ফটাঢোল

অসমীয়াৰ সংহতি আৰু সমন্বয় ৰক্ষাত মুছলমানৰ অৱদান- ডা০ ভূপেন শইকীয়া

মোৰ দুজন ভাল বন্ধুৰ কথাৰে লিখনিটোৰ পাতনি মেলিব খুজিছোঁ৷ প্ৰগতিশীল চিন্তাধাৰৰ বাহক সেই যুৱক দুজন হ’ল গুৱাহাটীৰ আবিদ আজাদ আৰু শিৱসাগৰৰ ফৰিদ আহমেদ ‘দুল’৷ যাৰ আদৰ্শ হ’ল – “মোৰ জন্ম এনে এখন সমাজত য’ত সংকীৰ্ণ জাতিভেদ নাই৷ ঈদত নতুন কাপোৰ লওঁ, বিহুতো লওঁ, দুৰ্গা পূজাতো লওঁ৷ হোলীও পাতোঁ, দেৱালীও পাতোঁ৷ সদায় গৌৰৱৰে কওঁ -‘আমি অসমীয়া’৷ মোৰ জনম শংকৰ-আজান ফকিৰৰ পৱিত্ৰ মিলন ভূমি “অসমত” য’ত তিলমানো সাম্প্ৰদায়িকতাৰ স্থান নাই৷”

ইয়াৰ পিছতেই নাম ল’ম মোৰ এসময়ৰ প্ৰতিবেশী (সদ্যপ্ৰয়াত) ডা০ গৈ আহমেদ শ্বেখৰ৷ এটা কথাৰ বাবে মই তেওঁক সদায় সন্মান কৰিছিলোঁ৷ তেওঁ এজনী দৰিদ্ৰ জনজাতিৰ ছোৱালীক কণমাণি অৱস্থাতেই তুলি লৈ জীয়েকৰ মৰ্য্যদা দি শিক্ষা-দীক্ষা দি সৎ পাত্ৰত সঁপিছিল৷ আকৌ মই পাহৰিব নোৱাৰোঁ মোৰ ঘনিষ্ঠ সান্নিধ্যলৈ অহা প্ৰয়াত এম চালেহউদ্দিন চৌধুৰীক৷ সাহিত্যিক, সাংবাদিক, গ্ৰন্থকাৰ চৌধুৰী আছিল সংস্কৃতৰ এজন বিদগ্ধ পণ্ডিত আৰু সুবক্তা৷ নিজে মেডিকেলৰ ছাত্ৰ হৈ থাকোতে সংস্পৰ্শলৈ আহি ধন্য হৈছিলোঁ পদ্মশ্ৰী ডা০ নেকিবুৰ জামান চাৰ আৰু সাহসী শল্য চিকিৎসক ডা০ মহম্মদ আলি চৌধুৰী চাৰ আৰু মধুভাষী অভিনেতা ডা০ হাদি আলম বৰাৰ৷ ছাত্ৰাৱস্থাতেই বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ উপন্যাস “অঘৰী আত্মাৰ কাহিনী” আৰু আন আন ৰচনাৱলীয়ে মোক মোহাচ্ছন্ন কৰি ৰাখিছিল৷ একেদৰে শ্ৰদ্ধা কৰোঁ সাহিত্যিক অধ্যাপক ইমৰাণ শ্বাহৰ অনন্য প্ৰতিভাক৷

বাল্যকালত স্কুলীয়া শিক্ষা লৈ থাকোতেই এবাৰ বেনাৰচৰ এক নৈশ সংগীত সন্মিলনীত পোনপ্ৰথমবাৰৰ বাবে সুগায়িকা পাৰবীন চুলতানাৰ শাস্ত্ৰীয় গায়ন শুনিবলৈ পাওঁ৷ আচৰিত হ’বৰ কথা তাত তেওঁ ৰাইজৰ অনুৰোধত “ধুনীয়া ধুনীয়া বুলি নক’বা মিছাই, কিয় জানা লাজ লাগি যায়” গীতটি পৰিবেশন কৰিছিল৷ এই গৰাকী সুকণ্ঠী দৰদী গায়িকাক ভাৰত চৰকাৰে যথোচিতভাবে পদ্মবিভূষণ সন্মানেৰে অলংকৃত কৰিছে৷ হিন্দী বোলছবিত কণ্ঠদান কৰা তেওঁৰ কেইবাটিও গীত বহুল জনপ্ৰিয়৷ ১৯৯৯ চনত তেওঁ সংগীত নাটক একাডেমিৰ বঁটাও লাভ কৰে৷

