ফটাঢোল

অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান(আছাম ইঞ্জিনীয়াৰিং কলেজ)ত মোৰ প্ৰথম নিশা – ৰামানুজ গোস্বামী

হাঃ হাঃ হাঃ, মক্কেল ক’ৰবাৰ !
– গান এটা গা.. তই লখিমপুৰৰ?…
বিহু নাচ..নাচ বিহু..আগতে কটনৰ হোষ্টেলতো আছিলি?
– অঁ গম পাইছোঁ, চিৰিষ, ই মস্ত চিয়ানা, কটনৰ মক্কেল..হাঃ হাঃ হাঃ, ৰহ বেটা ।
অট্টহাস্যৰে ভৰি পৰিছে হোষ্টেল ১ৰ প্ৰথম ফ্ল’লৰ কোনোবা এটা কোঠা।

তেতিয়া সময় প্ৰায় ৰাতি ৯:৩০, ওপৰত কোৱাৰ নিচিনাকৈ “ছ’ কলড” ৰেগিং চলাই আছে ছিনিয়ৰ সকলে মোৰ ওপৰত।
– অই, ইয়াক ভাত খাবলৈ যাব দে, কোনোবা এজনে জোৰেৰে ক’লে। মই যেন অলপ সকাহ পালোঁ।
– যা যা অই, ভাত খাই আহ। ১০টা বাজিব এতিয়া।
– হয়, দাদা।
– ডাইনিং হলটো চিনি পাৱ নে?
খুব সম্ভৱ পাপু দাই সুধিছিল।
মই ঘেঁহাবলৈ ধৰিলোঁ কাৰণে সন্ধিয়া হোষ্টেল সোমোৱাৰ পিছৰে পৰা মোৰ ক্লাছ লৈ আছিল ৰাইজ সকলে।
– শুন, তলত যাবি, বাওঁহাতে ঘূৰিবি, ১নং ব্লকৰ মাজেৰে যাবি, গাৰ্ডেনখন পাবি, আগলৈ যাবি, ডাইনিং হলটো পাই যাবি।
তললৈ নামিলো । ১নং ব্লক বা কোনটো? ইফালে দেখোন আৰু এটাক কামুৰি আছে কৰিডৰত। নাই নাই, মই কোনো নথকা ব্লকটোৰেই যাওঁ, এনেকৈ আগবাঢ়ি যাওঁতে আকৌ লাগিল খেলি-মেলি; কাৰোবাক সুধিবলৈও ভয়, জানোচা তাতেই বখলিয়ায়! প্ৰায় ২০ মিনিটমান ফাৰ্ষ্ট ব্লক, ছেকেণ্ড ব্লক ইফাল-সিফাল কৰিও ডাইনিং হল নাপালো।
হে ভগৱান, ভাত শেষ হ’লে ভোকত থাকিম দেখোন! আৰু ঘূৰিলো চেগ বুজি বুজি আন্ধাৰৰ সুযোগ লৈ লৈ, হঠাৎ দেখিলোঁ খিৰিকী এখনেৰে কোনোবাই পানী কুলকুলাই হৰছছছ… কৈ মাৰি পঠিয়াইছে।
থাল-বাতিৰ টং-টং শব্দ। আহ্ পালো পালো, পালোগৈ ডাইনিং হল।

***

সেমেনা-সেমেনিকৈ সোমালোঁ, শৰ্মাদাই সকলোকে ভাত দি আছে, মোক বহিবলৈ জেগা দেখুৱালে। প্ৰায় ১২-১৫ জন মান আৱাসীয়ে খাই আছিল। মই ভাবিলোঁ ৰক্ষা! সোনকালে খাই ফুটিব লাগিব। ভাগ্য ভাল কোনেও মোক সিমান গুৰুত্ব দিয়া নাই।
– অই, তই ফাৰ্ষ্ট চেম নেকি??- এটা গৰগৰীয়া কণ্ঠ (সম্ভৱতঃ অখিলদা আছিল )
– হয় দাদা।
– কি ব্ৰান্স?
– মেকানিকেল।
– মোক নোসোধাকৈ কিয় ভাত খাইছ? চিনি নাপাৱ মোক?
মই ভয় খালো, কোন বা এইজন। মই তললে মূৰ কৰিলোঁ এবাৰ, তেওঁলৈ চালো এবাৰ।
– থিয় হ। মোলৈ চাই নমস্কাৰ দি ক, “প্ৰভু ভাত খালেনে?” মই তাকে কৰিলোঁ
– নাই নোৱাৰ, আগতে তই ৰাষ্ট্ৰীয় সংগীতটো গা।
– গালো। তেওঁক সন্তুষ্ট দেখা নগ’ল।
– ইয়াতে এটা ভুল হৈছে। কি ভুল ক? -মই নিৰুত্তৰ।
– ধৰিব পৰা নাই দাদা, মই কিতাপত এনেকৈয়ে পঢ়িছিলো।
– আব্বে চুপ, কিতাপত পঢ়িছে। তই কি ফোন্দাৰাম নেকি? বেছি ওস্তাদি ইয়াৰ। জন-গণ ঠিক আছে, বেলেগ এটা ভুল আছে, সেইটো ক।
– উস ৰাম! কি অত্যাচাৰ!!
– জন-গণ গাওঁতে আমি যে থিয় হোৱা নাই, সেইটো ভুল হয়নে নহয়?–চকু পকাই মোক সুধিলে।
মনে মনে ভাবিলোঁ, হয়, কিন্তু কওঁ কেনেকৈ আপোনালোকৰ ইয়াত যে ‘গণতন্ত্ৰ’ৰ কনচেপ্তেই নাই।

