ফটাঢোল

অসম বন্ধ – অসমী গগৈ

আজি প্ৰায় এমাহেই হ’বৰ হ’ল, ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত কেইচলামান টিনপাতেৰে চালি সাজি থাকিবলৈ লোৱাৰ। পথালিয়ে তেৰ ফুট আৰু দীঘলে ছফুটমানৰ এই ঠাইকণ পাবলৈও কি হাঁহাকাৰ কৰিবলগা নহৈছিল! সৰুৰেপৰা একেলগে খেলি ডাঙৰ হোৱা নকুলৰ লগত হতাহতি পৰ্যন্ত লাগিব লগা হৈছিল। হয়, এই সময়ত সকলোৱে সকলোবোৰ কৰিবলৈ সাজু, মূৰ গুজিবলৈ যেতিয়া এটুকুৰা ঠাইৰ কথা আহি পৰে। সিও সকলো সীমা অতিক্ৰম কৰিবলৈও ৰাজী আছিল।

কেইবাদিনো ধৰি নেৰা নেপেৰাকৈ বৰষুণ দি আছিল। গোটেইখন বোকা। চোতালখনতো কঠীয়া ৰুব পৰাকৈ বোকা। খাবলৈ নাপাই গৰুবোৰে হেম্বেলিয়াই ফুৰিছিল। হাঁহকেইটাইহে কেৱল ৰং মনেৰে চোতালত ওলোৱা কেঁচুবোৰ খাই পেট ভৰাই আছিল। মনবোৰ এঙাইছিল আটাইৰে। নৈপৰীয়া মানুহখিনিক পানীয়ে আমনি লগাইছিল। প্ৰতিবাৰেই হোৱা বলীয়া বানে মানুহক কি ভাল লগাব! জানেই সবেই, ঠন ধৰিবলৈ নাপাওঁতেই ঘৰবোৰ আকৌ খহিব। মানসিকভাৱে মানুহবোৰ সাজু। কিন্ত আনধৰণে সাজু হ’বলৈ নাপাওঁতেই হুৰহুৰাই বালিয়া মাটিৰ মথাউৰি খহাই বলিয়া বানে নিমিষতে গাওঁখন ধুই নিলে। ইমান আগতীয়াকৈ বান আহিব বুলি মানুহবোৰে ভবাই নাছিল। মথাউৰি বন্ধা ঠিকাদাৰৰ চলাহী কথাকে সঁচা বুলি পতিয়ণ গৈছিল সহজ সৰল মানুহবোৰ। বালিৰে বন্ধা কথাৰ ভেটিৰ দৰেই উটি গ’ল সকলোবোৰ নিমিষতে।
সিহঁতৰ মৰমৰ সাক্ষী হিচাবে ধৰালৈ অহা ল’ৰাটোৰ মৰমত পমি থাকোতেই গৈছিল দুদিন। সপোনৰ এখন সাগৰত উটি আছিল নতুন মাক বাপেকহাল। পাছদিনা কচু জ্বাল দিবলৈ শাহুৱেক অহাৰ কথা আছিলহে। সকলো বাদ দি তিনিদিনীয়া কেচুৱাটো বুকুত বান্ধি কোনোমতে জীউটো বচাই আজি এনেদৰে বাটৰ কাষত সিহঁত। মানুহটোৰ বুকুখন ফাটি চিটা চিট দিলে। পোন মাটিত ভালকৈ খোজকেইটাকে দিব নোৱাৰা মানুহজনীক এহাতে ধৰি আনখন হাতেৰে কেচুৱাটো বুকুত সাৱটি পানী ফালি আহি থাকোতে ওৰেটো বাট মানুহটোৱে ভগৱানক বকি বকি আহি থাকিল। যিমানে আগুৱাই আহি থাকিল সিমানে তাৰ আস্থা কমি গৈ থাকিল ভগৱানৰ ওপৰত।

