ফটাঢোল

অসমৰ লোকনাট্যত হাস্যৰসৰ ফল্গুধাৰা– জীমণি গগৈ

অসমৰ লোকনাট্য সমূহত প্ৰচ্ছন্ন হৈ থকা হাস্যৰসৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে লোকনাট্যনো কি সেই বিষয়ত অলপ আলোকপাত কৰা যাওক। সাধাৰণভাবে, চহা লোকসকলৰ জীৱনৰ পটভূমিত যি নাট্যধৰ্মী ৰচনা জনসাধাৰণৰ মুখে মুখে ৰচিত আৰু প্ৰসাৰিত হয় তাকে লোকনাট্য আখ্যা দিব পাৰি। লোকনাট্য হৈছে গীত, নৃত্য, সংলাপ, বাদ্য আদিৰ সমষ্টি। এতেকে লোকাশ্ৰিত কাহিনী একোটা কিছুমান চৰিত্ৰ, চৰিত্ৰ আশ্ৰিত সংলাপ, গীত, নৃত্য আৰু বাদ্যৰ সংযোগত প্ৰদৰ্শন কৰিলে সিয়েই লোকনাট্য । লোকনাট্যত গীত আৰু নৃত্যৰ আধিক্য বেছি। যদিও নামটো “লোকনাট্য” সেয়ে হ’লেও এইবিধ নাটত সংলাপতকৈ গীত, নৃত্য আৰু বাদ্যৰ প্ৰাধান্য বেছি। লোকনাট্যসমূহ ধৰ্মীয় উৎসৱ-অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত যদিও কিছুমান লোকনাট্যৰ কাহিনীত ধৰ্ম নিৰপেক্ষতাও নিহিত হৈ থাকে। ধৰ্মীয় ভাবাপন্ন লোকনাট্য সমূহত অশুভ শক্তিৰ বিনাশ কৰি শুভ শক্তিৰ বিকাশ সাধন কৰাৰ আহ্বান জনোৱাৰ বিপৰীতে ধৰ্মনিৰপেক্ষ লোকনাট্যৰ কাহিনীসমূহত মূলত জনবিনোদনৰ উদ্দেশ্য প্ৰচ্ছন্ন হৈ থাকে।

অসমৰ লোকনাট্যৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে লোকনাট্যৰ নাটসমূহ নিৰক্ষৰ জনগণৰ মুখে মুখে ৰচিত হৈছিল আৰু সেইবিলাক সেই ধৰণেই পৰিবেশিত হৈছিল। সময় বাগৰাৰ লগে লগে জনসাধাৰণে লিখিব পঢ়িব পৰা হোৱাৰ ফলস্বৰূপে মৌখিক লোকনাট্য সমূহে লিখিত ৰূপ পৰিগ্ৰহণ কৰিবলৈ ল’লে। গতিকে এসময়ত মুখে মুখে প্ৰচলিত সকলো মৌখিক সৃষ্টিয়ে কালক্ৰমত লিখিত ৰূপত আত্মপ্ৰকাশ কৰাৰ দৰে লোকনাট্য সমূহেও মৌখিক ৰূপৰ পৰা লিখিত ৰূপ লৈছে। সময়ৰ অৱশ্যম্ভাৱী পৰিৱৰ্তিত প্ৰভাৱৰ ফলত সাধুকথা, জনশ্ৰুতি, লৌকিক কাহিনী আদি লোকনাট্যৰ ভিতৰুৱা হৈ পৰিল। সেইফালৰ পৰা লোকনাট্যৰ কাহিনী প্ৰধানকৈ এনেদৰে ভাগ কৰি দেখুৱাব পাৰি-
(১) মহাকাব্যীয় আৰু পৌৰাণিক চৰিত্ৰ প্ৰধান আৰু ধৰ্মীয় আদৰ্শ বিশিষ্ট কাহিনী।
(২) লৌকিক দেৱ-দেৱী বিষয়ক কাহিনী ।
(৩) জনশ্ৰুতি-সাধুকথা আশ্ৰয়ী কাহিনী
(৪) ইতিহাস আশ্ৰয়ী কাহিনী।
(৫) সামাজিক আৰু স্থানীক ঘটনামূলক কাহিনী
(৬)হাস্য-ব্যংগ কৌতুক প্ৰধান কাহিনী।
এই লেখাটোত মূলত লোকনাট্যৰ এই শেষৰ ভাগটোৰ ওপৰতহে চমু আলোকপাত কৰা হ’ব।

