ফটাঢোল

আইতা – উষা মহন্ত

যৌথ পৰিয়ালৰ বিশাল ঘৰখনত আইতা এতিয়া অকলে। ঘনে ঘনে আগফালৰ বাৰাণ্ডালৈ অহাযোৱা কৰি ভাগৰি পৰিছে আইতা। নাই আজিও আনন্দহঁত নাহিল। এসপ্তাহ পূৰ্বে তেজপুৰৰ জীয়েকৰ ঘৰলৈ যোৱা আনন্দহঁত কালিয়েই অহাৰ কথা আছিল যদিও আজিও দেখাদেখি নাই। কি বা হৈছে! এই ফোনটোও যে আৰু! দৰকাৰৰ সময়ত নাবাজে। অনবৰতে কঁকালত লৈ ফুৰা ফোনটোলৈকে আইতাৰ খং উঠে মাজে মাজে।

সৰুটো ভতিজা প্ৰদীপে গুজৰাটৰ পৰা আহোঁতে আইতালৈ এটা মোবাইল ফোন আনিলে। নাতি নাতিনীহঁতে আইতাক জোকালে- “বাঃ আইতাক এইবাৰ আৰু কোনে পায়? পিচে আইতা, মোবাইলত ফোন কৰিব পাৰিবানে নাই?”

পাৰিলে, আইতাই বৰ সোনকালেই সকলো শিকি ল’লে। স্কুলৰ পঞ্চম মানলৈকে পঢ়া আইতাই অসমীয়া লিখিব পঢ়িবতো পাৰেই ই‌ংৰাজীও পাৰে অলপ অচৰপ। গতিকে অসুবিধা নহ’ল। স্বভাৱ জাত তীক্ষ্ণ বুদ্ধিৰে আইতাই নাতিহঁতৰ পৰাই শিকিলে ফোন কৰিবলৈ। এতিয়া অন্য ব্যস্ততাৰ লগতে আইতাৰ ফোনকৰা-ফোনধৰাও অন্যতম কাম হ’ল। এতিয়া পাকঘৰৰ পৰা গোসাঁই ঘৰলৈকে ক’তো আইতাই ফোনটো এৰি থাকিব নোৱাৰে।

যোৰহাটত থকা ডাঙৰ পো-বোৱাৰী, গুজৰাটত থকা সৰু ভতিজা-বোৱাৰী, সোনাৰিৰ বাগানত থকা জী-জোঁৱাই আৰু ভতিজা-জী কেইজনীয়ে আইতালৈ প্ৰায়ে ফোন কৰি খা-খবৰ লৈ থাকে। আইতালৈ ফোন কৰিলে ঘৰৰ সকলোৰে খবৰ পায় বাবে সকলোৱে আইতালৈকে ফোন কৰে। নাতি-নাতিনীহঁতৰতো কথাই নাই। পঢ়াশুনা কৰি আঁতৰত থকা নাতি নাতিনীহঁতে পেটৰ অসুখ হ’লেও আইতাক ফোন কৰি সোধে-

: আইতা কি খাম?

: যোৱাবাৰ আহোঁতে দি পঠোৱা নিমখত দিয়া পুৰণা গোলনেমুকণ আছেনে নাই? থেকেৰাখিনি? তাৰে অকণমান খাই দে।

আইতাই ফোনতে দিহা দিয়ে।

আজিহে জানো কি হ’ল-ফোনটোচোন নিমাত। ৰাতিপুৱা ডাঙৰ নাতি কাকুৱে চাই অৱশ্যে কৈছিল-কিবা হেনো নেটৱৰ্ক নাই। জানো সেইডালনো নেথাকে কেলেই? আইতাই ভোৰভোৰায়।

আইতাৰ এতিয়া বয়স আশী বছৰ। কিন্তু আইতা এতিয়াও তজবজীয়া। প্ৰায় পোন্ধৰ ষোল্ল বছৰ বয়সতে আইতা এইখন ঘৰলৈ বোৱাৰী হৈ আহিছিল। চাৰিজন ককাই ভাইৰ যৌথ পৰিয়ালত একেবাৰে সৰুজনৰ বোৱাৰী হৈ অহা আইতা তেতিয়া ওচৰ চুবুৰীয়াৰ বাবে আছিল সৰুনবৌ। ককাই বাগানত চাকৰি কৰিছিল। কিন্তু আইতাৰ দুৰ্ভাগ্য! দুটি নাবালক পুত্ৰ আৰু এটি কেঁচুৱা কন্যা সন্তান বুকুত দি ককাই এদিন অনন্ত ধামলৈ গতি কৰিলে। আইতা অথাই সাগৰত পৰিল। ইতিমধ্যে যৌথ পৰিয়ালৰ পৰা দুজন দুফালে আঁতৰি গৈছে। এমাডিমা ল’ৰা-ছোৱালী কেইটিৰে সৈতে আইতা ডাঙৰ বৰজনাকৰ পৰিয়ালৰ লগত মূল ঘৰতে থাকিবলৈ ল’লে।

