ফটাঢোল

অভিনেতা জয়ন্ত দাসৰ সৈতে এটি সন্ধিয়া

অসমৰ অভিনয় জগতৰ এক চিনাকী আৰু জনপ্ৰিয় নাম, কৰ্মই যাৰ পৰিচয় তেঁৱেই হৈছে অভিনেতা জয়ন্ত দাস৷ অভিনয় জগতত তেওঁৰ কৰ্মৰাজিয়ে তেওঁৰ ব্যক্তিত্বৰ সুন্দৰ ব্যাখ্যা দাঙি ধৰিছে৷ কৰ্মনিষ্ঠা আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখি জীৱনৰ বাটত অগ্ৰসৰ হোৱা জয়ন্ত দাস কেৱল এজন অভিনেতাই নহয়, তেওঁ এজন ৰঙিয়াল আৰু অমায়িক ব্যক্তি৷ “মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা এইজনা ব্যক্তিয়ে তেওঁৰ অভিনয়ৰ যাত্ৰা পূৰ্ণ ৰূপত আৰম্ভ কৰে কলেজীয়া জীৱনতহে। তেওঁৰ কৰ্মজীৱনৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা এটা সাক্ষাৎকাৰ লোৱা হৈছিল। ব্যস্ততাৰ মাজতো আমাক কিছু মূল্যবান সময় দিয়াৰ বাবে তেওঁক কৃতজ্ঞতা জনালো। ফটাঢোল আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য আৰু সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই।

ফটাঢোল- প্ৰথমতে আমি আপোনাৰ অভিনয়ৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচাৰিম৷ আপোনাৰ অভিনয়ৰ আৰম্ভণি কেনেকৈ হ’ল বা অভিনয়ৰ স্পৃহা আপোনাৰ মনলৈ কেনেকৈ আহিল?

জয়ন্ত দাস- আচলতে মই প্ৰথমতে ক্ৰিকেট খেলৰ লগত জড়িত আছিলোঁ৷ দেউতাহঁতৰ ফালটো আছিল খেলৰ লগত জড়িত আৰু মাহঁতৰ ফালটো আছিল অভিনয়ৰ লগত জড়িত৷ কলেজীয়া দিনত কটনত মোৰ এডমিচন ক্ৰিকেট খেলুৱৈ হিচাপেই হৈছিল৷ তাৰ পিছত বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি উজ্বল ভূঞাই প্ৰথমে মোক নাটকৰ জগতখনলৈ লৈ আনে৷ হয়তো মাহঁতৰ বংশৰ তেজে মোক তেতিয়া টানিলে৷ সেই যি যাত্ৰা আৰম্ভ হ’ল, সেয়া এতিয়ালৈ চলি আছে৷

ফটাঢোল- খেলৰ জগত বা একেবাৰে শুদ্ধকৈ ক’বলৈ গ’লে ক্ৰিকেটৰ জগতৰ পৰা অভিনয়ৰ জগতলৈ এই যাত্ৰাটোৰ বিষয়ে আমাক ক’ব নেকি?

জয়ন্ত দাস- হয়। আমাৰ দিনৰ ক্ৰিকেট আজিৰ দৰে প্ৰফেচনেল নাছিল৷ আমি ফূৰ্তিৰ বাবে খেলিছিলো৷ মই ষ্টেট্, ইউনিভাৰ্চিটী, জ’নেল আদিত খেলিছো৷ কিন্তু সেয়া প্ৰফেছন নাছিল, সেয়া আছিল নিচা৷ খেলি ভাল লাগিছে, খেলি গৈ আছো৷ কিন্তু যেতিয়া নাটকৰ জগতত নামিলো, তেতিয়া অনুভৱ হ’ল যে এইটোহে আচল টেষ্ট৷ মই ভাবো যে মোক যদি সেই সময়ত কি কৰিম বুলি সুধিলেহেঁতেন, তেন্তে মই হয়তো উত্তৰ দিব নোৱাৰিলোহেঁতেন৷ কিন্তু নাটক কৰাৰ পিছত বুজিলো, আচলতে এইটোহে মোৰ জীৱনৰ লক্ষ্য৷

ফটাঢোল- আপুনি এই নাটকৰ পৃথিৱীত কেতিয়াৰ পৰা খোজ দিছে?

