ফটাঢোল

অভিনৱদাদাৰ ফটাপ্ৰেম আৰু মই – পৰী পাৰবীন

হওঁতে অভিনৱদাদা মোতকৈ পাঁচবছৰৰ ডাঙৰ। কিন্তু অভিনৱদাদাই মোক কিবা লগৰ যেনহে ভাবিছিল। মই যেতিয়া পঞ্চমমানত আছিলো, তেতিয়াও মই দাদাৰ খেলৰ লগৰী। মই যেতিয়া অষ্টমমানলৈ উঠিলো, তেতিয়াও, মই যেতিয়া হায়াৰ চেকেণ্ডেৰী পঢ়িবলৈ ল’লো, তেতিয়াও দাদাৰ সৈতে মোৰ বেচ সনাপিতিকা। গতিকে দাদাৰ সমূহ প্ৰেমৰ ডায়েৰী এই যোগ্য ভনীয়েকৰ বেষ্টনীত সুৰক্ষিত।
এইখিনিতে অভিনৱদাৰ চিনাকিটো অলপ দি লওঁ। অভিনৱদা মোৰ শৈশৱৰ ঘৰখনৰ প্ৰতিবেশী যদিও আমাৰ দুয়োঘৰৰ মাজত ইমানেই মিল আছিল যে, একেখন চোতালতে আমি নেওতা আওৰাওঁ, বুঢ়ী আইৰ সাধু পঢ়োঁ‌ নতুবা লুডু, কেৰমৰ প্ৰতিযোগিতা পাতোঁ‌। অভিনৱদা সেই এলেকাটোৰ এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল, গতিকে মোৰ পঢ়া-শুনাৰ বহুতখিনি দায়িত্বও দাদাৰ ওপৰত ন্যস্ত আছিল। সেই অভিনৱদা যেতিয়া হায়াৰ চেকেণ্ডেৰীলৈ উঠিল, তেতিয়া যেন দাদাৰ মতিগতি কিছু সলনি হ’ল। পঞ্চমমানত পঢ়ি থকা মইজনীয়ে তেতিয়া দাদাৰ আলমাৰীটোত লাহেকৈ তলা এটা ওলমিবলৈ লোৱাও দেখিলোঁ‌ । এদিন হঠাতে কিবা কামত দাদাৰ কোঠাত সোমায়েই ধুনীয়া ছোৱালী এজনীৰ লগত মিহি মিহি হাঁহিৰে কথা পাতি দেখি দৌৰি ওলাই আহি বৰমাৰ ওচৰ পালোহি। দেখিলোঁ‌, বৰমাও চাহ-লুচিত ব্যস্ত। মোক মাতিবলৈ যেন সময়েই নাই, তেনে ভাৱত কাৰোবাৰ লগত চিঞৰি চিঞৰি কথা পাতি থাকিল বৰমায়ে। তেতিয়াহে দেখিলোঁ‌, কেৱল ধুনীয়া ছোৱালীজনীয়ে নহয়, তাইৰ মাক-দেউতাকো বহি আছে ড্ৰয়িং ৰূমত। কিবা নোটছৰ কাৰণে আহিছে বুলি বৰমাই ক’লে যদিও কাণ পাতি শুনিলোঁ‌ মই, তেওঁলোকে নোটছৰ কথা পতা নাছিল।(বিদ্যা শপত, মই নিজ চকুৰে শুনিছিলো, অ’ নহয়, নিজ কাণেৰে শুনিছিলো)
যিয়েই নহওক, অলপ শুংসূত্ৰ লগাই গম পালো যে, ছোৱালীজনীয়ে বিৰাট ধুনীয়া গান গায়। অভিনৱদাই এবাৰ তাইৰ ফাংচন চাবলৈ মোক লৈ গ’ল। বৰ ধুনীয়া গান গালে ছোৱালীজনীয়ে। তাই গান গাই থকা দেখি মোৰ বৰ ভাল লাগিছিল, ইমান ধুনীয়া ছোৱালীজনীয়ে দাদাৰ কাৰণেই চাগৈ মোকো বৰ ধুনীয়াকৈ মাত লগাই গৈছিল। মাতটো যে ইমান মিঠা, যেন মুখত ৰসগোল্লা এটাহে ভৰাই থৈছে। গান গাই উঠাৰ লগে লগে তাই জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পালে যদিও দেখিলোঁ‌ দাদাৰ মনটো বৰ ফৰকাল নহয়। কিয়বা নহয়, তাই দেখোন দাদাক ধুনীয়াকৈ মাতি থৈ গৈছিলেই। দুদিনলৈ দাদাৰ গোমা বতৰ সলনি নহ’ল। তিনিদিনৰ দিনা হঠাতে দাদাই কিবা এটা সিদ্ধান্ত লৈ মোক জনালে, “মইও গিটাৰ শিকিম ভনী, বেয়া হ’ব নেকি?” এতিয়াহে ওলাল উৰহীৰ গছৰ ওৰ। সেই লৰাকেইজনে তাইৰ মুখলৈ চাই চাই বাদ্য সংগত কৰা কথাটোতে দুদিন ধৰি তাৰ জ্বলন। এতিয়াহে সি সিদ্ধান্তলৈ আহিল যে, সিহে তাইৰ মুখলৈ চাই চাই গিটাৰ বজাব( অন্যক কিয় তাইৰ মুখলৈ চাবলৈ দিব?) খা বাপ্পেকে কলটো এতিয়া। পুতেকৰ পৰীক্ষাৰ বাবে বৰমাৰ ৰাতিয়ে দিনে টোপনি নাই। ৰাতি এপৰত উঠি যিজনী বৰমাই ল’ৰাৰ বাবে চাহ বাকে, সেই বৰমাই তাক পৰীক্ষাৰ আগত গিটাৰ বজাবলৈ দিব? ওহোঁ। অসম্ভৱ কথা। অসম্ভৱ মানে তেনেই অসম্ভৱ কথা। বৰমাই কৈয়েই দিলে মুখতে, “বাপেৰে ছমাহ ধৰি দৰমহা পোৱা নাই, গতিকে গিটাৰ কিনিবলৈ মোৰ হাতত পইচা নাই”।
প্ৰেমত পৰিলে হেনো মগজুৰ সকলো ৰাস্তা বন্ধ থাকিলেও এটা ৰাস্তা খোলা থাকে, সেইটো ৰাস্তাৰে বুদ্ধি উলিয়াই অভিনৱদা মোৰ শৰণাপন্ন হ’ল, “ভনী ঐ ভনী।”
“কি হ’ল অ’ তোৰ? লেনিয়াই আছহি কেলেই?”
“তই যে এল পি বৃত্তি পালি, কিমান টকা পাবি অ’?”
“কিমাননো পাম? ছশ মান পাম চাগৈ।”
“মোক দিবিনে তই?”
“তোক কিয় দিম আকৌ?”
“দে না ভনী। মই গিটাৰ এখন কিনিম অ’। মাৰ হাতত পইচা নাই। তোক যে মই চাকৰি পালেই ঘূৰাই দিম। বিদ্যা শপত।”
এই যে গিটাৰৰ কথা ক’লে, মোৰ মনটো একেবাৰেই গলি গ’ল। বুজি পালো, সি প্ৰেমত ভালকৈয়ে হাবু ডুবু খাইছে। এফালে বৰমাই মোক মনে মনে মাতি নি কৈছে, “তই পৰীক্ষা শেষ নোহোৱালৈকে তাৰ হাতত পইচা নিদিবি দেই্‌।”
বৰমাৰ কথাও ঠিক। পৰীক্ষাৰ আগত গিটাৰ কিনি লৈ যদি পৰীক্ষা বেয়া হয়। তাতকৈ পৰীক্ষা শেষ হোৱাৰ লগে লগেই দিম বুলি কথা দিলো তাক। এই ককায়েকবোৰৰ যে ভনীয়েকৰ ওপৰত এনে কৰ্তৃত্ব ঔ! মুখেৰে হাজাৰটা মিঠা মাত উলিয়াই মোৰ এল পি বৃত্তিৰ ছশ টকা লৈ হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ শেষৰটো প্ৰেকটিকেল পৰীক্ষা দি উভতাৰ দিনাই সি গিভচনৰ গিটাৰ এখন কিনি আনিলে।
মনে প্ৰাণে আশা কৰিছিলোঁ‌ মই, অভিনৱদাই গিটাৰ শিকক, তাইৰ মুখলৈ চাই চাই ষ্টেজত গিটাৰ বজাওক আৰু সিহঁতৰ প্ৰেমৰ যুগলবন্দী চিৰদিন বৈ যাওক। কিন্তু নহ’ল তেনেকুৱা। তাইৰ মুখলৈ চাই চাই গিটাৰ বজোৱাত কিবা প্ৰকাৰে বাধা আহিল আৰু সি গিটাৰখন কাপোৰ এখনেৰে মেৰিয়াই আলমাৰীৰ ওপৰত থৈ দিলে। এপাকত মই সুধি পালোঁ,
“কি হ’ল্ তোৰ?”
“কি হোৱা দেখিলি?”, সি মোক পাত্তা নিদিয়ে তেতিয়া।
“গিটাৰৰ ক্লাছলৈ যোৱা নাই কেলেই?”, মই উভতি ধৰোঁ।