দিন বাগৰিল। বৰদেউতাকৰ কোলাত বহি ল’ৰা-ছোৱালীকেইটাই যেন পাহৰি গ’ল পিতৃ হীনতাৰ কথা। আৰু আইতায়ো পাহৰিবলৈ চেষ্টা কৰিলে বৈধৱ্যৰ যন্ত্ৰণা।

ঘৰখনত ভতিজাহঁতৰ লগতে নিজৰো ল’ৰা-ছোৱালী কেইটিৰ আউল মাৰিবলৈ আইতাই দিনৰ দিনটো টাকুৰী ঘূৰাদি ঘূৰে। ভতিজাহঁতৰ খুৰী সম্বোধনেৰে আইতা সৰু নবৌৰ পৰা ৰাজহুৱা খুৰী হ’ল। ওচৰ চুবুৰীয়া বন্ধু-বান্ধৱ মিতিৰ-কুটুম্ব আটাইকে খুৰীকহে লাগে। স্বভাৱ সুলভ ৰসিকতাৰে কথা ক’ব পৰা খুৰীয়ে ক্ষন্তেকতে সকলোকে আপোন কৰিব পাৰে। এটা আধুনিক মন, বিচক্ষণ বুদ্ধি, উদাৰ মনোভাৱ, মাৰ্জিত আচাৰ ব্যৱহাৰ আৰু ক্ষীপ্ৰতাৰে কাম কৰিব পৰা শক্তিৰ বাবে খুৰী ঘৰৰ মূল মানুহ হৈ পৰিল।

বছৰ আগুৱাই গৈ থাকিল। ডাঙৰ ভতিজা প্ৰমোদ পুলিচৰ ইন্সপেক্টৰ হ’ল, দ্বিতীয় ভতিজা প্ৰতাপ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক হ’ল। তৃতীয় ভতিজা আনন্দ আৰু নিজৰ ল’ৰা দিলীপ কণিষ্ঠ অভিযন্তা হৈ চাকৰিত সোমাল। সৰু ভতিজা প্ৰদীপে অ.এন.জি.চিত চাকৰি পালে। সৰু পুত্ৰ দুলালে ব্যৱসায়ত ধৰিলে। তাৰ মাজতে দুয়োজনী ভতিজা জী লিলি আৰু টুটুৰ বিয়া হৈ গ’ল। নিজৰ জী ৰীতাকো যথাসময়তে সু-পাত্ৰত দান কৰা হ’ল। সময়ৰ সোঁততে এদিন বৰজনাকৰ দেহাৱসান ঘটিল। তাৰ কিছু বছৰৰ পিছত জা গৰাকীয়েও একে পথেৰেই গতি কৰিলে। চাৰিটি ভতিজা আৰু দুই পুত্ৰক বুকুত সাৱটি খুৰীয়ে ঘৰৰ গুৰি ধৰিলে।

ডাঙৰ ভতিজা প্ৰমোদ ভোজন বিলাসী। মাছ মাংসৰ বিবিধ ব্যঞ্জন জুতি লগাই খাই ভাল পায়। খুৰীয়ে সকলোৰে পচন্দৰ ৰান্ধি বাঢ়ি খুৱাবলৈ শিকিলে। খুৰীৰ হাতেৰে ৰন্ধা মাছৰ জোলখন মিঠা আলুৰে বনোৱা লাল মোহন আৰু থাপনাৰ আগত দিয়া পায়সকণ সকলোৱে খাই শলাগে। নাতি-নাতিনীবোৰৰ জন্মৰ সময়ত খুৰীয়ে তেলীকচুৰ লগত পাৰ মাংস দি ৰন্ধা জালুকীয়া আঞ্জাখনৰ সোৱাদ বোৱাৰীকেইজনীয়ে হেনো জীৱনতে পাহৰিব নোৱাৰিব!