শৈশৱতেই উপভোগ কৰিছিলোঁ যাদুসম্ৰাট এম হুচেইনৰ যাদু খেল৷ সেইজনা নমস্য ব্যক্তিয়ে বিশ্ব দৰবাৰত এই কথা প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল যে অসম হৈছে যাদু মন্ত্ৰৰ দেশ৷ যাদু খেলৰ প্ৰশিক্ষণ দিছিল অসমীয়া যুৱক-যুৱতীক৷ এতিয়া তেওঁৰ যাদুবিদ্যাৰ সম্প্ৰসাৰণ ঘটাইছে তেওঁৰ সুযোগ্য উত্তৰাধিকাৰী যাদুকৰ আনোৱাৰ হুচেইনে৷

জ্ঞানমালিনীৰ কবি সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকা, গীতিকাৰ তফজ্জল আলি,অভিনেতা তছদ্দুক ইউচুফ, আব্দুল মজিদ, আদিল হুছেইন, বাহাৰুল ইছলাম আদি বৰেণ্য শিল্পী সাহিত্যিকৰ অসমীয়া সমাজলৈ বৰঙণিক আমি কেতিয়াও পাহৰিব নোৱাৰিম৷ বিশিষ্ট অভিনেতা বাহাৰুল ইছলাম হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু সংগীত নাটক একাডেমীৰ এজন সন্মানীয় সদস্য৷ তেওঁ বৰ্তমানলৈকে অসমীয়া, হিন্দী আৰু ইংৰাজী ভাষাৰ চাৰি কুৰিখন চলচ্চিত্ৰত অভিনয় কৰিছে৷ অভিনেতা আদিল হুছেইন হ’ল অসমৰ গোৱালপাৰাৰ এজন সুযোগ্য সন্তান। তেওঁ বহুকেইখন হিন্দী আৰু অসমীয়া চলচ্চিত্ৰত অভিনয় কৰিছে। ‘দ্য ৰিলাকটেণ্ট ফাণ্ডামেণ্টেলিষ্ট’ (২০১২) আৰু ‘লাইফ অৱ পাই’ (২০১২) আদিৰ দৰে হলিউডৰ চলচ্চিত্ৰটো অভিনয় কৰিছে। শ্ৰীদেৱীৰ সৈতে ‘ইংলিছ ৱিংলিছ’ (২০১২) বোলছবিত অভিনয় কৰি সমালোচকৰপৰা উচ্চ প্ৰশংসা লাভ কৰিছিল। শেহতীয়াকৈ ‘হোৱাট পিপ’ল ৱিল চে’ নামৰ হিন্দী বোলছবিৰ বাবে নৰৱেৰপৰা শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় সন্মান লাভ কৰি স্বদেশলৈ আৰু অসমলৈ সুনাম কঢ়িয়াই আনে৷ শেহতীয়াকৈ এই চলচ্চিত্ৰখন অস্কাৰৰ বাবে মনোনীত হৈছে৷

নলবাৰীত জন্ম গ্ৰহণ কৰা ন্যায়াধীশ বাহাৰুল ইছলাম হ’ল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ৷ গুৱাহাটীৰ কটন কলেজ আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ইছলামে ১৯৫১ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৬২ আৰু ১৯৬৮ চনত তেওঁ দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। ২০ জানুৱাৰী, ১৯৭২ চনত তেওঁ অসম আৰু নাগালেণ্ড উচ্চ ন্যায়ালয়ত ন্যায়াধীশ ৰূপে নিযুক্তি লাভ কৰে। ১৯৭৯ ৰপৰা ১ মাৰ্চ ১৯৮০ লৈ তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল সম্পন্ন কৰি অৱসৰ গ্ৰহণ কৰে। শেষলৈ ৪ ডিচেম্বৰ ১৯৮০ চনত তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে৷ ১২ জানুৱাৰী ১৯৮৩ চনত তেওঁ এই পদৰপৰা অৱসৰ গ্ৰহণ কৰে৷