“নাই। গিটাৰ শিকা নহ’ব মোৰ”, গহীনকৈ উত্তৰ দিয়ে সি।
“তেতিয়াহলে কিনিছিলি কেলেই?”, মই উৰাই ঘূৰাই প্ৰশ্ন কৰোঁ।
সি এইবাৰ গৰম হৈ যায়, “কিয় তোৰ ছশ টকাটোৰ কাৰণে কান্দি মৰিছ নেকি? হ’ব দে তোৰ পইচা তই পাই যাবি, চাকৰি পালে লগে লগেই পাবি।”
“আৰু চাকৰি নাপালে?”
সি কেৰাহিকৈ চাই যায়গৈ।
(এইখিনিতে আপোনালোকক জনাই থওঁ, পঁচিশ বছৰৰ আগৰ সেই প্ৰতিশ্ৰুতিটো কিবা নিৰ্বাচনৰ আগৰ প্ৰতিশ্ৰুতি যেনেই হ’ল। দাদাই মোক পঢ়াওতে হাজাৰ হাজাৰ টকা দিলে, বিয়াৰ সোণৰ গহনা দিলে, কিন্তু সেই ছশটকা আজিকোপতি নিদিলে।)
যিয়েই নহওক, আকৌ আগলৈ ঘূৰি যাওঁ। সেই গিটাৰৰ কাহিনী চলি থকা বছৰতে সি মেডিকেল পঢ়িবলৈ চিট পালে বুলি শুনি বৰমাৰ পৰা আদি কৰি  মোলৈকে- সকলোৰে গা সাতখন আঠখন হ’ল। আমাৰ সৰু এলেকাটোত এজনে মেডিকেল চিট পালেও বৰ ডাঙৰ খবৰ। মেডিকেল চিট পোৱাৰ পিছত সি বহুত ডাঙৰ মানুহ যেন হ’ল। একদম ৰজা টাইপ। যেন এতিয়া সি অৰ্ডাৰ দিলেই হ’ব, সুন্দৰীসকল তালৈ আহিবই আহিব। তেনে এক গহীন চিন্তাত সি সেই আগৰ ছোৱালীজনীক পাহৰিলে, এইবাৰ তাৰ চকুত পৰিল মোৰ লগৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী। তেতিয়ালৈ আমি হায়াৰ চেকেণ্ডেৰী পালোহি। মানে অলপ ডাঙৰ হ’লো। প্ৰেম কৰিব পৰাৰ বয়স হ’ল। সেই মেডিকেল পাছ কৰাৰ বছৰতে সি জীৱনৰ সংগীজনীও ফাইনেল কৰি পেলাওঁ বুলি বৰশীত টোপ লগালে,
“ভনী, তোৰ লগৰ যে অন্তৰীক্ষা!”
“অ’ কি হ’ল অ’ অন্তৰীক্ষাৰ?”
“কৈ দিবি তাইক, তোৰ বৌ পাতিম বুলি।”
“হ্যে!”
“কিয়? বেয়া হ’ব নেকি?”
“বেয়ানো কিয় হ’ব? কিন্তু মই গম পোৱা নাছিলো যে?”
“এতিয়া পালি নহয় গম। তাইকো গম পোৱাই দিবি।”
ইমান গধুৰ দায়িত্ব এটা দিয়াৰ পাছত কোনজনী ভনীয়েক থিৰেৰে থাকিব পাৰে? ময়ো নোৱাৰিলো। জীৱনৰ প্ৰথম ঘটকালি। ধেমালী নেকি? হায়াৰ চেকেণ্ডেৰী পৰীক্ষা চলি থকাৰ মাজতে মই খোজ ল’লো তাইৰ ঘৰলৈ। কৈ থৈ আহিলোঁ‌, “ভালকৈ পৰীক্ষা দিবা। বৌ পাতিম তোমাক।”
কথাষাৰ শুনি তাই লাজ লাজকৈ হাঁহিলে। সেই হাঁহি দেখিলে অভিনৱদাৰ কি হ’লহেঁতেন নাজানো, মোৰ কিন্তু বুকুখন চমচমাই গ’ল। সদায় একেলগে থকা ছোৱালীজনীক দাদাৰ দায়িত্ব দিম, ভাবিয়েই “ফীলিং ডাঙৰ দায়িত্ব পালন।”
ঘৰলৈ আহিলোঁ‌। অভিনৱদাক ক’লো, “মিছন চাকচেচ যেন লাগিছে। দুদিন ধৈৰ্য ধৰ।”
