ফটাঢোল

অসমীয়া ভাষা, ব্যাকৰণ ইত্যাদি – খগেশ সেন ডেকা

সাধাৰণতে অসমীয়া ভাষাৰ বানান, বাক্য-গাঁথনি, ব্যাকৰণগত ব্যৱহাৰ আদিৰ বিষয়ে আলোচনা কৰিলে; অথবা কাৰোবাৰ ভুল-প্ৰয়োগ আদি দেখুৱাই দিলে প্ৰায়ে কটু কথাহে শুনা যায়। এই ক্ষেত্ৰত এষাৰ মন্তব্য বৰকৈ চলে৷ সেয়া হ’ল এইবোৰেই দেখোন চলি আছে৷ কিনো ভুল হ’ল! কাৰো কাৰো মত আৰু এখোপ ওপৰত৷ তেওঁলোকৰ মতে, লিখা কথাখিনি বুজি পালেই হ’ল৷ সেয়ে যদি হয়, তেন্তে ভাষা, ব্যাকৰণ আদিৰ আলোচনাৰ প্ৰয়োজনেই বা কি? অধুনা পৰ্যন্ত পৃথিৱীৰ বুকুত ভাষা-বিষয়ক যিমানবোৰ তত্ত্বৰ আৱিষ্কাৰ হৈছে, সেইবোৰৰ আৱশ্যকতাই বা ক’ত? প্ৰাচীন ভাৰতীয় ভাষা-চিন্তাৰ নায়ক য়াস্ক, পাণিনি, পতঞ্জলি, কাত্যায়ন, হেমচন্দ্ৰ সূৰী; গ্ৰীচ দেশৰ প্লেটো, এৰিষ্ট’ট’ল, ডায়’নিছিয়াছ থ্ৰাক্স, এপ’ল’নিয়াছ ডাইছ্ক’লাছ, ৰোমান (লেটিন) ধাৰাৰ মাৰ্কাছ টেৰেণ্টিয়াছ ৱাৰ’, এলিয়াছ ড’নাটাছ, প্ৰিশ্চিয়ান; অধুনা কালৰ ফাৰ্ডিনাণ্ড দ্য ছ্যছুৰ, লেনাৰ্ড ব্লুমফিল্ড, নোৱাম চমস্কী আদিয়ে বহু গৱেষণাৰ অন্তত ভাষা বিষয়ক যিবোৰ কথা কৈ থৈ গ’ল, সেইবোৰৰ দেখোন কোনো মূল্যই নাথাকিব৷ বৰং সকলো অসাৰ হৈ পৰিব। কথাখিনি গভীৰভাৱে বিবেচনা কৰি চোৱা প্ৰয়োজন৷

ভাষা হ’ল জাতি একোটাৰ সমাজ-সংস্কৃতি-সভ্যতাৰ ধাৰক আৰু বাহক৷ ভাষা অবিহনে মানৱ-সভ্যতাৰ অস্তিত্ব এক প্ৰকাৰ অসম্ভৱ কথা। পৃথিৱীৰ বুকুত যিদিনাই মুখৰ ভাষাই লিখিত ৰূপ পাইছিল, সেই দিনাৰে পৰা মানৱ-সভ্যতায়ো গজালি মেলিছিল বুলি ক’লে বোধহয় ভুল কোৱা নহ’ব৷ অথচ নিজৰ ভাষাটোৰ প্ৰতি আমাৰ ইমান অনাদৰ, অৱহেলা! এই দিশত আমি অসমীয়াসকল বোধহয় আৰু এখোপ চ’ৰা৷ নিজৰটো এৰি আনৰটো ধৰা আমাৰ স্বভাৱ৷ এনে কাৰণতে তাহানি ব্ৰিটিছসকলে অসমত অসমীয়াৰ সলনি বাংলা ভাষা জাপি দিব পাৰিছিল৷ সেই কালত ভিনদেশী মিছনেৰীসকল নথকা হ’লে অসমীয়া ভাষাৰ আধ্যা পৰিলহেঁতেন৷ আনন্দৰাম ঢেকিয়াল ফুকনক বাদ দি তেতিয়াৰ শিক্ষিত অসমীয়াই ভাষা-পুনঃপ্ৰতিষ্ঠাৰ এই আন্দোলনত বিশেষ কিবা ভূমিকা লৈছিল বুলি পতিয়ন যাব নোৱাৰি৷

হয়, ভাষা বোৱঁতী সুঁতিৰ দৰে৷ পৰিৱৰ্তনশীলতা তাৰ স্বাভাৱিক ধৰ্ম৷ কিন্তু বোৱঁতী পানীয়ে যদি প্ৰলয়ংকৰী বানেৰে তাণ্ডৱ সৃষ্টি কৰে তাক নিশ্চয়কৈ ৰোধ কৰিব লাগিব। এইখিনিতে আৱশ্যক হয় ভাষা একোটাৰ ব্যাকৰণ আৰু অভিধান চৰ্চাৰ। এই দুবিধ তত্ত্বই ভাষাৰ উদ্দাম গতিক যে নিয়ন্ত্ৰিত কৰে সেই সম্পৰ্কে বোধহয় কাৰো দ্বিমত নাথাকিব৷