আন এজন অসমীয়া বিশিষ্ট ৰাজনীতিবিদ ফখৰুদ্দিন আলি আহমেদ আছিল ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি (১৯৭৪-১৯৭৭)। বৰপেটাত স্থাপিত অসমৰ পঞ্চমখন চিকিৎসা মহাবিদ্যালয় তেখেতৰ নামেৰে ‘ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়’ ৰখা হৈছে। প্ৰথম অসমীয়া পি এইচ ডি ডিগ্ৰী লাভ কৰোঁতা ড০ মইদুল ইচলাম বৰা, কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ আশ্ৰফ আলি, শিক্ষাবিদ চেনেহী বেগম, ইদ্ৰিচ আলি,সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনৰ সভাপতি নুৰুল আমিন আদি বিশিষ্ট অসমীয়াক আজিৰ অসমীয়াসকলে পাহৰণিৰ গৰ্ভত সোমাই যাবলৈ নিদিয়াকৈ ৰাখিব লাগিব৷

এনে বহু বিশিষ্ট অসমীয়া মুছলমানৰ অৱদান বুৰঞ্জীৰ পাত খোঁচৰিলে পোৱা যাব৷ এতিয়া চমুকৈ তাৰ এটি আভাস পাঠকসকলৰ আগত দাঙি ধৰাৰ প্ৰয়াস কৰিম৷ অতীজৰপৰা আজিলৈকে চিৰ নমস্য আৰু শ্ৰেষ্ঠ অসমীয়া মুছলমান ব্যক্তিসকলে বৃহত্তৰ অসমীয়া জাতি গঠনত, সমন্বয় আৰু সম্প্ৰীতিৰ পৰম্পৰা অটুট ৰখাত নিৰন্তৰ অৰিহণা যোগাই আহিছে৷ অসমত মুছলমানৰ ইতিবৃত্ত বিচাৰিলে জনা যায় যে আহোমসকলৰ অসমলৈ আগমনৰ প্ৰায় ২৫ বছৰ আগতে থলুৱা মেচ জনগোষ্ঠীৰ এজন ব্যক্তিয়ে ১২০৫ চনত ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ তেওঁৰ নাম আছিল আলি মেচ৷ ইয়াৰ পিছত ১২০৬ চনত তুৰস্কৰপৰা চীন দেশ আক্ৰমণ কৰিবলৈ অহা কিছু সৈন্য অসমৰ যোদ্ধাৰ লগত ৰণত পৰাভূত হৈ অসমতে থাকি যায়৷ সময়ত অসমক আকোৱালি লয় আৰু এনেদৰেই আৰম্ভ হয় অসমীয়া মুছলমান সমাজৰ৷ পৰৱৰ্তী কালত বৃত্তি, উপাসনা পদ্ধতি,ভাষা-সংস্কৃতি আদিৰ পটভূমিত অসমৰ মুছলমানসকল নানান উপনামেৰে জনাজাত হ’বলৈ ধৰে৷ উদাহৰণসমূহ তলত উল্লেখ কৰা হ’ল :

· গৌড়িয়া (গৰীয়া) – ত্ৰয়োদশ শতিকাত গৌড় দেশৰপৰা অসমলৈ আগমন হোৱা মুছলমান৷

· চৈয়দ (দাৱন) হ’ল আজান পীৰৰ বংশধৰ৷ ঘাইকৈ ধৰ্মপ্ৰচাৰ কৰিবলৈ আহি অসমত ৰৈ যোৱা লোক৷

· মৰীয়া হ’ল কৰ্মপটু কাৰিকৰ৷ আৰম্ভণিতে আহোম ৰজাৰ যুদ্ধবন্দী আছিল৷ কাৰাবাসৰপৰা মুক্ত হোৱাৰ পিছত পিতলত মৰিয়াই মৰিয়াই বাচন আৰু নানান আচবাব তৈয়াৰ কৰা কৰ্মত জড়িত হৈ পৰে৷

· গোৱালপৰীয়া বা দেশী মুছলমান – চতুৰ্দশ শতিকাত ৰজা চক্ৰধ্বজে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল৷ গতিকে তেওঁৰ অঙহী-বঙহীও কিছু মুছলমান হৈ পৰিল৷ আকৌ মানাহ নৈৰ পশ্চিমত অৱস্থিত গোৱালপাৰা জিলা দুশ বছৰৰো অধিক কাল মোগলৰ অধীন আছিল৷ ইয়াৰে এটা অংশ হ’ল নদীৰ ভাটি অঞ্চলত বসবাস কৰা ‘ভাটিয়া’ মুছলমান৷

