ফটাঢোল

অসমীয়া ভাষাৰ বিলৈ – সুৰেন গোস্বামী

অসমীয়া ভাষা সংকটত পৰিছে, সকলোৰে মুখে মুখে। ইয়াৰ বাবে আক্ষেপ, হতাশা যথেষ্ট দেখা গৈছে। ইয়াৰ লগে লগে আনৰ গালৈ বোকা ছটিয়াই নিজৰ দোষ ঢাকি ৰখাৰ প্ৰচেষ্টাও কম নহয়। বিশেষকৈ ” ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰাচুৰ্য্য, নানান ভাষা-ভাষী লোকৰ আগমণ, ৰাজ্যভাষা প্ৰয়োগ কৰাত চৰকাৰী অৱহেলা, বৰ বৰ লোকে নিজৰ ল’ৰা-ছোৱালীক অসমীয়া মাধ্যমত নপঢ়োৱা”– ইত্যাদি আক্ষেপ আৰু হতাশাজড়িত কথাই বেছি প্ৰাধান্য লাভ কৰি আছে।
ওপৰত উল্লেখ কৰা কাৰণবোৰ নোহোৱা বুলি ক’ব নোৱাৰি। কিন্তু তাৰ লগত আছে আমি অসমীয়াৰ নিজৰ প্ৰতি সচেতনতা নাই। আমি আনৰ দোষ খুচৰি ফুৰা এটা জাতি। নিজৰ ভাষা বা সম্পদক লৈ আমি গৌৰৱ কৰিব নাজানো। চাবলৈ গ’লে অসমীয়া ভাষাৰ দৰে মধুৰ ভাষা ভাৰতৰ আন ৰাজ্যত নাই। ইয়াৰ একোটা শব্দৰ যি বৈচিত্ৰময় লালিত্য, বিবিধ অৰ্থ আছে, তেনে বৈশিষ্ট্য অন্য ভাষাত কম। উদাহৰণ স্বৰূপে ‘ৰাতিপুৱা’টোকে ধৰকচোন! এই শব্দটোক লৈ “দোকমোকালি, ফেঁ‌হুজালি, হেঙুল বৰণ, পুৱে দাগ দিয়া, কুকুৰাই ডাকদিয়া–আদি কিমানটা মধুৰ শব্দ আৰু বাক্যাংশ ওলাইছে! এনেদৰে অজস্ৰ শব্দ আছে, যিবোৰৰ উদাহৰণ ইয়াত দি শেষ কৰিব নোৱাৰি। কিন্তু আমি নিজৰ সম্পদক হেয়জ্ঞান কৰোঁ‌ আৰু আনৰটোক আঁ‌কোৱালি লওঁ‌। অন্য ভাষাৰ শব্দ এটা কৈ নিজকে মহান বা বেছি জনা বুলি পৰিচয় দিব খোজোঁ‌। নিজৰ এই স্বভাৱটোৰ বাবে ইংৰাজী বিদ্যালয় বা অন্য ভাষী লোক দোষী নে?
লাচিত, চিলাৰায়, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভুপেন হাজৰিকা আদিসকল উদাহৰণৰ বাবেহে, তেওঁ‌লোকৰ আদৰ্শ প্ৰয়োগৰ বাবে নহয়। সামগ্ৰিক ভাবে অসমীয়া জাতি যে পৰমুখাপেক্ষী, সেই কথা স্বীকাৰ কৰি লোৱাত আপত্তি থাকিব নালাগে। “আনৰটো আমাতকৈ শুৱলা, শক্তিশালী” এই অপ্ৰকাশ্য মনোবৃত্তিয়ে হৈছে মূলতঃ অসমীয়া ভাষাৰ নিম্নগামিতাৰ মুখ্য কাৰণ। ৰাজ্য এখনত বিবিধ ভাষা-ভাষী লোক থাকিবই, তাত বাধা দিব নোৱাৰি। কিন্তু নিজৰটো ত্যাগ কৰি তেওঁ‌লোকৰটো আকোৱালি ল’লে তেওঁ‌লোকেতো চুলি দাঙি উঠিবই, কাৰণ তেওঁ‌লোকে সহজে ধৰিব