ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা– দেৱজিত শইকীয়া/মানস শইকীয়া

খণ্ড : এক

: নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷
কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিণ্টুমনি দত্তলৈ ফোন লগালে৷ ৰিণ্টুমনি দত্ত, গাঁৱৰ উন্নয়ন সমিতিৰ সম্পাদক৷ সম্পাদক মানে হাতে কামে একোতো নায়েই, ৰাজহুৱা মেল মিটিঙতো ছাঁটোকে দেখা পোৱা নাযায়৷ সহকাৰী সম্পাদক বিজয়েই সকলো কৰিবলগীয়া হয়৷ যোৱাবছৰ নতুন কমিতি গঠন কৰাৰ আগে আগে নামঘৰ উন্নয়নৰ বাবে পঞ্চাশ হাজাৰ টকাৰ দান আৰু নামঘৰৰ বাটচ’ৰাটো ককাকৰ নামত দিম বুলি কাৰোবাৰ আগত কোৱাৰ পিছতেই ৰাইজে একে ৰাতিয়েই গামোচা পিন্ধাই মিটিঙ পাতি তেওঁক সম্পাদক পাতি দিলে৷

অৱশ্যে দত্ত সম্পাদক হোৱাত হেমন্ত কাকতি মানে পুৰণি সভাপতিৰো অলপ হাত নথকা নহয়৷ কাকতিয়ে যোৱা বছৰৰ খৰচৰ বাৰ্ষিক প্ৰতিবেদন আজিলৈকে দাখিল কৰিব পৰা নাই৷ জনাত সকলোৱে জানে যে গাঁৱৰ বাটটো নিৰ্মাণৰ বাবে বিধায়ক পুঁজিৰপৰা অহা ধনৰ সৎব্যৱহাৰ হোৱা নাই৷ তথাপি তেওঁৰ ওপৰত মাত মতা মানুহ গাঁৱত দ্বিতীয়জন নাই। সকলো জানিও কাকতিৰ বিৰুদ্ধে মাত মাতিবলৈ কাৰো সাহ নাই৷

পুৱাই বিজয়ে সভাপতি কাকতিৰ ঘৰলৈ গৈ ৰাইজে ফাগুনৰ দৌল উৎসৱ বুলি ভাওনা এখন পতাৰ কথা মনস্থ কৰিছে বুলি অৱগত কৰে৷ পোনচাতেই কাকতিয়ে বোলে, “হেই, ভাওনা কিয় হে? তাতকৈ বিহু আহি আছে। এইবাৰ ভাল দামী আৰ্টিষ্ট এজন মাতি ফাংচন এখনহে পতাৰ কথা চিন্তা কৰিব লাগিছিল৷ আৰু যদি পৰা যায় বিহু বুলি বাম্পাৰ প্ৰাইজৰ লটাৰী এখন পতাৰ কথা ভাবা৷” বিজয়ে বোলে, “আজি কালি মানুহবোৰ অলপ সলনি হৈছে৷ যোৱাবাৰ বিহু ফাংচনৰ হিচাপ আপুনি নিদিয়াত এইবাৰ মাঘ বিহুত পতা ভোগালী উৎসৱত দুই এজনে চান্দা দিবলৈও অমান্তি হৈছিল৷” কাকতিদাই বোলে, “কিহৰ হিচাপ হে? হস্তমেলা আৰু পিঠাপনাৰ গোটেই কালেকচন তোমাকে ল’বলৈ চাঞ্চ দিছিলো দেখোন। তাৰটো মই ভাগেই নাপালো৷” বিজয় মহন্তই বোলে, “সেই বাবেইটো কথাবোৰ যেনে তেনে মিলাই মিলি দিলো৷”

এনেতে সিফালৰপৰা ফোনত সম্পাদক দত্তই বোলে, “কাকতি দা কওক৷”

কাকতি : ৰিণ্টু, সন্ধিয়া ফ্ৰী থাকিবানে? সৰুকৈ আলোচনা এটাও আছিল আৰু বহুদিন দুইটা একেলগে বহাও নাই৷

