ফটাঢোল

আই লাভ ‘ভ্যিউ’ উচ্চাৰণ বিভ্ৰাট – উজ্জ্বল দিপু গগৈ

সেইদিনটোৰপৰা ভেলেণ্টাইনচ ডে’লৈকে পাঁচদিন সময় আছিল; চনটো আছিল ২০০৫৷ যোৰহাটৰ হোষ্টেলত থকা সেই কৈশোৰ বয়সত ভালপোৱাৰ বতাহ গাত লাগিছিল ভালকৈয়ে৷ ছোৱালী এজনীৰ ঘৰৰ লেণ্ড লাইন নাম্বাৰ যোগাৰ কৰিছিলোঁ বৰ কষ্ট কৰি৷ পিচিঅ’ৰপৰা ফোনটো লগাওঁ, তাই ৰিচিভ কৰিলে ফোনটো নকটাকৈ তাই কোৱা ‘হেল্ল’ কোনে কৈছে’ শব্দকেইটাকে শুনি থাকোঁ, আন কাৰোবাৰ মাত শুনিলে ফোনটো পতককৈ থৈ পিচিঅ’ৰ বিলমিটাৰত কেকেৰকেচ কেকেৰকেচ শব্দ কৰি ওলোৱা বিলখনৰ এমাউণ্টটো দি থৈ আহোঁ৷ দিন বাগৰিল, পিচিঅ’ৰপৰা মোৰো লুকাভাকু চলি থাকিল, দুদিনমানৰ পাছত তাইৰপৰা “কোন অসভ্যই ফোন কৰি থাক” বুলি কোৱা শব্দকেইটাও শুনিলোঁ৷ কিন্তু সেয়াও যেন কাণত মৌমাখিৰ গুণগুণনি হৈহে বৰষিছিল৷

অৱশেষত পিচিঅ’ৰ দোকানীৰ গাত দুটামান নতুন চাৰ্ট-পেণ্ট দেখিহে মোৰ গা বাজিল “হয়দেই মই পইচা বহুত ইনভেষ্ট কৰিলোঁ পিচিঅ’ত৷” তেনেসময়তে লগৰকেইটায়ো উৎসাহ দিলে “ডাইৰেক্ট চিনাকি হ, মৰ্দ বন মৰ্দ, এইবিলাক মাইকীৰ নিচিনা কাম কৰিবলে বাদ দে৷” সেই ‘মৰ্দ বন মৰ্দ’ কথাকেইষাৰ যেন মোৰ কাণত মেঘৰ গাজনি হৈ বাজি উঠিল৷ ভাল দিন-বাৰ চাই এদিন মই মৰ্দ বনি দিলোঁ; নিজৰ চিনাকি দি বন্ধু পাতিবা নেকি বুলি সুধিলোঁ৷ ফোনৰ আনটো মূৰৰপৰা তাই দুদিনমান সময় লাগিব বুলি ক’লে; ময়ো ক’লোঁ “ঠিক আছে দেওবাৰে দুপৰীয়া ২বজাত ফোন কৰিম, ফোনৰ ওচৰত থাকিবা৷”

দেওবাৰে দুই বাজিবলৈ পাঁচমিনিটমান থাকোঁতেই ফোন কৰিলোঁ, একেটা ৰিঙতে ফোনটো ৰিচিভ কৰি ক’লে “দেতা আছে ঘৰত, ছটাত ফোন কৰিবা৷” ছয়বজালৈ যেন এশঘণ্টামান আছিল৷ কিন্তু মুনিচুনি সন্ধিয়াৰ সেই ছয়বজাটো মোৰ বাবে খুব লাকী আছিল কাৰণ বন্ধুত্বৰ প্ৰতিশ্ৰুতিৰ আদান-প্ৰদান হৈ গ’ল৷

সময় চলি থাকিল৷ Nokia 1100 আৰু Nokia 1200ৰ দিন তেতিয়া৷ হোষ্টেলৰ চিনিয়ৰ এজনে ম’বাইল এটা কিনি নিছিল গুৱাহাটীৰপৰা৷ ৰিংটন ৰাখিছিল ‘ধুম মাচালে ধুম…’৷ আমাৰ বিৰাট আগ্ৰহ ম’বাইলটো লৈ৷ ম’বাইলটো কিনাৰ দিনা আমাক সি সৰু-সুৰা ভাষণ এটাই দি দিছিল ম’বাইলৰ ওপৰত; গুৱাহাটীত হেনো ৰিক্সাৱালায়ো ম’বাইলতহে ভাড়া বুকিং কৰে৷ আমিও ভেবা লাগি শুনিছিলোঁ তাৰ কথা৷ যি কি নহওক সি আমাক অফাৰ একোটা দিলে যে তাৰ ম’বাইলৰপৰা আমাক এক মিনিটকৈ ফোন কৰিবলৈ দিব৷ মিনিটত BSNLৰ তেতিয়া প্ৰায় তিনিটকামানকৈ আছিল৷ প্ৰায় সকলোৱে ম’বাইলেৰে নিজ নিজ ঘৰলৈ ফোন কৰিলে৷ মই মোৰ টাৰ্ণ অহালৈ ৰ’লোঁ৷

