ফটাঢোল

অসমীয়া হাস্য ব্যংগ ৰচনা – ড° বসন্ত কুমাৰ ভট্টাচার্য

আধুনিক গদ্য সাহিত্যৰ এটি বিশিষ্ট সংলাপ হ’ল ৰস ৰচনা অথবা ৰম্য ৰচনা। ৰীতি-প্রকৃতিৰ দিশৰ পৰা এইবিধ সাহিত্য নির্মাতিক ব্যক্তি নিষ্ঠ লঘু ৰচনা বা হাস্যব্যংগাত্মক ৰচনাও বুলিব পৰা যায়। অসমীয়া সাহিত্যত এইবিধ ৰচনাৰ উন্মেষ আৰু বিকাশ ঘটিছিল প্রধানতঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। নক’লেও হ’ব যে এইবিধ ৰচনাত কৃতিত্ব অর্জন কৰিবলৈ সমৰ্থ হোৱাৰ বাবেই বেজবৰুৱাক ‘ৰসৰাজ’ বিভূষাৰে ভূষিত কৰা হৈছে।

বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামত ‘জোনাকী’(১৮৮৯) আলোচনীত হাস্যব্যংগাত্মক যিবিলাক প্রবন্ধ ৰচনা কৰিছিল, সিবিলাকৰ এটি সংকলন প্রকাশ পায় ১৯০৪ চনত, সংকলনটোৰ নাম কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা। বেজবৰুৱাই জোনাকী’ৰ বাহিৰেও ‘উষা’ আৰু ‘বাঁহী’ আলোচনীতো এনে ধৰণৰ ৰচনা লিখিছিল আৰু সিবিলাকো ‘কৃপাবৰ বৰুৱাৰ ভাবৰ বুৰবুৰণি’, ‘কৃপাবৰ বৰুৱাৰ ওভতনি’ (১৯০৯), ‘বৰ বৰুৱাৰ বুলনি’(১৯৬৪) শীর্ষক সংকলনত সন্নিবেশিত হৈছে।

উল্লিখিত সংকলন কেইটাৰ বাহিৰেও ‘বেজবৰুৱা গ্রন্থাৱলীত’ ‘ভাৱৰ বুৰবুৰণি’ (দ্বিতীয়খণ্ড), বৰবৰুৱাৰ চিন্তাৰ শিলগুটি’, ‘বৰবৰুৱাৰ সাহিত্যিক ৰহস্য’, ‘বৰবৰুৱাৰ সামৰণি’ শীর্ষক আন চাৰিটা প্রবন্ধ সংকলন অন্তর্ভুক্ত হৈছে। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে এই কেইটা সংকলনৰ নামকৰণ কৰিছে গ্রন্থাৱলীৰ সম্পাদকেহে। ইংৰাজী সাহিত্যৰ বিখ্যাত লেখক ৰবাৰ্ট লিণ্ড, ষ্টিফেন লিকক, চাৰ্লছ লেম্ব প্রভৃতিৰ ব্যক্তিনিষ্ঠৰম্য ৰচনাৰ আদৰ্শত, প্রধানকৈ বেজবৰুৱাই পোনতে অসমীয়া সাহিত্যত ইয়াৰ উদ্ভৱ আৰু বিকাশ ঘটায় বর্তমান যুগত। সেই কাৰণে, গল্প উপন্যাস আদি অসমীয়া সাহিত্যৰ আন আন বিভাগৰ দৰে ৰসৰচনা বা হাস্য ব্যংগ সাহিত্যকো ইংৰাজী সাহিত্যৰ পঠন-পাঠনৰ ফচল বুলি কোৱা হয়। ৰস ৰা ৰম্যৰচনাৰ বৈশিষ্ট্য সম্পর্কে ড° সত্যেন্দ্র নাথ শৰ্মাই তেওঁৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তত লিখিছে, দার্শনিকতাৰ পৰিৱর্তে লঘু মন্তব্য, মহত্ত্ব (Sublimity)ৰ পৰিবৰ্তে ঘৰুৱা ৰসমন পৰিবেশ, যুক্তিৰ ঠাইত অনুভূতি, বিষয়বস্তুৰ গুৰুত্বৰ পৰিৱৰ্তে প্রকাশভংগীৰ অভিনৱত্ব আৰু ব্যক্তি নিৰপেক্ষ তাৰ পৰিৱর্তে একান্ত ব্যক্তি নিষ্ঠতা এই বিধ ৰচনাৰ বিশেষত্ব।

