ফটাঢোল

অভাৰ স্মাৰ্ট পুতুকন – দীপাংকৰ চৌধুৰী

বন্ধৰ দিনত পুতুকনৰ বেলেগ কাম একো নাথাকে। অন্য বাৰত যদি সি ৰাতিপুৱা ৮টালৈ শুই থাকে, বন্ধৰ দিনত পাৰিলে গোটেই দিনটোৱেই শুই থাকিব বিচাৰে।

কিন্তু মাকৰ সেই সদায় বাজি থকা গালিৰ কেছেটটো যেতিয়া অসমীয়া নিউজ চেনেলৰ নিউজ ৰিডাৰজনৰ দৰে উশাহ নোলোৱাকৈ অনৰ্গল বাজিবলৈ আৰম্ভ কৰে শেষত অনিচ্ছাস্বত্বেও গালিকেইটাৰ উৎপাতত সি ১০বজাত উঠিবলৈ বাধ্য হয়।

দেৱালীৰ দিনাৰ কথা, বেচেৰা দেউতাকেও হ’ল বুলিনো কিমান কৰি থাকিব৷ বয়সো হৈ আহিছে,তথাপি এলেহুৱা স্বভাৱৰ পুতেকলৈ ৰৈ নাথাকি টানিটুনি কামবোৰ কৰি গৈ থাকে৷

ইফালে ৰাতিপুৱা ভতিজাকটোৱেও ফুলজাৰি,জলকীয়া বম আদি বিচাৰি বিচনাতে খুৰাকক দিমাণ্ড দি থৈ গৈছে। গতিকে বেটা পুতুকণৰ নিস্তাৰ নাই আজি,যাব‌ই লাগিব চাৰিআলি।

খদৌ মদৌ কৈ উঠি নিত্য নৈমিত্তিক কৰ্মখিনি কৰি গল গৈ সি ওলাই। বজাৰ সমাৰ কৰি,আড্ডা দি আহে মানে সাঁজ লাগিবৰেই হৈছিল।বাটে বাটে আহোঁতে সি দেখি আহিছিল মানুহবোৰৰ দেৱালীৰ প্ৰস্তুতি।ঘৰৰ সন্মুখতে ওখ ওখ কলগছবোৰত চাকিবোৰ দিবলৈ সুন্দৰকৈ সজাই আছে।

ঘৰৰ সন্মুখ পায়েই তাৰ চোন মনটো কিবা আন্ধাৰ আন্ধাৰ লাগি গ’ল।চিধাই বজাৰখিনি মাকৰ হাতত দি ক’লে-
:দেউতাই আৰু কলগছ নাপালে ন!এই লেৰেলি যোৱা কলগছ দালহে পালে!
কথা শুনি মাকে ফেপেৰি পাতি ধৰিলে-:বেটা,বাপেৰৰ জহত এইখিনি পাই আছ,নহলে চাকি দিবলৈকে নাপালোঁ হয়।পৰম্পৰাটো জীয়াই যে ৰাখিছে! ৰাইজৰ দেখা নাই কি সুন্দৰকৈ সজাইছে পদুলি।

মাকৰ কথা শুনি পুতুকনৰ মাথাটোত টিঙিচকৈ মাৰিলে ।মনে মনে ভাবিলে সি, আজি হয় ৰঙামাটি, নহয় গুৱাহাটী।দেখুৱাই দিব মাকক সি।এইবুলি বতাহৰ বেগত ভিতৰলৈ গৈ মেছি দাখন লৈ বাৰীত সোমাই গ’ল। আন্ধাৰে মুন্ধাৰে অলপ ভয়ো লাগিছিল যদিও মনটো ডাঠ কৰি ভাল ওখ কলগছ এডাল চাই একে ঘাপত বগৰাই কেকোঁ জেকোঁকৈ দাঙি আনি বাটত পুতি দিলে৷

কলগছজোপা দেখি বাপেকে মুৰে কপালে হাত দি বোলে,
হেৰৌ জহনি তই এই ঠোক লাগি থকা অমৃত সাগৰ কলৰ পুলিটোহে পালিগৈ। পুতুকনৰ মাক ঐ ইয়াক কি খাই জন্ম দিছিলি?

অগ্নিশৰ্মা বাপেকৰ ৰূপ দেখি পুতুকনে কলগছজোপা আকৌ কান্ধত তুলি ললে,
:ৰ’ ৰ’ মাক নামাতিবি, সোতাৰে কোবাব মোক৷ মই এতিয়াই গৈ গাঁত খান্দি আকৌ ৰুই দিওগৈ৷

☆★☆★☆

2 Comments

  • হেমন্ত কাকতি

    হাঃ হাঃ মজা! মোৰ কিয় জানো লাগিছে এইটো দীপাংকৰেই নিজৰেই কেচ কলে বুলি৷

    Reply
  • চেমিন

    এটা শব্দত কলো- তামাম

    Reply

Leave a Reply

Your email address will not be published.