দত্ত : পাৰি বহিব৷ ভাওনাৰ কথা চাগে৷ বিজয়ে কৈ আছিল কিবা৷

কাকতি : তাকেহে৷ সি মোৰ ইয়াতেই বহি আছে৷ কিবা ভাওনা পাতে বোলে৷ নামঘৰতে মিটিংখন দিম বুলি ভাবিছিলো৷ পিছে তাৰ আগত বোলো আমিকেইটা বহি অংকটো অলপ মিলাই লওঁ৷

দত্ত : নামঘৰত নিদি ভালেই কৰিলে৷ মোৰো ধুতি ক’ত সোমাই আছে বিচাৰিব লাগিব৷ তাতে যোৱাবাৰ লংপেণ্ট পিন্ধি নামঘৰলৈ যাওঁতে মানস শইকীয়াই যিটো পোন্দোৱাকৈ চালে দেখা নাই৷

কাকতি : থোৱাহে শইকীয়াৰ কথা। যোৱাবাৰ দুৰ্গা পূজাত লংপেণ্ট পিন্ধিয়েই বৰন ল’লে দেখোন৷ আমি সেইবোৰ নধৰো বুলিহে৷

দত্ত : আৰু কোন কোন আহিব?

কাকতি : বেছি মানুহ নালাগে। মই বিজয়ক কৈছোঁ। গায়নক মই মেনেজ কৰিব পাৰিম৷ বায়নক মেনেজ কৰিবলৈ বিজয় আছেই৷ আমিকেইটাই প্লেনিংটো কৰি পিছত সৰুকৈ মিটিং এখন পাতি থ’ম বুলি ভাবিছোঁ৷

দত্ত : গোস্বামী বাইদেউক ক’লে ভাল আছিল নেকি? মহিলা সমিতিখন তেওঁৰ মতেই যিহেতু চলে৷

কাকতি : গোস্বামী মানে প্ৰণিতা? আজি নালাগে৷ মই কালিলৈ এপাক তেওঁৰ তালৈ গৈ ক’ম৷ আজি লগ পাইছিলো। ক’ৰবাৰ বনকৰা ছোৱালী এজনীক মালিকে চৰিয়ালে নে কি, তাৰবাবে কিবা সমদল উলিয়াই ধৰ্ণা দিয়াৰ প্ৰস্তুতি কৰি আছে৷

দত্ত : বাৰু হ’ব৷ তেন্তে সন্ধিয়া আহক৷ মইও অলপ বজাৰলৈ যাওঁ৷

এনেতে বিজয়ে কাকতিক কিবা ক’বলৈ লয়৷ কাকতিয়ে দত্তক বোলে, “ৰিণ্টু ৰ’বা, বিজয়ে কিবা কয় বোলে৷”

বিজয় : ৰিণ্টুদা, ভাওনাৰ কথাটো লৈ ফেচবুকত ষ্টেটাচ এটা দিওঁ নেকি?

দত্ত : তুমি চৰাই উৰাৰ আগতেই কণী উৰুৱাই নুফুৰিবা ৰ’বা। সন্ধিয়া কথা পাতি লওঁ৷

কাকতিদাক ফোনটো দি বিজয়ে বোলে, “ভাওনাখন নামঘৰত নাপাতি ষ্টেজত পাতিলে কেনে হয়?” কাকতি দাই বোলে, “আইডিয়াটো বেয়া নহয়৷ পাৰিলে দুই এটা ষ্টাৰ আনিলেও বেয়া নহয়৷ দেখা নাই আজিকালি ৰাসত চিনেমা একট্ৰেছসকলক ৰাধা নাচিবলৈ মাতে৷” বিজয়ে বোলে, “মজা আইডিয়া৷ এনেই কথাটো উলিয়াই দিওঁ নেকি যে এইবাৰ আমাৰ ভাওনাত যতীন বৰুৱাই ভীষ্মৰ ভাও আৰু প্ৰস্তুতি খনিকৰে সীতাৰ ভাও ল’ব৷” কাকতিদাই বোলে, “তোমাৰ ধৈৰ্য বৰ কম হে! নাট কোনখন মেলিবা ঠিক কৰাই নাই। যতীন, প্ৰস্তুতিক ভীষ্ম আৰু সীতাৰ ভাও দিলাই৷ মোৰ মতে নতুন এক্টৰ ল’ব লাগে৷ এই নতুন হিট অসমীয়া গান এটা যে আহিছে, কিবা ‘ম’বাইলতে চুমা দিলো, ডাৰ্লিং তোমালোকক দেখিলে মোৰ দিলে কয় ইল্লু ইল্লু’, তাত পাৰ্ট লোৱা হিৰ’টো কিন্তু ভাল লাগিছে৷ তাক ক’ব পৰা যায়৷” বিজয়ে বোলে, ‘বঢ়িয়া হ’ব৷’

