ফটাঢোল

আকাশীযানেৰে ভ্ৰমণ – কমলা দাস

২০০৪ চনৰ কথা৷ মোৰ প্ৰথম আকাশীযানেৰে ভ্ৰমণ। সেইটো চনত মই National Micro Entrepreneur Award লাভ কৰিছিলোঁ। চৰকাৰে এৱাৰ্ডটো আনিবলৈ দিল্লীলৈ মাতিলে৷ লগতে থকা-খোৱা পাঁচ তাৰকা হোটেল আৰু অহা-যোৱা আকাশীযানৰ সুবিধাৰ সৈতে।

জীৱনত প্ৰথম বাৰ আকাশীযানেৰে ভ্ৰমণ, তাকো অকলে অকলে। ভয় ভয় ভাবেৰে (যদিও লোকক দেখুওৱা নাছিলোঁ) বৰঝাৰ বিমানবন্দৰলৈ গৈ, সকলো ফৰ্মেলিটি পাৰ হৈ কোনোমতে প্লেনত বহিলোঁগৈ। গপচত বহি আছোঁ। চৰকাৰী খৰচত গৈছোঁ বুলি অহং ভাৱ এটাও মনলৈ আহিছে। যিহেতু চৰকাৰৰ আলহী হৈ আহিছোঁ গতিকে প্লেনত মোক যি যি লাগে সকলো ফ্ৰিয়েই দিব বুলি ভাবিছোঁ। কফি, চাহ, দুপৰীয়াৰ খাদ্য খালোঁ। টকা নাই লোৱা। মনত বিৰাট স্ফূৰ্তি। (টিকটৰ লগতে যে এই বিলাকৰ টকাটো ধৰি লয়, নাজানিছিলোঁ) কিছু সময় যোৱাৰ পিছত অলপ ঠাণ্ডা লগা যেন পাই, ধুনীয়া পৰিচাৰিকাজনীক কথাটো জনালোঁ। (তেনেকে জনাবলৈ  ঘৰত শিকাই পঠাইছিল) পৰিচাৰিকাজনীয়ে লগে লগে এখন ধুনীয়া পাতল কম্বল গাত ল’বলৈ আনি দিলে। কম্বলৰ উম লৈ আৰামত গৈ দিল্লী পালোঁগৈ। প্লেনৰ পৰা নামিবলৈ সাজু হওঁতে নিজৰ বেগটোৰ লগতে ধুনীয়া মিহি কম্বলখনো জাঁপি হাতত লৈ ল’লোঁ। যিহেতু মোক চৰকাৰে সকলো ফ্ৰী দিছেই, এইখন নো কেলেই এৰি যাম! কিছু আগ বঢ়াৰ পিছত সুন্দৰী পৰিচাৰিকাজনীয়ে সুন্দৰ কৈ হাঁহি মাৰি ক’লে, “মেম, আপুনি ভুলতে কম্বলখন লৈ গৈ আছে৷ ময়ো অহ্‌, চ’ৰি বুলি কৈ লৰালৰিকৈ তাইক সেইখন দি দিলোঁ। অন্য মানুহখিনিয়েও একো নজনা ভাবত আগবাঢ়ি গৈ থাকিল৷ আৰু মই দুখ মনেৰে নামি আহিলোঁ।

☆★☆★☆

One comment

  • ৰিণ্টু

    ভাল লাগিল আপোনাৰ লটিঘটিৰ কাহিনীটো পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.