জয়ন্ত দাস- আশীৰ দশকৰ পৰা আৰম্ভ কৰিছো৷ সৰুতে বাল্যভৱন আদিত কিবাকিবি কৰিছিলো, সেয়া বৰ বিশেষ উল্লেখযোগ্য নহয়৷ কিন্তু তাৰ পিছত কটনত পঢ়া দিনত যেতিয়া নাটক কৰিবলৈ আৰম্ভ কৰিলো তেতিয়াৰপৰা মোৰ কামবোৰ ভালকৈ আৰম্ভ হ’ল৷ আৰু নাটক বা চিনেমা কৰোতে মই এটা ভাল সুযোগ পালো যে মই গোটেই সময়খিনিত এই ক্ষেত্ৰবোৰৰ লগত জড়িত গুণী জ্ঞানী ব্যক্তিসকলৰ লগত কাম কৰাৰ আৰু কাম শিকাৰ সুযোগ পালো৷ মই এতিয়াও শিকিয়েই আছো৷ কিন্তু সেই আৰম্ভণিৰ “অ আ ক খ” খিনি মই বৰ ভাল মানুহৰ পৰা শিকাৰ সুযোগ পালো৷ হয়তো সেইবাবেই মই দুটা কথা শিকিলো আৰু মঞ্চত থিয় হোৱাৰ সাহসখিনি গোটাব পাৰিলো৷

ফটাঢোল- কেনেধৰণৰ চৰিত্ৰ আপোনাৰ প্ৰিয়?

জয়ন্ত দাস- মই অভিনয় জগতত কাম আৰম্ভ কৰিছিলো খলনায়ক ৰূপে৷ মাজতে দুই এবাৰ ভাল মানুহৰ চৰিত্ৰটো অভিনয় কৰিলো৷ তাৰ পিছত ১৯৯২ চনত আহিল “পাপু নিকু সংবাদ”৷ তাতে মই কৌতুক অভিনেতাৰূপে কাম কৰিলো৷ তাৰ পিছত লাহে লাহে এনেকুৱা চৰিত্ৰবোৰ বেছি পাবলৈ ধৰিলো৷ কিন্তু আচলতে এনেকুৱা কোনো কথা নাই৷ মই যিকোনো চৰিত্ৰই উপভোগ কৰো৷ মই নিজে যদি চৰিত্ৰটোত অভিনয় কৰি আনন্দ নাপাওঁ, তেনেহ’লে মই নকৰো৷ স্ক্ৰিপ্টখন পঢ়ি যাওঁতে মই আনন্দ অনুভৱ কৰিব লাগিব৷

ফটাঢোল- পাপু নিকু সংবাদখন যথেষ্ট জনপ্ৰিয় হৈছিল৷ সেই ধাৰাবাহিকৰ চৰিত্ৰটো আপোনাৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট আছিল নেকি?

জয়ন্ত দাস- হয়৷ তাৰ আগলৈ মই খলনায়কৰ চৰিত্ৰতেই বেছিকৈ অভিনয় কৰিছো৷ এইখনৰ পিছত লাহেকৈ মোৰ অভিনয় জীৱনত টাৰ্ণ এটা লৈছে৷ লাহেকৈ কমেডীৰ ৰসটোত মই সোমালো৷

ফটাঢোল- অন্য চৰিত্ৰ আৰু এটা কৌতুক অভিনেতাৰ চৰিত্ৰৰ মাজত আপুনি কি পাৰ্থক্য অনুভৱ কৰে?

জয়ন্ত দাস- পাৰ্থক্য বুলিবলৈ একো নাই৷ যি চৰিত্ৰই হওক, আমি শ্ৰদ্ধা আৰু নিষ্ঠাৰে কৰিবই লাগিব আৰু চৰিত্ৰটোক ন্যায় দিবই লাগিব৷

ফটাঢোল- আপুনি নিজে অভিনয় কৰা প্ৰিয় চৰিত্ৰ কোনটো?

জয়ন্ত দাস- আচলতে প্ৰতিটো চৰিত্ৰ মোৰ বাবে সমানেই প্ৰিয়৷ মই অভিনয় কৰা চৰিত্ৰবোৰৰ লেখক পৰিচালক আদি সকলো ইমানেই ভাল আছিল যে মই এই চৰিত্ৰবোৰ সমানেই উপভোগ কৰি আহিছো৷

ফটাঢোল- আপুনি কৰা চৰিত্ৰবোৰৰ নামেৰে আপোনাক কোনো ঠাইত মতাৰ অভিজ্ঞতা হৈছেনে?

জয়ন্ত দাস- এইটো প্ৰায়েই হয়৷ পাপু নিকু সংবাদৰ সময়ত মোক পাপুদা, পাপু ভিনদেউ, ৰামধেনুৰ সময়ত সেইটো নামেৰে, এতিয়া হেমন্ত কাকতি বা সেইটো ভাড়াঘৰ… এইবোৰ চলি থাকে৷ এতিয়া কৰবাত মোক জয়ন্ত দাস বুলি মাতিলেহে সন্দেহ ওপজে বোলে এয়া মোকেই মাতিলেনে৷

ফটাঢোল- অভিনয়ৰ সময়ত যেতিয়া চৰিত্ৰ এটাত সোমাই যোৱা যায়, তেতিয়া ইয়াৰ প্ৰভাৱ পিছৰ সময়খিনিত বা ঘৰতো থাকি যায় নেকি?