ইতিমধ্যে খোৱা মানুহ বাঢ়ি গৈ আছিল। প্ৰায় আধা ঘণ্টা চোবালে। তাৰ মাজতে ভাতো খালো। অশ্লীল মাতো মাতিবলৈ দিলে, অইন এজনক গালি দিবলৈ দিলে, দিলোঁ, সিয়ো দিলে। তাক লাঠ মাৰিবলৈ দিলে, মাৰিলোঁ।
মোক চৰ এটাও মাৰিলে কোনোবাই, খালোঁ। ভজন গাবলৈ দিলে, গালোঁ।
‘জন-গণ’ দাদাজনৰ ভাত খোৱা হৈ গৈছিল, তেওঁ আকৌ ছফ-গুটিদুটামান মুখত ভৰাই সুধিলে,
“তই হোষ্টেলৰ কাক কাক চিনি পাৱ?”
– নাই দাদা, আজি আহিছোঁহে সন্ধিয়া, অকল প্ৰশান্তদাক চিনি পাওঁ।
– আচ্ছা, এক নং হোষ্টেলৰ প্ৰশান্ত ভাগৱতী?
– হয় দাদা, আমাৰ হোষ্টেলৰ প্ৰশান্ত ভাগৱতী দা।
হঠাতে দহটামান কণ্ঠই একেলগে চিঞৰি উঠিল, অই তই কেই নং হোষ্টেলৰ??
কিবা এটা অজান আশংকাত মই কোনোমতে সেপ ঢুকি ক’লো, ১ নংৰ।
ততমূহূৰ্ততে গিৰিজনি মাৰি বহুতে হাঁহিবলৈ ধৰিলে, লগতে চিঞৰি চিঞৰি মোক দম দিবলৈ ধৰিলে।
– আব্বে চন, ১ নংৰ হৈ প্ৰথম দিনাই
২ নং হোষ্টেলত ভাত খালিহি??

☆★☆★☆

13 Comments

  • দিম্পল

    হা হা দাদা কব লাগিছিল ।
    দানে দানে মে খানে ৱালে কা নাম

    Reply
  • dhiman

    কব লাগিছিল কিয় নকলে

    Reply
  • ৰাজশ্ৰী শৰ্মা

    ৱাহ ইমান দম প্ৰথম দিনাই।

    Reply
  • অবিনাশ শৰ্মা

    আপোনাৰ অৱস্থাৰ কাল্পনিক ছবি এখন ভাবি আছোঁ

    Reply
  • হাঁ হাঁ৷ভাল লাগিল৷

    Reply
  • কুকী কল্পিতা মহন্ত

    🤣🤣🤣🤣ভাল জমনি হ’ল দেই।

    Reply
  • Anonymous

    হোষ্টেলৰ কাহিনী পঢ়ি ভাল লাগে

    Reply
  • অনুৰাধা দেৱী ৷

    অবস্হাট

    Reply
  • Jyotirupam Dutta

    আব্বে চন!! প্ৰথম দিনাই ফালি দিলি বে!!

    Reply
  • Anurup Mahanta

    আৰে, তামাম লাগিল দেই দাদা। মজ্জা।

    Reply
  • Hiya deka

    😀😀😀

    Reply
  • ৰামানুজ

    সকলো লৈকে ধন্যবাদ যা ঁচিলো

    Reply
  • বিদ্যুৎ

    হাহাহা… কি যে হব নহয়!

    Reply

Leave a Reply

Your email address will not be published.