ফটাঢোল

অভিনয় আৰু ট্ৰেজেদি – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

জালুকবাৰীত পঢ়ি থাকোঁতে আমি ছজন হোষ্টেলীয়াৰ মনত এবাৰ একেসুৰৰ অনুৰণন বাজিল৷ ‘কলেজ-উইক’ৰ নাট প্ৰতিযোগিতাত ভাগ লৈ আমাৰ অভিনয় দক্ষতাৰে আকাশ-বতাহ কঁপাই দিয়াৰ তীব্ৰাকাংক্ষাই আমাক ব্যাকুল কৰি তুলিলে৷

কথাতেই কয়- মন গ’লেই চন, বাকৰি মাটিতেই ধন৷ আমিও আমাৰ ইপ্সিত লক্ষ পূৰণাৰ্থে চিধাই গৈ স্বনামধন্য নাট্যকাৰ, পৰিচালক নৰেন পাটগিৰিৰ ঘৰ ওলালোঁগৈ৷

আমাৰ ভিতৰত লুকাই থকা একো-একোজন ‘চাৰ্লি চেপলিন’ৰ উমান পায়েই হওক বা আমাৰ উৎসাহ দেখিয়েই হওক তেখেত নাটক শিকাবলৈ আমাৰ হোষ্টেললৈ আহিবলৈ সন্মত হ’ল৷ কলেজ উইকলৈ বুলি কম দিন থকা সময়তহে এনে এক ইচ্ছাই আমাৰ মনত উক দিছিল৷ সেয়েহে আমাৰ স্বাৰ্থত তেখেতে অইন কাম পিছ পেলাইয়ো ৰাতিপুৱাই আমাৰ হোষ্টেলত উপস্থিত হয়হি৷ আমাৰ দৰে হোষ্টেলবাসীৰ পকেটৰ গধুৰতাৰ বিষয়েও তেখেত ভালকৈয়ে অৱগত আছিল বাবে এই সমুদায় পৰ্বৰ অহা-যোৱাৰ খৰচো তেখেতৰ নিজৰেই আছিল, আনকি আমালৈ বুলি মৰমতে আখৰাৰ মাজত খাবলৈ প্ৰায়েই মুখৰোচক কিবাকিবি খোৱা বস্তুও আনিছিল৷ মুঠতে আমাৰ মাজত সুপ্ত হৈ থকা অভিনয় প্ৰতিভাখিনি বাহিৰলৈ আনিবলৈ তেখেতে চেষ্টাৰ অলপো ত্ৰুটি কৰা নাছিল৷ আনকি সময়ৰ যাতে অপচয় নহয় তেনে ভাৱত দুপৰীয়াৰ ভাগত হোষ্টেলৰ পৰা যোগান ধৰা এসাঁজ খায়েই মোৰ বিচনাত এবাগৰ মাৰিছিল৷ হোষ্টেলৰ খানাৰ কথা নক’লেও হয়, তাতেই দুপৰীয়াৰ খানা, গতিকে মোৰ ফালৰ পৰা ওপৰিঞ্চি হিচাবে কেৱল কণীৰ অমলেট এটাহে থাকে৷ সেয়াই তেখেতে পৰম তৃপ্তিৰে খায়৷ মুঠতে আমাৰ দৰে নাটক বলীয়া চমঝদাৰ শিষ্য দুজনমান পাই তেখেতৰো যেন পৰম সন্তুষ্টি৷

