ফটাঢোল

আকাশ চুব খুজিছে ছোৱালীবোৰে – দেৱাহুতি কাকতি দাস

শিৰোনামাটি অসমৰ এখন বিখ্যাত সংবাদ-পত্ৰৰ। এতিয়া ৰিজাল্টৰ বতৰ। মেট্রিক, হায়াৰ চেকেণ্ডাৰীৰপৰা আৰম্ভ কৰি একেবাৰে প্রতিযোগিতামূলক পৰীক্ষাসমূহৰৰ। কেউদিশে এক উখল-মাখল পৰিবেশ। বিশেষকৈ বাতৰি কাকত আৰু অসমীয়া নিউজ চেনেলবোৰত উজ্জ্বল হাঁহি থকা মুখৰ চোকা-চোকা ল’ৰা-ছোৱালীবোৰ দেখিলেই মন-প্রশান্তিত ভৰি পৰে। পৰিসংখ্যা অনুসৰি আজি প্ৰায় ডেৰদশক মানৰপৰাই ল’ৰাতকৈ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ বেছি। লগতে পৰীক্ষাবোৰৰ মেৰিট লিষ্টত ছোৱালীৰ নাম প্ৰায়ে দেখা যায়, অন্য নালাগে আনকি আ এ এচ, আই পি এচ আদিৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ ক্ষেত্ৰতো। মই নাৰীবাদী নহয় কিন্তু ছোৱালীবোৰৰ এনে সাফল্যৰ বাতৰিয়ে মোক এক সুকীয়া পৰিতৃপ্তি দিয়ে। কিয়নো জনা হোৱাৰ দিনাৰপৰাই দেখি আহিছোঁ – সকলো ধৰণৰ বাধা-নিষেধ, পায়-নেপায় অকল ছোৱালীবোৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য। একেখন ঘৰৰে একে পৰিবেশত ডাঙৰ হোৱা এজনী ছোৱালী আৰু ল’ৰাৰ ক্ষেত্ৰত নিয়মৰ বান্ধোন পৃথক। শান্ত শিষ্ট, কোনো কথাৰ প্ৰতিবাদ নকৰা ছোৱালী বা বোৱাৰীজনীক (লাগিলে জীৱন যুদ্ধত তেওঁ যিমানেই অবর্ণনীয় কষ্ট ভোগ নকৰক কিয়!) সমাজত পৰিচিত হয় লখিমীৰূপে। আনহাতে মুৰ তুলি সত্য কথা কোৱা, অন্যায় প্রতিবাদ কৰাগৰাকী সমাজত পৰিচিতা হয় কুলক্ষণী হিচাপে।

প্রখ্যাত বঙালী ঔপন্যাসিক শঙ্কৰে তেওঁৰ কোনোবা এখন উপন্যাসত লিখিছিল – সমগ্ৰ নাৰী জীৱনটোৱেই হৈছে দুখৰ এক অন্তহীন স্রোত। জীৱনৰ যি উৎস – সেই উৎসৰ মূলেইটো আৰম্ভ হৈছে নাৰীৰ নিদাৰুণ দেহ-যন্ত্রণাৰে। তাৰ পিছতো বিৰহ, বৈধব্যকে আদি কৰি কত দুখ-যন্ত্রণাই সংসাৰ পথৰ অলিয়ে-গলিয়ে অপেক্ষা কৰি আছে নিৰীহ নাৰীৰ কাৰণে। সেই সকলো দুখ-যন্ত্রণাৰ হলাহল পান কৰিও নাৰীসকলে মাতৃ, পত্নী, ভগ্নী, বান্ধৱী, প্রেমিকা, পুত্রীকে ধৰি অনেক সম্বন্ধৰ উমাল স্পৰ্শৰে সমগ্র সামাজিক বান্ধোনটোকে নিকপকপীয়াকৈ যেনেদৰে ৰাখিছে সি তুলনাবিহীন! কিন্তু তাৰ বিনিময়ত নাৰীয়ে পাইছে কি? সমাজৰ এক মুষ্টিমেয় সংখ্যক নাৰীক বাদ দি এতিয়াও মাতৃজাতি অৱহেলিত, শোষিত, মানসিক আৰু শাৰীৰিকভাবে নির্যাতিত।

মোৰ অন্যতম প্রিয় সাহিত্যিক শীলভদ্ৰদেৱে সাতসৰীৰ কোনোবা এটা সংখ্যাত লিখিছিল – আজিৰপৰা এশ বছৰ আগলৈকে ছোৱালীবোৰক শিক্ষাৰ পোহৰৰপৰা বঞ্চিত কৰি ৰখা হৈছিল। স্বাধীনতাৰ পিছতহে তেওঁলোকে শিক্ষাগ্রহণৰ প্রকৃত সুযোগ পাইছে আৰু সেই সুযোগৰ সদব্যৱহাৰ কৰি তেওঁলোকে পঞ্চাশ বছৰৰ ভিতৰতে পুৰুষৰ লগত বিভিন্ন ক্ষেত্ৰত সমানে ফেৰ মাৰিছে আৰু অহা পঞ্চাশ বছৰৰ ভিতৰত নাৰীসকল পুৰুষতকৈ সকলো দিশতে আগুৱাই গৈ গোটেই আর্থ-সামাজিক দিশটোৰেই সলনি কৰি দিব পাৰে। বাতৰি কাকতৰ শিৰোনামাটিয়ে ইতিমধ্যেই মোৰ দেহ মন আন্দোলিত কৰি ৰাখিছিল – তাতে মোৰ মনৰ মাজত চলি থকা এই চিন্তা-ভাৱনাবোৰে যেন মোক লৈ গ’ল এখন অন্য জগতলৈ। টাইম মেচিনত উঠি মই প্ৰৱেশ কৰিলো সেই জগতখনত।