সমাজ সংস্কাৰৰ আদর্শেৰে ৰচিত প্ৰৱল আশাবাদী আৰু জাতীয় চেতনা সম্পন্ন সাহিত্যিক বেজবৰুৱাৰ উল্লিখিত সংকলনকেইটাত সন্নিবিষ্ট ৰচনা সমূহত ৰসৰচনাৰ ওপৰত উল্লেখ কৰা বৈশিষ্ট্য সমূহৰ প্ৰকাশ ঘটিছে।

বেজবৰুৱাৰ পিছতেই প্রবন্ধকাৰ হিচাপে খ্যাতি যশ অর্জন কৰা প্রবন্ধকাৰজন হ’ল সত্যনাথ বৰা। তেওঁ প্ৰদানতঃ চিন্তামূলক প্রবন্ধকাৰ যদিও ১৯২৪ চনত প্রকাশিত ‘কেন্দ্রসভা’ নামৰ পুথিখনত হাস্য আৰু ব্যংগৰ প্ৰয়োগ ঘটিছে আৰু ফলস্বৰূপে পুথিখন ৰসৰচনাত পৰিণত হৈছে। সমাজ-সংস্কাৰৰ আদৰ্শই হ’ল পুথিখনত সন্নিবেশিত ৰচনা সমূহৰ ঘাই উদ্দেশ্য।

বেজবৰুৱা আৰু সত্যনাথ বৰাৰ বাহিৰে তৃতীয় গৰাকী হাস্য ব্যংগ বাৰসৰচনাত আত্মনিয়োজন কৰা লেখক হ’ল হলিৰাম ডেকা । তেওঁৰ দ্বাৰা ৰচিত ‘চিত্রসেন জখৰীয়াৰ আত্ম বিবৃতি’ এখন সার্থক হাস্য-ব্যংগাত্মক পুথি। প্রাক যুদ্ধযুগৰ এই তিনি গৰাকী লেখকৰ বাহিৰে আন কোনো লেখকে এই শ্রেণী ৰচনাৰ প্রতি বিশেষ আগ্রহ দেখুওৱা নাছিল। ফলত ইয়াৰ সৃষ্টি চর্চা সীমিত হৈ থাকিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত, ৰসৰচনা তথা হাস্য ব্যংগাত্মক ৰচনাৰ প্ৰতি একাংশ অসমীয়া লেখকৰ আকৰ্ষণ উপজিল। এই ক্ষেত্ৰত, পোনতে যিগৰাকী লেখকৰ নাম ল’বলগীয়া হয়, তেওঁ হ’ল ডাক্তৰ হেমচন্দ্ৰ বৰুৱা। তেওঁ ৰচিত আৰু সমাদৃত হাস্যব্যংগাত্মক পুথি তিনিখন হ’ল- ‘চপনীয়া’, ‘মোৰ ঘৰখন’ আৰু ‘নৱগ্রহ’। ডাক্তৰ বৰুৱা আছিল সমাজ জীৱন সচেতন লেখক। সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি কলম হাতত তুলি লৈছিল। তেওঁৰ ৰচনাত অসমীয়া গাঁৱলীয়া সমাজখনৰ চিত্ৰ সহানুভূতিৰে চিত্রিত হৈছে। উদাৰতা, ৰসিকতা আৰু কৌতুকপ্রিয়তা তেওঁৰ ৰচনাৰ বৈশিষ্ট্য। ব্যংগ-বিদ্রুপৰ প্ৰয়োগ তেওঁৰ ৰচনাত দেখা নাযায়।