তাৰ দুদিন পাছতে, মানে আমাৰ হায়াৰ চেকেণ্ডেৰী পৰীক্ষা চলি থকাৰ মাজতেই তাইও এদিন খোজ কাঢ়ি আহিল মোৰ ওচৰলৈ, বেগটোতে আনে নেদেখাকৈ ধুনীয়া কাৰ্ড এখন লুকুৱাই আনিলে, কাৰ্ডখন আনি মোৰ হাতত দিলে। কাৰ্ডখন ওপৰে ওপৰে চালোঁ‌। ভিতৰখন গোটেই ৰঙা পাণৰ চিন থকা, কথাবোৰ নপঢ়িলোঁ‌, সিহঁতৰ ‘প্ৰাইভেট’ কথা বুলি ভাবি চকু মুদি কাৰ্ডখন দাদাৰ টেবুল পোৱালোগৈ।
কাৰ্ডখন চাই চাই দাদাৰ অৱস্থা একেবাৰে, “আজ মে ওপৰ, আচমান নিচে, আজ মে আগে, জমানা হে পিছে”
মুখৰ পৰা মিলমিলীয়া হাঁহিটো  নুগুচাই হ’ল লাজ নাইকীয়াটোৰ। মই তাৰ ফালে চালেহে যেন লাজবোৰে তাক আগুচি ধৰে। নকৈ নোৱাৰো, লাজ কৰিলে তাক বৰ ধুনীয়া দেখি। অন্তৰীক্ষাজনীও ইমান ধুনীয়া। দুয়োটা ভাল মিলিব । একদম ঊষা অনিৰদ্ধৰ দৰে মিলিব।
দাদাৰ লগতে মোৰো মনটো ভাল লাগি থকা হ’ল। দাদাৰ ৰাস্তা ‘ক্লীয়েৰ’ হ’লেহে যে মোলৈ সুযোগটো আহিব, সেই ভাবি মিলমিলীয়া হাঁহি এটা মোৰো ওঁঠত লাগি নথকা নহয়। তাতে ওচৰৰ মেচটোত ইকনমিকচৰ মেজৰ লোৱা ল’ৰা এজনক দিনে ৰাতিয়ে দেখি দেখি গান দুটামান গুণগুণাবলৈ লৈছিলোহে, পাই গ’লো নহয় সেকাটো। কেমিষ্ট্ৰিৰ প্ৰেক্টিকেল পৰীক্ষাৰ দিনাই, হয় সিদিনা আমাৰ আমাৰ শেষৰটো পৰীক্ষা আছিল, সিদিনাই পালো সেই বুকু ফলা খবৰটো। খবৰটো দিলে তাইৰ ককায়েকৰ লগৰ গোবৰ্ধনে, গোবৰ্ধন আকৌ সৰু সুৰা চোৰাংচোৱা এজেন্ট এটা। সিয়ে চাইকেলখন পদূলিত ৰখাই চিঞৰিলে মোক,
“অই মধু, মধু অই, শুনিছনে নাই?”
“কেলেইনো টেঁটু ফালিছ? ভিতৰলৈ নাহ কেলেই?”
“নাই ৰ’। ভিতৰলৈ নাযাওঁ। বৰ ডাঙৰ খবৰ এটা দিওঁ বুলিহে মাত লগালো।“
“কিনো ডাঙৰ কথা? পাতনি মেলিছ কেলেই?”
“অন্তৰীক্ষা পলাই গ’ল নহয়?”
“কি! কি কৈছ তই? ক’লৈ পলাই গ’ল তাই?”
“ঘৰৰ ওচৰৰ সেই দোকানীজন যে।”
চাৎকৈ তিনিটা হাঁহিলৈ মোৰ মনত পৰিল। সেই প্ৰথমদিনাৰ তাইৰ লাজ লাজ হাঁহিটো, তাৰ সংক্ৰমণত হোৱা অভিনৱদাৰ মিলমিলীয়া হাঁহিটো আৰু ওচৰৰ মেচৰ ল’ৰাজনক দেখি মাজে মাজে মোৰ বুকুত হোৱা হাঁহিটো।
এই হ’ল মোৰ অভিনৱদাৰ প্ৰেম কাহিনী। দুটা আজি নিগৰালোঁ‌। ছশটকাটো মোৰ পকেটস্থ নোহোৱালৈকে বাকী কেইটাও নিগৰোৱাৰ প্ৰতিশ্ৰুতিৰে,
মৰমৰ পাঠকবৃন্দ, আজিলৈ বিদায় মাগিলোঁ। আকৌ লগ পাম অতি সোনকালেই।
☆★☆★☆

3 Comments

  • parishmita

    তামাম দেই। ধেই বেচেৰাটো এনেকুৱাও হ’ব লাগেনে বাৰু।

    Reply
  • অনুৰূপ মহন্ত

    পৰীবাৰ লেখা পঢ়ি সদায় ভাল লাগে। এইটো ও বৰ ভাল পালো।

    Reply
  • অৰ্চনাময়ী বড়া

    ঘটকৰ এনেয়ে কষ্ট হল.ভাল লাগিল.

    Reply

Leave a Reply

Your email address will not be published.