খণ্ড : দুই

“ভাওনা হিচাপে নালাগে বুজিছা বিজয়৷ ভাওনা পতাটো ইমান সহজ কথা নহয় আৰু যোৱাবাৰ মহিলা সমিতিৰ সভানেত্ৰী প্ৰণিতা বাইদেউৱে কথা শুনায়েই থৈছে, বোলে অহাবাৰৰপৰা যিয়েই নকৰক মহিলাসকলক লৈহে কৰিব।”
সম্পাদক ৰিণ্টুমনি দত্তই আৰম্ভ কৰিলে৷

কাকতি : কথাটো কিন্তু ৰিণ্টুৱে ঠিকেই কৈছে বিজয়৷ ভাবি চোৱা৷ ভাওনা বুলিলে মহিলাসকলে পাৰ্ট ল’ব নোৱাৰিব৷ তাতকৈ কিবা অলপ বেলেগ ভাবা৷

বিজয় : এটা কাম কৰিলে কেনে হয়? সাপো মৰক লাঠিও নাভাঙক৷

দত্ত : কি কাম?

বিজয় : অলপ মডাৰ্ণ ভাওনা পাতো৷ মহিলাকো ভাও দিও৷

কাকতি : হেৰা, মানুহ মাৰিব খুজিছা? মহিলাক ভাও দিবলৈ গ’লে নিউজ চেনেলকেইটাত তোমাৰ মুখখন গোল এটাৰ ভিতৰত সুমুৱাই কাড় চিন মাৰি মাৰি দেখুওৱাটো বাদেই; ফেচবুকৰ ৱালে ৱালে তোমাৰ নামত যিমান গুৱালগালি পৰিব; তোমাৰ নিজৰে ভাওনা বাহিৰ হৈ যাব৷ এই গছত গৰু উঠা কথা নক’বা৷
গিলাচটো আগুৱাই দি কাকতিয়ে বোলে, “চাওঁ ৰিণ্টু পানী অকণ ঢালা৷”

বিজয় : আপোনালোকে বুজা নাই৷ ভাওনা হিচাপত নহয়৷ নাট হিচাপে কৰক। তাকো নামঘৰত নহয়৷ আমাৰ স্কুলৰ পথাৰতে ষ্টেজ পাতি কৰোঁ৷ ডাবল ষ্টেজ, একদম থিয়েটাৰৰ দৰে৷ মিউজিক, লাইট চব দি একদম নতুন ষ্টাইলত৷ মাত্ৰ নাটখনহে কৰ্ণ পৰ্ব বা দ্ৰোণ পৰ্বৰ নিচিনা কিবা এখন ল’ম৷ কষ্টিউমো নতুন৷ চাব, মানুহ দৌৰি দৌৰি আহিব৷

কাকতি : আইডিয়াটো বেয়া নহয়৷ এনেকৈ হ’লে দুপইচা খৰচ কৰিও ভাল লাগিব৷ মানুহে অৰিজিত ভট্টাচাৰ্য্যৰ থিয়েটাৰ চাবলৈ অহাদি দৌৰি আহিব কিন্তু৷ যি কি নহওক, মানুহক এণ্টাৰ্টেইনমেণ্টহে লাগে৷

দত্ত : বেয়া নহয়৷ পাৰিলে, দুজনমান চিৰিয়েল বা চিনেমাৰ হিৰ’ক পাৰ্ট ল’বলৈ যোগাৰ কৰিব পাৰিলে আৰু জমি যাব৷

