ফটাঢোল

আকাশবাণী – স্বাক্ষৰজ্যোতি মহন্ত

“ঐ গান বন্ধ কৰ, ৰাতিপুৱাই ৰাতিপুৱাই বেবাই থকা গানবোৰ কেলে লগাৱ, বন্ধ কৰ” বিচনাৰ পৰাই প্ৰাঞ্জলে মাত লগালে। ৰাতিপুৱাই আকাশে চকুকেইটা মেলিয়ে গাৰুটোৰ কাষতে থকা মোবাইলত ফুল ভলিউমত হিন্দী গান এটা লগাইহে শুৱাপাতি এৰে। আকাশৰ মোবাইলত হিন্দী গান লাগিয়ে থাকে! বন্ধদিন হ’লেতো শেষেই…দিনটো গান বাজিয়ে থাকিব। মোবাইলত গান লগাই সি লগতে নিজেও চিঞৰি চিঞৰি গাই থাকে৷ সি হিন্দী গানৰো আকৌ চিঞৰি গগণ ফলা গানবোৰহে শুনে৷ আকাশে পুৰণা গান শুনিলেও ৰিমিক্সবোৰহে শুনে। ৰোমাণ্টিক গান হেনো ছোৱালীৰ বস্তু তাৰ ভাষাত। পিন্ধনতো একেবাৰে জধলা সি৷ ইষ্ট্ৰী তাৰ কাপোৰত কোনোদিন লগাই নাছিল কিজানি৷ একেটা জিনছ্ কিজানি সি এমাহ পিন্ধে। ঠাণ্ডা দিনত গাটোও কেতিয়াবা অকল দেওবাৰ দেওবাৰেহে ধোৱে। একপ্ৰকাৰে সি হিন্দী গানৰ বলিয়া জধলা ল’ৰা এটা৷

ৰাতি ৰাতি মেছত আমাৰ সদায় আদ্দা বহিছিল। কেতিয়াবাতো ৰাতি পুৱাই যায়৷ সকলোৱে ছোৱালীৰ কথা ওলিয়াই কিন্তু আকাশৰ অকল গান আৰু বেলেগ কথা। সি ছোৱালীক হেনো পাট্টা নিদিয়ে৷ মেছৰ বাকীকেইটাৰ অকল ছোৱালীৰ কথা কাৰণ মেছৰ গোটেইকেইটা চিংগল৷

লাহে লাহে….দিন বাগৰিল। এদিন আকাশে হে’ডফোনত গান শুনি শুনি টোপনি গ’ল৷ লক্ষ্য আহি ফোনটোৰ গান বন্ধ কৰি দিলেহি। বন্ধ কৰাৰ আগতে লক্ষ্যই হে’ডফোনডাল তাৰ কাণত লগাই চালে। লক্ষ্যটো আচৰিত। এইয়া কি? আকাশৰ মোবাইলত জুবিনৰ ‘হিয়া দিয়া নিয়া’ লাগি আছে। আৰু দুটামান গান লগালে দেখিলে বাকীবোৰো ৰোমান্টিক গান। সেইদিনা সি একো নক’লে।