জয়ন্ত দাস- নাই নাই৷ মোৰ কাম কৰাৰ ধৰণ বেলেগ৷ মই আঠ বজাৰ পিছত কাম নকৰো৷ মেক আপ কৰাৰ লগে লগে মই বেলেগ কামত মন নিদিওঁ, কেৱল অভিনয়তেই মন দিম৷ মেক আপ গুচোৱাৰ লগে লগে মই অভিনয়ৰ কথা পাহৰিলো, তেতিয়া মই এজন ঘৰুৱা মানুহ৷ এজন দেউতাক, এজন স্বামী, এজন বৰদেউতাক ইত্যাদি।

ফটাঢোল- আপোনাৰ জীৱনৰ আটাইতকৈ ভাল লগা মুহূৰ্ত?

জয়ন্ত দাস- বহুত আছে৷ ভাল লগা মুহূৰ্ত দেধাৰ আছে৷ আমাৰ দিনত চিনেমা, নাটক আদি আমি এনজয় কৰি কৰিছিলো, গতিকে প্ৰতিটো মুহূৰ্ত আমাৰ বাবে ৰঙীণ আছিল৷ পৰিচালক, অভিনেতা আদি সকলো ৰসাল৷ এক আত্মীয়তাবোধ আছিল৷ ইজনে সিজনক শিকায়৷ আমাক বিজুদা, নিপনদাহঁতে শিকাইছিল – এইটো এনেকৈ কৰা, তেনেকৈ কৰা৷ আমিও কথাবোৰ মনোযোগেৰে শুনিছিলো৷ হয়তো তেখেতসকলৰ কথা শুনিছিলো বাবেই আজিৰ তাৰিখতো অভিনয় কৰি থাকিব পাৰিছো৷ তেতিয়া যদি নুশুনিলোহেঁতেন, তেন্তে মই আজি গোল্লা হৈ গ’লোহেঁতেন৷ লাড্ডু হৈ গ’লোহেঁতেন, বেলুন হৈ ফুটি থাকিলোহেঁতেন৷

ফটাঢোল- আজিকালি প্ৰায় সকলো জনপ্ৰিয় অভিনেতাক থিয়েটাৰত দেখা যায়৷ এইক্ষেত্ৰত আপুনি ব্যতিক্ৰম৷ কাৰণটো জানিব পাৰোনে?

জয়ন্ত দাস- আচলতে যি সময়ত মই পাৰিলোহেঁতেন বা মোৰ বয়স আছিল তেতিয়া মোক নিবিচাৰিলে৷ এতিয়া বিচাৰিছে, কিন্তু মোৰ এতিয়া যোৱাৰ আৰু মানসিকতা নাই৷


(অভিনেতা জয়ন্ত দাসৰ সৈতে সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য)

ফটাঢোল- দুটামান ঘৰুৱা কথা সোধো৷ ঘৰত আপুনি কেতিয়াবা অভিনয় কৰিবলগীয়া হয়নে?

জয়ন্ত দাস- হয়, মাজে মাজে ঘৰত অভিনয় কৰিবলগীয়া হয়৷ সেইটো নিয়মেই৷ দুই এটা মিছা ক’বলগীয়া থাকেই৷ একো ক্ষতি নোহোৱা মিছা৷

ফটাঢোল- ভাড়াঘৰ ধাৰাবাহিকখনত দেখুওৱাৰ দৰে ঘৰতো কেতিয়াৱা তেনে অভিজ্ঞতা হয় নেকি?

জয়ন্ত দাস- নাই নাই৷ ধাৰাবাহিকখনত দেখা মানুহজন মই নহয়েই৷ সেইটো এটা চৰিত্ৰ, মই মানুহটো বেলেগ৷ ঘৰত আমি তিনিজনেই মানুহ৷ মই, পত্নী আৰু ছোৱালীজনী৷ আমি মিলি জুলি কামবোৰ কৰো৷ কেতিয়াবা মই ভাত ৰান্ধিলো, বাচন ধুলো, কাপোৰকেইটা ধুই দিলো৷ এনেকৈ চলি যায় আমাৰ৷

ফটাঢোল- বৌৰ লগত কেতিয়াবা কাজিয়া লাগিছিলনে?

জয়ন্ত দাস- এতিয়াও লাগে৷ কিন্তু সেইবোৰ খন্তেকীয়া কাজিয়া৷ দুই মিনিটত আকৌ পাহৰি যাওঁ৷

ফটাঢোল – কিছুমান মানুহৰ এটা অভ্যাস আছে৷ চাহত বিস্কুট ডুবাই খোৱা৷ আপোনাৰো সেই অভ্যাসটো আছেনে?