বিজয় : আৰে আইডিয়া কাৰ? লগতে গায়ন বায়ন, সুত্ৰধাৰী যোগাৰ কৰা টেনচনটোও কমিব৷

দত্ত : পিছে, ৰাইজ মান্তি হ’ব জানো? ৰাইজক ভাওনাহে লাগে৷

কাকতি : হে থোৱাহে৷ ভাওনাই পাতিছোঁ। মাত্ৰ অলপ মডাৰ্ণাইজ কৰা হৈছে৷ আজিকালি দেখোন সকলোতে ফিউজনৰ জামানা৷ বিহু গৈ বিহুসুৰীয়া গীত হ’ল৷ গছতলৰ বিহু গৈ ষ্টেজত হ’ল৷ লোকগীত কীবৰ্ড, দ্ৰামছেট নহ’লে গাব নোৱাৰা হ’ল, মাঘ বিহুত চেনেলে চেনেলে বহাগ বিহুৰ দৰে ফাংচন পতা হ’ল, কোনেও দেখোন মাত নামাতে৷ আমি সংস্কৃতি জীয়াই ৰাখিবলৈ হে কৰিছোঁ৷ মানিবই লাগিব৷

বিজয় : মই চম্ভালি ল’ম নহয়৷ চিন্তা নকৰিব৷ মহিলাসকলক কেৱল অলপ জেক দি দিলেই হ’ল৷ বাকী চিন্তা নাই৷ আজি নামঘৰত মুকুট ভট্টাচাৰ্যই শৰাই দিছে৷ ব’লক, তালৈকে যাওঁ৷ কথাখিনিও পাতোগৈ৷

কাকতিয়ে বোলে, “মতাত মোকো মাতিছিল৷ পিছে এওঁ নাই, ক’ৰবাত বোলে পাৰ্টি আছে, ভাতকেইটা মইয়েই গৈ ৰান্ধিবগৈ লাগিব৷ তুমিয়েই যোৱা৷” দত্তইও বোলে, “বিজয়েই যোৱা। মই আজি খেল নেৰো দেই৷ ইণ্ডিয়া, শ্ৰীলংকাৰ খেল বুলিলে জানাই মোক৷” বিজয়ে সকলোৰেপৰা বিদায় লৈ ঘৰত ধুতিখন পিন্ধি নামঘৰ পালেহি৷