ডাঙৰ ভতিজা প্ৰমোদে মাক থাকোঁতেই বিয়া কৰাইছিল যদিও তাৰ কিছুদিন পিছতেই মাক ঢুকাল। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে বাকী থকা তিনিটি ভতিজা নিজৰ দুই পুত্ৰ কন্যাৰ লগতে তিনিজনী নাতিনীৰ বিয়াৰ দায়িত্ব খুৰী অৰ্থাৎ আইতাই ভতিজাহঁতক লগত লৈ সুকলমে সমাধা কৰিলে। ছজন পুত্ৰ ছজনী বোৱাৰী নটি নাতি নাতিনীৰে আইতাৰ এতিয়া ভৰপূৰ সংসাৰ। বোৱাৰীহঁতক তেওঁ নিজে চাইচিতি আনিছে। আইতাৰ সু-শিক্ষাৰে শিক্ষিতা বোৱাৰীহঁতে নাতি নাতিনীহঁতৰ সুৰতে সুৰ মিলাই আইতা বুলিবলৈ লোৱাৰে পৰা ৰাজহুৱা খুৰীজনী ক’ব নোৱাৰাকৈয়ে কেতিয়ানো সকলোৰে আইতা হৈ পৰিল কোনেও গমকে নেপালে।

ল’ৰাহঁতলৈ আইতাৰ সীমাহীন মৰম। অসুখে বিসুখে বা দূৰত থাকি বহুদিনৰ মূৰত ঘৰলৈ অহা লৰাহঁতক আইতাই গালেমুখে হাতফুৰাই মৰম কৰে। সেই সময়ত মৰম লোৱাজনেও যেন পাহৰি যায় নিজৰ পঞ্চাশোৰ্ধৰ বয়সৰ কথা। আইতাৰ বোৱাৰীহঁতে মুখটিপি হাঁহে।আইতাই ভ্ৰূক্ষেপ নকৰে।

আইতাৰ বিচক্ষণতাৰ সকলোৱে শলাগ লয়। কোনো কোনোৱে সোধে- আইতাই বোৱাৰী কেইগৰাকী ক’ৰপৰানো বিচাৰি আনিলে? একেবাৰে বাই-ভনী যেন লাগে। হয়, কথাষাৰ নোহোৱা নহয়। আইতাৰ বোৱাৰী কেইজনীও আইতাৰ মন পচন্দৰ। আটায়ে আইতাক মানি চলে। তেওঁলোকৰ মাজত কোনো খামখেয়ালি নাই। সকলোৱে নিজৰ নিজৰ মতে কাম কৰে। সকলোকে আইতাই ঘৰৰ দায়িত্ব ল’বলৈ শিকাইছে। কেতিয়াবা কোনোবা গৰাকীয়ে কিবা ভুল কৰিলে আইতাই মৰমেৰে বুজায়-“চোৱা তোমালোকে এনে কৰিলে মানুহে মোকহে দূষিব! ক’ব, মইহে শিকোৱা নাই। সেয়ে বোৱাৰীহঁত বিশেষকৈ ভতিজা বোৱাৰী কেইজনী এই দিশত বৰ সচেতন ‌যেন লাগে। নিজৰ আৰু ভতিজা বোৱাৰী কেইজনীৰ মাজত আইতাই কোনো দিনে পৰ ভাৱ নিজেও কৰা নাই, তেওঁ লোককো কৰিবলৈ দিয়া নাই। গতিকে পো-বোৱাৰী, জী-ভতিজা, নাতি-নাতিনী কোনেও আইতাক এৰি থাকিব নোৱাৰে।

এতিয়া আইতাৰ ঘৰুৱা কামৰ জঞ্জাল মুঠেই নাই।বোৱাৰীহঁতেই সকলো চম্ভালে। পিচে আইতাৰহে আজৰি নাই। ঘৰৰ প্ৰত্যেক কামতে আইতাই চকু নিদিলেই নহয়।

: নতুন ধান আনিবৰ হৈছে। ভঁৰালৰ মজিয়াখন মুছিলিহক নে?

: বিহু পালেহিয়েই, বৰাধানকেইটা ৰ’দত দিলানে? দুলালক ক’লানে গাখীৰৰ কথা?

: ভাদ মাহ পালেহি। আবেলি নামঘৰত নামষাৰ গাব লাগিব। দিহা নাম আওঁৰাইছাহকনে?

