ফটাঢোল

অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ উৎপত্তি আৰু বিকাশ সম্পৰ্কীয় এটি চমু পৰিচয় – চবিনা ইয়াচমিন

ছন্দোবদ্ধ কাব্য কাহিনীকেই প্ৰাচীন অসমীয়া সাহিত্যৰ আৰম্ভণি বুলি ক’ব পাৰি৷ গদ্যৰ ৰচনা অসমীয়া সাহিত্যত বহুকাল পিছতহে হৈছিল৷ এই ছন্দোবদ্ধ সাহিত্যৰ প্ৰচলন অসমত চৰ্যাপদৰ দিনৰ পৰা বৈষ্ণৱ যুগলৈকে অবিৰত ভাৱে চলি আছিল৷ ষোড়শ শতিকাত শংকৰদেৱৰ হাতত সৃষ্টি হোৱা অসমীয়া গদ্যই ভট্টদেৱৰ হাতত ঠন ধৰি উঠে৷ তাৰ পিছৰ পৰাই ক্ৰমে অসমীয়া গদ্য সাহিত্যই বৰ্তমানলৈকে বিকাশ লাভ কৰি আহিছে৷

আজি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে অসমীয়া সাহিত্যৰ এক বিশেষ ভাগ যাক আমি হাস্য-ব্যংগ সাহিত্য নামেৰে নামকৰণ কৰোঁ৷ হাস্য আৰু ব্যংগ সাহিত্য প্ৰকৃততে একে নহয় যদিও এই দুই প্ৰকাৰৰ সাহিত্যৰ মাজত এক নিবিড় সম্পৰ্ক আছে৷ কেৱল ব্যংগ সাহিত্যই হাস্য ৰসৰ অবিহনে মানুহৰ মন আকৰ্ষণ কৰিব নোৱাৰে৷ সেইদৰেই কেৱল হাস্য ৰসে সস্তিয়া কৌতুকহে সৃষ্টি কৰিব পাৰে৷ হাস্য-ব্যংগৰ মূল চালিক শক্তিয়েই হ’ল-বুদ্ধি, কল্পনা আৰু আক্ৰমণ৷ এই তিনিটাৰ সংমিশ্ৰণত সৃষ্টি হোৱা ব্যংগই হৈছে উৎকৃষ্ট ব্যংগৰ নিদৰ্শন৷ ব্যংগ লেখকসকলৰ প্ৰধান অস্ত্ৰ হ’ল- বিপৰীতাৰ্থক উক্তি, কটূক্তি, আক্ৰমণাত্মক উক্তি, অত্যুক্তি, বক্ৰোক্তি, ঠাট্টা-বিদ্ৰোপ ইত্যাদি৷ হাস্য-ব্যংগ সাহিত্যৰ মূল উদ্দেশ্য হ’ল সমাজত ঘটি থকা কিছুমান সমস্যা, যিবোৰ ৰাইজে দেখিও আওকাণ কৰে সেইবোৰৰ প্ৰতি ৰাইজক সতৰ্ক কৰি দিয়া৷ মুঠতে সমাজ সংস্কাৰেই হৈছে হাস্য-ব্যংগ সাহিত্যৰ  মূল উদ্দেশ্য৷ গতিকে হাস্য-ব্যংগ সাহিত্যই এক সাহিত্যিক মৰ্যাদা তেতিয়াহে লাভ কৰে যেতিয়া হাস্য আৰু ব্যংগৰ সংমিশ্ৰণত এক সমাজ সংস্কাৰমূলক বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰিব পাৰে৷ কিন্তু ব্যংগ, লঘু ৰচনা, ৰম্য ৰচনা, কৌতুক, প্ৰহসন আদিৰ মাজত পাৰ্থক্য আছে৷