পুথি তিনি অধ্যায় পঢ়াৰ পাছত ৰাজহুৱা দেউৰী দ্বীজেন তামুলীদাই মাহ প্ৰসাদৰ প্ৰথম পাতখন মূলৰ পাঠক ৰামানুজ গোঁসাইলৈ আগবঢ়াই দিওঁতেই, গোঁসায়ে কথাটো উলিয়ালে,
“বোলো, ৰাইজ ভাওনাখনৰ কথা কি ভাবিলে?”
ৰামানুজ গোঁসাই মূলত বহা মানুহ৷ তেওঁৰ কথাত সকলোৱে মানো কৰে৷ ভাওনাৰ কথা ওলালত সোমেশ্বৰ বৰাই মাত লগালে,
“মই ল’ৰাহঁতক কেইবাদিনো কৈছোঁ৷ এইবাৰ দৌলৎসৱতে পাতিলে কেনে হয়?”
“থোৱাহে, ল’ৰাহঁতৰ কথা৷ সন্ধ্যা লাগিলেই ক’ত পানীটুপি পাই, কাৰ ঘৰত গাভৰু ছোৱালী আছে, চাই ফুৰোতেই যায়৷ আৰু সেইডাল ফেচবুক নে কি আছেই নহয় টিপি থাকিবলৈ” – সদা খুড়াই মাত লগালে৷ ইমান সময় একো নমতাকৈ থকা সোমকান্ত দাইটিয়ে সদানন্দ দত্তৰ মুখতে ধৰিলে,
“ৰ’বাহে মিতা, ল’ৰা লুৰিৰ কথা বাদেই দিয়া৷ গাঁওখনৰ আমি বুঢ়াবোৰো কম নহয়৷ নামঘৰলৈ ওলাই আহিবলৈ বেমাৰে ব্যাধিয়ে হেঁচা মাৰি ধৰে৷ কিন্তু, বোৱাৰী-জীয়াৰীৰ লগত শাৰী পূৰাই টিভিৰ চিৰিয়েল চাবলৈ ভাল৷ হেৰা, লজ্জাবোধ নোহোৱাই হ’লহে গোটেইসোপাৰ৷”
ভাওনা আদিত আগৰণুৱা পুৰণি সভাপতি জ্যোতিৰূপম দত্তই বোলে-
“হয় হে, গাওঁখনত ভাওনা নপতা পাঁচ বছৰ মানেই হ’ল দেখোন৷ সেইবাৰ পিচল মানুহ ওলাওঁতেই দ্ৰোণপৰ্বখন মেলা৷ এতিয়ালৈকে অতখন ৰাইজ মিলি গাব নোৱাৰাটো কম কথানে? মই সভাপতি থাকোতেই মেলা৷ নতুন সভাপতি, সম্পাদকে কি কৰি আছে নাজানো আৰু৷ এইবাৰ ধৰিব লাগে দেই ৰাইজ৷”
গাঁওখনত নতুনকৈ আহি বহা গৌৰী তালুকদাৰ দাদাই ৰাইজৰ কথাতে হয়ভৰ দি ক’লে,
“পাতবো লাগেতো ভাওনাখান৷ মই অহাৰপা ভাওনা দেখাই পৱা নাই, এনাই হ’লি মই আৰ্মিত আছলো যদিও কিন্তু গাঁৱত ভাওনা পাতছি বুলি গম পালে তিৰি চলিৰ বেমাৰ বুলি কৈও আহি ভাওনাত পাৰ্ট লৈছল্লো দক৷”
মাজতে সোমকান্ত দাদাই বোলে, “সভাপতি- সম্পাদকৰ দেখোন দেখা দেখিয়েই নাই৷” গাঁওখনৰ এল পি স্কুলখনৰ মাষ্টৰ মানস শইকীয়ালৈ চাই ক’লে, “হেৰি নহয় মাষ্টৰ, এইবাৰ নাটখন সেই জামুগুৰি চতিয়াৰ ফালৰ দৰে ব্ৰজাৱলীত কৰিলে কেনে হয়?”
“পাৰি অৱশ্যে৷ যোগাৰ কৰিব লাগিব৷” মাষ্টৰৰ কথা শুনি ইমান সময় খুটাৰ কাষত তামোল চোবাই বহি থকা অভিজিত কলিতা ইঞ্জিনিয়াৰে বিষয়টো আনফালে টানি আৰম্ভ কৰিলে,
“ৰাইজ, কথা এটা মন কৰিছেনে? আজিকালি নামঘৰলৈ অহা মানুহ কমিছে৷ মিটিং দিলেও আমিকেইটাই৷ গতিকে, ভাওনা পাতিবলৈ হ’লে সকলোৱে হাত উজান দিব লাগিব কিন্তু৷”