· মণিপুৰী মুছলমান – কাছাৰত বসবাস কৰা মণিপুৰী মূলৰ মুছলিম লোকসকল৷ এওঁলোকৰ আন নাম হ’ল ‘প’ঙ্গাল’৷ তেওঁলোকে লিখা উপাধিসমূহ হ’ল – আলি, ৰহমান, চৌধুৰী৷ মণিপুৰী ‘মেইতে’সকলৰ সৈতে একে কলা-সংস্কৃতি এওঁলোকে মানি চলে৷

· চাহ শ্ৰমিক জোলা মুছলমান – ঘাইকৈ ঝাৰখণ্ডৰপৰা অসমলৈ এওঁলোকৰ আগমন হৈছিল৷

· ঢুলি – ঢোল আদি চামৰাৰ বাদ্যযন্ত্ৰ নিৰ্মাণত জড়িত লোক৷ ক্ৰমে লুপ্তপ্ৰায় হোৱাৰ দিশে৷

· ডাটিয়া – গোৱালপাৰাৰ মাছমৰীয়া আৰু নাৱৰীয়া জীৱিকাৰ লোক৷ এওঁলোকো ক্ৰমে লুপ্তপ্ৰায় হোৱাৰ দিশে৷

· মাইমল হ’ল কাছাৰ জিলাৰ মাছমৰীয়া সম্প্ৰদায়ৰ মুছলমান লোক৷

· ভূঞা – বৰাক উপত্যকাৰ খিলঞ্জীয়া মুছলিম লোক৷ একেদৰে লস্কৰ, চৌধুৰী, মণ্ডল, মজুমদাৰ আদিও হ’ল কাছাৰৰ থলুৱা মুছলমান সম্প্ৰদায়ৰ৷ এই সকলৰ অধিকাংশই লেখা-মেলা, জৰীপ আদি কৰ্মত জড়িত আছিল৷

· শ্বানদাৰ হ’ল অসম আৰু পশ্চিমবংগ সীমাত বসতি কৰা মনোহাৰী সামগ্ৰী বিক্ৰী কৰা লোক৷

· পূৰ্ববংগীয় মূলৰ মুছলমান

· পমুৱা বা চৰ-চাপৰিবাসী মুছলমান

এতিয়া বুৰঞ্জীৰ পাত উজলোৱা কেইগৰাকীমান বিশিষ্ট অসমীয়াক এই লেখাৰ যোগেদি স্মৰণ কৰিম৷

আজান ফকীৰ : ১৬১০ চনত ইৰাকৰ বাগদাদৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা ছাহ মীৰান কালক্ৰমত অসমলৈ আহি এটা সময়ত আজান ফকীৰ নামেৰে জনাজাত হয়৷ ধৰ্মৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যে চফল যুৱক ছাহ মীৰানে তেওঁৰ ভাতৃ নবীৰ সৈতে খোজ কাঢ়ি আফগানিস্থান দেশ পাৰ হৈ খাইবাৰ গিৰি পথেদি আহি ভাৰতত সোমাইছিলহি। পোনতে আজমীৰ, তাৰ পাছত দিল্লীত কিছু দিন কটাই তেওঁলোক আহি পালেহি বঙ্গদেশ হৈ অসমৰ কামৰূপৰ হাজো অঞ্চলত৷ তেওঁলোকে হাজোৰ হজৰত গিয়াছ-উদ্দিন আউলিয়াৰ দৰগাহতে থাকিবলৈ ল’লে। হাজোত কেইবাবছৰ থাকি ভালদৰে অসমীয়া ভাষা, ৰীতি-নীতি আয়ত্ত কৰিবলৈ ধৰিলে। ভাষাটোৰ লগতে শিকিলে ওজা পালি, লোক সংগীত আদিও। ৰচনা কৰিবলৈ ল’লে জিকিৰ। জিকিৰ হ’ল ইছলাম ধৰ্মীয় স্তুতি গীত। জিকিৰ শব্দটো আৰবী ‘জিকিঅ’ৰপৰা আহিছে, যাৰ অৰ্থ হ’ল আল্লাহৰ নাম স্মৰণ কৰা। বাঁহী, টোকাৰি, দোতাৰা আদি বজাই সমূহীয়াকৈ গোৱা জিকিৰ হ’ল সহজ-সৰল প্ৰকাশ ভংগীৰ একপ্ৰকাৰৰ লোকগীত। হাজোত কিছু বছৰ থকাৰ পিছত দুই ভাতৃয়ে উজনিৰ ফালে আগবাঢ়িল আৰু আহোম ৰজাৰ ৰাজধানী গড়গাঁৱৰ চূণপোৰা গাঁৱত থাকিবলৈ ল’লে। তেওঁলোক দুজনাই চূণপোৰা গাঁৱত মছজিদ সাজি নিতৌ পাঁচবাৰকৈ সুমধুৰ কণ্ঠেৰে আজান দিবলৈ ল’লে। এইদৰেই ছাহ মীৰান ‘আজান ফকীৰ’ নামেৰে জনাজাত হৈ পৰিল। দুই ভাতৃয়ে লগত কোনো তিৰোতা মানুহ বাগদাদৰপৰা অনা নাছিল। সময়ত অসমৰ ছোৱালীকে বিয়া কৰাই সকলো আচাৰ-নীতি গ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতিৰ সৈতে ওতঃপ্ৰােতভাবে মিলি গৈছিল। সেইসময়ৰ আহোম ৰজা গদাধৰ সিংহৰ দিনত বিশেষ প্ৰতিপত্তি থকা এজন মুছলমান বিষয়া আছিল ৰূপাই দাধৰা। ৰূপাই দাধৰাই আজান পীৰৰ লোকপ্ৰিয়তা দেখি ঈৰ্ষাত জ্বলি-পুৰি মৰিছিল। তেওঁ চল-চক্ৰান্ত কৰি দুই ভাতৃক গুপ্তচৰ সজাই বন্দী কৰি ৰাখিছিল৷ কিন্তু এটা সময়ত ৰজাই সত্য উপলব্ধি কৰিব পাৰি তেওঁলোকক সসন্মানেৰে সংস্থাপিত কৰিলে৷ তাৰ আগতে ৰূপাই দাধৰাৰ চক্ৰান্তত আজান ফকীৰে নিজৰ চকুহাল হেৰুৱাব লগা হৈছিল। অন্ধ হৈয়ো তেওঁ বিচলিত নহৈ ভাতৃত্ববোধৰ আৰু মানৱতাৰ বাণী বিলাই গৈছিল৷ প্ৰায় ১২০ বছৰ বয়সত আজান ফকীৰৰ মৃত্যু হয় আৰু শৰাগুৰি চাপৰিৰ মছজিদৰ কাষতে তেওঁক কবৰ দিয়া হয়৷

ৰমণী গাভৰু : আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই মোগল সেনাপতি মিৰজুমলাৰ লগত যুদ্ধত হাৰি নিজৰ জীয়েক ৰমণী গাভৰুক সন্ধি চুক্তিমতে মোগলৰ হাতত অৰ্পণ কৰিছিল৷ মোগল সম্ৰাট ঔৰংজেৱৰ পুত্ৰ মহম্মদ্ আজম শ্বাহৰ লগত ১১ বছৰ বয়সত ৰমণী গাভৰুৰ বিবাহ হয় আৰু নাম লয় ৰহমত বানু বেগম৷ ৰমণী গাভৰুৰ জন্ম হৈছিল ১৬৬২ চনত৷ অতি কম বয়সতেই মাতৃভূমি ত্যাগ কৰি সুদূৰ দিল্লীলৈ যোৱা এইগৰাকী গাভৰুৰ অন্তৰখন আছিল স্বদেশ প্ৰেমৰ ভাৱনাৰে পৰিপূৰ্ণ৷ লাচিত বৰফুকন আৰু লালুকসোলা বৰফুকন আছিল ৰমণী গাভৰুৰ মোমায়েক৷ শৰাইঘাটৰ ৰণত জয়লাভৰ পিছত লাচিত বৰফুকনৰ মৃত্যু হোৱাত লালুকসোলাই সেনাপতিৰ দায়িত্ব লয়৷ কিন্তু নিজে ৰজা হোৱাৰ মানসেৰে গোপনে মোগলৰ লগত চুক্তি কৰিবলৈ বিচাৰে৷ সুদূৰ দিল্লীৰপৰাই ৰমণী গাভৰুৱে মোমায়েকৰ এই নীচ চক্ৰান্তত যৎপৰোনাস্তি বাধা দিয়ে৷ এইজনা সাহসী বীৰাংগনাৰ মৃত্যু হয় ঢাকাত৷ ৰহমত বানুৰ কবৰ ঢাকাত অক্ষত অৱস্থাত আজিও আছে৷ ‘ৰমণী গাভৰু সাহসিকতাৰ বঁটা’ অলপতে অসমত প্ৰচলন কৰা হৈছে আৰু প্ৰথম বঁটাটো সাহসী পুলিচ বিষয়া সংযুক্তা পৰাশৰক প্ৰদান কৰা হৈছে৷

