ফটাঢোল

অসমীয়া কবিতাৰ বৰ্তমান আৰু উত্তৰ আধুনিকতাবাদ — পৰশমণি কাশ্যপ

সাহিত্যৰ অন্যান্য বিভাগৰ দৰে মানুহৰ এই লোকসমাজেই হ’ল কবিতাৰ স্ৰষ্টা। ই পৃথিবীৰ সকলোবোৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰতেই সমানে প্ৰযোজ্য। আদিম কালত মানবীয় সকলোবোৰ আবেগ-অনুভূতিৰ উপৰিও সেই আদিম পিতৃ-মাতৃ সকলৰ সংঘাতময় জীৱনৰ সকলো প্ৰকাৰৰ বাস্তৱৰ অভিজ্ঞতাই আছিল সেই কবিতাৰ প্ৰধান উপজীব্য। কিন্তু সেই কবিতাসমূহ কোনে¸ কেতিয়া ৰচনা কৰিছিল তাক জনাৰ কোনো উপায় নাই। সেই কবিতাসমূহ পোনতে কোনো ব্যক্তি বিশেষৰ মুখৰ পৰাই ওলাইছিল আৰু মানুহৰ সম্পদত পৰিণত হৈছিল। এই একেদৰে অসমীয়া কবিতাও মানুহৰ মুখে-মুখে বাগৰি প্ৰবাহিত হৈ এসময়ত অসমীয়া কবিতাৰ সৃষ্টি হৈছিল।

সমাজ জীৱন পৰিৱৰ্তনশীল। সময়ৰ প্ৰৱাহমান সোঁতৰ ফলত অসমীয়া কবিতা বহুতো ঘাট-প্ৰতিঘাট পাৰ হৈ আজিৰ অৱস্থা পাইছেহি।

বৰ্তমানৰ যুগটো হ’ল আধুনিক যুগ। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ এই দ্ৰুত উন্নয়নৰ যুগত মানুহে উন্নতিৰ জখলাত ধাপে-ধাপে উঠিবলৈ সক্ষম হৈছে। তাৰ লগে-লগে অসমীয়া কবিতায়ো আধুনিক ৰূপত নতুন ধৰণৰ সাজোন কাচোনেৰে গঠিত হৈছে।

কিন্তু সম্প্ৰতি ভালেমান সময়ৰে পৰা আধুনিক কবিতা সম্বন্ধে নানা ধৰণৰ আলোচনা হ’বলৈ ধৰিছে। সমালোচকসকলে বিভিন্ন ধৰণেৰে সাম্প্ৰতিক কালৰ অসমীয়া কবিতাক সমালোচনা কৰি আহিছে। ইয়াতো শ্ৰেণী বৈষম্যৰ সৃষ্টি হৈছে। এটা শ্ৰেণীৰ সমালোচক সকলৰ মতে সাম্প্ৰতিক কালৰ কবিতাবোৰ একেবাৰে সময়োপযোগী হৈছে। এই নবীন সমালোচকসকলে সদায় সময় পৰিৱৰ্তনৰ সপক্ষে মত পোষণ কৰে। তেওঁলোকে ভাবে যে অসমীয়া কবিতাৰ পৰিৱৰ্তন একো অস্বাভাৱিক আৰু অবাঞ্চিত নহয়। যিহেতু সমাজ¸ মানুহ আৰু সময়ৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী। তদুপৰি বৰ্তমান বিজ্ঞানৰ ব্যাপক উন্নতিৰ যুগত অন্যান্য প্ৰগতিৰ লগতে অসমীয়া কবিতাই এক নতুন স্বকীয়তা লাভ কৰিছে। ফলত কিছুমান নতুন ধাৰাৰ সৃষ্টি হৈছে। আকৌ এচাম লোকে আধুনিক অসমীয়া কবিতাক সমালোচনাৰে চৰ্চা কৰিছে। তেঁওলোকে কৈছে যে¸ আধুনিক কবিতাসমূহত কবিতাৰ প্ৰকৃত মহত্ব প্ৰকাশ পোৱা নাই। বহুক্ষেত্ৰত আধুনিক কবিতাসমূহে ব্যাপক খেলিমেলিৰ সৃষ্টি কৰিছে। বিশেষকৈ কবিতাত অলংকাৰ¸ লয় আৰু সংগীতধৰ্মী শব্দ যোজনাৰ অনুপস্থিতিত এই প্ৰাচীন (!) সমালোচক সকল দুঃখিত হৈছে। তেঁওলোকৰ মতে আধুনিক কবিতাসমূহে কবিতাৰ কাব্যিক সুন্দৰতাৰ অনুভূতিক বিকৃত কৰিছে। কিয়নো আধুনিক কবিতাবোৰ বহুক্ষেত্ৰত দুৰ্বোধ্য সাঁথৰৰ নিচিনা হৈ পৰিছে।