আইতাই বোৱাৰীয়েকহঁতক সকিয়ায়। তাৰোপৰি আঘোনত কাঠ আলু, বহাগত পচলা, কচুশাক ৰান্ধিবলৈকো আইতায়েই বোৱাৰীয়েকহঁতক মনত পেলাই দিব লাগে। ঘৰ-দুৱাৰ এৰি কেনিও এখন্তেকো নিশ্চিন্তে আইতা ওলাই যাব নোৱাৰে বুলি বোৱাৰীহঁতে সদায় কয় ‌।

“মাজনী পিছফালৰ দুৱাৰখন ভালকৈ মাৰিলানে? লাইট ফেন অফ কৰিলানে?” -আইতা যেন নিশ্চিন্ত হ’ব খোজে। সদায় ৰাতি পাকঘৰ সামৰি বোৱাৰীহঁত ৰূমলৈ যোৱাৰ পিছত পাকঘৰৰ গেছৰ চুইছটো বন্ধ কৰা হ’লনে নাই চাই নল’লে আইতাৰ ৰাতি টোপনি নাহে।

এনেদৰে চলি আছে সকলো ঠিকে ঠাকে। কৰবাত অকণমান হেৰফেৰ হ’লেই আইতাৰ চিন্তা বাঢ়ে। ইটো সিটো অসুখ বিসুখ আপদ বিপদ হ’লে আইতা বিহ্বল হয়। ঘনে ঘনে ভগৱানৰ নাম লয়। থাপনাৰ আগত বন্তি জ্বলায়। আইতাৰ বন্তিগছৰো অপাৰ মহিমা বুলি সকলোৱে কয়। সকলোৱে বিশ্বাস কৰে যে আইতাৰ চাকিগছ অথলে নেযায়। ফল পাবই।

মাঘবিহুত আইতাৰ গাত তৎ নাইকিয়া হয়। বাগানত থকা জোঁৱাইটোৱে স-পৰিয়ালে দুদিন থকাকৈ আহে। দূৰত থকা ভতিজা পো-বোৱাৰী নাতি নাতিনীবোৰো আহে। সকলোৱে মিলি ঘৰৰ চোতালতে ভোজ খায়। আইতাই বোৱাৰীহঁতৰ সহযোগত চিৰা পিঠা আখৈ মুড়ী আৰু অন্যান্য বিবিধ খাদ্যৰ যোগাৰ কৰে। বিহুৰ দিনা ঘৰৰ আটায়ে একেলগে আইতাক সেৱা কৰি আশীৰ্বাদ লৈ হাঁহি স্ফূৰ্তিৰে জা-জলপান খায়। ল’ৰা ছোৱালীৰ চিঞৰ বাখৰ গান বাজনাত ঘৰ গমগমাই থাকে। পো-ভতিজা, নাতি- নাতিনীহঁতে আইতালৈ অনা কানি কাপোৰ আৰু অন্যান্য সামগ্ৰীৰে আইতাৰ কোলা উপচি পৰে। অজানিতে আইতাৰ চকুৰ কোণ সেমেকি উঠে। হয়তোবা এই পৃথিৱীৰ মায়া এৰি আঁতৰি যোৱা কেইজনলৈ আইতাৰ মনত পৰে।

আবেলি চাৰে চাৰি বাজিল। নাই, আজিও আনন্দহঁতৰ কোনো খা-খবৰ নাই। ফোনতো নেটৱৰ্ক অহা নাই। কাতিমহীয়া বেলি। পাঁচ বজাত আন্ধাৰেই হ’ব।

“হে ভগৱান! একো অঘটন নঘটাবা প্ৰভু।”

