ফটাঢোল

অফিচ চৌহদত মৰি থকা ক’লী ম’হজনী (মূল: পূৰণ শৰ্মা) – অনুবাদ – মৌচুমী গগৈ

“হেল্ল’, সমাজ কল্যাণ বিভাগ?”

“হয়, মই সমাজ কল্যাণ বিভাগৰ সঞ্চালকে কৈছোঁ। আপুনি কোন?”

“নমস্কাৰ ছাৰ। আপোনাক এটা কথা ক’ব লগা আছিল।”

“কওকচোন, কি কথা আছিল?”

“ছাৰ, আপোনালোকৰ অফিচৰ যিটো “বি” ব্লক বিল্ডিং আছে, তাৰ সন্মুখতে ক’লী ম’হ এজনী মৰি আছে।”

“ক’লী ম’হ?”

“হয়, ক’লী ম’হ!”

“মাফ কৰিব ছাৰ, মই নিজৰ নামটো আপোনাক ক’ব নোৱাৰিম কাৰণ এইটো মাৰ্ডাৰ কেছ। মিছামিছিকৈ মোৰ ওপৰত সোধা -পোছা হ’ব পাৰে।”

“হেল্ল, কিন্তু ম’হজনী মৰিল কেনেকৈ?”

“সেইটো মই গম নাপাওঁ ছাৰ। মই এইবাবেই জনালো যে মৃতদেহটো জন্তুবোৰে খাই নষ্ট কৰিলে চাৰিওফালে বেয়া গোন্ধ ওলাব। গতিকে সোনকালে সেইটো তাৰপৰা আঁতৰোৱাৰ ব্যৱস্থা কৰক।”
– এইদৰে কৈ মানুহজনে ফোনটো কাটি দিলে। সঞ্চালকজন এইবাৰ চিন্তাত মগ্ন হ’ল।

সঞ্চালকে এইবাৰ নিজৰ ব্যক্তিগত সচিবক মাতি পঠালে আৰু ক’লে, “শুনক ‘বি’ ব্লকৰ সন্মুখত ক’লী ম’হ এজনী মৰি আছে। আপুনি অতিৰিক্ত সঞ্চালকক মাতি পঠাওক।”
ব্যক্তিগত সচিবে ফোন কৰাৰ লগে লগেই অতিৰিক্ত সঞ্চালক আহি উপস্থিত হ’লহি।

অতিৰিক্ত সঞ্চালকে কথাখিনি শুনি আচৰিত হৈ ক’লে, “কি! ম’হ মৰিলে আৰু তাকো ক’লী ম’হ?”

“হয়।”

“বহুত বেয়া কথা হ’ল ছাৰ। ক’লী ম’হ মৰাটো শুভ নহয়।”

“কিন্তু ম’হজনী ক’লাই হয়।”

“তথাপিও মৰিব নালাগিছিল।”

“আপুনি অনতিপলমে নগৰ পৰিষদক ফোন কৰি ম’হজনী উঠোৱাৰ ব্যৱস্থা কৰক।”
– সঞ্চালকে ক’লে।

অতিৰিক্ত সঞ্চালকে নিজৰ ৰুমলৈ গৈ উপ-সঞ্চালকক মাতি পঠিয়ালে আৰু ম’হজনী ‘বি’ ব্লকৰপৰা আঁতৰাবলৈ ক’লে।

উপ সঞ্চালকে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কামটো কৰাব বুলি কৈ খাবলৈ গুচি গ’ল। আহাৰ গ্ৰহণৰ পিছত উপ সঞ্চালকে নিজৰ পিয়নজনক পঠিয়াই সহকাৰী সঞ্চালকক মাতি পঠিয়ালে আৰু ম’হজনী শীঘ্ৰেই ‘বি’ ব্লকৰপৰা আঁতৰাবলৈ অৰ্ডাৰ দিলে।

“মই এতিয়াই শাখা বিষয়াক পঠিয়াই কামটো কৰোৱাই আছোঁ ছাৰ।”

“ঠিক আছে, যি কৰে সোনকালে কৰক।”
সহকাৰী সঞ্চালকজনে নিজৰ অফিচ ৰুমলৈ আহি মিষ্টাৰ শৰ্মা নামৰ শাখা বিষয়াজনক মাতি আনি ম’হজনী ‘বি’ ব্লকৰপৰা আঁতৰাবলৈ সঞ্চালকে অাদেশ দিয়াৰ কথাটো ক’লে।