পানী আৰু ভোকৰ সৈতে সিহঁতৰ আজন্ম সহাৱস্থান। মুখত সোণৰ নালাগে ৰূপৰ চামুচ লৈও জন্ম হোৱা নাছিল সিহঁতৰ। এসাঁজ খাই থাকোতেই মনলৈ আহিছিল, পাছৰ সাজ দুদিন পাছতো পাব পাৰে খাবলৈ। দুখ, কষ্ট, যন্ত্ৰণা সহি সহি শিল যেন হ’ল সিহতঁৰ বুকু। টোকোৰা চৰাইৰ দৰে খেৰ কুটা গোটাই ঘৰ সজা বা পৰুৱাৰ দৰে খাদ্য গোটাই থ’ব পৰাকৈ একোৱেই নাছিল সিহঁতৰ চৌপাশে। বালিয়ে পলসে আধালৈকে পুতি পেলোৱা ঘৰবোৰৰ দৰেই ইচ্ছা, হেপাঁহ, আশাবোৰ পোত গৈছিল। সি ভবা নাছিল চাৰিওফালৰ উদং আৰু শূন্যতাৰ মাজতো ক’ৰবাত কিবা জী আছিল। সিহঁতৰ দুখৰ খবৰ ল’বলৈ অহা বিধায়কক চাবলৈ সিদিনা তাৰ দৰে তাইও আহিছিল। কোনোবা এপাকত চকুত চকু পৰিছিল। আৰু তেতিয়াই উদং পথাৰখনত এটা বীজৰ অংকুৰণ হৈছিল। আৰু এদিন সি ডালে পাতে জাতিষ্কাৰো হৈছিল। শুকান ডালতো গজা কুহিঁপাত হেন ল’ৰাকণৰ আগমনে সকলোবোৰ পাহৰাই দিছিল সিহঁতক। শিল যেন তাৰ বুকুত মৰম ভালপোৱা দায়বদ্ধতাই তোলপাৰ লগাই আছিল। আবতৰীয়া বানৰ তাণ্ডৱত মানুহটো আকৌ শিল যেন কঠোৰ হৈ পৰিছিল। নিৰাপত্তা আৰু ক্ষুধাৰ কথা আছে। কিন্তু যেতিয়াই কেচুৱাটোৰ মুখলৈ চায়, শিল চপৰাও বৰফ হৈ গলে।

ৰাষ্ট্ৰীয় ঘাই পথ। অতি ব্যস্ত। কত কথা কত ঘটনাৰ সাক্ষী এই পথ। সকলোবোৰ বুকুত সামৰি উদাৰতাৰে বুকু পাতি দিছে আটাইকে। কোনো অনুযোগ অভিযোগ নাই। সকলোৰে বাবে মুকলি যাৰ বুকু। আনকি কাষৰুৱা ঠাইকণো আজি এৰি দিছে সিহঁতৰ দৰে হাজাৰজনৰ বাবে। দিন ৰাতিৰ চেদ ভেদ নোহোৱাকৈ সোঁ সোঁৱাই অহা যোৱা কৰি থাকে গাড়ীবোৰে। বিকট বিকট শব্দ, একেৰাহে বজাই অহা হৰ্ণৰ শব্দত কেচুৱাটোৱে চেৰেউ ফেৰেউ কৈ কান্দি আহিছে আজি প্ৰায় এমাহে। শুবলৈ লয়হে, চক খাই উঠে, কান্দি কান্দি ছন্দিয়াই গৈছে পোৱালিকণে। চৌচিৰ হৈছে তাৰ বুকুখন। চকু কোটৰত সোমাইছেগৈ পোৱাঁতীজনীৰ।

চালিখনৰ ভিতৰত কৌটিকলীয়া কাঠৰ সৰু বেঞ্চখনত কাটি হৈ পৰি আছে সি। এবাৰ বহি, এবাৰ থিয় হৈ, এবাৰ গাখীৰ খুৱাই কেচুৱা নিচুকাই নিচুকাই ভাগৰি পৰা মাকজনীলৈ চাই চাই তাৰ মনলৈ এটাই কথা আহিল,
অসম বন্ধ! অসম আন্দোলনৰ সময়ত দিয়াৰ দৰে একেৰাহে যদি অলপদিন অসম বন্ধ দিলেহেঁতেন! দেউতাকৰ মুখত শুনিছিল সাধুৰ দৰে কথাবোৰ। আজি তাৰ নিজৰ পেটৰ পোৱালিকণৰ স্বাৰ্থতে সি বিচাৰিছে দীঘলীয়া অসম বন্ধ, মনে প্ৰাণে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.