জয়ন্ত দাস- আছে আছে৷ মই তেনেকৈ খাই বৈদ্য ভাল পাওঁ৷ কেতিয়াবা বিস্কুট পৰি ভাঙি যায়, তথাপি চেষ্টা কৰো আঙুলিৰে উলিয়াই আনি খাব পৰা যায় নেকি৷ আল্টিমেটলী নোলায়গৈ৷ থেপথেপীয়া হৈ যায়৷ সেইখিনি চাহ খায়ো আকৌ ভাল লাগে৷ মই আকৌ চাহত ভুজিয়া দি খাই ভাল পাওঁ৷ আৰু আমাৰ উজানবজাৰত সৰু কচুৰী পোৱা যায়৷ সেই কচুৰী চাহত দি চামোচখনেৰে তাক পুৰা তিয়াই খাবলৈ যিটো সোৱাদ নহয় কি কম আৰু! এইফালে নীলকণ্ঠৰ চাহ আৰু আমাৰ ৰামস্বৰূপৰ কচুৰী! একদম ফাৰ্ষ্ট-ক্লাছ!

ফটাঢোল- আপোনাৰ প্ৰিয় ৰেষ্টোঁৰা কোনখন?

জয়ন্ত দাস- সাধাৰণতে সপ্তাহত এদিন আমাৰ ৰেষ্টোঁৰাত খোৱা হয়৷ বহু ৰেষ্টোঁৰাত খাইছো৷ কালিও এখনত খালো, নামবোৰ মনত নাথাকে৷ কিন্তু এতিয়া মই ফুড ভিলাত খাবলৈ ভাল পাওঁ৷ বাকীবোৰো ভাল, কিন্তু এতিয়া নতুনকৈ ফুড ভিলাখন ভাল লগা হৈছে৷

ফটাঢোল- পানবজাৰত অসমৰ আটাইতকৈ পুৰণা ৰেষ্টোঁৰা আছে৷ আপুনি তালৈ গৈছে নে?

জয়ন্ত দাস- পানবজাৰৰ গোটেইকেইখন৷ কল্পনা, মহামায়া, গুৱাহাটী বেকাৰী… এইবোৰ সকলোতে খাইছো৷ এতিয়াও মই মাজে মাজে কি কৰো, হয়তো এয়া মোৰ পৰিয়ালে উপভোগ কৰিব নোৱাৰিব৷ এই মহামায়াত গৈ মই কেতিয়াবা শুকান ৰুটী খাই আহো৷ আকৌ উলুবাৰীত আছে আকাশীগঙ্গা৷ আমাৰ নন্দুদাহঁতৰ দোকান৷ তাতে এটা পোলাও পায়, মাজত এটুকুৰা মাংস৷ সেয়া মই মাজে মাজে খাওঁ৷ আকৌ অলপ আগুৱাই চিঙৰা, জিলাপী ভাল পোৱা যায়৷ তাতো খাওঁ৷ য’তেই খায় ভাল লাগে তাতেই খাওঁ৷ ভাল নালাগিলে মই ৰিপিট নকৰো৷

ফটাঢোল- আমাৰ আলোচনীখন মূলতে হাস্য ব্যঙ্গৰ আলোচনী৷ আপুনি ভাবে নেকি আজিৰ মানুহে এয়া নপঢ়ে বা পঢ়া বাদ দিছে?

জয়ন্ত দাস- নাই নাই৷ পাঠকৰ সংখ্যা কমা নাই৷ কমিব নোৱাৰে৷ হাস্য-ব্যঙ্গ এটা এনে বস্তু, যিয়ে সমাজ সলনি কৰি দিয়াৰ ক্ষমতা ৰাখে৷ আৰু যাক লৈ ব্যঙ্গ কৰা হয়, তেওঁ যদি সেয়া হজম কৰি দিব পাৰে, তেন্তে সেয়াটো আৰু সাংঘাতিক৷ শুনা কথা, এবাৰ ‘টাইমচ অব ইণ্ডিয়া’ৰ কাৰ্টুনিষ্ট লক্ষ্মণক তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে সুধিছিল, “আপুনি মোক কিবা কথাত বেয়া পালে নেকি”? কাৰণ সোধাত নেহৰুৱে ক’লে যে ‘আপুনি ইমান দিন মোৰ কাৰ্টুন অঁকাই নাই?’ গতিকে কথাবোৰ এনে৷ নিজকে হঁহুৱাব পাৰিলেহে বেলেগক হঁহুৱাব পাৰি৷

ফটাঢোল- আজিৰ এই যান্ত্ৰিকতাৰ যুগত ব্যঙ্গৰ প্ৰয়োজনীয়তা কিমান বুলি ভাবে?

