ফটাঢোল

আকৌ এটা বছৰ শেষ হ’ল – অত্ৰেয়ী গোস্বামী

“ঘড়ীটোৱে কয় শুনা টিক্‌ টিক্‌ টিক্‌

সময় গৈছে উৰি ঠিক ঠিক ঠিক৷”

এই কেইটা শাৰী আমি কুঁহিপাতত পঢ়িছিলোঁ৷ ঘড়ীটোৱে অহৰহ টিকটিকায়ে থাকে৷ সময় উৰি উৰি গৈয়েই থাকে৷ গোটেই ভূমণ্ডলত এই এটাই মাথো সম্পদ আছে যি নিজৰ গতি-বেগ সদায়ে অক্ষুণ্ণ ৰাখে৷যি কেৱল আগলৈ যায়৷যাৰ নেগুৰৰ পাচফাল দীঘল হৈ গৈ থাকিলেও আগফালৰ পৰা চুব নোৱাৰি, চাবও নোৱাৰি৷মুঠতে এবাৰ সৰকি যোৱা সময় দুনাই পোৱাৰ কোনো উপায় নাথাক৷সেইবাবেই হয়তো মানুহে সময়ক নিষ্ঠুৰ বুলি কয়৷

সময়ক লৈ আমাৰ আক্ষেপ অভিযোগৰ অন্ত নাই৷ ইমান সোনকাল,ইমান দেৰী আদিবোৰ আমি জিভাৰ আগত আঁৰি ফুৰো৷তথাপি কেতিয়াবা সকলো সময়ৰ ওপৰতে এৰি দিওঁ৷বিশ্বাসেই হওক বা নিজক আশ্বাস দিয়াৰ অজুহাতেই হওক,আমি সময়ৰ ওপৰত এৰি দিওঁ নিজকে৷

“সময়ত যি হয় হ’ব” অথবা “সকলো সময়ে ক’ব”৷ সকলো কামৰে নিৰ্দিষ্ট সময় থাকে৷ গতিকে সময়ে আমাক প্ৰতাৰণা কৰিব নোৱাৰে৷ এয়া বিশ্বাস নহয়নো কি?

কবিয়ে কৈছিল,

“সোণৰ শৈশৱ কাল গ’লে আৰু নাহে

পখিলাই কাণে কাণে কয়

ধেমালিত মজি ল’ৰা সোণাময় দিন

অবাবত নকৰিবা ব্যয়”৷

শৈশৱ কাল জীৱনৰ ভেঁটি গঢ়াৰ সময়৷যিদৰে ঘৰৰ গাঁঠনি মজবুত কৰিবলৈ ভেঁটি মজবুত হোৱা দৰকাৰ ঠিক সেইদৰে টনকিয়াল শৈশৱৰ ভেঁটিতহে জীৱনৰ খলাবমাবোৰ মসৃণ কৰিব পাৰি৷

সকলো কামৰেে একোটা নিৰ্দিষ্ট সময় থাকে৷সময়তকৈ আগতে কোনেও একো কৰিব নোৱাৰে৷বহুতে আকৌ সময়ক ভেঙুচালি কৰি এখোজ আগুৱাই যোৱাৰ ধৃষ্টতাও কৰে৷বহুতে সময়ক অগ্ৰাহ্য কৰে৷ বহুতে সময়ৰ বশৱৰ্তী নহৈ সময়ক বশ কৰাৰ প্ৰয়াস কৰে৷মুঠতে আমিবোৰ সময়ক কেন্দ্ৰ কৰিয়েই চলি থাকো৷