পাৰে যে এই জাতিটোক সহজে বশ কৰিব পাৰি। গতিকে অন্য ভাষা-ভাষীৰ দোষ নে নিজৰ আত্মহনন মনোবৃত্তিৰ দোষ? নিজক সংশোধন নকৰিলে, নিজে শক্তিশালী হৈ নুঠিলে আনে সুবিধা লোৱাত আনক দোষ দিব নোৱাৰি। মনত ৰখা উচিত যে আনক দুৰ্বল কৰি নিজৰ স্থান প্ৰতিষ্ঠা কৰাটো মানুহৰেই নহয়, অন্য জীৱ-জন্তুৰো স্বভাৱ। এই প্ৰতিষ্ঠাৰ যুদ্ধত হাৰিব লাগিলে দুৰ্বলেহে হাৰিব।
ভাষা গতিশীল, কিন্তু প্ৰতিষ্ঠাপিত ভাষা এটা মৃত্যুমুখী নহয়। নতুন নতুন শব্দ, কোৱা বা লিখাৰ প্ৰক্ৰিয়া আদি পৰিৱৰ্তন হ’ব পাৰে, হৈ থাকে। কিন্তু তাৰ মাজত নিজত্ব সদায় বজাই ৰখাটো ব্যক্তি বা জাতিৰ সচেতনতাৰ ওপৰত নিৰ্ভৰ কৰে। এজনে যদি আনৰ কিবা এটা ভাল বুলি গ্ৰহণ কৰে, তেন্তে নিজৰ ভালটোও আনক গ্ৰহণ কৰিবলৈ সচেতন কৰি তোলা বা গ্ৰহণ কৰোৱাই গৌৰৱ অনুভৱ কৰিব পাৰিব লাগিব। কিন্তু অসমীয়াৰ এই গুণটোৰে অভাৱ। আনৰ ভাষা-সংস্কৃতি গ্ৰহণত যিমান সচেষ্ট, আনক নিজৰ ভাষা-সংস্কৃতি গ্ৰহণৰ বাবে উৎবুদ্ধ কৰাত সিমানেই
অৱহেলিত। ইয়াকে বোলে ভাষাৰ ক্ষেত্ৰত অসচেতনতা বা আত্মহনন।
অসমীয়াৰ আৰু দোষ হ’ল, আন ভাষিক শব্দ (বিশেষকৈ ইংৰাজী আৰু হিন্দী) গ্ৰহণ কৰি সেই শব্দক অসমীয়াই অনৰ্থকভাবে, মাত্ৰ নিজক শ্ৰেষ্ঠ কৰিবলৈ, যধে-মধে, য’তে-ত’তে ব্যৱহাৰ কৰে। দুদিন আগতে এজন পুলিচ অসমীয়া অফিচাৰে সাংবাদিকৰ আগত কোনো এটা ঘটনাৰ বৰ্ণনা দিওঁ‌তে ব্যৱহাৰ কৰিছিল ‘লগভগ’ শব্দ। মই নিজেই শুনি লাজ পাইছিলোঁ‌। কিয়, অসমীয়া ‘প্ৰায়’ শব্দটো কি অসূচী হ’ল? এনেদৰে অসমীয়া মধুৰ শব্দ থকা সত্বেও শতাধিক
হিন্দী শব্দ কথাই কথাই ব্যৱহাৰ কৰাটো জাতীয় দুৰ্বলতাৰ চিন নহয় জানো? ক’লে বেয়া শুনি, আমাৰ কেইজনমান বিশেষ শিল্পীয়ে অসমীয়া ‘কিন্তু’, ‘সেইবাবে’ বা ‘সেইকাৰণে’ শব্দ দুটা পাহৰিয়েই গৈছে। কথা অসমীয়াত ক’ব, কিন্তু এটা বাক্যত দুই-তিনিবাৰ so, but নুবুলিলে তেওঁ‌লোকৰ বক্তব্যত জোৰ নহয়, ৰাতি টোপনি নাহে। এনেকৈ অপ্ৰয়োজনীয়কৈ ইংৰাজী শব্দ ব্যৱহাৰ কৰিব পাৰিলেহে সফল ভাষণ দিয়া বুলি ভাবে, ৰাতিও নিদ্ৰা ভাল হয়– মাকৰ কোলাত মূৰ গুজি টোপনি মৰা বুলি অনুভৱ কৰে। সেইসকল শিল্পীক কিন্তু প্ৰতিবাদ কোনেও নকৰে, বৰং “বুকুৰ এফাল শিল্পীয়ে যদি কৈছে, মইনো কিয় নক’ম” বুলি সেইটোকে অভ্যাস কৰি লোৱাত কুণ্ঠা বোধ নকৰে।