এটা সুদৃশ্য ঘৰত মই আৰু মোৰ স্বামী বহি আছোঁ। আমাৰ দুয়োৰে দেহত বয়সৰ ছাপ। আমাৰ জীয়ৰী হিয়াই তাইৰন্টোনতুন মডেলৰ লেপটপটোৰ টাচ্চ-স্ক্ৰীণত হাত বুলাই আছে। মুখত তাইৰ প্রচণ্ড আত্মবিশ্বাসৰ ভাৱ। তাইৰ কথাবতৰা, চাল-চলন দেখি মোৰ মনত বিশ্বাসেই হোৱা নাই এইজনীয়েই মোৰ হিয়া। চুচুক-চামাককৈ থকা মোৰ লাজকুৰীয়া হিয়াজনী এতিয়া এক নামী কোম্পানীৰ দায়িত্বপূৰ্ণ পদবীত। হঠাতে তাই কৈ উঠিল – ইম্মান দেৰি কৰিছা কফি বনাওঁ‌তে। তাইৰ কথা শেষ নহ’লেই – ভিতৰৰপৰা ট্ৰে হাতত লৈ জোঁৱাই ওলাই আহিল। মুখত এমোকোৰা হাঁহি লৈ জোঁৱায়ে আমাক বিধে-বিধে চাহ কফি যতনালে। হিয়াৰ বাবে ক’ল্ড কফি, এওঁ‌ৰ বাবে গ্রীণ টি, মই গাখীৰ চাহ খাই ভালপাওঁ‌ বাবে মোৰ কাৰণে আদা দিয়া গাখীৰ চাহ যতনালে। কফি মুখত দিয়েই হিয়াই এক বিৰক্তিকৰ ভঙ্গীমাৰে কৈ উঠিল – “কি যে বকৱাছ কফি বনাইছা, দিনটোতো ঘৰত অনবৰতে শুইয়েই থাকা, কফিকাপো ভালদৰে বনাব নোৱাৰা।”

জোঁৱাইৰ মুখখন এন্ধাৰ হৈ গ’ল। হিয়াই যে ক’লে – “দিনটোতো অনবৰতে শুইয়েই থাকা” – এই কথাষাৰি ইমান চিনাকি-চিনাকি লাগিছে। অস্! এই কথাষাৰিচোন বিয়াৰ বেছ কিছুবছৰলৈ এওঁ মোৰ ওপৰতে প্ৰয়োগ কৰিছিল। খং-অভিমানত মই তেতিয়া একো মাতিবপৰা নাছিলোঁ। আজি মোৰ জীয়ৰীয়ে তাইৰ স্বামীৰ ওপৰত এই বাক্যষাৰি প্ৰয়োগ কৰিছে – পৰিতৃপ্তি, এক অদ্ভুদ পৰিতৃপ্তিৰ হাঁহি মোৰ মুখেৰে ওলাই আহিল।

এই বাৰচোন আমি দুয়ো আকৌ অন্য এটি জাকজমক ঘৰত বহি আছোঁ। আমাৰ একমাত্ৰ পুত্ৰ জয়ৰ ঘৰ। হঠাতে শুৱনিকোঠাৰপৰা উচ্চস্বৰত বোৱাৰীৰ কৰ্কশ বাক্যবান উফৰি আহিছে। ভিতৰলৈ গৈ দেখো বোৱাৰীৰ বাক্যবানত তিষ্ঠিব নোৱাৰি এচুকত বিমৰ্ষ বদনে থিয় দি আছে প্ৰাণ চাঞ্চল্যৰে ভৰা মোৰ স্মাৰ্ট ল’ৰাটি। দোষ – ঘৰ চাফা কৰোঁতে হেনো বোৱাৰীৰ অফিচৰ কাগজপত্ৰবোৰ ইফাল-সিফাল কৰিলে। হে ভগৱান! এয়া মই কি দেখিছোঁ – মোৰ একমাত্ৰ পুত্ৰৰ এনে অৱস্থাৰ বাবে মোৰ মাতৃহৃদয় ধৰফৰাই উঠিল।

“মা, মা, আইতাই তোমাক চোতাললৈ মাতিছে”। এয়াচোন জয়ৰ মাত। মই সম্বিৎ ঘূৰাই পালোঁ। মোৰ সমুখত মোৰ কণমানি পুত্ৰ জয়। উফ্ ৰক্ষা – মোৰ ল’ৰা মোৰ লগতে আছে। মই তাক হাতত ধৰি মোৰ বিদ্যাপুৰৰ ঘৰৰ মৰমী চোতালখনলৈ আগবাঢ়ি গ’লো। বাহিৰত ৰাতিপুৱাৰ জলমল ৰ’দ।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.