ডাক্তৰ হেমবৰুৱাৰ পৰৱৰ্ত্তী লেখক তিলক হাজৰিকাই ‘আড’ (১৯৫৮) আৰু ‘কত কথা’ শীর্ষক পুথি দুখনত সন্নিবেশিত লেখাত হাস্য ব্যংগৰ প্রয়োগ মন কৰিবলগীয়া। হাজৰিকাৰ উল্লিখিত দুয়োখন পুথি পাঠক সমাজৰদ্বাৰা সমাদৃত। হাজৰিকাৰ ৰচনাত সমাজৰ পৰিৱর্তে ব্যক্তিমনৰ চিন্তা-ভাবনাৰ প্রকাশ ঘটিছে। বুদ্ধিনিষ্ঠ হাস্যৰসৰ প্রয়োগ বহুলতা আৰু সংসাৰ-জীৱন বিষয়ক জ্ঞানৰ উল্লিখন বর্ণনে তেওঁৰ একাংশ ৰচনাক আবেদনশীল কৰি তুলিছে। তিলক হাজৰিকাৰ বাহিৰেও তেওঁৰ সমসাময়িক প্রবন্ধকাৰ হেমচন্দ্র শর্মা, কিৰণ শর্মা, ভদ্ৰ বৰা, কীর্তিনাথ হাজৰিকা, দুলাল বৰা, নৱকান্ত বৰুৱা, ললিত বৰা আদিয়ে লঘু ৰচনা সৃষ্টিত উল্লেখযোগ্য ভূমিকা পালন কৰে। হেমচন্দ্র শৰ্মাৰ ‘বাটৰ দুবৰি বন’ আৰু ‘মদাৰ ফুলৰ মালা’ এই দুখন পুথিৰ অন্তর্ভুক্ত লঘু ৰচনা সমূহত সাধাৰণ দৃষ্টিত নগণ্য যেন লগা কেতবোৰ ঘটনা বা পৰিস্থিতিক ৰসোত্তীর্ণ ৰূপত উপস্থাপন কৰা হৈছে। শৰ্মাৰ ৰচনাত ব্যংগ-বিদ্রুপৰ স্থান নাই। সৰল হাস্যৰস সৃষ্টিয়েই হ’ল তেওঁৰ লক্ষ্য। কীর্তিনাথ হাজৰিকাৰ ‘নাৰদৰ ডায়েৰী’ আন এখন উল্লেখযোগ্য ৰসৰচনাৰ পুথি। ১৯৭০ চনত প্রকাশ পোৱা এইখন পুথিত সন্নিবেশিত ৰচনাত সৰল হাস্য ৰস আৰু কৌতুকৰ প্ৰয়োগ চিত্তস্পর্শী। তীব্র ব্যংগৰ প্ৰয়োগ ইয়াত অনুপস্থিত। সেইদৰে, আন এগৰাকী লেখক ভদ্ৰ বৰাৰ ‘মধুৰেণ আৰু অৰ্দ্ধং ত্যজতি’ বোলা পুথি দুখনতো সৰল হাস্যৰস আৰু লঘু ভাবনাৰ সমাবেশ লক্ষ্য কৰিব পাৰি। বৰাৰ ৰচনাতো নাই ব্যংগ-বিদ্রুপাত্মক দৃষ্টি ভংগিৰ নিদর্শন।

কবি নৱকান্ত বৰুৱাৰ ‘ৰমনীয়’ পুথিও চিত্তস্পর্শী আৰু লগতে কৌতুহল উদ্দীপক। পুথিখনৰ অন্তর্ভুক্ত ৰচনা সমূহত হাস্যৰসৰ প্ৰয়োগ নান্দনিক ৰীতিৰে প্ৰাণৱন্ত। কিৰণ শৰ্মা আৰু ললিত বৰা আন দুগৰাকী যশস্বী ৰস ৰচনা লেখক। কিৰণ শৰ্মাৰ ‘কিমিদং ব্যহৃতংময়া’ (১৯৫৮) আৰু ললিত বৰাৰ ‘ৰং বেৰং (১৯৬৯) শীর্ষক পুথি দুখনত লেখক দুগৰাকীৰ সৃষ্টিশীলতাৰ পৰিচয় স্পষ্ট ৰূপত জিলিকি উঠিছে। উভয়ৰে হাস্যৰস নির্দোষ আৰু মুক্ত।

