ফটাঢোল

আউটডেটেড – দীপিকা ডেকা

ৰাস্তাৰ দাঁতিত ঢেঁকীয়া শাক বিচাৰি থকা পেহীয়ে ভোৰভোৰাই আছিল-“বোলোঁ,বছৰেকৰ বিহুটোত খাবলৈ শাক কেইবিধো পাবলৈ নোহোৱা হ’ল আজিকালি গাঁৱত ! কি যে দিনকাল পৰিল! ঢেঁকীয়াকেইডালো নাপাওঁ৷” ভোৰভোৰাই-ভোৰভোৰাই পেহী মহেন্দ্ৰ মাষ্টৰৰ পদূলি পালেগৈ৷ মাষ্টৰৰ পদূলিমুখতে থকা তিতাভেকুৰিজোপাৰ পৰা ঢেঁকীয়া-ভাজিত দিবলৈ দুটামান লওঁ বুলি খন্তেক ৰ’ল। মাষ্টৰৰ পদূলিলৈ চাই পঠিয়াই পেহীয়ে জোপোহাৰ আঁৰেৰে ছোৱালী এজনী দেখিলে৷ মাষ্টৰৰ জীয়েক,মইনা৷ চহৰৰপৰা বিহুৰ বন্ধত ঘৰলৈ আহিছে৷
পেহীয়ে কালিও তাইক দেখিছিল৷ পদূলিতে অকলে অকলে খোজকাঢ়ি আছিল৷ মাজে মাজে অকলে হাঁহে আৰু কথাও পাতে৷ পেহী কালি বৰ আচৰিত হৈছিল৷ কিন্তু আজি তাই কি কৰিছে !? অলপ ডিঙি মেলি ভালকৈ চাই পেহীয়ে দেখিলে-উৱা!! তাই দেখোন চুটি স্কাৰ্ট এটাৰ লগত ৰিহা মেৰিয়াই লৈছে! জোনবিৰি,গামখাৰুৰে একেবাৰে নাচনীৰ সাজ,কিন্তু মেখেলা নিপিন্ধিলেই! তাতে আকৌ তাই আম গছডালত এবাৰ আঁউজি, এবাৰ সাবটি, এবাৰ মুখখন বেঁকা কৰি কি কৰি আছে বাৰু? যোৱাকালিও সেই কাণ্ড আৰু আজিও ! চহৰত বেছিকৈ পঢ়াশুনা কৰি মইনাৰ মগজটো তেনেই গ’ল যেন পাইছোঁ। ছেহ্,এইহেন গাভৰু ছোৱালীজনী! পেহীৰ মনটো তেনেই মৰহি গ’ল।
কথাৰ আঁতি-গুৰি লওঁ বুলি পেহী অলপ আগবাঢ়ি গৈ তাইক মৰমেৰে মাতিলেগৈ,
: মইনা…!
: অ’ জেতুকী পেহী ৷ উৎসাহী মাতেৰে মইনাই ক’লে,-“হেপ্পী ৰঙালী বিহু পেহী, কোৱাচোন মোক কেনে দেখাইছে?”
: ভালেই লাগিছে, পিছে……
: পিছে কিনো?
: এহ্…, কি কওঁ! মাৰাৰ লগতে কথা পাতোঁ নেকি?
: নহ’ব নহ’ব পেহী৷ মোক নোকোৱাকৈ তুমি ক’লৈকো যাব নোৱাৰা। কোৱা কি?… অ’ পেহী ৰ’বাচোন,এটা কথা৷ কালি মই তোমাক দেখিছিলোঁ জানা ! কিন্তু মাত দিয়াহে নহ’ল। মানে মই ফোনত কথা পাতি আছিলোঁ৷
: ফোনত…??
: অ’ পেহী৷ দেউতা ঘৰত আছিল যে, সেয়ে হেডফোন লৈ পদূলিত কথা পাতি আছিলোঁ৷
: সেইটো বাৰু বুজিলোঁ৷ কিন্তু মইনা৷ তুমি ৰিহা,গামখাৰু,কপৌফুল পিন্ধি নাচনীজনী হৈছা,পিছে মেখেলা নিপিন্ধিলা যে ! মাৰাৰ জানো মুগাৰ মেখেলা নাই?
পেহীৰ কথা শুনি মইনা হাঁহিত ফাটি পৰিল।
: পেহী৷ তুমিও যে আৰু! এক্কেবাৰে ‘আউটদেটেড’ হৈ আছা৷ মই ইয়াত ‘ছেল্‌ফি’ তুলি আছোঁ বুজিছা। এইজোপা কপৌফুল দেখিছা নহয়৷ ইয়াতে মই ফটো তুলি আছোঁ৷ আৰু ছেল্‌ফিত মেখেলাখন নেদেখে নহয়, সেয়ে স্কাৰ্টটোৰ লগতে পিন্ধিলোঁ৷ মেখেলা পিন্ধি খোজ দিবলৈ বৰ দিগদাৰ জানা।”
তাইৰ কথা শুনি পেহীয়ে হাঁহিবই নে কান্দিবই থিৰাং কৰিব পৰাৰ আগতেই মইনাই বাওঁহাতেৰে সাবটি পেহীৰ মূৰত নিজৰ মূৰটো লগাই ক’লে-
“ঢেঁকীয়ামুঠিটো অলপ ওপৰলৈ দিয়া আৰু ম’বাইলটোৰফালে চাই অলপ হাঁহি দিয়া পেহী৷ ক্লিক্। অ’, হৈ গ’ল৷ এতিয়া এইখন মই ‘চেলিব্ৰেটিং ৰঙালী বিহু উইথ জেতুকী পেহী’ বুলি লিখি ফে’চবুকত আপলোড কৰিম দেই৷ এতিয়া যাওঁ, বিহু খাবলৈ আহিবা৷”
মইনা যোৱাৰ ফালে চাই পেহীয়ে স্বস্তিৰ নিশ্বাস এৰিলে। হওক তেও, মইনা বলিয়া হোৱা নাই!!

☆★☆★☆

Leave a Reply

Your email address will not be published.