“ছাৰ, আপুনি নিশ্চিন্ত থাকক, মই কাইলৈ ৰাতিপুৱাই ম’হজনী তাৰপৰা উঠাই অনাৰ ব্যৱস্থা কৰিম।”
তাৰপিছত দুয়োজনে আড্ডা দিবলৈ ধৰিলে। এইদৰেই এটা দিন গুচি গ’ল। ইফালে ম’হজনী ‘বি’ ব্লকৰ সন্মুখতে পৰি থাকিল আৰু গোন্ধ ওলাবলৈ ধৰিলে।

দ্বিতীয় দিনা শাখা বিষয়াজনে অফিচলৈ আহিয়েই নিজৰ সহকাৰীজনক ম’হজনী আঁতৰাবলৈ ক’লে। এইবাৰ সহকাৰীজনে উচ্চ বৰ্গৰ সহায়কজনক আৰু উচ্চ বৰ্গৰ সহায়কজনে নিম্ন বৰ্গৰ সহায়কজনক আৰু তেওঁ চকীদাৰজনক কথাটো ক’লে। চকীদাৰজনে ক’লে, “ছাৰ, ম’হ এটা মৰিলে মই কি কৰিম। সদায়তো মৰিয়েই আছে। নগৰ পালিকাক ফোন কৰি জনাওক।”

এইবাৰ চকীদাৰ বাবুৱে ফোনটো কৰিলে যদিও ফোন বেয়া আছিল। তেতিয়া বাবুৱে চতুৰালি কৰি এখন দৰ্খাস্ত লিখিলে, “অফিচ চৌহদৰ ‘বি’ ব্লকৰ সন্মুখত কলী ম’হ এজনী মৰাৰ খবৰ অচিনাকী ব্যক্তি এজনে দিছে। এইটো চিন্তা কৰিবলগীয়া কথা যে ম’হজনী মৰিল কেনেকৈ? মোৰ মতে ম’হজনী আঁতৰোৱাৰ আগতে পুলিচৰ ওচৰত ৰিপোৰ্ট কৰি মালিকক বিচৰাটো বেছি দৰকাৰী যাতে পিছত ম’হজনীক লৈ কোনো বিবাদ হ’ব নোৱাৰে।”

বাবুৰ চতুৰালি কামত আহিল। সঞ্চালকজনে অৰ্ডাৰ দিলে যে, ‘ম’হজনী উঠোৱাৰ আগতে পুলিচক খবৰ দিয়া যাওঁক।’ এইদৰেই আৰু দুদিন গ’ল। বাবুৱে গোচৰটো ফাইলত দিয়া আদেশ অনুসৰিয়েই তৈয়াৰ কৰিলে আৰু সঞ্চালকৰ চহী লৈ পুলিচ থানাত জমা দি আহিল।

চতুৰ্থ দিনা গোটেই সমাজ কল্যাণ বিভাগতেই হাবিত জুই লগাৰ দৰে ম’হজনীৰ মৃত্যুৰ খবৰ বিয়পি পৰিল। অফিচৰ মানুহবোৰেও কাম বাদ দি ‘বি’ ব্লকত মৰা ম’হ চাবলৈ গ’ল। কুকুৰ, কাউৰী,ঈগল আদিয়ে খাই চিৰাচিৰ কৰা মৃতদেহটো মানুহবোৰে এনেকৈ চাব ধৰিলে যেন তেওঁলোকে জীৱনত ক’লী ম’হ দেখাই নাছিল। আনকি স্বয়ং সঞ্চালকজনেও গাড়ী লৈ আহি ম’হজনী চাই গ’লহি।

সঞ্চালকজনে অফিচলৈ আহি অতিৰিক্ত সঞ্চালকজনক মাতি আনি প্ৰশ্ন কৰিলে, “এইবোৰ কি হৈ আছে? চাৰি দিনৰপৰা ম’হজনী মৰি আছে। গোন্ধৰ কোবত মানুহ ওচৰেদি যাব নোৱাৰা অৱস্থা। ম’হজনী এতিয়াও কিয় আঁতৰোৱা নাই?”

“ছাৰ, কথাটো এনেকুৱা যে নগৰপালিকাৰ অফিচৰ ফোনটো বেয়া হৈ আছে।”

“তেতিয়া হ’লে কাৰোবাক পঠিয়াই দিয়া নাই কিয়?”