অসমীয়া হাস্য-ব্যংগৰ ধাৰাটো সমসাময়িক ভাবে নতুন৷ জোনাকী যুগৰ পৰাহে অসমীয়া সাহিত্যত হাস্য-ব্যংগ সাহিত্যৰ ইতিহাসৰ আৰম্ভ হয় বুলি ক’ব পাৰি৷ বৈষ্ণৱ আৰু প্ৰাক্‌বৈষ্ণৱ যুগত এই সাহিত্যৰ প্ৰচলন নাছিল যদিও দুই-এক লেখনিত ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাছিল৷ আধুনিক সাহিত্যত কাব্য আৰু গদ্য দুয়োটাতেই লেখক সকলে সমাজৰ গোড়ামি, ভুৱা আভিজাত্য ইত্যাদিবোৰ হাস্যৰসৰ দ্বাৰা তীব্ৰভাৱে ব্যংগ কৰিছে৷ বৰ্তমান যুগৰ ব্যংগ সাহিত্যত উদঙাই ধৰা হয় সমাজ তথা কোনো ব্যক্তিৰ ভণ্ডামি আৰু নৈতিক অৱক্ষয়ৰ ছবি৷ অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ পাতনি মেলিছিল হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাই৷ হেমচন্দ্ৰ বৰুৱাই তেওঁৰ “কানীয়াৰ কীৰ্তন“ আৰু বাহিৰে ৰং-চং ভিতৰে কোৱাভাতুৰী“ নাটক দুখনত সমকালীন অসমীয়া সমাজৰ ভণ্ডামি আৰু স্খলনৰ স্পষ্ট ছবি এক চোকা ব্যংগৰ দ্বাৰা বৰ্ণনা কৰিছে৷ হেমচন্দ্ৰ বৰুৱাৰ “কানীয়াৰ কীৰ্ত্তন“ এখন উদ্দেশ্য ধৰ্মী নাটক৷ নাটকখন আৰম্ভণিতে তেওঁ এষাৰ কথা কৈছে- “কানি, ভাং, মদ, ফটিকা আৰু ধূঁয়াপাত৷ / সকলোৰে মূৰত হউক বৰ্জ্জপাত৷ “ এই পংক্তিটোৱে নাটকীয় কাহিনীৰ ইঙ্গিত দিয়ে৷ নাটকখনত অসমৰ কানি-খোলাৰ চিত্ৰ আৰু কানি সেৱনৰ পৰিনাম লেখকে সাৰ্থকভাৱে অংকিত কৰিছে৷ ভদ্ৰেশ্বৰ বৰুৱা মৌজাদাৰৰ ঘৰত পদ্মপাণি মহন্তই বাৰিয়লীয়া কানি সেৱন কৰি ’বিধুতি’ গাৰে ধনী-মনুক সদাচাৰৰ জ্ঞান দিয়া, ৰতিকান্তহঁতৰ পাণ খোৱা সভা আৰু কীৰ্ত্তিকান্তহঁতৰ সহযোগিতা, কীৰ্ত্তিকান্ত শুকাই খীণাই যোৱাত মাকৰ চিন্তা আৰু সেই প্ৰসংগত ব্যৱস্থা গ্ৰহণ, কীৰ্ত্তিৰ কানিৰ প্ৰতি আসক্তি বৃদ্ধি, তেওঁ সৰ্ব্বস্বান্ত হোৱা এইবোৰেই হৈছে “কানীয়াৰ কীৰ্তন“ৰ মূল বিষয়-বস্তু৷ নাটকখনৰ শিৰোনামটোও ব্যংগাত্মক৷ আচাৰ ভ্ৰষ্ট পদ্মপাণি মহন্তই শিষ্যক সদাচাৰৰ জ্ঞান দিয়া, ব্ৰাহ্মণৰ ঘৰত জন্ম লভি অকৰ্ম কৰিও কীৰ্তিকান্তই সকলোৰে মান পোৱা ইত্যাদি কথাত ব্যংগ প্ৰতিফলিত হৈছে৷ সেইদৰেই তেওঁ সোণাৰচাঁদ ডেকাবৰুৱা ছদ্মনাম লৈ ৰচনা কৰা “বাহিৰে ৰং-চং, ভিতৰে কোৱাভাতুৰী“নামৰ পুথিখনত অসমৰ এক সামাজিক চিত্ৰ প্ৰতিফলিত হৈছে৷  পুথিখনৰ আৰম্ভণিতে তেওঁ যি শ্লোক লিখিছে তাতো এক ব্যংগ নিহিত হৈ আছে৷ কোৰখনীয়া সত্ৰৰ পৰম বৈষ্ণৱ আৰু উদাসীন গোবৰ্দ্ধন দেউ-আতাৰ গোচৰ উপলক্ষ্যে নগৰলৈ আহি মৰকটেশ্বৰ ফুকনৰ টোলত বহা কৰা, শিষ্যা ফুকননীৰ গুৰুৰ প্ৰতি আসক্তি, মাকালীৰ উপাসক বীৰেন্দ্ৰ বৰুৱাই গোবৰ্দ্ধন দেউৰ বিৰূদ্ধে মিছা গোচৰ তৰা মোকৰ্দমাত গোসাঁইদেউৰ জামিন, ফুকননীয়ে জৰিমনা আদায় দি মহাজনক মুকলি কৰা, ফুকনৰ মৃত্যু, গাভৰুদেওৰ অসুখ নিৰাময়ৰ অৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ, আইদেওৰ মৃত্যুত আতাপুৰুষ জৰ্জ্জড়িত আৰু শেষত তেওঁৰ মৃত্যু৷ এই সকলোবোৰেই হৈছে এই পুথিৰ মূল বিষয়-বস্তু৷ পুথিখনৰ ঠায়ে ঠায়ে মানুহৰ নামতো ব্যংগ প্ৰকাশ পাইছে৷ সমাজৰ বিভিন্ন শ্ৰেণীৰ মানুহৰ প্ৰতি তীক্ষ্ণ বাণ নিক্ষেপ কৰি মানৱতাৰ ওপৰত প্ৰচণ্ড আঘাত কৰিছে৷ গুণাভিৰাম বৰুৱাই “কঠিন শব্দৰ ৰহস্য ব্যাখ্যা“ত অত্যধিক ব্যংগ ভাৱ প্ৰয়োগ কৰিছে৷ অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ বাটকটীয়া বুলি ক’লে আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কথাকে বিশেষ ভাবে বুজিব লাগিব৷ তেওঁ অসমীয়া মানুহক হাস্য-ব্যংগ ৰচনাৰ দ্বাৰা এহাতে হহুঁৱাইছিল আৰু আনহাতে পিঠিত চাবুকেৰে কোবাইছিল৷ কৃপাবৰ বৰুৱা ছদ্ম নামেৰে তেওঁ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা“, কৃপাবৰ বৰুৱাৰ ওভতণি“, “বৰবৰুৱাৰ বুলনি“, “বৰবৰুৱাৰ বুৰবুৰণি“, “বৰবৰুৱাৰ চিন্তাৰ শিলগুটি“, “বৰবৰুৱাৰ সাহিত্যিক ৰহস্য“ আৰু “কৃপাবৰ বৰুৱাৰ সামৰণি“ আদি ব্যংগ ৰচনা কৰি অসমীয়া হাস্য-ব্যংগ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ বেজবৰুৱাই তেওঁৰ কৃপাবৰী প্ৰবন্ধমালাত নিজৰ ব্যক্তিত্বৰ উপৰিও উনবিংশ শতিকাৰ শেষ স্তৰৰ অসমীয়া সমাজখনো দাঙি ধৰিছে৷ তেওঁৰ এই সাহিত্যৰাজি উপমাৰে নিৰূপম৷ সৰল, পোনপটীয়া, বাহুল্যবৰ্জ্জিত কথা, ভাষাৰ প্ৰয়োগত বিষয়বস্তুৱে মৰ্ম্মস্থান ভেদ কৰিবলৈ সক্ষ্যম হৈছে৷  তেওঁৰ “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা“ৰ ’সামাজিক’, ’বাতৰি কাকতৰ জাননী’ আদি প্ৰবন্ধত ব্যংগৰ তীব্ৰ আৰু মূৰ্ত্ত ৰূপত প্ৰকাশ পাইছে৷ আনহাতে “কৃপাবৰ বৰুৱাৰ ওভতনি“, “বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি“ৰ প্ৰবন্ধসমূহত ব্যংগৰ বিষয় অলপ চিন্তা কৰিলেহে ধৰিব পাৰি৷ তেওঁৰ “কাকতৰ টোপোলা“ৰ বেছি ভাগ প্ৰবন্ধই অসম সমন্ধীয়৷ “কৃপাবৰ বৰুৱাৰ ওভতনি“ত প্ৰধানকৈ ভাৰতীয় সমস্যাই স্থান পাইছিল আৰু “কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰনি“ত অসমৰ পৰা আৰম্ভ কৰি বিশ্বৰ নানা সমস্যাই ঠাই পাইছে৷ বেজবৰুৱাৰ  “লিটিকাই“, “নোমল“, “পাচনি“, “চিকৰপতি-নিকৰপতি“, ৰুদ্ৰৰাম বৰদলৈৰ “বঙাল-বঙালনি“ আদিত হাস্য ৰস পৰিলক্ষিত হয় যদিও ব্যংগৰ পৰিমাণ কম৷ পদ্মনাথ গোহাঞি বৰুৱাৰ “গাওঁবুঢ়া“, “টেটোন তামোলি“, “ভুত নে ভ্ৰম“, দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ “মহৰী“, বেণুধৰ ৰাজখোৱাৰ “দৰবাৰ“, “তিনি ঘৈণী“, “চোৰৰ সৃষ্টি“ আদি হাস্যৰসাত্মক নাটক৷ তদুপৰি চন্দ্ৰধৰ বৰুৱা, কুমুদ চন্দ্ৰ বৰুৱা, সুৰেন্দ্ৰনাথ শইকীয়া আদিৰ নাটকত সুন্দৰভাবে হাস্য-ব্যংগ প্ৰতিফলিত হোৱা দেখা যায়৷ দণ্ডিনাথ কলিতাৰ “আত্মানন্দৰ আত্মকাহিনী“ হ’ল এক অতি শক্তিশালী গদ্য ৰচনা৷