অন্যান্য বিষয়ৰ দৰে ব্যাকৰণ তথা ভাষা-চিন্তাৰো এক ইতিহাস আছে। প্ৰতীচ্যত এই ইতিহাস আৰম্ভ হৈছিল গ্ৰীচ দেশত—হোমাৰীয় মহাকাব্যৰ আয়’নীয় গ্ৰীক ভাষাৰ বিশ্লেষণেৰে৷ আনহাতে প্ৰাচ্যত ভাৰতীয় বৈদিক ভাষাৰ সংৰক্ষণৰ লক্ষ্য আগত ৰাখি এই চিন্তাৰ উদ্ভৱ হৈছিল৷ ভাৰতীয় পৰম্পৰাত ভাষা-বিশ্লেষণ হিচাপে ‘ব্যাকৰণ’ অভিধাৰ প্ৰথম উল্লেখ ‘গোপথ ব্ৰাহ্মণ’-ত পোৱা যায়৷ ইয়াত ইন্দ্ৰই পোনতে ভাষাক ব্যাকৃত (বিশ্লেষণ) কৰা বুলি কোৱা হৈছে৷ বেদৰ সংহিতাৰ পদপাঠেৰে আৰম্ভ হোৱা ভাৰতীয় ধাৰাটোৱে মহৰ্ষি পাণিনিৰ হাতত পূৰ্ণাংগ তথা বিজ্ঞানসন্মত ৰূপ লাভ কৰিছিল৷ পাণিনিৰ ‘শব্দানুশাসন’ (নামান্তৰে অষ্টাধ্যায়ী) আজিও বিশ্বৰ বুকুত অবিসম্বাদী ব্যাকৰণ শাস্ত্ৰৰূপে স্বীকৃত হৈ আছে। মাৰ্কিন ভাষাবিজ্ঞানী লেনাৰ্ড ব্লুমফিল্ডে এই ব্যাকৰণখনক “One of the greatest monument of human intelligence” আখ্যা দিয়াটো এই প্ৰসংগত বিশেষভাৱে উল্লেখযোগ্য৷ ইয়াত বিজ্ঞান চুম্বকীয় ৰীতিৰ জৰিয়তে প্ৰকাশ পাইছে৷ পাণিনিৰ পৰৱৰ্তী কালত এই ব্যাকৰণৰ ব্যাখ্যা হিচাপে মহৰ্ষি পতঞ্জলিয়ে ‘মহাভাষ্য’ ৰচনা কৰিছিল৷ পৰৱৰ্তী সময়ত কাত্যায়ন, ভাৰদ্বাজ, বাড়ৱ, ব্যাঘ্ৰভূতি, কৈয়ট, ভৰ্তৃহৰি, ৱামণ আদিয়ে বিভিন্ন টীকা-টীপ্পনিৰে সংস্কৃত ব্যাকৰণ-ধাৰাক উজ্জীৱিত কৰি ৰাখিছিল৷

অতীত ভাৰতৰ শিক্ষা-ব্যৱস্থাত ব্যাকৰণ-শিক্ষাৰ যে বিশেষ গুৰুত্ব আছিল তাক দোহৰা নিষ্প্ৰয়োজন। গুৰুকুল শিক্ষাৰ এই ব্যৱস্থাত শিষ্যই গুৰুগৃহত ষড় বেদাংগৰ অন্যতম অংগ অকল ব্যাকৰণকে সুদীৰ্ঘ বাৰটা বছৰ জুৰি অধ্যয়ন কৰিব লাগিছিল৷ “দ্বাদশভিঃ বৰ্ষৈঃ ব্যাকৰণং শ্ৰূয়তে” কথাষাৰে তাৰেই প্ৰমাণ দাঙি ধৰে৷ সেই কালত ব্যাকৰণৰ জ্ঞান সম্পূৰ্ণ হ’লেহে শিষ্যৰ শিক্ষা সম্পূৰ্ণ হোৱা বুলি ধৰা হৈছিল৷

অসমত ব্ৰিটিছসকলৰ আগমনৰ পূৰ্বে অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰণয়নৰ কোনো প্ৰমাণ পোৱা নাযায়৷ ব্ৰিটিছ পূৰ্ব অসমৰ শিক্ষা-ব্যৱস্থা আছিল টোল আৰু চতুষ্পাঠীকেন্দ্ৰিক৷ সেইবোৰত বেদ-বেদাংগৰ উপৰি ভাষাজ্ঞানৰ বাবে সংস্কৃত ব্যাকৰণৰ পাঠ পঢ়ুওৱা হৈছিল৷ কোচ ৰজা নৰনাৰায়ণৰ দিনত পুৰুষোত্তম বিদ্যাবাগীশে ৰচনা কৰা ‘প্ৰয়োগ ৰত্নমালা ব্যাকৰণ’ আৰু তেতিয়াৰ টোলসমূহে সংস্কৃত শিক্ষাৰ প্ৰাধান্যৰ ইংগিতকে বহন কৰে৷

অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণখন লিখিছিল কলকাতাৰ শ্ৰীৰামপুৰৰ ৰোমান কেথলিক মিছনৰ উইলিয়াম ৰবিনছন নামৰ এগৰাকী ব্ৰিটিছ মিছনেৰীয়ে। A Grammar of the Asamese Language নামৰ এই ব্যাকৰণখনৰ ৰচনা কাল ১৮৩৯ খ্ৰীঃ ৷ ব্যাকৰণখন লিখাৰ পৰত ৰবিনছন আছিল তেতিয়াৰ The Gowhati Government Seminary (বৰ্তমান কটন কলেজিয়েট হায়াৰ ছেকেণ্ডেৰী স্কুল)-ৰ প্ৰধান শিক্ষক। ৰবিনছনৰ ব্যাকৰণ ৰচনাৰ ঘাই উদ্দেশ্য আছিল অসম ভূমিৰ সম্পদ আহৰণৰ বাবে নতুনকৈ অহা ব্ৰিটিছ চাহাবসকলক কাম চলাব পৰাকৈ অসমীয়া ভাষাৰ আৱশ্যকীয় জ্ঞান প্ৰদান কৰা৷ ব্যাকৰণখনৰ দুই পৃষ্ঠাজোৰা Introduction খণ্ডত তাৰ স্পষ্ট উল্লেখ আছে৷ ৰবিনছনে পাছত ব্ৰিটিছ প্ৰশাসনত যোগ দিয়ে আৰু তেওঁ স্কুলসমূহৰ পৰিদৰ্শক পদত অধিষ্ঠিত হয়৷ প্ৰশাসনৰ বিষয়ববীয়া হিচাপে পাছলৈ তেওঁ অসম বিৰোধী ভূমিকাত অৱতীৰ্ণ হয় আৰু অসমত বাংলা ভাষা চলোৱাৰ বাবে উঠি পৰি লাগে।

অসম ভূমিত জেমচ্ ৰেই আৰম্ভ কৰা শ্ৰীৰামপুৰীয়া ব্ৰিটিছ মিছন বিফল হোৱাত আমেৰিকান মিছনেৰীসকল আহে আৰু নানান আহুকালৰ অন্তত শিৱসাগৰত নিগাজীকৈ থলি পাতে৷ এই মিছনৰে অন্যতম কৰ্মী ৰেভাৰেণ্ড ডঃ নাথান ব্ৰাউনে উইলিয়াম ৰবিনছনৰ ব্যাকৰণখনৰ সম্পূৰ্ণ ন বছৰৰ পাছত ১৮৪৮ খ্ৰীঃত Grammatical Notices of the Asamese Language নামেৰে অসমীয়া ভাষাৰ দ্বিতীয়খন ব্যাকৰণ ৰচনা কৰে৷ এই ব্যাকৰণখনৰ পাতনিখনক অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ এক বহুমূলীয়া দলিল বুলিব পাৰি৷

ৰবিনছন আৰু ব্ৰাউনৰ ব্যাকৰণ দুখন ইংৰাজী মাধ্যমেৰে ৰচিত আৰু তেনেই চমু৷ অৱশ্যে ৰবিনছনৰ তুলনাত ব্ৰাউনৰ ব্যাকৰণখন বহু দিশত উন্নত আৰু অসমীয়া ভাষাৰ গাঁথনিক ৰূপৰ ওচৰ চপা৷ অসমীয়া ভাষাৰ মাধ্যমেৰে প্ৰথমখন অসমীয়া ব্যাকৰণ ৰচনা কৰে হেমচন্দ্ৰ বৰুৱাই (শৰ্মা)৷ ১৮৫৯ চনত ৰচিত এই ব্যাকৰণখনৰ নাম ‘অসমীয়া ভাষাৰ ব্যাকৰণ’৷ অসমস্থ আমেৰিকান মিছনেৰীসকল আৰু স্থানীয় দেশহিতৈষী আনন্দৰাম ঢেকিয়াল ফুকনৰ নেৰানেপেৰা চেষ্টাত ইতিপূৰ্বে ১৮৩৬ চনতে পঢ়াশালি আৰু আদালতৰ পৰা অপসাৰিত হোৱা অসমীয়া ভাষাৰ ১৮৭৩ খ্ৰীঃত পুনৰ্বাসন ঘটাত হেমচন্দ্ৰ বৰুৱাই তেওঁৰ পূৰ্বৰ ব্যাকৰণখনৰ ‘অশুধবোৰ’ গুচাই ‘অসমীয়া ব্যাকৰণ’ (১৮৭৩) নামেৰে পুনৰ প্ৰকাশ কৰে৷ তাৰ উপৰি, অসমীয়া পঢ়াশলীয়া ছাত্ৰৰ উপযোগীকৈ তেওঁ ‘অসমীয়া ল’ৰাৰ ব্যাকৰণ’, ‘পঢ়াশলীয়া অভিধান’ আদিও ৰচনা কৰে ৷ হেমচন্দ্ৰ বৰুৱাৰ অক্ষয় কীৰ্তি ‘হেমকোষ’ অভিধান তেওঁৰ মৃত্যুৰ পাছত ১৯০০ চনত পণ্ডিত হেমচন্দ্ৰ গোস্বামী আৰু পি আৰ গৰ্ডন চাহাবৰ নেৰানেপেৰা চেষ্টাত প্ৰকাশিত হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ-চিন্তাৰ আধাৰত পৰম্পৰাগত দৃষ্টিভংগীৰে এক বুজন সংখ্যক পঢ়াশলীয়া ব্যাকৰণ পুথি ৰচিত হয়৷ ‘অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক’ হেমচন্দ্ৰ বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠিত ধাৰাটোৰ পৰা সামান্য ফালৰি কাটি সত্যনাথ বৰাই ১৯২৫ চনত ‘অসমীয়া ভাষাৰ বহল ব্যাকৰণ’ ৰচনা কৰে৷ সত্যনাথ বৰাৰ দৰে কিছু ব্যতিক্ৰমী চিন্তাৰে ৰচিত আন এখন ব্যাকৰণ হ’ল—গণপতি ভূঞাঁৰ ‘সাহিত্য সুহৃদ ব্যাকৰণ’ (১৯৪০)৷