“ছাৰ, কাৰোবাক যাবলৈ ক’লেও গাড়ী বিচাৰে আৰু এইকেইদিন অফিচৰ গাড়ী এখনো নাই।”

“কাৰোবাক কুপন দি পঠিয়াই দিয়ক। অলপ আগতে উপায়ুক্ত ছাৰৰ ফোন আহিছিল। ম’হজনীৰ কথা সুধিছিল। মই আজি আঁতৰাম বুলি ক’লো। তেওঁ কৈছে যে যিকোনো প্ৰকাৰে ম’হজনী সোনকালে তাৰপৰা উঠাই আনক। নহ’লে গোটেই চহৰৰ মানুহ তাত উবুৰি খাই পৰিব।”

“হ’ব ছাৰ, মই এতিয়াই কিবা এটা কৰিম।” – এইদৰে কৈ আকৌ অতিৰিক্ত সঞ্চালকে উপ সঞ্চালকক, উপ সঞ্চালকে সহকাৰী সঞ্চালকক,সহকাৰী সঞ্চালকে শাখা বিষয়াক, শাখা বিষয়াই উচ্চ বৰ্গৰ সহায়কক, উচ্চ বৰ্গৰ সহায়কে নিম্ন বৰ্গৰ সহায়কক আৰু নিম্ন বৰ্গৰ সহায়কে চকীদাৰক কথাটো ক’লে। এইদৰেই সেই দিনটোও পাৰ হৈ গ’ল।

পঞ্চম দিনা সমাজ কল্যাণ বিভাগে নগৰপালিকাক বিষয়টো অৱগত কৰিবলৈ সক্ষম হ’ল যদিও সেইদিনা সংশ্লিষ্ট বিভাগটোৰ কৰ্মচাৰীসকল ছুটীত থকা বাবে ম’হজনী পিছদিনাহে আঁতৰ কৰিব পাৰিব বুলি জনালে।

ষষ্ঠ দিনা নগৰপালিকাৰ কৰ্মচাৰী অহালৈকে ম’হজনীৰ কেৱল হাড়কেইদালহে বাকী ৰৈছিল। কৰ্মচাৰীসকলে হাড়বোৰ লৈ যাবলৈ মান্তি নহ’ল। তেওঁলোকৰ মতে হাড় মূৰবোৰ নিয়াৰ দায়িত্ব ৰমজানি ঠিকাদাৰৰহে। গতিকে তেওঁলোকৰ প্ৰাপ্য এশ টকা দি দিব লাগে। প্ৰথমে অফিচে পইছা দিবলৈ বিচৰা নাছিল যদিও পিছত দিবলৈ বাধ্য হ’ল।

আজিলৈকে ৰমজানি ঠিকাদাৰ সেই ঠাইলৈ নাহিল। ক’লী ম’হজনীৰ অস্থিবোৰ ‘বি’ ব্লকৰ সন্মুখতে পৰি থাকিল। ম’হজনীৰ বাবে যি ফাইল খোলা হৈছিল সেইটো আজিও চলি আছে,সেইটোৰ ওপৰত আজিও মোকদ্দৰ্মা হৈ থাকে,অফিচৰ সময় আজিও অবাবত নষ্ট হয়। বাবুৱে ফাইলটো সযতনে আলমাৰীত ভৰাই থয় আৰু পিছদিনা পুনৰ উলিয়াই আনে। সঞ্চালকে উপায়ুক্তক ফোন কৰি জনাই দিলে যে ক’লী ম’হজনী তাৰপৰা আঁতৰোৱা হ’ল।

☆★☆★☆

6 Comments

  • হাঃ হাঃ কি যে হ’ব নহয়, প্ৰথম দিনতেই ম’হজনী ইচ্ছা কৰিলেই আঁতৰাব পৰিলেহেঁতেন । বঢ়িয়া অনুবাদ দেই মৌচুমী।

    Reply
  • Alakesh Bhagawati

    সুন্দৰ অনুবাদ৷ পঢ়ি ভাল লাগিল ৷

    Reply
  • Asomi Gogoi

    ভাল লাগিল

    Reply
  • জ্ঞানদীপ খনিকৰ

    কিছু কিছু ক্ষেত্ৰত আমিও এই ব্যৱস্হাৰ ভুক্তভোগী .. আপোনি বৰ ধুনীয়াকৈ অনুবাদ কৰিছে..

    Reply
  • হিৰণ্যজ্যোতি দাস

    সুন্দৰ অনুবাদ ৷ প্ৰতীকি যদিও এনেকুৱা ঘটনা প্ৰায়েই হয় ৷

    Reply

Leave a Reply

Your email address will not be published.