অসমীয়া কবিতাৰ জগতখনতো হাস্য-ব্যংগৰ প্ৰভাৱ নপৰাকৈ থকা নাছিল৷ সত্যনাথ বৰাৰ “সভ্যতাৰ মথাউৰি“ কবিতাটো এক ব্যংগমিশ্ৰিত হাস্যৰসিক কবিতা৷ বেজবৰুৱাৰ একমাত্ৰ কাব্য-পুথি “কদমকলি“ৰ কবিতা সমূহতো হাস্য-ব্যংগৰ কিছু প্ৰভাৱ পৰিলক্ষিত হয়৷ তাৰে এটি ব্যংগ কবিতা হ’ল- “মহাপৰায়ণৰ যাত্ৰি“

জ্ঞান জ্ঞান কৰি ফুৰি
গোৱালোঁ জীৱন ঘূৰি ঘূৰি,
জ্ঞানৰ নাপালোঁ উৱাদিহ,
গোটালোঁ খুলাকটি….

বেজবৰুৱাৰ সময়ৰ আন ব্যংগ কবি হ’ল- চন্দ্ৰধৰ বৰুৱা৷ “ৰঞ্জন“ হৈছে তেওঁৰ ব্যংগ কবিতাৰ সংকলন৷ “ৰঞ্জন“ৰ অন্তৰ্গত তেওঁ কিছুমান ব্যংগ কবিতা হ’ল- ’ধীৰপন্থী ধীৰেন’

জিলাৰ প্ৰধান লোক ধীৰেন ফুকন
ধীৰেনপন্থী ধীৰেৰেহে বুজে,
ধীৰে ভাবে, ধীৰে দেখে, ধীৰ সকলোতে
অত্যন্ত ধীৰেৰে ধাৰ শুজে….
আন এটি কবিতা হ’ল-“ডাঙৰ হোৱাটো ভুল“
পদুমে আমাৰ বি.এ. পাছ কৰি
পালে ভাবি গুণি চাই
তেওঁৰ সমান অসম দেশত
জ্ঞানী ওপজা নাই৷ ….

সংকলনটিত এনে বহু ব্যংগ কবিতা সন্নিবিষ্ট আছে৷ দণ্ডিনাথ কলিতাৰ ব্যংগ কবিতা সংকলন সমূহ হল- “ৰহঘৰা“, “বহুৰূপী“ আৰু “ৰগৰ“৷ একুৰি চাৰিটা কবিতাৰ সংকলন “ৰহঘৰা“ হৈছে দণ্ডিনাথ কলিতাৰ অন্যতম ব্যংগ সংকলন৷ এই সংকলনটিৰ বিষয়ে মহাদেৱ শৰ্ম্মাই এই দৰে ব্যক্ত কৰিছে-“ৰহঘৰা ৰংৰ কিল৷ খাঁওতে মিঠা লাগে হওতে, কিন্তু যথাৰ্থতে হাড় ভাগে, নেখাওঁ বুলিও আমি থাকিব নোৱাৰোঁ৷ ….ৰহঘৰাত খুংমুৱা কথা এষাৰিও নাই৷ হাঁহি মুখে তাৰ পৰা বেয়াৰ ফালটো দেখুৱাই দি ইংগিত কৰে মাত্ৰ৷ “ৰহঘৰা“ৰ এটা ব্যংগ কবিতা হ’ল- “মেধি তীৰ্থলৈ যায়“

কলিয়াবৰত মেধিৰ ঘৰ,
নাম গোৱাত সুখ্যাতি বৰ,
কানীয়া-মেলত সবৰো মাজত
মান ভাগটি পায়৷
পুণ্য কৰিবৰ মনেৰে আজি
মেধি তীৰ্থলৈ যায়৷ ….