পিচে হিৰোৰ ভূমিকাৰে নিজকে জিলিকাই তোলাৰ আমাৰ সেই দুৰ্বাৰ আকাংক্ষা কলিতেই মষিমূৰ কৰি তেখেতে যিখনহে নাটক আমাৰ বাবে নিৰ্বাচন কৰিলে নহয়, আমি অভিনয়ৰ নামত বেছিভাগ সময় মুখেৰে চিক্‌চিককৈ আৱাজ কৰি নিগনিৰ দৰে জপিয়াইহে থাকিব লাগে৷ আচলতে নাটকখনত আমাক নিগনিৰেই ‘ৰোল’ দিয়া হৈছিল৷ যিটো কথাই অভিনয়ৰ আচিলাৰে জগত জিনিব খোজা এই চেঙেলীয়া কেইজনৰ মনত বীতৰাগৰ উদ্ৰেক কৰিছিল৷ নিৰ্দিষ্ট দিনা মঞ্চৰ সমুখত উপবিষ্ট হোৱা মানস প্ৰতিমাবোৰৰ  সমুখত এনেকুৱা অভিনয়ে এওঁলোকৰ ভাৱমূৰ্ত্তি যে একেবাৰে হিৰোৰ পৰিৱৰ্তে জিৰোহে কৰি তুলিব এই কথাত এওঁলোক পুৰামাত্ৰাই নিঃসন্দেহ আছিল; যি ভীতিয়ে এওঁলোকৰ অভিনয়ৰ প্ৰতি অনীহা জন্মা কথাটোত মূল অনুঘটকৰ ভুমিকা লৈছিল৷ সেইখন নাটত অভিনয়ৰ জটিলতাৰ দোহাই দি অইন এখনৰ কথা এদিন তেখেতক কোৱা হ’ল যদিও ইতিমধ্যে বহু ঠাইত শ্ৰেষ্ঠ নাটৰ সন্মান লাভ কৰা সেইখনত কৰা অভিনয়ৰ যোগেৰে যে আমাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটাটোহে আজুৰি অনাৰ বহুত সমল আছে তেখেতে সেইটো কথাহে বুজালে৷ আনকি অকল কলেজত বুলিয়েই নহয়, ইউনিভাৰ্চিটিৰ যুৱ মহোৎসৱতো সেই নাটেৰেই আমাক প্ৰতিনিধিত্ব কৰাৰ বাবেও তেখেতে উৎসাহ দিলে৷ পিচে তেখেতৰ বুজনিয়েও আমাৰ সেই খাৰখোৱা মগজুত সঞ্চাৰিত  হোৱা ভীতিটো কমাব নোৱাৰিলে৷ বৰং ক্ৰমশঃ সি বাঢ়িহে গৈ থাকিল৷ হয়তো আমাৰ সেই বয়সৰ চঞ্চলতা আৰু চিন্তাৰ অগভীৰতাৰ বাবেই সময়ত আমাৰ মাজত সেই ভীতি ইমানেই প্ৰবল হৈ উঠিল যে আমি নিজেই গঢ় দিয়া সেই চক্ৰবেহুৰ পৰা তেখেতে ভুল নুবুজাকৈ কিদৰে বাহিৰ ওলাব পাৰোঁ সেই চিন্তাইহে আমাৰ খাৱন-শোৱন নাইকিয়া কৰিলে৷ মনৰ সেই দোদুল্যমান পাকচক্ৰত পৰি দুদিন মান পিছৰ পৰা এনে হ’ল যে তেখেত সময়মতেই উপস্থিত হ’লেও আমাৰহে যেন আখৰাৰ বাবে সময় নিমিলা হ’ল৷ তথাপি অসহায় আমি ‘যি হয় সকলো ভালৰ বাবেই হয় ভাৱত’ কিবাকৈ আখৰা চলাই গ’লোঁ৷ কিন্তু একেবাৰে মুৰামুৰি সময়ত হ’ল কি আমাৰ মাজৰ দুজনৰ ঘৰৰপৰা বোলে এনে জৰুৰী খবৰ আহিল যে সিহঁত সিদিনাই গৃহাভিমুখী বাছত বহিব লগা হ’ল৷ আমি হোষ্টেলত নৱাগত হৈ থকা সময়চোৱাত তথাকথিত ৰেগিঙৰ অত্যাচাৰৰ পৰা অলপ হ’লেও সকাহ পোৱাৰ আশাৰে মিছাকৈ হাতভগা বুলি তিনিমাহ হাতত প্লাষ্টাৰ লগাই থোৱা খটাসুৰো আমাৰ মাজত আছিল, অতএব এইটোও তেনেকুৱা এক অঘাইতামিয়েই আছিল নে সঁচাকৈ সিহঁতৰ ঘৰলৈ যাবলগীয়া পৰিস্থিতিৰেই সৃষ্টি হৈছিল তাক বুজাৰ উপায় নাছিল৷ মুঠতে গৃহস্থ হৈ মোৰহে অৱস্থা ‘ন যযৌ ন তস্থৌ’ টাইপ হৈছিল৷

(এই চেগতে শ্ৰদ্ধাৰ নৰেন পাটগিৰিৰ ওচৰত আমাৰ তেনে অমিতাচাৰৰ বাবে সকলোৰে হৈ মই ক্ষমা ভিক্ষা মাগিছোঁ৷)

অৱশ্যে এনে নহয় যে মোৰ জীৱনৰ সেয়াই প্ৰথম অভিনয়ৰ চখ আছিল৷ ‘পণ্ডিতৰ ঘৰত শিয়ালৰ হোৱা’ৰ দৰে মোৰ তেজতো আজন্ম অভিনয়ৰ এহেজাৰ ৰণুৱা ঘোঁৰাৰ দৌৰ৷ আগতেও এবাৰ নাটকত হিৰোৰ পৰা জিৰোলৈ সকলোবোৰ ভূমিকা ময়েই সফলতাৰে ৰূপায়ণ কৰাৰ নজিৰ আছে৷

