ফটাঢোল

অবৈতনিক ড্রাইভাৰ – নিৰ্মালী বৰমূদৈ

“অই পাখৰী, গাড়ীখন উলিয়াচোন। বজাৰ দুটামান কৰি আহোঁ।”

“হেই! মই নোৱাৰো, ভাগৰ লাগিছে।”

“কি হ’ল? কিহৰ ভাগৰ অ’ তোৰ? কি পাহাৰ ভঙা কাম কৰিলি? দিনৰ দিনটো গাভিনী শিয়ালৰ নিচিনাকৈ বিচনাত পৰি পৰি জীৱ নথকাটোৰ লগত টুং টুং টাং টাংহে কৰি আছ? কথা ক’বলৈ আহিছ? ভাগৰ লাগিছে। ৫ মিনিটত গাড়ী উলিয়াই আন।”

অনিচ্ছা স্বত্বেও দেউতাৰ গালিসোপা গিলি লৈ মন্ত্ৰমুগ্ধ মানুহৰ নিচিনাকৈ কাপোৰ কানি পিন্ধি ওলালোঁ। গাড়ীখন গেৰেজৰপৰা উলিয়াওঁতে ভাবিও আছোঁ – চাল্লা, আজি যদি মোৰ ঘৰত ল’ৰা এটা থাকিল হয়। এই মাজনীয়েও দুজনীকে ছোৱালী জন্ম দিব লাগেনে বাৰু? কামত সহায় হওক বুলি মাথো নিজৰ সুবিধাৰ কথা ভাবিলে। বাৰু দুজনী ছোৱালী জন্ম পালেই যেনিবা, তৃতীয় সন্তানটোৰ কথা ভবা হ’লে কিনো মহাভাৰতখন অশুদ্ধ হ’ল হয়! এতিয়া মই চবফালে মৰো। চব স্বাৰ্থপৰ এই পৃথিৱীত।গাড়ীৰ দৰ্জাখন মৰাৰ শব্দতহে সম্বিৎ ঘূৰি আহিল। চেঃ। কিবোৰ যে ভাবি আছোঁ! মই নকৰিলে কৰিবনো কোনে? এইবুলি নিজকে সান্ত্বনা দি ষ্টিয়াৰিং পকালো।

প্ৰথমে গ’লো কুকুৰা বেপাৰীকেইটাৰ ওচৰলৈ। কুকুৰাৰ ঠেং চাই কোনটো লোকেল, কোনটো ব্ৰইলাৰ যেনেকৈ আমাৰ বছে কৈ দিব পাৰে, প’ষ্টমৰ্টেম কৰোঁতে ডাক্তৰকেইজনেও সিমান সোনকালে মাৰ্দাৰ নে চুইচাইদ ধৰিব নোৱাৰে। আধাঘণ্টামান দৰদামৰ বাকযুদ্ধৰ পিছত কোনোমতে ৭০০ গ্ৰামমান ওজনৰ কুকুৰা এটা কাটিবলৈ চমন জাৰি কৰিলে।

“তই কুকুৰা কটাৰ ওচৰত ৰৈ থাক। মই সাউৎকৰে কণী দুটামান আৰু পাচলি অলপ কিনি আনো।” এইবুলি গাভৰু জীয়েকজনীক মাংস কটা কচাইকেইটাৰ ওচৰত থৈ গ’ল কোনো চিন্তা নকৰাকৈ।

ইফালে গাভৰু দেখি কচাইৰ বন্ধু বৰ্গবোৰ এজন এজনকৈ গোট খাবলৈ ধৰিলে। বাঃ কি কথা সিহঁতৰ। ড’নাল্ড ট্ৰাম্প, অৰ্থনীতি একো বাদ নপৰিল। তাৰ মাজতে দুটামানৰ যিহে ইংৰাজী শব্দৰ পয়োভৰ। ময়ো পকেটৰপৰা মোবাইলটো উলিয়াই চচিয়েল মিদিয়াত মিছা আন্তৰিকতা দেখুওৱাত লাগি গ’লো – এই ধৰক কাৰোবাৰ ক’লা মলা ফটো এখনত ‘ইউ আৰ লুকিং ৰিয়েলি বিউতিফুল”, কাৰোবাক আকৌ ‘মিচ ইউ চ’ চ’ মাচ্ছ’, ‘ইউ আৰ লাইক মাই এল্দাৰ ব্ৰাদাৰ’ (লাগিলে ব্ৰাদাৰ নাথাককেই) ইত্যাদি ধৰণৰ কমেণ্ট, লাইকৰ বৰষুণ ঢালি আছোঁ। দেউতাই কাহ মৰাৰ শব্দ শুনিয়েই মাংস বেপাৰীজনৰপৰা টোপোলাটো লৈ দেউতাৰ লগত গাড়ীখনৰ ফালে গতি ল’লো।

“ধাউচচচচ…….”

এনেকুৱা জোৰত গাড়ীখন ব্ৰেক মাৰি ৰখাইছোঁ যে, নিজকে অলপ সময়ৰ কাৰণে স্পৰ্টছ কাৰ ৰেচাৰ যেন অনুভৱ হ’ল। আচলতে গাড়ীখন ঘূৰাবলৈ লওঁতেই ভৰিটো ব্ৰেকৰ সলনি এক্সেলেটাৰত পৰি গতি বাঢ়ি গৈছিল। তাকে ৰখাবলৈ লওঁতেই অলপ জোৰত ব্ৰেক মাৰিব লগা হ’ল। তাৰপিছৰ দৃশ্যপটটো এনেকুৱা ধৰণৰ – মাংসৰ টোপোলা বাগৰি আহি দেউতাৰ পদধুলা গ্ৰহণ কৰিলে। ইফালে কণীকেইটাইও ইটোৱে সিটোৰ মুখামুখি সংঘৰ্ষত প্ৰাণত্যাগ কৰি গোটেই গাড়ীখন আমোলমোলাই তুলিলে। মোনাৰ বিলাহীকেইটানো কিয় পিচ পৰি থাকিব? সেইকেইটাইও ওলাই আহি ব্ৰেকডালৰ হেঁচা খাই ইহলীলা সম্বৰণ কৰিলে।

“বাঘেখাতী, বাপেৰৰ মূৰটো চলাইছ এইখন। ৰকেট চলাইছোঁ বুলি ভাবিছ হাঁ? এই ভৰ যৌৱনতে বাপেৰক সিপুৰী পোৱাবলৈ মন তোৰ!”