আজিকালি বহুতো ডেকা কবিৰ কবিতাই কাব্যপ্ৰেমী সকলৰ মনত নানা খেলিমেলিৰ সৃষ্টি কৰিছে। সেয়েহে কিছুসংখ্যক পাঠকে এই কবিতাবোৰত জীৱন্ত বাস্তৱ জীবনৰ সৃজনীময়ী ছবি নেদেখি আত্মকেন্দ্ৰিক জীবনবিমুখ মানসিকতাৰ বাবে বিভ্ৰান্তিৰ ট্ৰেজেডি দেখিছে। সেয়েহে তেওঁলোকে আধুনিক কবিসকলে প্ৰকৃত কবিতাক কবৰ দিয়া বুলি আক্ষেপ কৰিছে। তথাপিও এই কবিতাৰ গতি আগবাঢ়িয়েই আছে। নতুন নতুন কবিসকলে কবিতা লিখিয়েই আছে।

অৱশ্যে এইটো ঠিক যে আজিৰ বহুবোৰ কবিতাই সাধাৰণ পঢ়ুৱৈ সমাজে একো বুজি নাপায়¸ এনেকি বিদ্বান পণ্ডিতসকলেও বুজি নাপায়। এইটো কবিতাৰ লক্ষণ নহয়। কাৰণ কবিতাৰ প্ৰধান লক্ষণ হ’ল সাধাৰণীকৰণ অৰ্থাৎ কবিৰ অানুভূতিক শব্দ আৰু লয়ৰ সংকেতেৰে পাঠকৰ অন্তৰত জগাই তোলা। যদিহে কোনো কবিৰ কবিতাত কবিয়ে নিজৰ অনুভূতিশীল অন্তৰৰ প্ৰকাশ কৰিব নোৱাৰে¸ তেন্তে তেঁও কবিয়েই নহয় আৰু তেঁও লিখাবোৰো কবিতা নহয়। মাথো সেয়া শব্দৰ কচৰৎহে। কিন্তু বৰ্তমানে নতুন কবিৰ প্ৰায়ভাগ কবিতাতেই অনুভূতিশীল অন্তৰৰ প্ৰকাশ নঘটে। তাৰোপৰি বহুতো লেখকে সোনকালে নিজকে প্ৰতিস্থা কৰিবলৈ আন ভাষাৰ পৰা শব্দ ধাৰ কৰি আনে আৰু বহুতো প্ৰখ্যাত কবিৰ পৰা শব্দ চুৰিৰ প্ৰচেষ্টা চলাই। ফলত কবিতাৰ দেহ বিকৃত হয় আৰু কবিতাটো হৈ পৰে দুৰ্বোধ্য। এইদৰে জীবনৰ বাস্তৱ অভিজ্ঞতাৰ পৰা কবিতাৰ জন্ম নহ’লে সি কেৱল শব্দৰ মেৰপাক হৈ পৰে। তাত ওপৰত উল্লেখ কৰাৰ দৰে নানা বিচ্ছিন্ন কল্পনাৰ কাৰছাজি থাকিব পাৰে¸ চমক থাকিব পাৰে¸ কিন্তু তাত কবিতাৰ প্ৰাণটোৱেই নাথাকে।