“বোলো আজি দহবছৰমানৰ আগলৈকে আমি গাঁৱৰ মানুহ আছিলো সত্তৰ ঘৰ৷ মাটিৰ দালালবোৰে টিকা-টুকলি, ফৰিংতলী, লাহিতলীবোৰ কম পইছাতে কিনি প্লটিং কৰি বিক্ৰী কৰিবলৈ লোৱাত এঘৰ দুঘৰকৈ মানুহ বাঢ়ি আজি ডেৰশৰো ওপৰ হ’ল৷ মানুহ বাঢ়িল, কিন্তু নামঘৰ বা ৰাজহুৱা কামবনত মতি গতি থকা মানুহ নোহোৱা হ’ল৷ মাটিৰ ব্যৱসায় কৰিয়েই ধুৰ্জোতি আৰু অলকেশ বোলাতো কোটিপতি হ’ল৷ আমাৰ গাঁৱৰ ৰিণ্টুমণি, আদিত্যহঁতেও কেইটকামান গোটালে৷ বিজয়, তুমিও এইক্ষেত্ৰত পিছ পৰা নহয় অৱশ্যে৷ ধ্ৰুৱজ্যোতিয়ে ল’ৰাহঁতক লগত লৈ ওজৰ-আপত্তি কৰাতহে ৰাইজে দুই-এপইছা পালে৷ তাৰোপৰি নতুনকৈ অহাসকলৰ দপদপনিত পুৰণিখিনিৰ পাত্তাই নোপোৱা হ’ল৷ এনেবোৰ কাৰণতেই মানুহবোৰ নামঘৰলৈ অহা বাদেই দিছে৷ খোদ সম্পাদকেই আজিৰ দিনটোত উপস্থিত নাই।”
মাষ্টৰে বিজয়লৈ চাই কাট মাৰি ক’লে৷ সুবিধা পালেই বিজয়ক খোচ এটা মৰাতো নাষ্টৰৰ পুৰণি স্বভাৱ৷ সৰুকণৰ মাটিকণ বেচা-কিনাত বিজয়ে কিবা এটা দিয়াই দিম বুলি কৈয়ো ফুটাকড়ি এটা নিদিয়াত মাষ্টৰৰ ৰোষ বিজয়ৰ ওপৰত৷ পিছফালৰপৰা কোনোবাই মাত লগালে বোলে, “এখেতৰ আৰম্ভ হ’লেই লেকচাৰ৷” মাষ্টৰে শুনিও নুশুনাৰ ভাও জুৰিলে৷ এনেতে, দেউৰীয়ে প্ৰসাদ ধৰিবলৈ ক’বলৈ আঁঠু লোৱাত ‘অ’ আ হৰি অ’ আ ৰাম’ বুলি সকলোৱে প্ৰসাদ খাবলৈ ল’লে৷ বিজয়ৰ পেটে পেটে খং উঠিছিল যদিও ক্ৰোধ সামৰি আৰম্ভ কৰিলে,
“ৰাইজ মই সভাপতি সম্পাদকৰ লগত কথা পাতিলো। দুইজনৰে আজি এৰাব নোৱাৰা ব্যস্ততা৷ ভট্টদাক জনাইছেই বোলে৷ কথাটো হ’ল যে ভাওনা হ’ব৷ কিন্তু নতুন ৰূপত৷ থিয়েটাৰৰ দৰে ষ্টেজত পাতিম আৰু দুই এজন প্ৰখ্যাত শিল্পীকো মাতিম৷”
বুঢ়ামেথাই গেঙেৰি মাৰি ধৰিলত বিজয়ে মেনেজ কৰি ৰখা, লংপেণ্ট পিন্ধি অহাৰ বাবে মূল নামঘৰৰ বাহিৰফালে ৰৈ মিটিং শুনি থকা ডেকামখাই বোলে, “বিজয়দাৰ প্ৰস্তাৱটো আমি সমৰ্থন কৰিছোঁ৷ আমি ডেকাবোৰ নহ’লে আপোনালোকে ভাওনা পাতিব যিহেতু নোৱাৰে, গতিকে আমাৰ মতেই হ’ব লাগিব৷” দুই এজনে কিবা ক’বলৈ ধৰিছিল যদিও দিম্পল, যাজ্ঞ, সোণটো, ৰুপম, নৱকৃষ্ণ, সকলোৱে বোলে, “নাই, আমাৰ মতেই হ’ব৷ মুঠতে এইবাৰ ভাওনা ষ্টেজত হ’ব৷” বিজয়ে লাহেকৈ সোণটোৰ ফালে চাই চকুটিপ মাৰিলে।

(আগলৈ)

3 Comments

  • এইখন পঢ়ি বৰ ৰস পাওঁ । উপস্থাপন বৰ ভাল হৈছে । বাস্তৱ সমাজৰ লগত খাপ খুৱাই লিখা এক ৰসাল ৰচনা। ভাল লাগিল।

    Reply
  • Raju Kumar Nath

    আখৰা খনৰ বাবে বৰ আগ্ৰহেৰে ৰৈ থাকো।বৰ সুন্দৰকৈ আগবঢ়াই নি আছে।

    Reply
  • SOMESWAR BORAH

    সুন্দৰ উপস্থাপন।

    Reply

Leave a Reply

Your email address will not be published.