তেনেতে লগৰ এটাই ক’লে “তই দেখোন তাইক ম’বাইলেৰে ফোন কৰি প্ৰপজ কৰিব পাৰ৷”

মই বোলো, “নাই নাই মোৰ সাহস নাই৷”

ওপৰাওপৰিকৈ ঢেৰ বুজনি আহিল “মনৰ কথা জলদি ক’ব লাগে”, “আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত ম’বাইলত প্ৰপজ কৰা ল’ৰা প্ৰথম তই হ’বি”, “দেৰি কৰি থাকিলে বেলেগে পতাই ল’ব” ইত্যাদি ইত্যাদি৷

বুজনিৰ কোবত মই বোলো কৰিম দে৷ লগে লগে মোক ট্ৰেইনিং দিলে দুটামানে লগলাগি “কথা এটা ক’ম ক’ম বুলি ভাবি আছোঁ……মই তোমাক বহুত ভাল পাওঁ……আই লাভ ইউ” ইত্যাদি ইত্যাদি৷

ম’বাইলৰপৰা ফোনটো লগাবলৈ ল’লোঁ৷ ম’বাইলৰ মালিকে ক’লে “চাবি কিন্তু যি কও যি নকও মাত্ৰ একমিনিটৰ ভিতৰতে ক’বি, দেৰি কৰিলে মই ফোনটো কাঢ়ি লৈ কাটি দিম৷”

বাবা ভেলেণ্টাইন আৰু কামদেৱ দুয়োৰে নাম জপ কৰি ফোনটো লগালোঁ৷ ফোনটোৰ আনটো মূৰত তাই ৰিচিভ কৰি হেল্ল’ কোৱালৈকে কুৰুৰুক কুৰুৰুক ৰিঙৰ শব্দৰ তালে তালে মোৰ হাৰ্টবিট দুৰুৰুক দুৰুৰুক কঁপিবলৈ আৰম্ভ কৰিছিল৷ হাতত সময় কম, আনফালে ম’বাইলৰ মালিকে ঘড়ী চাই আছে৷

ভাটৌৱে মুখস্থ কৰি কোৱাৰ দৰে মই ক’বলৈ আৰম্ভ কৰিলোঁ “তোমাক কথা এটা ক’ম বুলি ভাবি আছিলোঁ৷

তাই ক’লে, “কোৱাচোন৷”

মই ঘেঁহালোঁ, “মানে মই তোমাক……৷”

তাই “হাঁ…” বুলি মৰা চিঞৰতে গম পাইছিলোঁ ক’ৰবাত কেণা লাগিল৷

ওচৰৰ লগৰকেইটাই আকাৰ-ইংগিতে কৈ আছে “আই লাভ ইউ বুলি জলদি ক৷”

ময়ো জৌশত কৈ উঠিলোঁ “মই তোমাক আই লাভ ভ্যিউ৷”

তাই ক’লে “পাগল হ’লা নেকি তুমি?”

ম’বাইলৰ মালিকে চিঞৰিলে “আৰু ১৫চেকেণ্ড”

এইবাৰ মই চিঞৰি দিলোঁ “আই লাভ ভ্যিউ আই লাভ ভ্যিউ আই লাভ ভ্যিউ আই লাভ ভ্যিউ৷”

এক মিনিট হ’ব লওঁতেই ফোনটো কাটি লগৰকেইটালৈ গৌৰৱেৰে চালোঁ শুকান হাড় থকা মোৰ বুকুখন ফুলাই৷ মূৰে-কপালে হাত দি এটাই আনটোৰ মুখলৈ চাই আছিল৷

মই কিবা এটা ক’বলৈ মুখ মেলোঁতেই এটাই গৰজি উঠিল “মূৰ্খ আই লাভ ইউ বুলি কোৱা লাইনটোৰ লাষ্টৰ শব্দটো ‘ইউ’ হয় বুইছ ‘ইউ’, তোৰ নিচিনাকে ‘ভ্যিউ’ ‘ভ্যিউ’ বুলি নকয়৷

নিজৰ চুলিকোচাকে ছিঙি পেলাবৰ মন গ’ল ভুল উচ্চাৰণৰ বাবে “ধুৰৰ অথনিৰপৰা মানে মই কিবা ভ্যিউ ভাল পোৱাৰ কথাহে কৈ থাকিলোঁ৷”

তাৰপাছত সেইখন চিনেমা ভ্যিউ হৈ কাহিনী চেটেপ একেবাৰতে৷

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.