জয়ন্ত দাস- এশ শতাংশ, এশৰ লগত আৰু দহ লগাই দিব পাৰি৷ এতিয়া আমাৰ এটা ৰূঢ় জীৱন, কঠুৱা জীৱন৷ ইয়াৰ মাজত হাঁহিবোৰ হেৰাই গৈছে৷ মানুহবোৰ স্বাৰ্থপৰ হৈ গৈছে৷ সকলোকে কেৱল লাগে টকা৷ নথকাই নাই বুলি কান্দিছে৷ থকাজনক আৰু লাগে৷ তাৰ মাজত যিজনৰ ৰসবোধ আছে যিয়ে সত্যটো বুজি পায় যে ইমানগাল টকাৰে মই কি কৰিম, যাওঁতেতো মই কাপোৰ এখনো লৈ যাব নোৱাৰিম, সেইচামৰ বাবে হাস্য-ব্যঙ্গটো অতি প্ৰয়োজনীয়৷ কাৰণ তেওঁলোকেও জীয়াই থাকিব লাগিব৷ সমাজখন বেলেঞ্চ হৈ থাকিব লাগিব৷ অকল বেয়া মানুহ থাকিলেই নহ’ব নহয়৷ মই কি কৰো, শুক্লেশ্বৰত যিবোৰ দুখীয়া, মাগনীয়া মানুহ থাকে তেওঁলোককে কাপোৰ এটা দুটা দিলো৷ মানুহক জীয়াই ৰাখিবলৈ হাস্য-ব্যঙ্গৰ প্ৰয়োজন৷

ফটাঢোল- আজিৰ যুগত অভিনয়ক যিসকলে পেছা হিচাপে ল’ব বিচাৰে তেওঁলোকৰ বিষয়ে কি ক’ব?

জয়ন্ত দাস- তেওঁলোকক এটাই কথা কম৷ নিজৰ কামখিনি নিষ্ঠাৰে, ধৈৰ্য্যৰে কৰিব লাগিব৷ নিজৰ ওপৰত হাঁহিব পাৰিব লাগিব৷ আৰু আজিয়েই সকলো নহয়, ধৈৰ্য্য ধৰিবলৈ জানিব লাগিব৷ গ্লেমাৰ ফালিব নালাগে, গ্লেমাৰ মাতিব নালাগে, গ্লেমাৰ নিজেই আহিব৷ মই দামী গাড়ী এখন লৈ “পাইতাৰা” মাৰিলে গ্লেমাৰ নাহে৷

ফটাঢোল- জয়ন্ত দাসে মানুহে তেখেতক কি হিচাপে মনত ৰখাটো বিচাৰে?

জয়ন্ত দাস- একো হিচাপে মনত ৰখাটো নিবিচাৰো৷ মই ভাবো কোনেও মোক মনত নাৰাখক, সেইটোৱেই মই বিচাৰিম৷ সেইবাবেই মই মোৰ শেষ ইচ্ছাৰ টোকা এটা সাজু কৰি থৈছো৷ মই মৰিম, ডাইৰেক্ট কাট টু শ্মশান৷ এই ট্ৰাকত উঠাই ঘূৰোৱা, নাটক কৰা, ক্লাবলৈ নিয়া, এইবোৰ নহয়৷ মই নিজে জানো মই কি বা কিমানৰ মানুহ৷ মই মনত ৰাখিবলগীয়া প্ৰাণী নহয়৷

ফটাঢোল- যেতিয়া আপুনি শিশুবোৰক লৈ অভিনয়ৰ কৰ্মশালা কৰে, তেতিয়া আপুনি গুৰু হিচাপে প্ৰথম শিক্ষা কি দিয়ে?

জয়ন্ত দাস- প্ৰথম শিক্ষা শ্ৰদ্ধাটো৷ আৰু এইটো লাইনত তুমি কিয় আহিছা, তোমাক তেজে আনিছে নে তুমি বেলেগ কাৰণত আহিছা৷ আহি তুমি কি বিচাৰিছা? তোমাৰ উদ্দেশ্যটো কি? তুমি এজন ভাল অভিনেতা বা অভিনেত্ৰী হ’ব বিচাৰিছা৷ মই কওঁ যে তোমালোক সকলোৰে পৰা ভাল অভিনেতা জন্ম নহবও পাৰে কিন্তু ভাল দৰ্শক এজন হ’ব পাৰে৷ আমাকতো ভাল দৰ্শকো লাগে৷ যিসকল গুণী জ্ঞানী ব্যক্তিয়ে তেওঁলোকক শিক্ষা দিয়ে সেইসকলৰ সকলোৱেই অভিনেতা নহয়৷ আমাক ভাল দৰ্শক লাগে৷

ফটাঢোল- ভাবিষ্যতে আপোনাৰ চিনেমা প্ৰযোজনা বা পৰিচালনা কৰাৰ কিবা পৰিকল্পনা আছেনে?