লোকনাট্যৰ অভিনেতা সকল লোকসমাজৰ অন্তৰ্ভুক্ত। এই শ্ৰেণী নাটত পুৰুষেই নাৰীৰ সাজ পৰিধান কৰি নাৰী চৰিত্ৰ সমূহো ৰূপায়ণ কৰে। দেৱ-দেৱীৰ চৰিত্ৰৰ বাহিৰে বাকীবোৰ চৰিত্ৰই মুখা ব্যৱহাৰ কৰে। বহুৱা চৰিত্ৰৰ অসংগতিপূৰ্ণ বেশভূষা, মুখা আদি লোকনাট্যৰ অন্যতম অংগ। অসমত বিভিন্ন অঞ্চলত বহু লোকনাট্য অনুষ্ঠান প্ৰচলিত আছে। সেইবিলাকৰ ভিতৰত অন্যতম কেইটামান লোকনাট্যানুষ্ঠানৰ সম্পৰ্কে আলোচনা কৰি সেই সমূহত হাস্য-ব্যংগৰ সমল কিদৰে নিহিত হৈ আছে সেইখিনি দিশ সামৰিয়ে এই লেখাটি প্ৰস্তুত কৰা হ’ব।
(ক) ঢুলীয়া নাট
লোকনাট্যৰ পৰিপুষ্টি সাধনৰ ক্ষেত্ৰত কামৰূপীয়া ঢুলীয়াৰ বিশেষ অৰিহণা আছে। ঢুলীয়া নাটৰ অভিনয় দুই প্ৰকাৰৰ- পৌৰাণিক কাহিনীৰ লগত জড়িত অভিনয় আৰু সমকালীন সমাজৰ সামাজিক আচৰণ আদিক তীব্ৰভাৱে ব্যংগ কৰি কৰা অভিনয় যাক ছং বুলি কোৱা হয়। ছং প্ৰদৰ্শন আৰু অভিনয়ত সক্ৰিয়ভাবে অংশগ্ৰহণকাৰী সকলক ভাউৰা, ভাৱৰীয়া বা ভাউৰিয়া বোলে। ভাইৰাই সমসাময়িক সমাজত সংঘটিত বিভিন্ন কাৰ্যাৱলী হাস্য-ৰসাত্মক তথা ব্যংগাত্মক ৰূপত অভিনয়ৰ যোগেদি দাঙি ধৰে। ঢুলীয়া দলে খোল বা ঢোল বজাই গীত নৃত্য আৰু কুস্তি প্ৰদৰ্শন কৰাৰ অন্তত ছং প্ৰদৰ্শন কৰে। ছং একপ্ৰকাৰ সামাজিক প্ৰসহন। সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ বিভিন্ন কাৰ্যাৱলীৰ ছঙৰ জৰিয়তে ব্যংগাত্মক উপস্থাপন কৰি হাস্য আৰু ব্যংগৰ মিশ্ৰিত ৰস সৃষ্টি কৰা হয়। ছঙৰ প্ৰধান উদ্দেশ্য হৈছে সমাজৰ ক্ষতিকাৰক পৰিস্থিতিৰ পৰা নিজৰ লগতে সমাজক উদ্ধাৰ কৰি সমাজৰ সংস্কাৰ সাধন কৰা। ছং যিহেতু সমাজৰ চহা লোকৰ দ্বাৰা চহা লোকৰ উদ্দেশ্যে ৰচিত লোকনাট্য গতিকে ছঙত চৰিত্ৰসমূহে ব্যৱহাৰ কৰা সংলাপৰ ভাষাও চহা লোকভাষা। সেয়ে হ’লেও তাৰ মাজতে প্ৰচ্ছন্ন হৈ থাকে প্ৰচুৰ যমক- বক্ৰোক্তি। ঢুলীয়া নাটত ভাইৰাই অংসগতিপূৰ্ণ সাজসজ্জা , কাৰ্যাৱলীৰ জৰিয়তে দৰ্শকক হাঁহিৰ সমল যোগায়।