অসমীয়া ভাষা-চিন্তাক প্ৰথমবাৰৰ বাবে দেবানন্দ ভৰালিয়ে মাত্ৰ ৬৪ পৃষ্ঠাৰ ‘অসমীয়া ভাষাৰ মৌলিক বিচাৰ’ (১৯১২) শীৰ্ষক গ্ৰন্থখনিৰ যোগেদি পশ্চিমীয়া ভাষাতাত্ত্বিক দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰে ৷ ইয়াৰ পাছত কালিৰাম মেধিৰ ‘অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব’ (১৯৩৬) আৰু বাণীকান্ত কাকতিৰ Assamese Its Formation and Development (১৯৪১)-ৰ প্ৰকাশে অসমীয়া ভাষাৰ বিশ্লেষণ ৰীতিক ঐতিহাসিক ভাষাতত্ত্বৰ প্ৰকৃত বিজ্ঞানসন্মত ভিত্তি প্ৰদান কৰে ৷ কাকতিক তেওঁৰ গৱেষণা-গ্ৰন্থৰ বাবে তেতিয়াৰ কলিকতা বিশ্ববিদ্যালয়ে ১৯৩৫ চনতে ডক্টৰেট উপাধি প্ৰদান কৰিছিল যদিও তেওঁৰ গ্ৰন্থখন প্ৰকাশত কিছু বিলম্ব ঘটে ৷

বিশ্বৰ বুকুত ভাষা বিষয়ক চিন্তাই আধুনিক ভাষাবিজ্ঞানৰ জনকৰূপে অভিহিত অধ্যাপক ফাৰ্ডিনাণ্ড দ্য ছ্যছুৰৰ চিন্তাৰ আঁত ধৰি নতুন দিগন্তলৈ আগবাঢ়িছিল যদিও, এই চিন্তা বিস্তৃত হয় লেনাৰ্ড ব্লুমফিল্ডৰ Language (১৯৩৩) শীৰ্ষক গ্ৰন্থখনৰ যোগেদি ৷ তাৰ পাছত এই চিন্তাই নোৱাম চমস্কীৰ Syntactic Structures (১৯৫৭) Aspects of the Theory of Syntax (১৯৬৫) The Minimalist Program (১৯৯৫) আদিৰ জৰিয়তে অধিক বিজ্ঞানসন্মত তথা গাণিতিক ৰূপ লয় ৷ এনেদৰে নিত্য নতুন তত্ত্বৰ আৱিষ্কাৰে ভাষা-চিন্তাৰ জগতখনক যে দিনে দিনে সমৃদ্ধ কৰি তুলিছে সেই কথাৰ উল্লেখ বাহুল্য মাথোন ৷ ভাষাবিজ্ঞানৰ এই শেহতীয়া তত্ত্ববোৰৰ আধাৰত অসমীয়া ভাষাৰ বিশ্লেষণ হ’বলৈ এতিয়াও বাকী ৷ ভাষাৰ গৱেষকসকল এই দিশলৈ আগবাঢ়ি আহিব বুলি মোৰ দৃঢ় বিশ্বাস ৷

আধুনিক ভাষাবিজ্ঞানে নিৰ্দিষ্ট কৰা সূত্ৰৰ আধাৰত অসমীয়া ভাষাৰ বিশ্লেষণ আৰম্ভ হয় কুৰি শতিকাৰ দ্বিতীয়াৰ্ধত ৷ ১৯৭২ চনত গোলোকচন্দ্ৰ গোস্বামীয়ে ‘অসমীয়া গোলোক ব্যাকৰণ’-ত পোন প্ৰথমে গাঁথনিক ভাষাবিজ্ঞানৰ তত্ত্ব প্ৰয়োগ কৰে ৷ এইজনা ব্যাকৰণবিদৰ শেহতীয়াভাৱে প্ৰকাশিত অসমীয়া ‘ব্যাকৰণৰ মৌলিক বিচাৰ’ (১৯৮৭, ১৯৯০), ‘অামাৰ ভাষাৰ অনুশীলন’, ‘অসমীয়া ব্যাকৰণ প্ৰৱেশ’ (২০০০) আন কেইখনমান মূল্যবান ব্যাকৰণ বা ব্যাকৰণ বিষয়ক পুথি ৷ ১৯৮১ চনত প্ৰকাশিত উপেন্দ্ৰনাথ গোস্বামীৰ ভাষাবিজ্ঞানৰ সূত্ৰ-আধাৰিত ‘অসমীয়া ভাষাৰ ব্যাকৰণ’ আন এখন উল্লেখযোগ্য গ্ৰন্থ ৷ এইজনা ভাষাতত্ত্ববিদৰ ‘অসমীয়া ভাষাৰ ৰূপকথা’ (১৯৭৪)-ও এই বিষয়ৰ এখন উপাদেয় গ্ৰন্থ ৷ অতি সম্প্ৰতি লীলাৱতী শইকীয়া বৰাই ‘অসমীয়া ব্যাকৰণ আৰু ব্যৱহাৰ’ আৰু উপেন ৰাভা হাকাচামে ‘ব্যৱহাৰিক অসমীয়া ব্যাকৰণ’ শীৰ্ষক আন দুখন পুথি ৰচনা কৰি অসমীয়া ব্যাকৰণ-চিন্তাক কিছু নতুনত্ব দিছে ৷ চমস্কী, ফিলম’ৰ আদিয়ে উদ্ভাৱন কৰা ক্ৰমে Transformational Generative Grammar, Case for Case Theory আদিৰ আধাৰত অসমীয়া ভাষাৰ সম্পৰীক্ষা হ’বলৈ এতিয়াও বাকী ৷