“পল অনুপল কৰি ডাঁৰ দিন মাহ চৰি

যুগ যুগ পাৰ হৈ যায়”৷

পাৰ হৈ গৈ থাকে সময়৷পাৰ হৈ যায় বছৰ-সময়ৰ এক বৃহৎ অংশ৷বছৰৰ শেষৰ মাহটোত ভৰি থৈ আমি পোৱা-নোপোৱাৰ হিচাপত মগ্ন হওঁ৷কি পালোঁ,কোনে কি দিলে,কি হেৰুৱালো এইবোৰেই থাকে আমাৰ হিচাপৰ তালিকাত৷আমি এবাৰো যদি ভাবি চাওঁ “আমি কাক কি দিলোঁ”?সমাজৰ এজন মানুহো যদি আমাৰ কৰ্মৰে উপকৃত হৈছে তেন্তে সেই বছৰে আমাক সুখী হোৱাৰো কাৰণ দিছে৷এটি অনাথ শিশুৱে যদি আপোনাৰ বাবে অকণমান আশ্ৰয়,এটি পৰিচয় পাইছে,তেন্তে সেই বছৰেই আপোনাৰ জীৱন ধন্য হৈছে৷বছৰৰ যিটো দিনত পিতৃ-মাতৃৰ হাঁহিৰ কাৰণ কেৱল সন্তানৰ সফলতা অথবা সপোন সাকাৰৰ বাবে আগবাঢ়িছে,সেই দিনটোৰ সেই বছৰটোৱেই সন্তান সকলৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ ধৰা দিয়ে অনাগত সময়ত৷

আমি কেৱল বিচাৰি হাবাথুৰি খাওঁ৷ দিয়াৰ বেলিকা হাত-মন কোঁচাই আনো৷উদাৰতাই আমাক সুখৰ সন্ধান দিয়ে৷বছৰৰ শেষৰ সময়ত হেৰাই যোৱাৰ হিচাপবোৰ একাষৰীয়া কৰি বিলাই দিয়াৰ পূৰ্ণতাৰে সম্পূৰ্ণ পাত্ৰ এটাৰ ছবি এখন আঁকিব নোৱাৰোঁনে?

“চ’তৰ শেষত নতুন বছৰ আদৰি ল’বৰ হয়”৷

আমি ডিচেম্বৰৰ শেষত ইংৰাজীৰ নতুন বৰ্ষটোক বৰ ধুমধামেৰে আদৰণি জনাওঁ৷ বিদায়ৰ তিলমাত্ৰও চিন নথকাকৈ নতুনক আদৰাৰ উল্লাসত মতলীয়া হৈ পৰে সকলো৷শীতৰ আঁচোৰ,বছেৰেকীয়া পৰীক্ষাৰ পিছৰ অলস সময়, আঘোণৰ পয়োভৰৰ মাজত “ডিচেম্বৰ” সম্ভাৱনাৰ সময়৷ উপভোগৰ সময়৷ডিচেম্বৰে অনেক কিবাকিবি দিয়ে৷নতুন শ্ৰেণীৰ মাদকত,দিস্তা কাগজত চাৰি ভাঁজ কৰি চিলোৱা “সৰু বহী”ত মুগা কাগজৰ চামৰা খুৱাই চাৰিচুকীয়াকৈ কটা সৰু কাগজ এখন চামৰাৰ ওপৰত লগাই নিজৰ নামটো লিখি বিষয়টো লিখাৰ সুখকণ আমাৰ দিনত ডিচেম্বৰে দিছিল৷ গাঁৱৰ এক শ্ৰেণীৰ ওপৰৰ ছোৱালীজনীৰ পৰা কিতাপবোৰ সংগ্ৰহ কৰাৰ সময় আছিল ডিচেম্বৰৰ আবেলিবোৰ৷এতিয়া এইবোৰ সাধুকথা৷ৰবাট টেঙাৰ ফুৰফুৰীয়া গোন্ধেৰে আমোলমোলাই থকা তাহানিৰ ডিচেম্বৰৰ দুপৰীয়াৰ সুঘ্ৰাণ এতিয়াও বুকুলৈ উজাও৷

বছৰ এটা শেষ হোৱা মানে আমি এখোজ আগুৱাই যোৱাকে বুজো৷বহুতে বয়স বঢ়াৰ কথা কয়৷বহুতে বাঢ়ি অহা বয়সক আওকাণ কৰি অভিজ্ঞতাপুষ্ট জীৱনশৈলীৰে সমাজৰ হিত সাধন কৰে৷অৱশেষত ১৮ চনেও যাওঁ যাওঁ কৰিলেই৷ইতিবাচক ওঠৰক বুকুত সামৰি সকলোৱে একেলগে উনৈছত ভৰি থওঁ আহক৷

☆★☆★☆

Leave a Reply

Your email address will not be published.