(খ) কুশান গান
কুশান গান অবিভক্ত গোৱালপাৰা জিলাৰ উত্তৰ গোৱালপাৰাত প্ৰচলিত এটি লোকনাট্যানুষ্ঠান। ‘কুশান গান’ নামটোৰ দুটা পদ ভাঙি এনেদৰে দেখুৱাব পাৰি-কুশ আৰু গান। কুশ হৈছে ৰামৰ পুত্ৰ। গতিকে কুশান গানৰ কাহিনী ৰামায়ণৰ কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত বুলি সহজেই অনুমেয়। কুশান গানৰ একোটা দলত গায়ক,বাদক, নৰ্তক আদি বহুকেইজন লোক থাকে। মূল গায়কজনক গীদাল বুলি জনা যায়। তেখেতক সহযোগ কৰিবলৈ এজন সহায়কাৰী বা দোহাৰী থকাৰ উপৰিও কেইজনমান দাইনাপালিও থাকে। কুশান গানত দোহাৰীৰ ভূমিকা গুৰুত্বপূৰ্ণ। মূল গায়কক কাহিনীভাগ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই চৰিত্ৰটোৱে বিশেষভাৱে সহায় কৰে। নৃত্য-গীত অভিনয়ৰ যোগেদি ব্যংগ সৃষ্টি কৰি দোহাৰী চৰিত্ৰই কুশান গানৰ অভিষ্ট উদ্দেশ্য পূৰণ কৰাত সহায় কৰে।

(গ) ওজাপালি
ওজাপালি অসমৰ এটি অন্যতম লোকনাট্য অনুষ্ঠান। অবিভক্ত কামৰূপ আৰু নৱগঠিত দৰং জিলাত এইবিধ লোকনাট্য প্ৰধানকৈ প্ৰচলিত। ওজাপালি প্ৰধানকৈ দুবিধ- বিষ্ণু পূজাৰ লগত জড়িত ব্যাস -ওজাপালি বা সভাগোৱা ওজাপালি আৰু মনসা পূজাৰ লগত জড়িত সুকনান্নি ওজাপালি। প্ৰায়বিলাক লোকনাট্য বা নাটত থকাৰ দৰে ওজাপালিতো গীত আৰু নৃত্যৰ আধিক্য আছে। তাৰ লগে লগে সংলাপ বা বচনৰ জড়িয়তে মহাকাব্যীয় বিষয়বস্তুৰ আভাস দিবলৈ প্ৰয়াস কৰা হয়। কোনো পূৰ্ৱ ৰচিত বা লিখিত সংলাপ বা বচন নোহোৱাকৈয়ে ওজা বা ভাউৰিয়াই তৎকালীনভাবে বিষয়বস্তুৰ ৰূপ অনুসৰি কিছুমান সংলাপ বা বচন প্ৰস্তুত কৰে। দৰ্শকৰ ৰুচি, পৰিৱেশ আদিৰ সৈতে খাপ খুৱাকৈ হাস্য, ব্যংগ, বক্রাঘাত আৰু শ্লেষপূৰ্ণ উক্তিৰ জৰিয়তে একোটা বিষয় দাঙি ধৰে। ওজাপালিত ওজাৰ উক্তিক বিকৃত কৰি বিসঙ্গতিপূৰ্ণ উপস্থাপনেৰে দাইনাপালি বা ওজাৰ সহযোগী সকলে স্থূল হাস্যৰস সৃষ্টি কৰে।