ওপৰত অসমীয়া ভাষা-চিন্তাৰ এক চমু আভাস দাঙি ধৰা হ’ল ৷ ইয়াৰ পৰা নিশ্চয়কৈ বুজিব পৰা যাব যে, অসমীয়া ভাষাৰ বিশ্লেষণ ৰীতি হেমচন্দ্ৰ বৰুৱা বা সত্যনাথ বৰাৰ স্তৰতে ৰৈ থকা নাই ৷ কোনো কোনোৱে হেমচন্দ্ৰ বৰুৱা আৰু সত্যনাথ বৰাৰ ব্যাকৰণকে অসমীয়া ভাষাৰ শেষ সিদ্ধান্ত বুলি তাৰ পৰা এখোজ লৰচৰ কৰাকো মহাপাপ বুলি গণ্য কৰে ৷ কিন্তু এই দুজনা পুৰোধালৈ অন্তৰৰ সমস্ত শ্ৰদ্ধা ৰাখিও কওঁ যে অতি সম্প্ৰতি অসমীয়া ভাষাৰ বিশ্লেষণ-ৰীতিৰ পৰিৱৰ্তন ঘটিছে ৷ অতীতৰ বৈয়াকৰণসকলে আগবঢ়োৱা আলোচনা আছিল ঘাইকৈ সংস্কৃত-ব্যাকৰণ-নিৰ্ভৰ ৷ সেই বাবে তেওঁলোকৰ ব্যাকৰণত সংস্কৃতত নথকা অথচ অসমীয়াৰ খাচ বিশেষত্বৰূপে চিহ্নিত ভালেমান কথাৰ বিশ্লেষণ পাবলৈ নাই ৷

ভাষা আগ ব্যাকৰণ পিছ ৷ ভাষা নথকা হ’লে ব্যাকৰণৰো আৱশ্যক নাথাকিলহেঁতেন ৷ সময়ৰ লগে লগে ভাষাৰ পৰিৱৰ্তন হয় ৷ গতিকে ভাষাৰ আলোচনাতো তাৰ প্ৰতিফলন ঘটা নিতান্ত প্ৰয়োজনীয় কথা ৷ হেমচন্দ্ৰ বৰুৱাই হেমকোষ সংকলন কৰোঁতে শব্দৰ যি অৰ্থ পাইছিল তাকেই উল্লেখ কৰিছিল ৷ সময়ৰ সোঁতত তাৰে কিছুমান শব্দৰ অৰ্থৰ পৰিৱৰ্তন ঘটিল ৷ এতিয়া সেই পুৰণি অৰ্থকে গ্ৰহণ কৰিব লাগে বুলি জবৰদস্তি কৰিলে ভাষাৰ গতি স্থৱিৰ হৈ পৰিব ৷ এটা মাত্ৰ উদাহৰণেৰে কথাটো স্পষ্ট কৰিব পাৰি ৷ হেমকোষৰ প্ৰথম সংস্কৰণত (পৰৱৰ্তী আনকেইটামান সংস্কৰণতো) ‘ধুৰন্ধৰ’ শব্দটোৰ অৰ্থ দিয়া আছে—উত্তম, পাৰ্গত ৷ এয়া সংস্কৃত ভাষাৰ অৰ্থ ৷ অসমীয়াত কিন্তু শব্দটোৰ অৰ্থান্তৰ ঘটি দুষ্ট, বদমাছ আদি হৈছেগৈ। এতিয়া হেমকোষত আছিল বাবেই সেই অৰ্থ মানুহে গ্ৰহণ কৰিব জানো ?

হেমকোষৰ নতুন সংস্কৰণত আকৌ কেতবোৰ অশুদ্ধ ৰূপকো মান্যতা দিয়া হৈছে ৷ উদাহৰণ স্বৰূপে ব্যৱহাৰ শব্দটোৰ লগত ষ্ণিক্ প্ৰত্যয় যোগ হ’লে আৰম্ভণিৰ স্বৰৰ বৃদ্ধি হয় ৷ অৰ্থাৎ, ব্যৱহাৰ+ষ্ণিক=ব্যাৱহাৰিক ৰূপহে ব্যাকৰণসন্মত ৷ কিন্তু হেমকোষৰ শেহতীয়া সংস্কৰণত ‘ব্যৱহাৰিক এনেও হয়’ বুলি লিখা হৈছে ৷ তেনেদৰে গাঁও শব্দটোৱে Village বুজায় ৷ আনহাতে গাওঁ হ’ল গা ধাতুৰ বৰ্তমান কালৰ প্ৰথম পুৰুষৰ ক্ৰিয়াৰূপ ৷ দুয়োটা ৰূপক একাকাৰ কৰিলে অৰ্থ-বিভ্ৰাট ঘটিব ৷ অভিধানৰ নতুন সংস্কৰণৰ প্ৰণেতাসকলে এইবোৰ দিশ বিবেচনা কৰা উচিত ৷

পৰিশেষত পুৰণি ব্যাকৰণে সামৰি নোলোৱা অথচ আধুনিক ব্যাকৰণসমূহে উদ্ঘাটন কৰা অসমীয়া ভাষাৰ দুটিমান বিশেষত্বৰ উল্লেখেৰে এই আলোচনাৰ মোখনি মাৰিব খুজিছোঁ ৷