জয়ন্ত দাস- আছে৷ ভাড়াঘৰখন শেষ হ’লে মোৰ দুটামান পৰিকল্পনা আছে৷ প্ৰথমতে মই একেবাৰে চিলেক্টেড্ বা জনা শুনা মানুহখিনি বাদ দি বেলেগৰ লগত অভিনয় কৰা বাদ দিম৷ দ্বিতীয়তে মই অলপ লিখা মেলাত মন দিম৷ আৰু মই পৰিচালনাত নামিম বুলি ভাবি থৈছো৷ মই ভাবো যে ভাড়াঘৰৰ পিছত মোৰ কৰিবলগীয়া বিশেষ একো নাই৷ যি কৰিবলগীয়া আছিল কৰিলোঁ, যথেষ্ট হৈছে আৰু৷

ফটাঢোল- কৌতুক অভিনয়ৰ কথা আহিলেই আজি অসমত আপোনাৰ নামটো প্ৰথমতে আহে৷ এই বিষয়ে আপুনি কি ক’ব?

জয়ন্ত দাস- মোৰ নামটো প্ৰথমতে আহে মানে মানুহে চাগে মোক ভাল পায় বাবে মোৰ নাম কয়৷ কিন্তু মোৰ দৃষ্টিত অসমত দুজনেই পাৰফেক্ট কৌতুক শিল্পীৰ জন্ম হৈছে৷ এজন মোৱাজিন আলি আৰু আনজন হিৰণ্য ডেকা৷ মই ভাবো তেওঁলোকৰ ওপৰত আৰু কোনো নাই৷ তেওঁলোকৰ তুলনাত মই একোৱেই নহয়৷ এই দুজনৰ পৰা বহুত শিকিবলগীয়া আছে৷ এজন প্ৰয়াত, আনজন হিৰণ্য ডেকা অতি ভদ্ৰলোক, তেওঁৰ ওচৰলৈ গ’লে বহুত কৌতুক অভিনয়ৰ কথা শিকিব পাৰিব৷ তেওঁ আজিৰ দিনত অদ্বিতীয়, লিজেণ্ড৷ মই মাজে মাজে নিজৰ বিশ্লেষণ কৰো৷ এই ৩৮ বছৰে মই কি কৰিলো কি নকৰিলো৷ মই আচলতে কলপটুৱা, বাকী মোৰ লগত কাম কৰা বাকীসকল তুলসী৷ তুলসীৰ লগত কলপটুৱাৰ মুক্তি৷ তেওঁলোকে ভাল কৰিবই, মই কেৱল তাল মিলাই গ’লেই হ’ল৷ তাল মিলাই গ’লো বাবেই ইমানদিন চলি গ’লো৷

ফটাঢোল- বৰ্তমান অসমীয়া চিনেমা নচলাৰ যে এটা প্ৰবৃত্তি, আপুনি ইয়াৰ কাৰণ কি বুলি ভাবে? ভাল চিনেমা ওলোৱা নাই নে দৰ্শকে নাচায়?