আৰু মোৰ সেই আঁচনি বাস্তৱায়িত কৰাত অভিনেতা-অভিনেত্ৰীৰো অভাৱ নাছিল৷ আৰে মই তেনে কিবা এটা কৰিম আৰু মানুহৰ অভাৱ হ’ব, সেই সময়ত বেলি পশ্চিমে ওলালেও সেয়া একেবাৰে অসম্ভৱ কথা আছিল৷ এতিয়াহে যেন বৃন্দাবন ছন পৰিল৷

আৰু আমাৰ সেই নাটক চাই দৰ্শকেও ভালেই পাইছিল, অন্ততঃ দৰ্শকৰ তুমুল হৰ্ষোল্লাসে তাৰেই ইংগিত বহন কৰিছিল৷ অভিনয়ৰ নামত প্ৰথমবাৰলৈ মঞ্চত উঠিয়েই সমুখত অগণন দৰ্শক দেখি মেলেৰিয়া বেমাৰীৰ দৰে আমাৰ যেতিয়া হাত-ভৰিৰ থৰ্‌থৰকৈ কঁপনি উঠিল আমি সকলোৱে ‘ডায়লগ-চায়লগ’ একো মনত পেলাব নোৱৰা হ’লোঁ৷ কিংকৰ্তব্যবিমূঢ় আমাৰ সেই অৱস্থাত মঞ্চত কাহ পৰি জীণ যোৱা নিস্তব্ধতা৷ সেই সময়ত মঞ্চত উপৱিষ্ট আমিবোৰৰ হাত-ভৰিৰ কঁপনিত হাড়ৰ গাঁঠিয়ে উৎপন্ন কৰা থক্‌থক্‌ শব্দ কেইটামানৰ আৰাও হে মঞ্চৰ মাইক্ৰফোনে স্পষ্ট কৰি তুলিলে৷ সেই যে এবাৰ আমাৰ কেণা লাগিল, সেই আউল শেষলৈ আৰু নাভাগিলেই; নহ’লে আচলতে আমিও লেখৰ অভিনেতাই আছিলোঁ৷ তথাপি দৰ্শকৰ তুমুল হৰ্ষোল্লাসে এসময়ত আমাক কিবাকিবি কৰিবলৈ উৎসাহী কৰিলে৷ প্ৰম্পটাৰৰ কথা যাৰ কাণত যি সুৰত সোমাল আমিও তেনে সুৰতেই সেইবোৰ আওৰোৱাত লাগিলোঁ৷ আচলতে সেয়া কোনে আওৰাব লগা আছিল আমি মঞ্চত থকা বোৰেই ধৰিব পৰা নাছিলোঁ যেতিয়া দৰ্শকনো কোন কূটা? মুঠতে আমি মঞ্চত নিজ ইচ্ছামতে শাৰীৰিক অঙ্গীভঙ্গী আৰু মুখেৰে কিবাকিবি চিঞৰ-বাখৰ কৰিছিলোঁ আৰু ৰাইজেও ‘ঘৰৰ ল’ৰা-ছোৱালী’ বুলিয়েই সেইবোৰ সহ্য কৰিছিল৷ তেতিয়া বহুল প্ৰচাৰিত ‘বিস্ময়’ জাতীয় আলোচনীৰ কৌতুক কেইটামানৰ সংমিশ্ৰণৰ জোৰা-টাপলি মৰা সেই নাটকৰ কাহিনীয়েই আচলতে হাস্যৰস ভৰা আছিল৷

মুঠতে ৪০ মিনিটমানত শেষ হ’ব লগা নাটকখন, সময়ৰ মূল বুজি আমি ২০ মিনিট মানতে শেষ কৰিছিলোঁহক৷

পিচে জ্বৰে এৰিলেও কৰপতিয়ে নেৰাৰ দৰে ময়ো জীৱনত আকৌ এবাৰ এই চখৰ চলনাত ভৰি দিব লগা হ’ল৷ এইবাৰ সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব লগা একাংক নাট প্ৰতিযোগিতাত আমাৰ অঞ্চলৰ সংঘটোৱে যোগদান কৰিবলৈ ওলোৱা নাটকখনত মোকো অভিনয়ৰ বাবে আমন্ত্ৰণ জনালে৷ মইতো আশ্চৰ্যত হতবাক-আৰে কি কথা! কিয়নো প্ৰতিযোগিতাত ভাগ লৈ প্ৰতিবাৰেই তেওঁলোকে ভাল এটা পুৰষ্কাৰেই লৈ আহে৷ শেষত এয়াই ভাবি সান্তনা লভিলোঁ যে জুহুৰীয়ে মৰকত চিনাৰ দৰে তেওঁলোকেও নিশ্চয় মোৰ মাজত লুকাই থকা অভিনয়ৰ অনাবিল আকৰৰ সম্ভেদ কিবা বিছাৰি পাইছে৷ আৰু সেয়েহে এইবাৰ প্ৰথম পুৰস্কাৰ নিশ্চিত কৰিম বুলি তেওঁলোকৰ মঞ্চত মোৰ দৰে স্বনামধন্য অভিনেতাজনৰ অভিনয় বিচাৰিছে৷ মনলৈ এনে ভাব অহাত ময়ো বুকু ফিন্দাই সেই প্ৰস্তাবত সন্মতি দিলোঁ৷ ভাবি ভালো লাগিল যে তেনেদৰে আমন্ত্ৰণ কৰিছে যেতিয়া নিশ্চয় হিৰোৰ ৰোলটোও মোকেই দিব৷ মোৰ চমৎকাৰী অভিনয়েৰে মঞ্চত খলকনি তোলাৰ সেই দুৰ্বাৰ হাবিয়াস ইঞ্জিনীয়াৰিং কলেজত সম্ভৱ হৈ নুঠিলেও এইবাৰ তাক সম্ভৱ কৰিমেই বুলি মোৰ প্ৰাণতো থৌকি-বাথৌ লাগিল৷