(১) পৰম্পৰাগতভাৱে চলি অহা ব্যাকৰণ পুথিবোৰত ব্যাকৰণৰ সংজ্ঞা এনেদৰে দিয়া আছে—’যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ লিখিব আৰু ক’ব পাৰি তাকে ব্যাকৰণ বোলে ৷’ সত্যনাথ বৰাই তেওঁৰ ব্যাকৰণৰ পাতনিত ‘ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙনি’ বুলি ব্যাকৰণৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিও ভিতৰৰ গা গ্ৰন্থত পৰম্পৰাগত সংজ্ঞাটোকে উল্লেখ কৰিছে ৷ সংস্কৃত ব্যাকৰণ শব্দৰ ব্যুৎপত্তিগত অৰ্থ কিন্তু ভাষাৰ গঠন-পদ্ধতিৰ বিশদ আৰু বিস্তৃত বিৱৰণহে [ব্যাকৰণ = বি+আ+√কৃ+অনট্ (অন); বি—বিশেষ, আ—বিস্তৃত, √কৃ—কৰা, তাৰ লগত অনট্>অন প্ৰত্যয়ৰ সংযোগ ] ৷ এই ক্ষেত্ৰত আধুনিক ভাষাবৈজ্ঞানিক ব্যাকৰণকেইখনে কিন্তু সঠিক সংজ্ঞাকে দাঙি ধৰা দেখা গৈছে ৷

(২) অসমীয়া ভাষাৰ ধ্বনিমালা আৰু আখৰমালাৰ বিস্তৰ ব্যৱধান আছে ৷ কেতবোৰ আখৰৰ ধ্বনিগত উচ্চাৰণ পাবলৈ নাই ৷ তাৰ বিপৰীতে আকৌ কেইটামান ধ্বনিৰ লিখিত আখৰ নাই ৷ পৰম্পৰাগত ব্যাকৰণবোৰত ধ্বনিগত বৰ্ণৰ কোনো আভাস পাবলৈ নাই ৷ সেইবোৰত সংস্কৃত বৰ্ণমালাৰ মতেই অসমীয়া আখৰমালাৰ ধাৰণা দিয়া হৈছে ৷ আধুনিক ব্যাকৰণকেইখনত কিন্তু উচ্চাৰিত ধ্বনি আৰু সিবোৰৰ বিপৰীতে ব্যৱহাৰ হৈ থকা আখৰৰ যথাৰ্থ বিশ্লেষণ পোৱা যায় ৷

(৩) পুৰণি ব্যাকৰণবোৰত শব্দৰ যি ব্যাখ্যা দিয়া হৈছে সেয়া পৰ্যাপ্ত নহয় ৷ অাধুনিক ব্যাকৰণকেইখনত প্ৰাকৃতি-বিজ্ঞানৰ আধাৰত এই বিষয়ৰ বিজ্ঞানসন্মত ব্যাখ্যা আগবঢ়োৱা হৈছে ৷

(৪) পৰম্পৰাগত ব্যাকৰণবোৰ সূত্ৰ- নিৰ্ভৰ ৷ সেই সূত্ৰবোৰে কিন্তু বিষয়টোৰ পৰিপূৰ্ণ ধাৰণা দিয়াত প্ৰায়ে ব্যৰ্থ হয় ৷ উদাহৰণ স্বৰূপে “নাম বুজোৱা শব্দ মাত্ৰেই বিশেষ্য” বুলি বিশেষ্য পদৰ সংজ্ঞা দাঙি ধৰা হৈছে ৷ অথচ দয়া, মায়া, নম্ৰতা, ক্ষমা আদি কোনো বস্তু বা ঠাইৰ নাম নহয়, বৰং গুণহে ৷ সংজ্ঞাটোৱে সামৰি ল’ব নোৱৰা এনেবোৰ শব্দক গুণবাচক বিশেষ্য বুলি এটা সুকীয়া শ্ৰেণী হৈছে ৷ ইয়াৰ পৰা এইটোৱে বুজা যায় যে, পৰম্পৰা ব্যাকৰণৰ সূত্ৰসমূহ ভাষা বিশেষৰ অন্তৰ্গত বিষয়সমূহ ব্যাখ্যা কৰিবলৈ পৰ্যাপ্ত নহয় ৷

(৫) হেমচন্দ্ৰ বৰুৱা, সত্যনাথ বৰাকে ধৰি প্ৰায়ভাগ অসমীয়া বৈয়াকৰণে অসমীয়া ভাষাত সন্ধি নাই বুলি অসমীয়াত ব্যৱহৃত সংস্কৃত শব্দবোৰৰ সন্ধিৰ অৱতাৰণা কৰিছে ৷ এই প্ৰসংগত উদাহৰণ হিচাপে যিবোৰ শব্দৰ উল্লেখ কৰিছে সেইবোৰৰ কিছুমান কোনো অসমীয়াই কেতিয়াও ব্যৱহাৰ কৰি পোৱা নাই ৷ অসমীয়া ভাষাত প্ৰত্যয় আৰু বিভক্তিৰ সংযোগত সন্ধি হয়, যেনে— গাঁও+অত=গাঁৱত, হৰি+এ=হৰিয়ে, খা+আ=খোৱা ইত্যাদি ৷ এইবোৰ দিশৰ আলোচনা প্ৰচলিত পঢ়শলীয়া ব্যাকৰণ পুথিবোৰত পাবলৈ নাই ৷ খাচ অসমীয়া সন্ধিৰ অৱতাৰণা কৰা প্ৰথমখন ব্যাকৰণ হৈছে লোকনাথ শৰ্মাৰ ‘অসমীয়া ব্যাকৰণ’ (১৯১০) ৷ গোলোকচন্দ্ৰ গোস্বামী (১৯৭২, ১৯৯০, ২০০০) আৰু উপেন্দ্ৰনাথ গোস্বামীয়ে (১৯৮১) ইয়াৰ পুংখানুপুংখ বিৱৰণ তেওঁলোকৰ ব্যাকৰণত সন্নিৱিষ্ট কৰিছে ৷