(ঘ) খুলীয়া ভাউৰিয়া

দৰং জিলা আৰু পূব কামৰূপত প্ৰচলিত এটি জনপ্ৰিয় লোকনাট্যানুষ্ঠান হৈছে খুলীয়া ভাউৰিয়া। ওজাপালি অনুষ্ঠানৰ ওজা আৰু অংকীয়া ভাওনাৰ সূত্ৰধাৰৰ লগত খুলীয়া ভাউৰিয়াৰ প্ৰধান চৰিত্ৰ ওজা বা ওঝাৰ সাদৃশ্য লক্ষ্য কৰা যায়। অৱশ্যে অংকীয়া ভাওনাৰ সূত্ৰধাৰ আৰু খুলীয়া ভাউৰিয়াৰ ওজাৰ মাজত কিছু দিশত সাদৃশ্য থাকিলেও অভিনয়ৰ ফালৰ পৰা দুয়োটা চৰিত্ৰৰ মাজত পাৰ্থক্য বিৰাজমান। তদুপৰি অংকীয়া ভাওনাৰ উদ্দেশ্য জনসমাজত ভক্তি ধৰ্মৰ প্ৰচাৰ কৰা আনহাতে খুলীয়া ভাউৰিয়াৰ মূল উদ্দেশ্যই হৈছে জনবিনোদনৰ জৰিয়তে লোকশিক্ষা প্ৰদান। খুলীয়া ভাওনাত সাধাৰণতে ৰামায়ণ আৰু মহাভাৰতৰ যুদ্ধবিষয়ক বিষয়বস্তু একোটা অভিনয়ৰ বাবে বাছি লোৱা হয়। ঢুলীয়া-নাটৰ দৰেই খুলীয়া ভাওনাতো ছং পৰিবেশন কৰা হয়। প্ৰায় ২০/২৫ জন ভাউৰিয়াৰ সমষ্টি খুলীয়া ভাউৰিয়াত সাধাৰণতে বহুৱা চৰিত্ৰৰ জৰিয়তে হাস্যৰস সৃষ্টি কৰা হয়।

(ঙ) ভাৰী গান
অবিভক্ত গোৱালপাৰা জিলাৰ পাতি ৰাভা সকলৰ মাজত প্ৰচলিত এটি লোকনাট্যানুষ্ঠান ভাৰীগান। অসমৰ আন আন লোকনাট্যানুষ্ঠান বিলাকৰ দৰে ভাৰীগানতো গীত-নৃত্য, খোল,তাল আদি বাদ্য আৰু সংলাপৰ ব্যৱহাৰ কৰা হয়। গীত পদৰ লগত মিলাকৈ চৰিত্ৰ বিলাকে অভিনয় প্ৰদৰ্শন কৰে। অভিনয়ৰ মাজে মাজে ‘কেতুৱা’ নামৰ চৰিত্ৰটোৱে দৰ্শকক হাঁহিৰ খোৰাক যোগায়। ভাৰীগানত অন্যান্য চৰিত্ৰবিলাকে কাহিনীৰ প্ৰয়োজন অনুসৰি কাঠৰ সুগঢ়ী মুখা পৰিধান কৰাৰ বিপৰীতে কেতুৱাই বিসংগতিপূৰ্ণ মুখা এখন পিন্ধি দৰ্শকৰ মাজত হাস্যৰস সৃষ্টি কৰে।