ভুল কি, শুদ্ধ কি, সেই বিচাৰ্যৰ ক্ষমতাকণো আমি হেৰাই পেলাইছোঁ‌। লক্ষ্য কৰিবলগীয়া যে নিজৰ শিল্পীয়ে কয় কাৰণে ভুল হ’লেও নিমাত। ইয়ে হ’ল আত্মবিশ্লেষণহীনতা আৰু লগতে জাতীয় অৱচেতনাৰ পৰিচয়।
ওপৰত কৈছোঁ‌ , অৰ্থ নুবুজাকৈয়ে অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰাটোও অসমীয়াৰ স্বভাৱ। তাৰো উদাহৰণ দিওঁ‌ ।
আমি প্ৰায়ে এনে বাক্য কওঁ‌-” মই ডাক্তৰৰ লগত ‘কঞ্চাল্ট’
কৰিছোঁ‌”, ” কাগজখন মোলৈ ‘চেণ্ড’ (এইটো নতুনকৈ ওলাইছে) কৰি দিয়াচোন” ,”তাৰ pronounciation বৰ বেয়া”, ” সেইখন গাড়ীৰ comfortness নাই, মই নিকিনোঁ‌– ইত্যাদি। প্ৰথম বাক্য দুটাত বক্তাই ক্ৰিয়া পদকে বিশেষ্য ৰূপত ভুলকৈ ব্যৱহাৰ কৰিছে, গমেই নাপায়। তৃতীয় আৰু চতুৰ্থ বাক্যত ব্যৱহাৰ কৰা pronounciation আৰু comfortness শব্দ দুটা ইংৰাজী ভাষাতেই নাই। সিহঁ‌তৰ ঠাইত হ’ব লাগে pronunciation (প্ৰোনাঞ্চিয়েশ্বন) আৰু comfort. বিস্তৃত লিখা সম্ভৱ নহয়, মাত্ৰ উদাহৰণহে দিলোঁ‌। এনেদৰে অবিচাৰিত ভাবে বা অন্ধ অনুকৰণ কৰা অসমীয়াৰ চাৰিত্ৰিক গুণৰ বাবে নিজেই নিজৰ ভাষাটোক কেনেদৰে হেৰুৱাব তাৰেহে এটা আগজাননী দিয়া হ’ল। প্ৰসংগতে ইয়াকো কোৱা হ’ল যে আন ভাষাৰ শব্দ ব্যৱহাৰ কৰি সেই ভাষাটোক যে কিবা সন্মান দেখুৱালে, সেয়াও নহয়; বৰং বিকৃতভাবে ব্যৱহাৰ কৰি নিজৰ ভাষাটোকতো কলুষিত কৰিলেই, সেই অন্য ভাষাকো অপমান কৰিলে। কালি মই উল্লেখ কৰা ইংৰাজী u (ইউ) স্বৰক অসমীয়াত o (ও) স্বৰ হিচাপে কৰি লোৱাটোও এনে বিকৃতকৰণৰেই অন্য এক উদাহৰণ। গতিকে, অসমীয়া ভাষাৰ যদি মৃত্যু হয়, তেন্তে অসমীয়াৰ নিজৰ ব্যক্তি চৰিত্ৰ আৰু জাতীয় চৰিত্ৰৰ বাবেই হ’ব, অন্যক দোষ দি লাভ নাই।

☆★☆★☆

One comment

  • হেমন্ত কাকতি

    “আনৰটো আমাতকৈ শুৱলা, শক্তিশালী” এই অপ্ৰকাশ্য মনোবৃত্তিয়ে হৈছে মূলতঃ অসমীয়া ভাষাৰ নিম্নগামিতাৰ মুখ্য কাৰণ!

    একমত ছাৰ৷

    Reply

Leave a Reply

Your email address will not be published.