পিছদিনা তাক সোধাত সি এনেই লাগি গ’ল কৈ কথা সলাই দিলে৷ লাহে লাহে আকাশৰ কাম কাজত সলনি আহিবলৈ ল’লে৷ কথাটো সকলোৱে লক্ষ্য কৰি আছিল। হিন্দী গানৰ বলিয়া আকাশে সদায় পেনপেনীয়া বুলি কৈ থকা জুবিন পাপন অৰিজিৎৰ ৰোমান্টিক গানবোৰ মনে মনে শুনি থাকে৷ কথাটো সকলোৰে কাণত পৰিল।সকলোৰে উমান হ’ল ল’ৰা প্ৰেমত পৰিছে চাগে। পিছলৈ ৰাতিপুৱা ক্লাছলৈ যোৱাৰ আগতে সি প্ৰাঞ্জলৰ ইষ্ট্ৰীটো আনি ছাৰ্টটোত অলপ ঘঁ‌হাই লয়হি। গোটেইকেইটা নিশ্চিত আছিল আকাশ প্ৰেমত এতিয়া। হিন্দীৰ ‘গন্দি বাত’ৰ ঠাইত ছোৱালীৰ ৰোমাণ্টিক গানবোৰ এতিয়া তাৰ মুখত। এদিন ৰাতিৰ আদ্দাত তাক জেৰা কৰা হ’ল। নাই নকয় সি একো। শেষত কৈ দিলে যে সি ববিতা নামৰ ছোৱালীজনীৰ প্ৰেমত। লগে লগে মেছৰ সকলোৱে গম পালে যে মেছে ল’ৰা এটা হেৰুৱালে। ল’ৰা প্ৰেমত যেতিয়া সি বৰৰ্বাদ হ’বই। এতিয়া সি মেছৰ আকাশ হৈ থকা নাই,সি এতিয়া ববিতাৰ প্ৰেমৰ আকাশ। আকাশৰ কাম এতিয়া এটাই, সোনকালে গৈ দুই নম্বৰ গেটত ৰৈ থাকি ববিতা অহালৈ বাট চাই থকা আৰু ক্লাছৰ শেষত’অভিনন্দন’ৰ সন্মুখত ববিতা অহালৈ ৰৈ থকা৷ ববিতা আকৌ প্ৰাঞ্জলৰ ক্লাছমেট আছিল। এদিন প্ৰাঞ্জলেই তাক ববিতাৰ লগত চিনাকি কৰি দিলে। ববিতাৰ লগত চিনাকি হৈয়ে ফুৰ্তিতে ৰাতি মেছত পাৰ্টিয়ে দি দিলে৷ পাৰ্টি মানে মেছৰ ছটা মানুহৰ পাঁ‌চ কেজি মাংস। মেছত মাংস বনোৱাৰ দায়িত্ব সদায় ধনীয়া এক্সপাৰ্ট কল্পৰ।

দিন যিমানে বাগৰিলে আকাশ ববিতাৰ প্ৰেমত লট্টু হৈ গ’ল। তাক সকলোৱে ক’লে-“ভাই গান শুনি থাকিলেই নহ’ব…কৈ দে তাইক৷ চাবি আকৌ পিছত কোনোবাই লৈ ল’লে ফিনিচ্৷” তাৰ লাহে লাহে ববিতাৰ লগত এক ভালেই সৰ্ম্পক দেখিলোঁ‌। ইটোৱে সিটোক মাতবোল কৰে। এদিন হেনো অভিনন্দনত চাহো খোৱালে৷ মেজৰ আদ্দাত তাক ফাইনেলকে কৈ দিয়া হ’ল “ভাই তই যদি মৰ্দ হৱ তেন্তে তই কাইলে তাইক মনৰ কথা কৈ দে। দেখা নাই ইক’নমিক্সৰ ৰাকেশে কেনেকে ইজনিৰ পাছত সিজনি পতাই। ভাই তই পাৰিবি। যা কাইলে কৈ দে তাইক।” আকাশেও থিৰাং কৰিলে সি কাইলৈ গৈ তাইক মনৰ কথাটো ক’ব। পিছদিনা ৰাতিপুৱাই উঠিল। ধূপ দুডালমান জ্বলালে৷ কল্পৰ নতুন জোতাযোৰ, লক্ষ্যৰ টি চাৰ্টটো বিছাৰিলে। লগে লগে দিলে সিহঁতে। মেছৰ ল’ৰা এটাৰ বাবে ডাঙৰ দিন সেইটো। এটা ল’ৰাৰ চিংগল চেকাটো গুচিব। সকলোৱে তাক কি পিন্ধিব নিপিন্ধিব, কেনেকৈ ক’ব বুজোৱাত লাগিল। নিজেই ছোৱালী পতাব নোৱাৰা বৰলা কল্পই তাক ধেৰ টিপছ দিলে৷ ইফালে আমাৰ প্ৰেমিক তামাম নাৰ্ভাছ৷ গাত ব’ডি স্প্ৰে প্ৰায় গোটেইটোৱেই মাৰিলে। ল’ৰা সাজু যাবলৈ৷ নিজৰ বুলিবলৈ অকল পেন্টটোহে পিন্ধিছিল। বাকিবোৰ সকলো মেছৰ লগৰ কেইটাৰ।