তেওঁৰ তেৰটা কবিতাৰ সংকলন “ৰগৰ“ পুথিখনেও এসময়ত অসমীয়া সমাজক হাঁহিৰ খোৰাক যোগাইছিল৷ এই পুথিৰ সন্দৰ্ভত অম্বিকাগিৰী ৰায়চৌধুৰীয়েএই বুলি মন্তব্য কৰিছিল- “ৰগৰে নগৰত যেনেকৈ ৰগৰ লগাব, গাওঁ-ভুঁইতো তেনেকৈ ’ৰহইচ’ লগাব৷ ৰগৰ অসমীয়া সাহিত্যৰ মাজত তগৰ ফুল৷ “ এই পুথিৰ এটি ব্যংগ কবিতা উদাহৰণ হ’ল- “ডিচ্‌মিচ্‌“

ডাঙৰ মানুহ পদুধৰ
ডাঙৰ টিকনি লৰ-ফৰ
ডাঙৰ মূৰ ডাঙৰ পেট,
ডাঙৰ কলেৱৰ;
নগৰৰ গাঁৱত দুঠাইত আছে,
দুখন ডাঙৰ ঘৰ৷

দণ্ডিনাথ কলিতাৰ শেষতীয়া ব্যংগ কাব্য সংকলন হৈছে “বহুৰূপী“৷ এই কবিতা পুথিত সন্নিবিষ্ট এটি ব্যংগ কবিতা হ’ল-“ বহুৰূপী“

মই ভট্টাচাৰ্যৰ ল’ৰা,
ইংৰাজী বঙ্গলা পঢ়া,
এশ একুৰি ডাঙৰ ডাঙৰ
কিতাপ মুখস্থ কৰা৷ …

দণ্ডিনাথ কলিতাদেৱে এই কেইখন পুথিৰ বিষয়ে মন্তব্য কৰিছিল এইদৰে-“ ’ৰহঘৰা’ৰ ৰহ খাই, ’ৰগৰ’ৰ ৰগৰ লগাই ৰাইজসকল ’বহুৰূপী’ৰ ৰূপ চাবলৈ সাজু হৈছে বুলি অনুমান কৰি আজি তাকো সজাই পৰাই আজি উলিয়িই দিয়া হ’ল৷ “ৰহঘৰা“ “ৰগৰ“ আৰু “বহুৰূপী“ত তৎকালীন অসম আৰু অসমীয়া সমাজৰ নৈতিক অধঃপতনৰ ছবিখন কৰুণ আৰু মধুৰ ৰূপত তুলি ধৰা হৈছে৷ তদুপৰি যজ্ঞেশ্বৰ শৰ্মাৰ “লেফাফা“ হৈছে এখন ব্যংগাত্মক কবিতা পুথি৷ বলিনাৰায়ণ বৰাৰ মৌ আলোচনীত প্ৰকাশ পোৱা “ডাঙৰীয়া“ আৰু “অসমীয়া বাবু“ কবিতা দুটাত কঠোৰ ব্যঙ্গোক্তিৰ প্ৰকাশ পাইছে৷ তদুপৰি অতুলচন্দৰ হাজৰিকা, দেৱকান্ত বৰুৱা আৰু নৱকান্ত বৰুৱাৰ কবিতাত হাস্যৰসৰ প্ৰয়োভৰ পৰিলক্ষিত হয় যদিও ব্যংগ বৰ চোকা নহয়৷

