ফটাঢোল

অপৰাধী –বৰ্ণালী ফুকন

ৱাঙ চাঙমাই মিতালীৰ ঠিক পিছফালৰ বেঞ্চখনতে সদায় বহে। মাকুমৰ এটা চীনা পৰিয়ালৰ ল’ৰা সি। সৰুৰে পৰা একেলগে পঢ়িছিল যদিও তাক চতুৰ্থ শ্ৰেণীত থাকোতেহে দেখা মনত পৰে তাইৰ । তেতিয়া মিতাহঁত হিজুগুৰিৰ পৰা স্কুল আহ-যাহ কৰে। মাকে পেঞ্চিল কলম কিনিবলৈ দিয়া পইচাৰে বায়েক আৰু তাই লগ হৈ চানা বৰফ খাই পেলায়। ক্লাছত যিহেতু ৱাঙে কলম পেঞ্চিল দিবই গতিকে কিহৰ চিন্তা । পইচা হাতত পৰিলেই মোক খা মোক খা কৰি থকা বৰফ কেইটালৈহে মনত পৰে। ৱাঙ ঐ ল তোৰ পেঞ্চিল-ৰবৰ, স্কুল ছুটি হবৰ হ’ল, তাই তাৰ বস্তুবোৰ আগবঢ়াই দিলে ৱাঙলৈ। ধেইত! সেইবোৰ তোকেই দিছো, থৈ দে বেগত। আঃ! কি ধুনীয়া গোন্ধ ৰবৰবোৰৰ, ক’ত পালি এইবোৰ? তাৰ চমু উত্তৰ -চীনৰ। তাই চকু কেইটা ডাঙৰ কৰি আচৰিত হৈ কয়-বাঃ! চীনৰ? দুদিনমান তাই খুব জোৰ কৰিলে বস্তুবোৰ ঘুৰাই দিবলৈ, সি কোনোপধ্যেই মান্তি নহয়। পিছলৈ তাই বাদ দিলে। চীনৰ পৰা অনা কলম পেঞ্চিলেৰে তাইৰ বেগৰ সৰু পকেট ভৰি পৰে। তথাপিও ৱাঙ আকোঁৰগোজ, দিবই মিতাক।

এদিনৰ কথা, হঠাৎ মাকে মিতাক পঢ়াবলৈ বহি পেঞ্চিল আৰু ৰবৰ বিচাৰিলে। তাই ৱাঙে দিয়া পেঞ্চিল আৰু ৰবৰ আনি মাকৰ হাতত দিলেহি। আচহুৱা বস্তু কেইপদ তাইৰ হাতত দেখি তাইলৈ সন্দেহেৰে চাই সুধিলে -ক’ত পালি এইবোৰ, কাৰ পৰা হাঁ- কাৰ পৰা চুৰ কৰি আনিলি? চুৰ কৰা কথাষাৰে তাইৰ মনটো সেমেকাই দিলে ..মাকে বাৰু তাইক চুৰ বুলি ভাবিব লাগেনে? এনেইয়ে তাই মাকলৈ প্ৰচণ্ড ভয় কৰে। ভয়াৰ্ত চাৱনিৰে তাই মাকলৈ চাই থাকিল । প্ৰতিবাদ কৰিবলৈ গৈ ডিঙিত কিবা এটা সোপা মাৰি ধৰা যেন পালে তাই। মাকে খঙত বহাৰ পৰা উঠিল -বেগ দে বুলি তাইৰ হাতৰ পৰা বেগটো কাঢ়ি আনিলে। তাই তাতে থৰ হৈ মাকলৈ চাই ৰ’ল। তাইৰ চকুৰে পানী ওলাওঁ ওলাওঁ তথাপি কান্দিব পৰা নাই। মাকে বস্তুবোৰ এপদ এপদকৈ উলিয়াই তাইক সুধি গৈছে “এইডাল কাৰ পেঞ্চিল?” -তাই লাহেকৈ ক’লে -ৱাঙ চাঙমাইৰ। আৰু এই ৰবৰ ডাল? ৱাঙৰে। প্ৰতিবাৰেই ৱাঙৰ নাম কিমান ল’ব? এসময়ত তাই মৌন হৈ তল মুৰ কৰি থাকিল। কাষৰ ৰুমৰ দৰজাৰ ফাকেৰে বায়েক আৰু ভায়েকে তাইক চাই ফিচিঙা ফিচিঙ কৰি আছে। তাহাঁত দুইটাই তাইক ইতিকিং কৰি থকা দেখি খঙে দুখে তাইৰ চকুপানী বৈ আহিল। হঠাৎ মাক বহাৰ পৰা উঠিল আৰু ৱাঙে দিয়া বস্তু কেইপদ নিজৰ বেগৰ ভিতৰত ভৰাই লৈ তাইক ক’লে -মই কালি তোৰ স্কুল গৈ আছো। মাক খঙত ৰুমৰ পৰা ওলাই গ’ল। লগে লগে তাইৰ বায়েক আৰু ভায়েক সোমাই আহি তাইক জোকাবলৈ ধৰিলে। এইডাল কাৰ কলম-বায়েকে কয়, ভায়েকে উত্তৰ দিয়ে -ৱাঙ চাঙমাইৰ। খঙে দুখে তাই ৰুমটোৰ পৰা ওলাই আহি বিচনাত পৰিল। পিছদিনাৰ কথা ভাবি তাইৰ ৰাতি ভালকৈ টোপনিয়ে নাহিল।

