰো তেন্তে দুটামান অভজা চৰাই। কাগজখন এনেয়ে টানি আনি চালোঁ‌। মোৰ মগজুটোৰ সাৰ্থক প্ৰতিচ্ছবি হিচাপে সেইখনৰ মূল অংশ উদং। হয়তো মৌচুমী বতাহ ভাৰতীয় ভূখণ্ডত প্ৰবেশ কৰোঁ‌তে কেতিয়াবা দেৰি হোৱাৰ দৰে বিষয়বস্তুয়ে এতিয়াও মোৰ মূৰত প্ৰবেশ কৰা নাই। কিন্তু আশা কেনেকৈনো এৰি দিওঁ‌? আকৌ প্লটৰ সন্ধানত মূৰ খজুৱাই, কলম কামুৰি কামুৰি ৰৈ থাকিলোঁ‌। যেনেদৰে প্ৰত্যেকবাৰ নিৰ্বাচনৰ শেষত আমি অপেক্ষা কৰোঁ‌ ভাল দিনলৈ।

☆★☆★☆

6 Comments

  • Suntu

    ভাল লাগিল দাদা, এইটো পঢ়িয়েই ময়ো কিবা এটা লিখিছিলো

    Reply
  • parishmita

    খুবেই ভাল লাগিল।

    Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      ধন্যবাদ

      Reply
  • Nilakshi

    আপোনাৰ লিখনি সদায়েই প্ৰিয়

    Reply
    • ভাস্কৰ জ্যোতি বৰুৱা

      ধন্যবাদ

      Reply

Leave a Reply

Your email address will not be published.