অসমীয়া সাহিত্যত সম্পূৰ্ণ ব্যংগ ৰচনাৰ সংখ্যা তেনেই কম৷ প্ৰাক স্বাধীনতাৰ কালত ৰাজ মোহন নাথে ভালে কেইখন ব্যংগাত্মক গ্ৰন্থৰ ৰচনা কৰিছিল৷ সেই সমূহৰ ভিতৰত “পকা মিঠৈ“, “খাৰলি“ আদি অন্যতম৷ এই গ্ৰন্থসমূহত সেই সময়ৰ অন্ধবিশ্বাস, চাৰিত্ৰিক দুৰ্বলতা, ভণ্ডামি আদি প্ৰতিফলিত হৈছিল৷ ১৭৮৩ চনত প্ৰকাশিত ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ “অসমীয়া ব্যংগ গল্প সংকলন“ গ্ৰন্থখন হাস্য-ব্যংগৰ এক সুন্দৰ নিদৰ্শন৷ নব্বৈ দশকৰ এজন উল্লেখযোগ্য ব্যংগ লেখক হ’ল ড° বিকাশ বৰুৱা৷ তেওঁৰ “ধিচুম“, “ধাৰাম“, “গাধাৰশিলা“, “ঠেংচুই“ আদি হ’ল ব্যংগাত্মক ৰচনা সংকলন৷ তেওঁৰ ৰচনাত সমসাময়িক সমাজ, ৰাজনীতিৰ বিভিন্ন দিশ প্ৰতিফলিত হয়৷ তেওঁৰ প্ৰতিটো শব্দত পৰিলক্ষিত হয় দুৰ্দান্ত হাস্যৰস আৰু ক্ষুৰধাৰ ব্যংগ৷ বৰুৱাদেৱৰ প্ৰতিটো প্ৰকাশ স্ফটিকৰ দৰেই স্পষ্ট, বজ্ৰৰ দৰে কঠোৰ আৰু চন্দ্ৰমাৰ দৰে কাব্যিক৷ তেওঁৰ লিখন শৈলী অতি সহজ-সৰল৷ তেওঁৰ এটি বিখ্যাত ঐতিহাসিক প্ৰবন্ধ হৈছে- “শেষ বুলেট“৷ এই প্ৰবন্ধত তেওঁৰ দুৰন্ত সৎসাহস আৰু গভীৰ দেশপ্ৰেম প্ৰকাশ পাইছিল৷ তদুপৰি বৰ্তমান কেইজনমান উল্লেখযোগ্য অসমীয়া ব্যংগ লেখকৰ ভিতৰত ডা° ভৃংগেশ্বৰ শৰ্মা, প্ৰফুল্ল দত্ত গোস্বামী, সৌমিত্ৰ যোগীৰ নাম বিশেষভাবে উল্লেখযোগ্য৷ সৌমিত্ৰ যোগীৰ “দ্বিতীয় দৰ্শনী“ আৰু “আত্মজীৱনী“ দুখন উল্লেখযোগ্য ব্যংগ সংকলন৷ সংকলন দুখনত বৰ্তমান সমাজৰ ৰাজনীতি, সামাজিক ব্যৱস্থা, জাতিগত ভেদভাৱ আদিৰ কথা সুন্দৰকৈ ব্যংগ কৰা পৰিলক্ষিত হয়৷

অসমত হাস্য-ব্যংগাত্মক আলোচনীৰ সংখ্যা তেনেই সীমিত৷ “প্ৰান্তিক“ৰ “দৈনন্দিন“ শিতানত হাস্য-ব্যংগৰ লেখাই এক বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ তদুপৰি “বিহলঙনি“, “ৰহিমলা“, “গিৰ্‌জনি“, “অবিকল“ আদিৰ দৰে আলোচনীয়ে অসমীয়া হাস্য-ব্যংগ সাহিত্যলৈ বিশেষ ভাৱে অৱদান আগ বঢ়াইছে৷ বৰ্তমান প্ৰচলিত বাতৰি-কাকত সমূহতো বহুতো লেখকে ব্যংগ কবিতা, গল্প, প্ৰবন্ধ আদি লিখিবলৈ লৈছে৷ সেইসকলৰ ভিতৰত গৌতম শৰ্মা, ৰেল মহন্ত, ভদ্ৰ বৰা, সৌমিত্ৰ যোগী, ভৃংগেশ্বৰ শৰ্ম্মা আদিৰ নাম বিশেষ ভাবে উল্লেখযোগ্য৷ শেষত এটা কথাই ক’ব লাগিব যে- অসমীয়া সাহিত্যত এই হাস্য-ব্যংগ ধাৰাটোৱে বিশেষ অগ্ৰগতি লাভ নকৰাৰ মূল কাৰণ হ’ল এই ধাৰাৰ ওপৰত সমালোচনাৰ অভাৱ৷ সমালোচক সকলে শুদ্ধভাৱে সমালোচনা কৰিলে এই ধাৰা ভৱিষ্যতে জাকত-জিলিকা হৈ উঠিব৷

22 Comments

Leave a Reply

Your email address will not be published.