(৬) অসমীয়া ভাষাৰ অন্যতম একক বৈশিষ্ট্য—সম্বন্ধবাচক নাম শব্দত পুৰুষানুসাৰে লগ লগা সৰ্গবোৰৰ আলোচনা প্ৰচলিত ব্যাকৰণবোৰত প্ৰায়ে অনুপস্থিত ৷ হেমচন্দ্ৰ বৰুৱাই (১৮৫৯) বিষয়টো চুই গৈছিল যদিও, পৰৱৰ্তী সংস্কৰণবোৰত তাৰ আলোচনা পাবলৈ নাই ৷ বাণীকান্ত কাকতিয়ে এইবোৰক অসমীয়া ভাষাৰ Strange Morphological Phenomenon আখ্যা দি Personal definitives শিতানত আলোচনা কৰিছে ৷ উপেন্দ্ৰনাথ গোস্বামীয়েও কাকতিৰ পথকে অনুসৰণ কৰিছে ৷ গোলোকচন্দ্ৰ গোস্বামীয়ে কিন্তু বাক্যত অপৰিহাৰ্য প্ৰয়োগলৈ লক্ষ্য কৰি এইবোৰক বিভক্তিৰ মৰ্যাদা দিছে ৷ এই সৰ্গকেইটা তলত দিয়া ধৰণৰ :

১ম পুৰুষ :  (মোৰ/আমাৰ মা);

২য় পুৰুষ (তুচ্চ) : ৰ/এৰ (তোৰ/তহঁতৰ মাৰ/ভায়েৰ);

২য় পুৰুষ (মান্য) : ৰা/এৰা (তোমাৰ/তোমালোকৰ মাৰা/ভায়েৰা);

২য় পুৰুষ (সম্ভ্ৰম) : ক/এক (আপোনাৰ/আপোনালোকৰ মাক/ভায়েক;

৩য় পুৰুষ : ক/এক (তাৰ/সিহঁতৰ মাক/ভায়েক ৷

(৭) কাৰক আৰু শব্দ-বিভক্তিৰ ব্যাখ্যাৰ ক্ষেত্ৰতো দুয়োবিধ ব্যাকৰণৰ বিস্তৰ পাৰ্থক্য লক্ষণীয় ৷ পুৰণি ধাৰাৰ হেমচন্দ্ৰ বৰুৱাকে ধৰি আটাইকেইজন বৈয়াকৰণে সংস্কৃতৰ অনুকৰণত অসমীয়াতো সম্প্ৰদান কাৰকৰ উপস্থিতি লক্ষ্য কৰিছে আৰু এই কাৰকত -অক আৰু -লৈ বিভক্তি যোগ হয় বুলি উল্লেখ কৰা হৈছে ৷ অথচ অসমীয়াত সেইবিধ কাৰকৰ অস্তিত্বই নাই ৷ সম্প্ৰদান অৰ্থত অসমীয়াত কৰ্ম কাৰকৰ দ্বিতীয়া বিভক্তি -ক/-অক-হে যোগ হয় ৷ অসমীয়াত সংস্কৃতত নথকা নতুন কাৰক এটা লক্ষ্য কৰা যায় ৷ প্ৰতি, অভিমুখ, নিমিত্ত, লক্ষ্য, উদ্দেশ্য আদি অৰ্থসূচক এই কাৰকক নিমিত্ত কাৰকৰূপে নামকৰণ কৰা হৈছে ৷ তেনেদৰে অসমীয়াত অপাদান কাৰক বুজোৱা কোনো বিভক্তি নাই ৷ পৰম্পৰাগত ব্যাকৰণে দেখুওৱা পৰা বিভক্তি নহয়, অনুপদহে ৷ প্ৰকৃত কথাটো হ’ল ৬ষ্ঠী বিভক্তিৰ চিন -ৰ/-অৰ-ৰ পাছত পৰা অনুপদ বহুৱাই অসমীয়াত অপাদান কাৰকৰ অৰ্থ প্ৰকাশ কৰা হয়, যেনে-ৰামৰ পৰা ৷ একেদৰে কৰণ কাৰক বুজোৱা দ্বাৰাও এটা অনুপদ মাত্ৰ ৷ এই অনুপদটো বহাৰ পূৰ্বে মূল শব্দত -ৰ/-অৰ যোগ দিয়া হয়, যেনে-ৰামৰ দ্বাৰা, হৰিৰ দ্বাৰা ইত্যাদি ৷ শব্দ-বিভক্তিৰ তালিকাখনত কৰ্তা কাৰকৰ ১মা বিভক্তি হিচাপে -অ-ৰ উল্লেখ কৰা হৈছে ৷ দৰাচলতে ক্ৰিয়াটো অকৰ্মক হ’লে কৰ্তা কাৰকত কেইটামান ব্যতিক্ৰম বাদ দি কোনো বিভক্তি যোগ নহয়, মানে -০ বিভক্তিহে যোগ হয়, ৰামে খায়, কিন্তু ৰাম যায় ৷ আকৌ কৰ্তাপদটো যদি অকাৰান্ত, আকাৰান্ত বা একাৰান্ত হয়, তেতিয়া কাৰক বিভক্তিটো -এ গুচি -ই হয় ৷ পাৰই খায়, মাই কয়, তপেই লয় আদি তাৰ উদাহৰণ ৷ এইবোৰৰ সঠিক ব্যাখ্যা ভাষাবিজ্ঞানৰ আধাৰত ৰচিত ব্যাকৰণকেইখনে দাঙি ধৰা দেখা গৈছে ৷