“অ’ দেউতা, কি কৈ আছে এইবোৰ? আৰু মোৰ বাপেৰ দেখোন আপুনিয়েই।”

দেউতাৰ এংগাৰ মুদটো এক্তিভেট হ’ল যি হ’লেই আৰু – “বাপেৰৰ লগত চুপতি কৰিবলৈ আহিছ? চাই আছোঁ তোক মই। আজিৰ পৰা মোৰ গাড়ী হাতেৰে নুচুবি।”

দুখ, শোক, খং, ৰাগ, অভিমানৰ ককটেইল বনাই ঘৰ পালোহি। দৰ্জাখন প্ৰয়োজনতকৈ বেছি জোৰকৈ মাৰি ওলাই যাবলৈ ধৰোতেই বছে মাতিলেই – “অই তোৰ সেইদাল চেও দেখুৱালে কাম নচলিব মোৰ ওচৰত। পিছফালৰপৰা পাইপ আনি গাড়ীখন ধো।”

“হে ভগৱান মাৰি নিয়াহে। কেনেকুৱা শত্ৰুলেখীয়া বাপেক এইজন!”

বিষন্ন মনেৰে দেউতাৰ আদেশ পালন কৰি আছোঁ। তেনেকুৱাতে মা আহিল মোৰ ওচৰলৈ। মায়ে একো ক’বলৈ নাপাওঁতেই মই ক’লো – “চা মা, ঘৰখনত ল’ৰা নাই বুলি যিমান পাৰো ল’ৰাৰ কামবোৰ কৰো। তাৰ উপৰিও তোকো সহায় কৰি দিওঁ। কোন ছোৱালীয়ে এনেকৈ অবৈতনিক ড্ৰাইভাৰৰ কাম কৰিবহে?”

মায়ে চকু কেইটা ডাঙৰকৈ মেলি মোক চাই কিবা এটা ক’বলৈ ধৰোতেই মই আকৌ থাপ মাৰি ক’বলৈ ধৰিলোঁ – “হাতত কেতিয়াবা পইছা আছেনে নাই সুধি পাইছনে? মাহে ৪০০০ টকা ৰাহি কৰি আছো ড্ৰাইভাৰগিৰি কৰি। আজিতো সীমা চেৰাই গৈছেগে আৰু। গাড়ী ধুবলৈও লগাইছে দেউতাই। এনেকৈ নহ’ব আৰু। গালিও খাম কামো কৰিম। কি বুলি ভাবিছে মোক। নাখাওঁ একো বিহু চিহু। কাইলৈকে গুচি যাম মই।”

“আৎসা, তেনেকুৱা কথা। হ’ব দে যাগৈ তেন্তে। দেউতাৰে আকৌ কাইলৈ তোক লৈ গোটেইকেইটাৰ কাৰণে বিহুৰ বজাৰ কৰিবলৈ যোৱাৰ কথা কৈছিল। তোৰ কাৰণে নতুন মোবাইল এটা কিনিম বুলিও কৈছিল। তই যদি নাথাক, তেন্তে যোৱাতো কেনচেল কৰি দিওঁ।”

“হেই হেই! কি কেনচেল কৰগৈ? ৰ ৰ, মই যোৱটোকে কেনচেল কৰি দিওঁ দে। মই খঙৰ ভমকতে যা তা কওঁ অ’। দেউতাক আৰু খং কৰি থাকিম নেকি? ধেমালীহে কৰিছোঁ। দেউতাই খং নকৰিলে কোনেনো কৰিব? বুজিছ মা, দেউতা আখিৰ দেউতা হৌতা হে। মই যাম বুলি ক’বি দেই।”

মায়েও হাঁহি মাৰি দেউতাক চিঞৰি কোৱা শুনা পালোঁ – “হেৰি শুনিছেনে, আমাৰ অবৈতনিক ড্রাইভাৰ কাইলৈ যাবলৈ বোলে ৰেদী আছে।”

☆★☆★☆

8 Comments

  • ঐ অবৈতনিক ড্ৰাইভাৰ কেতিয়াবা আমাকো লৈ যাবা হে।মজ্জা লাগিল পঢ়ি।

    Reply
  • Binoy Das

    মজ্জা লাগিল৷
    আৰু লিখিবা৷

    Reply
  • Binoy Das

    মজ্জা লাগিল৷
    আৰু লিখিবা৷

    Reply
  • Anjan Sadhanidar

    এইটো পঢ়ি ভাল লাগি গল দেই৷ মজা হৈছে

    Reply
  • সৌৰভ শৰ্মা

    ঝাকাছ বুলি কলো। সুন্দৰ লিখনি। ভাল হাহিলোঁ।😜😜😜

    Reply
  • বঢ়িয়া দেই

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ ৷ ভাল লাগিল

    Reply
  • Nirmali

    সকলোকে অশেষ ধন্যবাদ…

    Reply

Leave a Reply

Your email address will not be published.