(চ) ধুৰা-নাট বা ভাওনা নাট

নৱবৈষ্ণৱ যুগৰ পৰৱৰ্তী সময়ছোৱাত উজনি অসমত সৃষ্টি হোৱা একশ্ৰেনী নাট হৈছে ধুৰা-নাট বা ভাওনা নাট। এইশ্ৰেণী নাটত ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যতকৈ লোকমনোৰঞ্জনৰ উদ্দেশ্যইহে প্ৰাধান্য লাভ কৰিছিল। এইশ্ৰেণী নাটৰ অভিনয় কলাও মূলতঃ লোকধৰ্মী। ধুৰা-নাটৰ বিষয়বস্তু গ্ৰহণ কৰা হৈছে মূলতঃ বধকাব্যৰ পৰা। বৈষ্ণৱ যুগত সৃষ্ট অংকীয়া নাটৰ দৰে ধুৰা নাটতো সূত্ৰধাৰ চৰিত্ৰৰ অৱতাৰণা কৰা হৈছে যদিও অংকীয়া নাটৰ সূত্ৰধাৰৰ দৰে সংস্কৃত শ্লোক, ভটিমা আদিত গুৰুত্ব দিয়াৰ পৰিবৰ্তে ধুৰা নাটৰ সূত্ৰধাৰে স্বাভাৱিকতে যুদ্ধ-বিগ্ৰহ, লম্ফ-জম্ফপূৰ্ণ উক্তি-প্ৰত্যুক্তি আৰু ব্যংগ-কৌতুকৰ ওপৰত বিশেষ বাবে গুৰুত্ব প্ৰদান কৰে। অন্যান্য বহুকেইটা লোকনাট্যানুষ্ঠানৰ দৰে ধুৰা-নাটতো বহুৱা চৰিত্ৰক প্ৰাধান্য দিয়া হৈছে। বহুৱা চৰিত্ৰৰ জৰিয়তে জনসাধাৰণৰ মাজত হাস্যৰস সৃষ্টিত ধুৰা নাটত গুৰুত্ব দিয়া হয়।

অসমৰ লোকসাহিত্যৰ বহল পথাৰখন ভিন্ন ৰঙী ভিন্ন স্বাদৰ অলেখ ফল-ফচলেৰে পৰিপূৰ্ণ। সেইসমূহৰ ভিতৰত অন্যতম এক ফচল লোকনাট্য সমূহে অসমীয়া সংস্কৃতিৰ বাৰে ৰহনীয়া ৰূপত ৰহণ চৰায় আহিছে। ওপৰৰ আলোচনাৰ পৰা দেখা গ’ল যে প্ৰায় বিলাক লোকনাট্যৰ নাট বা অভিনয়তে ধৰ্মীয় ভাবৰ লগতে হাস্যৰসৰ সমলো নিহিত হৈ আছিল। সেই অনুষ্ঠান সমূহৰ জৰিয়তে তদানীন্তন সমাজৰ নিৰক্ষৰ চহা জনসাধাৰণক বিমল হাস্যৰসৰ খোৰাক যোগোৱাৰ লগতে নাট বা অভিনয়ত ব্যংগৰ মাজেদি সমাজৰ সংস্কাৰ সাধনৰ উদ্দেশ্য ওতঃপ্ৰোতভাবে জড়িত হৈ আছিল।সময়ৰ লগে লগে প্রাচীনতাৰ ওপৰত অবাৰ্চীনতাৰ অৱশ্যম্ভাৱী প্ৰভাৱ পৰে। জন্মলগ্নৰ কালছোৱাত লোকনাট বা অভিনয় সমূহত মূলতঃ ধৰ্মীয় ভাব সংপৃক্ত হৈ আছিল। কিন্তু সাম্প্ৰতিক কালত ই ধৰ্ম নিৰপেক্ষ প্ৰসংগতো কলা ৰূপে প্ৰদৰ্শিত হয়। তদুপৰি দূৰ অতীতত লোকনাট্য সমূহৰ যি জনপ্ৰিয়তা আছিল আজিকালিৰ জনসাধাৰণৰ ৰুচিবোধৰ পৰিবৰ্তনৰ লগতে হয়তো আন কিছুমান আনুষংগিক কাৰণতো সেই অনুষ্ঠান সমূহে পূৰ্বৰ জনপ্ৰিয়তা অক্ষুন্ন ৰাখিবলৈ সক্ষম হোৱা নাই।।

সহায়ক গ্ৰন্থ:
১/ অসমীয়া নাট্য সাহিত্য: সত্যেন্দ্ৰনাথ শৰ্মা
২/ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত: সত্যেন্দ্ৰনাথ শৰ্মা
৩/ ছশ বছৰৰ অসমীয়া নাটক- পৰম্পৰা আৰু পৰিবৰ্তন, সম্পাদনাঃ অজিত শইকীয়া।

☆★☆★☆

Leave a Reply

Your email address will not be published.