পিচে সমস্যা এটা হ’ল অভিনয়ৰ সময়ত মোৰ হাতদুখনক লৈহে৷ মঞ্চত থকা সময়ত মোৰ হাতদুখন বাৰু ক’ত, কিদৰে ৰাখোঁ? এইটোহে বৰ সমস্যা হৈ দেখা দিলে৷ হাত দুখন পেণ্টৰ পকেটতে সুমুৱাই ৰাখিম নে পিছফালে বান্ধি থম নে বুকুতেই বান্ধি ৰাখিম? নে হাতেৰে কিবাকিবি অঙ্গীভঙ্গী কৰিয়েই সময় কটাম? মুঠতে সাংঘাতিক সমস্যা৷ মোৰ এনে লটিঘটি দেখি দাদা এজনে সুধিলে, ‘তুমি বোলে সৰুতে অকল অভিনয়েই নহয়, নাট ৰচি নিজে পৰিচালনাও কৰিছিলা, তেতিয়ানো হাত দুখন কি কৰিছিলা?’

হয়তো কথাটো! তেতিয়াই পাৰিছিলোঁ যেতিয়া এতিয়া কিয় নোৱাৰিমহে? আগৰ অভিনয় আৰু পৰিচালনাৰ দিনৰ সেই ফ্লেচবেকলৈ মই উভতি গ’লোঁ আৰু গৱেষণাৰ অন্তত মই নিশ্চিত হ’লোঁ যে আগৰবাৰ অভিনয়ৰ ক্ষেত্ৰত মই লঙপেণ্টৰ পকেটত হাত দুখন সুমুৱাই যি এবাৰ মঞ্চত উঠিছিলোঁ, সেই আদিৰ পৰা অন্তলৈ না মই পকেটৰ পৰা এক লহমাৰ বাবেও হাত দুখন বাহিৰলৈ উলিয়াইছিলোঁ, না মই ক্ষন্তেকৰ বাবেও মঞ্চৰ পৰা অন্তৰ্ধান হৈছিলোঁ৷ মোৰ যে দুখন হাতো আছে সেই কথা আচলতে সেই সময়ত মোৰ মনলৈ এবাৰো অহাই নাছিল৷ আৰু সেয়েহে সেই দুখন দৰ্শকক দেখুওৱাৰ কথাটোও মোৰ মনলৈ অহা নাছিল৷ মূল কথাটো হ’ল অভিনয় শিকিম বুলি তাৰ আগতে ভিচিআৰত শ্বোলে চিনেমাখন একেৰাহে কেইবাৰমান চোৱা হৈছিল৷ জয় আৰু বীৰুৰ চৰিত্ৰই মোৰ অন্তৰত যিমানেই শিহৰণ নজগালেও ‘ঠাকুৰ’ৰ সেই শান্ত-সৌম্য ৰূপে মোৰ অৱচেতন মনত যি এখন ছবি আঁকিছিল তাৰেই বাস্তৱ প্ৰতিফলন আছিল সেয়া৷ আৰু মই নিশ্চিত যে আমি অভিনয়ৰ নামত মঞ্চত থকা সময়ত মোৰ ঠাকুৰ সদৃশ সেই ৰূপটোৱেই দৰ্শকৰ তুমুল হৰ্ষোল্লাসৰ মূল হেতু আছিল৷

☆★☆★☆

2 Comments

  • Kamala das

    বাপ্পাঐ , এনে অভিনেতা ৰ অভিনয় চাই ঠিকচে হাহিলো ।😂😂😂😂😂

    Reply
  • জয়ন্ত দাস

    বাহ, ভাল জমনি দেই৷

    Reply

Leave a Reply

Your email address will not be published.