……………………………………………………………………

বাঘ হাজৰিকা, হিলৈধাৰী গেন্ধেলা গৰীয়া,জয়ন্তীয়া কোঁৱৰ ফতেহ খান, হিলৈধাৰী বৰুৱা, ৰমজান খান, চিত্ৰকৰ দিলৱাৰ, মহাপুৰুষ শংকৰদেৱৰ শিষ্য দৰ্জী চান্দসাঁইৰপৰা আৰম্ভ কৰি অনেক বিশিষ্ট অসমীয়া মুছলমানৰ নাম স্বৰ্ণিল আখৰেৰে ইতিহাসৰ পাতত খোদিত হৈ আছে – যাৰদ্বাৰা ধন্য হৈছে বৃহত্তৰ অসমীয়া সমাজ৷ আজিৰ জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত আমি তেওঁলোকৰ ত্যাগ আৰু আদৰ্শক স্মৰণ কৰি,সকলো ভেদাভেদ পাহৰি অসমত ‘অসমীয়া’ৰ চিৰযুগমীয়া সংস্কৃতিক জীয়াই ৰখাৰ সংকল্প ল’বৰ সময় সমাগত৷ চিৰনমস্য ভূপেন হাজৰিকাই জানো কৈ যোৱা নাই – “মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ”?

আকৌ শ্ৰদ্ধেয় হোমেন বৰগোহাঁঞিয়ে (প্ৰথম কলম, ১২ এপ্ৰিল, ২০১৩) লিখিছিল – “এই কথা সকলোৱে স্বীকাৰ কৰে যে অসমীয়া হিন্দু আৰু মুছলমানৰ অকৃত্ৰিম মিলা-প্ৰীতিৰ সম্পৰ্ক সমগ্ৰ ভাৰতৰ ভিতৰতে একক আৰু অতুলনীয়। অসমীয়া মুছলমান আৰু হিন্দুৰ মাজত কোনোকালেই ধৰ্মীয় আৰু সামাজিক সংঘৰ্ষ হোৱা নাই।”

মোখনিত এটা কথাই ক’ম, মই কোনোবা প্ৰখ্যাত লিখকৰ লিখনিত এইদৰে পঢ়িছিলোঁ – ‘কোৰাণৰ কোনো এঠাইত এইদৰে উল্লেখ আছে, তোমালোকে য’তেই বসতি কৰা তাৰেই ৰীতি-নীতি,লোক সংস্কৃতি গ্ৰহণ কৰি সমাজৰ সৈতে মিলি থাকিবা৷’ অসমৰ মুছলমানসকলে অতীজৰপৰা সেই কথা আখৰে আখৰে পালন কৰি সম্প্ৰীতিৰ এনাজৰিডাল সুদৃঢ় কৰি ৰাখিছে৷

(‘কাটাৰ অসম সমাজ’ৰদ্বাৰা যোৱা ২৩ আগষ্টত পালিত ঈদ সন্মিলনত থুলমুলকৈ এইখিনি বক্তব্যকে সমবেত ৰাইজৰ আগত দাঙি ধৰা হৈছিল৷)

☆★☆★☆

3 Comments

  • Anonymous

    বহু শিকিলো ছাৰৰ লিখনীটোৰ পৰা।

    Reply
  • সদানন্দ ভূঞা

    জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে বসবাস কৰা মিলনভূমিয়েই হল অসম ।

    Reply
  • লিখনিটোৰ পৰা বহু কথা জানিলোঁ ছাৰ। ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.