আকাশ মেছৰ পৰা ওলাই গ’ল প্ৰৱল উৎসাহ আৰু ভয়ে ভয়ে৷ সি মনতে থিৰাং কৰিলে আজি সি তাইক ফোন কৰি হোষ্টেলৰ পৰা মাতি আনি মনৰ কথা ক’বই ক’ব। খোজ কাঢ়ি গৈ সি বি টেকৰ গেটখন পাইছেগৈহে কিজানি…এশ বিছ, এশ ত্ৰিছ কি:মি: মানত স্পিডত যোৱা বাইক এখনত ববিতা ল’ৰা এটাৰ লগত প্ৰায় উৰি যোৱাদি পাৰ হৈ গ’ল। ববিতা পিছৰ ছিটত বহি ল’ৰাটোৰ গাত এনেকৈ লেপেটখাই গৈছিল যে যেন তাই ল’ৰাটোৰ আগফালে বুকুৱেদি ওলাই যাবগৈ৷ সেইটো দৃশ্য দেখি আকাশৰতো মূৰৰ ওপৰত সৰগখন ভাগি পৰাৰ দৰে হৈছিল। কি কৰিব সি….আহিছিলহে ওলাই ক’ম বুলি৷ সপোন দেখিছিল কি আৰু হ’ল কি। বি টেকৰ গেটৰ কাষতে অলপ দেৰি বহিল…ইফালে হুৱাটছআপত মেছৰ গ্ৰুপৰ মেছেজ আহিয়ে আছে, “ভাই কাম হ’ল নাই হ’ল নাই৷” দুখতে গৈ সি দিনটো জামীৰাহৰ ফ্লাইঅ’ভাৰৰ তলতে দিনটো বহি থাকিল। তিনি পেকেট ‘ফ্লেক’ উৰাই দিলে বহি বহি। সন্ধিয়া আহি মেছ সোমালহি৷ গোটেইগালে ঘেৰি ধৰিলে কি হ’ল কি হ’ল সুধি ৷ “তই ইমান দেৰি কৰিলিযে…ডেটতেই গ’লি নেকি আজি” কল্পৰ এনেও সকলোতে ওস্তাদি তাতে আকৌ এইবোৰ সুধিছে। সি বহি লৈ সকলো ক’লে। সকলোৰে হাঁহিও উঠিছে বেয়াও লাগিছে। তাক সকলোৱে বুজোৱাত লাগিছে৷ “তোক কৈছিলোঁ‌ ছোৱালীৰ পাল্লাত নপৰিবি, দে মোৰ চাৰ্টটো খোল এতিয়া, ধুই দিবি” লক্ষ্যই ক’লে। হঠাৎ বেয়া মাত এটা মাতি আকাশে চিঞৰি ক’লে “আজি ফুল নাইট পাৰ্টি চলিব…ছাল্লা মোৰ কিছমতেই বেয়া আছিল…. ছোৱালীৰ পাল্লাত পৰিবই নালাগে।” প্ৰাঞ্জলে মাজতে মাত লগালে “হ’ব দে দুখ নকৰিবি,তই এতিয়াও আমাৰ চিংগল সন্থাৰ সদস্য।” আকাশৰ প্ৰেম বিফল হোৱাত এতিয়া মেছত আকৌ চিন্তা বাঢ়িল কাৰণ যোৱা দুমাহমান মেছটো অলপ শান্তিত আছিল৷ কাইলৈৰ পৰা আকৌ সিহঁতৰ ওপৰত আকাশে চিঞৰি চিঞৰি গোৱা গানৰ অত্যাচাৰ হ’ব। ভবা মতেই দুদিনৰ পাছতেই ৰাতিপুৱা আকৌ কোনোবা এটাই চিঞৰি ক’লে “ঐ গান বন্ধ কৰ…শুবলে দে।”
☆★☆★☆

2 Comments

  • ৰিণ্টু

    তামাম লিখিছা হে স্বাক্ষৰ

    Reply
  • Mridula

    মজ্জা লাগিল

    Reply

Leave a Reply

Your email address will not be published.