জয়ন্ত দাস- নহয় নহয়, কথাটো তেনেকুৱা নহয়৷ প্ৰথম কথাটো হ’ল চৰকাৰৰ সদিচ্ছাৰ অভাৱ৷ দ্বিতীয়তে এই যে মিনি চিনেমা হল, টেক্স, ডিষ্ট্ৰিবিউটৰৰ শোষণ এই ফেক্টৰবোৰ চৰকাৰে ভালকৈ অধ্যয়ন কৰি ইয়াৰ চৰকাৰীকৰণ কৰি পেলাব লাগে৷ অসমীয়া চিনেমা চলাৰ মেইন পকেট উদেষ্ণা হলটো বন্ধ কৰি দিয়া হ’ল, আজিলৈকে কোনেও প্ৰশ্ন নকৰিলে কিয় বন্ধ কৰা হ’ল৷ কোৱা হয় চিনেমা নচলিল, হলটোৰ ৰিপৰ্ট দেখুৱাওক, তাতেই ওলায় যাব চিনেমা চলিছিলনে নাই৷ গতিকে এই কাৰবাৰবোৰৰ চৰকাৰীকৰণ হ’ব লাগে৷ এখন আইন হ’ব লাগে৷ ডিষ্ট্ৰিবিউটৰে নিজৰ ইচ্ছামতে চিনেমা এখন চিনেমা গুচাব নোৱাৰিব৷ চলমান, শ্বাহৰুখৰ চিনেমা আহিল বুলিয়েই অসমীয়া চিনেমা এখন গুচাব নোৱাৰিব৷ কঠোৰ আইন এখন হ’ব লাগে৷ অসমীয়া চিনেমাত দৰ্শক নাই বুলি কলেই নহ’ব৷ চিৰিয়েলবোৰটো চলি আছে৷ ৰামধেনু চিনেমাখন মানুহে চাইছে৷ আৰু মোৰ এটা ব্যক্তিগত ধাৰণা, বহুতকে দেখিছো চিনেমা এখন কৰি পুৰস্কাৰ লাগে৷ চিনেমাবোৰৰ মাথা মুণ্ড, আগ গুৰি একো নাই৷ বাহিৰৰ পৰা অভিনেতা দুজনমান আনে৷ চিনেমাখনে গৈ বাংলাদেশ বা নেপালত প্ৰাইজ পাব৷ ইয়াতে দৰ্শকে তেনে আগ গুৰি নোহোৱা চিনেমা নাচালে কুকুৰ বুলি গালি পাৰিব, চিনেমা চাব নাজানে বুলি গালি পাৰিব৷ কিন্তু আপুনি সেই পৰিচালকজনক সোধকচোন আপুনি পৰিচালক হোৱাৰ আগতে কেইখন চিনেমাত সহ-পৰিচালকৰূপে কাম কৰিছে৷ উত্তৰ জিৰ’৷ এইবোৰ কেমেৰামেনে বনাই দিয়া পৰিচালক৷ এইসকলেও ডুবাইছে৷ দৰ্শকক মই দোষ নিদিওঁ৷ অসমীয়া দৰ্শকৰ দৰে ৰুচিবোধ থকা দৰ্শক বিৰল৷ দৰ্শকক দোষ দিয়াতকৈ নিজকে বিশ্লেষণ কৰা, তুমি নিজে কিমান জানা৷ এটা মাথা মুণ্ড বুজি নোপোৱা বিষয় লৈ চিনেমা কৰিলে মুখথেকেচা খাবই৷ আজলী নবৌৰ দৰে চিনেমা কৰা৷ এতিয়া মুন্নাভাইৰ কথাকেই কওঁ৷ তাতে গান্ধীজীমটোক ইমান ধুনীয়াকৈ মনোৰঞ্জনৰ মাজেৰে দিলেনে নাই? সেইটো কিয় কৰিব নোৱাৰি? আন্ধাৰ শ্বট কিছুমান লৈ কিয় বুজাব লাগে যে পৃথিৱীখন আন্ধাৰ৷ হাস্যৰসেৰেওটো বুজাব পাৰি৷ মিনি চিনেমা হল লাগে, বন্ধ হোৱা হলবোৰ খুলিব লাগে৷ আমি কবহে পাৰো, আইনখন চৰকাৰে কৰিব লাগিব৷ সদিচ্ছা চৰকাৰৰ লাগিব৷ আগতে মানুহে বাছ লৈ চিনেমা চাবলৈ আহিছিল, মানি লৈছো আজি সেই পৰিবেশ নাই৷ কিন্তু উবেৰ লৈ চাবলৈ অহা দৰ্শক আছে৷ সেইখিনি দৰ্শকক ধৰি ৰাখিবলৈ যিখিনি প্ৰাথমিক কাম, সেইখিনি কৰিব লাগিব৷ যিয়ে কেৱল দৰ্শকক দোষ দিয়ে সি মূৰ্খ, তাতকৈ গাধা পৃথিৱীত নাই৷

ফটাঢোল- আপোনাৰ প্ৰিয় অসমীয়া চিনেমা কি?

জয়ন্ত দাস- সেইবোৰ আমাৰ দিনৰ চিনেমা৷ ককাদেউতা হাতী আৰু নাতি, আজলী নবৌ, ঘৰ সংসাৰ… এই আগৰ চিনেমাবোৰ৷ সেইবোৰ চিনেমা বেলেগ আছিল৷ সেইবোৰ চিনেমা, আজিকালিৰবোৰ ডকুমেণ্টৰী৷ ডকুমেণ্টৰীৰ দৰে শ্বুটিং কৰি চিনেমা বুলি ৰিলিজ দিয়ে৷

ফটাঢোল- আপুনি অভিনয় জগতখনৰ উন্নতিৰ বাবে শেষ কথা কি ক’ব বিচাৰিব৷

জয়ন্ত দাস- চৰকাৰে মাত দিয়ক, মই তাকেই বিচাৰিম৷ চৰকাৰে উদণ্ড মানুহবিলাকক বান্ধক৷ সৰু সৰু হলবোৰ খোলক৷ বন্ধ হোৱা হলবোৰ আকৌ খুলি দিয়ক৷ মুঠতে গোটেই প্ৰক্ৰিয়াটোৰ চৰকাৰীকৰণ হওক৷ গোটেইখিনি চৰকাৰৰ আয়ত্বত থাকক৷ বৰ্তমান সকলো বেপৰোৱা, লেকাম চিগা হৈ পৰিছে৷

ফটাঢোল- আপোনাৰ দৃষ্টিত অসমীয়া চিনেমাত সাঁচ বহাবলৈ সক্ষম হোৱা পাঁচজন ব্যক্তি কোন?