অদৃশ্যজনালৈ আইতাই হাতযোৰ কৰে। আনন্দ মানুহটো অলপ অসুখীয়া। বোৱাৰী ৰূপাৰে সৈতে অকলে আহিব ভাড়াগাড়ীত। আইতাৰ চিন্তা বাঢ়ে।
গেটত শব্দ শুনি ঘূৰি চাই আইতাই দেখিলে, ডাঙৰ ভতিজা প্ৰমোদ আৰু বোৱাৰী মাজনী সোমাই আহিছে। তেওঁলোক সদায় ওচৰৰ নদীপাৰলৈ খোজ কাঢ়িবলৈ ওলাই যায়। আইতাৰ চিন্তাক্লিষ্ট মুখ দেখি দুয়ো বুজি পালে আনন্দহঁত অহা নাই। কিবা সুধি আইতাৰ চিন্তা বঢ়োৱা ঠিক নহ’ব বুলি ভাবি প্ৰমোদে টি ভি ৰূমত সোমাই চুইছ অন কৰিলে। নিউজ লাইভ নামৰ চেনেলটোত চিঞৰি চিঞৰি সাংবাদিক এজনে কিবা দুৰ্ঘটনাৰ কথা কৈছে। আইতা একেকোবে টি ভিৰ ওচৰ পালেগৈ। ঘূৰাই পকাই একেবোৰ কথাকে দোহাৰি থকা সাংবাদিকজনৰ কথাৰ পৰা আইতাই ইয়াকে বুজিলে যে, কাজিৰঙাত হেনো গাড়ীয়ে খুন্দিয়াই দুটা হুগৰী পহু মাৰিলে। তাকে লৈ স্থানীয় ৰাইজে পথ অৱৰোধ কৰোঁতে প্ৰশাসনে প্ৰতিবাদী জনতাৰ ওপৰত লাঠী চাৰ্জ কৰিলে। উত্তেজিত জনতাই ঠায়ে ঠায়ে গাড়ী মটৰ জ্বলাই দিছে। ৰাষ্টাৰ দুয়ো ফালে বহু দূৰলৈকে গাড়ীৰ শাৰী। আইতাই জোৰেৰে বুকুখন হেঁচি ধৰিলে।

“হে ভগৱান! আনন্দহঁতো তাতে বন্দী হোৱাহি নাইতো?”

কঁকালৰ খোচনাৰ পৰা ফোনটো উলিয়াই নম্বৰ টিপিলে। নাই আনন্দৰ ফোন নেলাগিল। সন্ধ্যা লাগিল। চিন্তাক্লিষ্ট মনেৰে আইতা গোসাঁইঘৰত সোমাল। চাকিগছ জ্বলাই ভক্তি ভাৱে আইতাই ভগৱানক স্তুতি কৰিলে।

“ল’ৰা-ছোৱালীহালক ৰক্ষা কৰা ভগৱান। বহুত কষ্টেৰে সিহঁতক বুকুত সাৱটি মই ডাঙৰ কৰিছোঁ। আজি যেন একো অঘটন নঘটে।”

সৰুজনী বোৱাৰী দীপাই অভ্যাস মতেই সন্ধিয়াৰ চাহকণ কৰি আনিলে। নাই আইতাৰ খাবলৈ মন যোৱা নাই। আইতাৰ অৱস্থা দেখি তেওঁ বুজালে,

: ইমান কৈ চিন্তা নকৰিব মা। আনন্দদাহঁতৰ একো নহয়।

: তোমাৰ কথাই যেন সঁচা হয়।

আইতাই মুখৰ ভিতৰতে বিৰবিৰালে। দুখে বেজাৰে আইতাই “গাটো বেয়া লাগিছে” বুলি বিছনাত উঠিল। সকলোৱে বুজিলে, এয়া আইতাৰ মন বেয়া লগাৰহে চিন।

নিশা ন-মান বজাত ডাঙৰ বোৱাৰীয়ে মাত লগালে,

: আইতা উঠক। ভাত খাবৰ হ’ল।

: সিহঁতৰ কিবা খবৰ পালানে?

: নাই৷

বুলি লাহেকৈ কৈ বোৱাৰীয়েক আঁতৰি গ’ল। আইতাই এইবাৰ মনে মনে নাৰায়ণ কৱচ গালে আৰু শুই পৰিল। ঘৰখন নিমাত নিতাল। নিশা দহ বজাত হঠাতে আইতাৰ ফোনত ৰিং হ’ল। বুকুখনে ধক্ কৰিলে আইতাৰ।

: হেল্ল’ আইতা৷

ৰূপাৰ মাত ।

: অ’ অ’ তোমালোক ক’ত আছা?

আইতাৰ মাতত উদ্বিগ্নতা ফুটি উঠিল।

: আমি এয়া বাগানতে। মিঠুহঁতে যাবলৈ নিদিলে নহয়। জোঁৱায়ে প্ৰকাণ্ড ভেউ মাছ এটা আনিছে। কৈছে বোলে শেষ কৰিহে যাব পাৰিব। নেটৱৰ্ক নাই বাবে আপোনালৈ ফোন লগাব পৰা নাই। এতিয়াহে পাইছোঁ।

আৰু কি কি ক’লে আইতাৰ শুনাৰ ধৈৰ্য নহ’ল।

: মাজনী-অ’ দুলাল শুনিছনে, আনন্দহঁত আজি নাই অহা অ’! তেজপুৰতে আছে!

আইতাই চিঞৰিলে।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.