দৰাচলতে কোনবোৰ কবিতা ভাল বা কোনবোৰ কবিতাৰ বৈশিষ্ট্যত নপৰে একে আশাৰেই কৈ দিয়াটো টান। ভাল কবিতা আৰু বেয়া কবিতাৰ সংজ্ঞা নিৰ্ধাৰণ কৰাটো সহজ নহয়। বেয়া কবিতাৰ ধাৰণাটোও নতুন নহয়। এয়াই ক’ব পাৰি যে যিবোৰ কবিতাই হৃদয়¸ মন আৰু বুদ্ধিক স্পৰ্শ কৰিব পাৰে¸ মানৱ প্ৰাণত আলোড়ন তোলে¸ সৌন্দৰ্য্য তৃষ্ণা জাগ্ৰত কৰে¸ নতুন সত্য আৰু নতুন জেউতিৰ সম্পদ হৈ পৰে¸ মানুহৰ সাধাৰণ দৃষ্টিৰ অগোচৰে ৰোৱাখিনিক কবিৰ কল্পলোকত উদ্ভৱ হোৱা ছবিৰ সহায়ত মনোৰম ৰূপত পঢ়ুৱৈৰ মানসপটত মূৰ্ত কৰি তোলে- সেইবোৰ কবিতাই প্ৰকৃততে পঢ়ুৱৈৰ হৃদয় চুবপৰা ভাল কবিতা।

অৱশ্যে বিগত তিনিটামান দশকৰ পৰা কবিসকলে শৈল্পিক গুণ আয়ত্ব কৰা বা কবিতাৰ নান্দনিক গুণৰ প্ৰতি সচেতন হোৱা পৰিলক্ষিত হৈছে। তদুপৰি সামাজিক উপলব্ধিক প্ৰতিকী ৰূপত প্ৰকাশ কৰিব পৰা দক্ষতাও অৰ্জন কৰিছে। লোকভাষাৰ প্ৰতি আকৰ্ষণ আৰু তাৰ সাৰ্থক প্ৰয়োগেৰে চিত্ৰময় ব্যঞ্জনা দিব পৰাও অন্যতম বৈশিষ্ট।

সাম্প্ৰতিক কালত কবিৰ সংখ্যা বাঢ়িছে। ই অতি শুভ লক্ষণ। তেঁওলোকৰ কলমৰ পৰা ধাৰাসাৰ সৃষ্টি হোৱা সাহিত্যই অসমীয়া কবিতাক নতুনত্ব আনি দিছে। কিন্তু দুখৰ বিষয় এই চাম নবীন লেখকৰ ভিতৰত সৰহভাগেই মানবীয় মুল্যবোধ বুজি নাপায়। হয়তো কবিতা সম্পৰ্কে নূন্যতম সম্যক ধাৰণাও নাই। তথাপি লিখি আছে। মনৰ উচাহেই এওলোকৰ প্ৰধান উপজীৱ্য।

সম্প্ৰতি এচাম নতুন কবিয়ে নানা ধৰণৰ পৰীক্ষা-নিৰিক্ষা চলাই আহিছে। আধুনিক কবিতাৰ অৱস্থাটো অনুধাৱণ কৰি বহুক্ষেত্ৰত সফল হৈছে। ক’ব লাগিব যে এক নতুন জীৱন বীক্ষাৰে পৰিপুষ্ট হ’ব পৰা এই চাম নবীন কবিয়ে ভালদৰে কাব্যচৰ্চা কৰিলে অদূৰ ভবিষ্যতে এক সবল কাব্যধাৰাই অসমীয়া কবিতাক সমৃদ্ধ কৰিব পাৰিব বুলি নিশ্চিতভাবে আশা কৰিব পাৰি।
সেয়েহে ন-লেখকসকলে প্ৰতিভাৰ উৎকৰ্ষৰ লগতে নিজৰ সৃষ্টিক উৎকৃষ্ট কৰাৰ বাবে সাধনা আৰু অনুশীলনত অধিক মনোনিবেশ কৰা উচিত।

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.