জয়ন্ত দাস- বিজু ফুকন, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, বিদ্যা ৰাও আৰু হিৰণ্য ডেকা৷

ফটাঢোল- আমাৰ ই-আলোচনী ফটোঢোলৰ বিষয়ে আপুনি কিবা ক’ব নেকি?

জয়ন্ত দাস- মই ভাল পাইছো৷ তোমালোকৰ নিচিনা যুৱ প্ৰজন্মই যে এই কথাটো ভাবিছা৷ ম’বাইলত যুঁজি নাথাকি যে এনেকৈ আগুৱাই গৈছা৷ তোমালোকৰ ভাল হওক৷ চেষ্টা এৰি নিদিবা, বাধা বহুত পাবা৷ কিন্তু বাধাত ৰৈ নাযাবা৷ এয়া যুদ্ধ বুলি ধৰা, মই ভাবো এই যুদ্ধত তোমালোক সফল হবাই৷ যি উদ্দেশ্য লৈ এই মহৎ কামত নামিছা সেয়া সফল হ’বই৷ কেৱল ধৈৰ্য নেহেৰুৱাবা৷ ভাল হ’বই, আগুৱাই যোৱা৷

ফটাঢোল- ধন্যবাদ ছাৰ। ফটাঢোলৰ তৰফৰ পৰা আপোনাক শুভেচ্ছা জনালো। আপোনাৰ অনাগত দিনবোৰ শুভ হওক।

জয়ন্ত দাস- তোমালোককো ধন্যবাদ। শুভকামনা থাকিল।
■■

14 Comments

  • অভিজিত কলিতা

    প্ৰথম এইটোকে পঢ়িলো, ৰৈ আছিলো এইটোৰ বাবে। মানুহজনলৈ শ্ৰদ্ধা বহুগুণে বাঢ়িল।

    Reply
  • বৰ ভাল লাগিল ,

    Reply
  • হিমাংশু ভাগৱতী

    পঢ়িলো, বঢ়িয়া।

    “কেমেৰামেনে বনাই দিয়া পৰিচালক” কি বাস্তব সত্য কথা ক’লে তেখেতে।

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

    ধুনীয়া হৈছে!

    Reply
  • ramanuj

    বিৰাট ভাল লাগিল…ধুনীয়াকে ললা সঞ্জীৱ..

    Reply
  • Sankar Jyoti Bora

    সুন্দৰ …

    Reply
  • লাহে লাহে আলোচনা যেন সুন্দৰ হৈ আহিল , তেওঁ চিনেমাৰ উপৰত কোৱা সকলো কথা কিমান সূক্ষ্ম বিশ্লেষণৰ তেওঁ এনেকৈ মুকলি মনেৰে কথাবোৰ পাতিছে যেন কোনো বন্ধুৰ লগত পাতে ৷ প্ৰশ্ন ভাল সাজ্িলে

    Reply
  • ঈশান

    সাক্ষাৎকাৰটিৰ বাবে ধন্যবাদ ।

    Reply
  • Nabajit

    ভাল লাগিল !

    Reply
  • অমিতাভ

    পাইতাৰা, গোল্লা হৈ যাব!!! একদম আমাৰ ভাষাৰ সাক্ষাৎকাৰ

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

      ধন্যবাদ।আপুনি লিখা কাৰনে বেচি ভাল লাগিল

      Reply
  • Nayan Gogoi

    পঢ়ি আমোদ পালো।।। হিৰণ্য ডেকাৰ সাক্ষাৎকাৰ কেতিয়াবা পঢ়িব পাম বুলি আশা কৰিলো।।

    Reply
  • জয়ন্ত দাসক কলেজত পাইছিলো ৷ তেতিয়াৰ পৰা তেওক জানো ৷ সাক্ষাৎ কাৰটো পঢ়ি আৰু বহুত নজনা কথা জানিলো ৷

    Reply
  • উত্তৰা

    অসমীয়া চিনেমাৰ ওপৰত যি কেইটা কথা কলে সেইখিনি পঢ়ি এজন প্ৰকৃত গুণী জনৰ প্ৰমান দিলে।নিজে জড়িত এটা উদ্যোগৰ প্ৰতি নিৰ্মোহ বিশ্লেষন।

    Reply

Leave a Reply

Your email address will not be published.