তাই ক্লাছত সোমোৱাৰ লগে লগে ৱাঙে দৌৰি আহি মাত লগাই গ’ল। তাইৰ আজি কাকো মাতিবলৈ মন নাই যোৱা। অপমানৰ আশংকাত মনটো চটফটাই আছে। তাই জানে মাক আজি আহিবই তাইৰ স্কুললৈ। মাকৰ কথা শুনাৰ পিছত চাগে শৰ্ম্মা চাৰে খুব কোবাব তাইক। তাইৰ দেখোন আজি শৰ্মা চাৰৰ কোব কেইটালৈ ভয় লগা নাই। তাইৰ বেয়া লাগিছে বিনা দোষত যদি ৱাঙে মাৰ খাব লগা হয়। কোনখন মুখেৰে তাক আকৌ মাতিব।

নিৰ্দিষ্ট সময়ত মাক তাহাঁতৰ ক্লাছলৈ আহিল। ৱাঙে দিয়া বস্তু কেইপদ চাৰৰ হাতত দি কিবা ক’লে। মাক যোৱাৰ পিছত চাৰে মিতাক উদ্দেশ্য কৰি কলে -ৱাঙক বস্তুবোৰ ঘুৰাই দিয়া। লাজে ভয়ে তাইৰ চকুপানী বৈ আহিল। চকু মোহাৰি তাই উঠি গ’ল। ঘুৰি আহি বস্তু কেইপদ ৱাঙৰ টেবুলত থলে। বহুত কষ্টত তাইৰ মুখৰে মাথো লোৱা শব্দটোহে ওলাল। ৱাঙে হঠাৎ কি হ’ল একো বুজি পোৱা নাই, সি অসহায় ভাবে তাইলৈ চাই ৰ’ল। ৱাঙৰ ওচৰত তাইৰ অপৰাধী অপৰাধী যেন লাগিল।

সেই দিন ধৰি তাই ৱাঙলৈ চাব পৰা নাই। তাক মাতিম বুলি ভাবিলেই এক অবুজ অপৰাধ বোধে তাইক ঘেৰি ধৰেহি। সেই ঘটনাৰ কিছু দিনৰ পিছতেই তাহাঁতৰ বছৰেকীয়া পৰীক্ষা হৈ গৈছিল আৰু দুইটাই সেই স্কুল এৰি বেলেগ বেলেগ স্কুলত এডমিছন লৈছিলগৈ। ৱাঙে নো ক’ত এডমিছন ল’লে তাইৰ জনাৰো কোনো উপায় নাছিল। পঢ়াৰ ব্যস্ততাৰ মাজত তাই শৈশৱৰ বন্ধু ৱাঙক পাহৰি পেলালে। হয়টো ৱাঙেও। এটা অপৰাধবোধেৰে হৃদয়ৰ এটা কোণত ৱাঙ ৰৈ গ’ল। বহুত বছৰৰ পিছত হঠাৎ এদিন নাটকীয় ভাবে মিতাই ৱাঙৰ বায়েক চিকিক লগ পাই গ’ল। বায়েকে আগুৱাই আহিল তাইক দেখি ক’লে -তোমাৰ বন্ধু এটা দুৰ্ঘটনাত ঢুকাল গম পোৱা ? মিতাই একো মাতিব নোৱাৰিলে, তাই শিল পৰা কপৌৰ দৰে থিয় হৈ ৰ’ল। গোটেই ঘটনাৰ আঁৰৰ কাহিনী গম নোপোৱাকৈয়ে ৱাঙ গুচি গ’ল আকৌ ঘুৰি নহাৰ বাটেৰে ।

★★★★

One comment

Leave a Reply

Your email address will not be published.