বিংশ শতিকাৰ পঞ্চাশৰ পৰৱৰ্তী দশক কেইটাত ৰসৰচনা অথবা হাস্য ব্যংগাত্মক ৰচনা লিখাত যি কেইগৰাকী লেখকে আত্মনিয়োজন কৰি খ্যাতি অর্জিছে, সেই সকলৰ ভিতৰত পীতাম্বৰ ৰাজমেধি, কুমাৰমধুসুদন, প্রেমনাৰায়ণ, মেমেৰা মেধি, লীলা গগৈ আৰু হীৰেণ গোঁহাইৰ নাম উল্লেখযোগ্য। পীতাম্বৰ ৰাজমেধিৰ ‘টেঙা দৈ’, প্ৰেমনাৰায়ণ দত্তৰ ‘আশীর্বাদ’ আদি কুমাৰ মধু সুদনৰ ‘কিমাশ্চর্যম’ আদি পুথি এই শ্রেণীৰ সাহিত্যৰ উল্লেখযোগ্য নিদর্শন। লীলা গগৈৰ ‘কপলিং ছিগা ৰেল’, ‘বৃকোদৰ বৰুৱাৰ বিয়া’ আদি পুথিত সৰল হাস্যৰসৰ প্ৰকাশ নিঃসন্দেহে অবিস্মৰণীয়। সত্যেন বৰকতকীৰ ‘এচেণ্ডিং কুমজেলেকুৱা’তো সৰল হাস্যৰসৰ উদ্রেক ঘটিছে।।

সাহিত্যৰ এটা উল্লেখযোগ্য বিভাগ হিচাপে ৰস ৰচনা বা হাস্য-ব্যংগাত্মক ৰচনাৰ ধাৰাটোৱে অসমীয়া সাহিত্যত শক্তিশালী ভূমিকা পালন কৰিব পৰা নাই। কবিতা, গল্প, নাটক, উপন্যাস আদি সাহিত্যৰ অন্যান্য বিভাগৰ দৰে ৰসৰচনাৰ সৃষ্টি চর্চা নিৰৱচ্ছিন্ন নহয়। সেয়ে, এই শ্রেণী ৰচনাৰ প্ৰতি পাঠকৰ আকৰ্ষণ হ্রাস পাইছে। ইয়াৰ মাজতে, উল্লিখিত লেখকসকলে সাম্প্রতিকলৈকে যিখিনি অৱদান আগবঢ়াইছে, সেইখিনিৰ মূল্য চিৰকাল অটুট থাকিব।

পুনশ্চঃ আমাৰ নতুন প্রজন্মৰ লেখক-লেখিকা সকলে হাস্য-ব্যংগাত্মক বা ৰসৰচনা সৃষ্টিৰ প্রতি আগ্রহ দেখুৱালে, অদূৰ ভবিষ্যতে ইয়াৰ যথোচিত বিকাশ বিস্তাৰ যে ঘটিব, তাত সন্দেহৰ অৱকাশ নাই।

☆★☆★☆

3 Comments

  • ৰিণ্টু

    প্ৰথমবাৰৰ বাবে চাৰৰ লিখা এই প্লেটফৰ্মত পঢ়িবলৈ পাই নথৈ সুখী হ’লো। আশা ৰাখিছো, আগলৈও চাৰৰ লিখা ফটাঢোল ই-আলোচনীত পঢ়িবলৈ পাম

    Reply
  • জ্যোতিৰূপম দত্ত

    অসম সাহিত্য সভাই প্ৰদান কৰা পৰম বিশিষ্ট ‘সাহিত্যাচাৰ্য’ সন্মানেৰে সন্মানিত ড°বসন্ত কুমাৰ ভট্টাচার্যদেৱৰ এই লেখাটোৱে ‘ফটাঢোল’ আলোচনীখনৰ সৌষ্ঠৱ বহুগুণে বঢ়াই তুলিলে৷

    Reply
  • হেমন্ত কাকতি

    আপোনাৰ লিখাটো পঢ়ি উনৈশ শতিকাৰ হাস্য ব্যংগ সাহিত্য ক্ষেত্ৰখনৰ ভাল আভাষ এটা পালোঁ৷
    আগলৈও এনেদৰে লিখি আমাক অনুপ্ৰেৰণা যোগাব বুলি আশা ৰাখিলোঁ৷

    Reply

Leave a Reply

Your email address will not be published.