(৮) পুৰণি ব্যাকৰণবোৰত ক্ৰিয়া আৰু ক্ৰিয়া-বিভক্তিৰ আলোচনাতো ভাষাটোৰ সঠিক ছবি প্ৰতিফলিত হোৱা নাই ৷ -ইছ, -ইল আদিক প্ৰকৃতপক্ষে বিভক্তিৰ মৰ্যাদা দিব নোৱাৰি ৷ কাৰণ এইবোৰে কৃদন্ত পদহে ৰচনা কৰে ৷ উদাহৰণ স্বৰূপে ‘অাহিল’ পদটো অতীত কালসূচক হ’লেও, ই কেতিয়াবা ভৱিষ্যত কাল বুজাবলৈয়ো ব্যৱহাৰ হয়; যেনে, ‘অাহিল ব’হাগৰ …তাৰিখে…বিয়া ৷’ এই বাক্যটোত ‘আহিল’ পদফাঁকি ভৱিষ্যত কাল হিচাপে ব্যৱহাৰ হৈছে ৷ বিশিষ্ট ভাষাতত্ত্ববিদ গোলোকচন্দ্ৰ গোস্বামীয়ে তেওঁৰ ব্যাকৰণকেইখনত অসমীয়া ভাষাৰ এইবোৰ দিশ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে ৷

(৯) পৰম্পৰাগত ব্যাকৰণবোৰত অসমীয়া বচন আৰু লিংগৰ বিশদ আলোচনা পাবলৈ নাই ৷ সেইবোৰত অসমীয়াত যে একবচনৰ ৰূপো পোৱা যায় তেনে চিন্তা সমূলি পাবলৈ নাই ৷ আধুনিক অসমীয়া ব্যাকৰণকেইখনত লিংগ আৰু বচন নিৰপেক্ষ ৰূপৰ সুন্দৰ বিশ্লেষণ পোৱা যায় ৷ ‘মানুহ আহিছে’ বুলিলে এজন নে বহুত, পুৰুষ নে মহিলা বুজা নাযায় ৷ কিন্তু মানুহজন/মানুহজনী আহিছে বুলিলে একবচন আৰু পুৰুষ স্ত্ৰীৰ ধাৰণা স্পষ্ট হয় ৷ মানুহজন, কিতাপখন, কলমটো, বাঁহডাল, ব’ঠাপাট, কামিচটা আদিৰ জন, খন, টো, ডাল, পাট, চটা আদি একবচন বুজোৱা ৰূপ ৷ এনে ব্যাখ্যা ভাষাবৈজ্ঞানিক সূত্ৰ আধাৰত ৰচিত ব্যাকৰণকেইখনতে পোৱা যায় ৷

উদাহৰণ বঢ়াই যাব পাৰি ৷ কিন্তু সি সমস্যাৰ সমাধান নকৰে ৷ মুঠতে পৰম্পৰাগত পদ্ধতিৰে ৰচিত সংস্কৃত-নিৰ্ভৰ ব্যাকৰণবোৰত ভালেমান তথ্যগত বিভ্ৰান্তি লক্ষ্য কৰা যায় ৷ সেইবোৰকে অভ্ৰান্ত বুলি ধৰি লোৱাটো সমূলি অযুক্তিকৰ ৷ সত্য সদায় সূৰ্যৰ দৰে এটাই, দুটা হ’ব নোৱাৰে ৷ পৰিসৰ সীমিত বাবে ইয়াত কেইটামান বিষয়হে উত্থাপন কৰা হ’ল ৷ এইবোৰৰ বিষয়ে বহলভাৱে আলোচনা হ’লে সবাতো আপোন আইৰ মুখৰ ভাষাটোৰ ব্যাৱহাৰিক দিশৰ কিছু উপকাৰ হ’ব বুলি পতিয়ন যাব পাৰি ৷ মাতৃভাষাৰ প্ৰতি ভালপোৱা আছে বাবেই কথাবোৰ উনুকিয়ালোঁ ৷ শালীনতা বজাই ৰাখি আলোচনা কৰিলে আমাৰ ভাষাটোৰ এতিয়াতকৈ প্ৰকাশিকা শক্তি বাঢ়িব বুলি নিশ্চয় আশা কৰিব পাৰি ৷

☆★☆★☆

 

5 Comments

  • উত্তৰা

    পঢ়ি বহু উপকৃত হলো।

    Reply
  • বৰ দৰ্কাৰী কথাবোৰ জনালে ছাৰ! গোটত আপোনাৰ উপস্থিতিত আমি গৌৰৱান্বিত৷ বহুত ভাল লাগিল ছাৰ৷

    Reply
  • উপকৃত হ’লো ।বহু কথাই জানিব পাৰিলো। ধন্যবাদ আপোনাক।
    আগলৈও ফটাঢোলত আপোনাৰ লেখা পঢ়িবলৈ আশাৰে বাট চাম।

    Reply
  • বহু উপকৃত হলোঁ ছাৰ।

    Reply
  • অনুভৱ আকাশ

    ভাল হৈছে চাৰ ।
    ধন্যবাদ জ্ঞাপন কৰিলো ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *