ফটাঢোল

আকৌ কুৰুক্ষেত্ৰৰ আখৰা –

খণ্ড (৭)

সন্ধ্যাৰ লগে লগে স্কুলৰ মুকলি  অডিটেৰিয়ামত ইতিমধ্যে দুই এজনকৈ আহি পাৰি থোৱা তিৰ্পালত বহিছিল হে৷ কাওবয় কেপ , বাৰ্মুডা পেন্ট আৰু কলা টিচাৰ্ট পৰিহিত ডাইৰেক্টৰ ভাস্কৰ দাস মানে ভাস্কো মহাজন আহি গপাগপ কাঠৰ চকীখনত বহি দিলেহি ৷ সকলোৰে লক্ষ্য ভাস্কৰৰ হাতত থকা কাগজখনলৈ৷ মনত উচ্‌পিচ্‌ ডাইৰেক্টৰ মহাজনে কাক বা কি ৰ’ল দিয়ে৷ সকলোৱে ভাস্কৰ বহি থকা চকীৰ চাৰিওফালে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টচিট চাবলৈ অহা ছাত্ৰ ছাত্ৰীৰ দৰে জুম বান্ধি ধৰিলেহি৷ ভাস্কৰে বোলে এতিয়ালৈ কাকো ৰ’ল দিয়া নাই৷ মই দুদিনমান সকলোকে নিৰীক্ষণ কৰি লৈহে ৰ’ল ভাগ বতৰা কৰিম৷ আপোনালোক নিজৰ নিজৰ ঠাইত বহকগৈচোন৷

এনেতে ভাস্কৰৰ একেবাৰে কাষতে থিয় হৈ থকা উত্তৰা শৰ্মাই হাতৰ টিপতে তামোল এখন ভাস্কৰক দি বোলে মোৰ ননদজনীয়ে তোমাৰ কথা কৈয়েই থাকে নহয়৷

ভাস্কৰে ইফালে সিফালে ঘৈণীয়েক ওচৰত আছে নেকি চাই হাঁহি এটা মাৰি বোলে কি কয় বৌ?

উত্তৰাঃ-” ই তোমাৰ কথা আমাৰ ঘৰত টিভিটো খুলিলেই ওলায় বোলে ভাস্কৰদাৰ ভিচিডিবোৰ চাই ইমান ভাল লাগে৷  ভাস্কৰদাই চিনেমা বনোৱা হয়, খাটাং অস্কাৰ পালে হয়৷”

ভাস্কৰে মুখত থকা তামোলৰ পিকখিনি সাউতকৈ গিলি  বোলে আপুনি নাটকত পাৰ্ট ল’বলৈ নাম দিছেনে? উত্তৰা শৰ্মাই বোলে দিছো দিছো, স্কুলত থাকোতে যে কিমান নাটক কৰিলো৷ তোমাৰ ভিনদেউক সেই নাটক কৰোতেহে লগ পোৱা৷ ডায়লগ এটা কৈ অলপ দেখাও চাবা নেকি? ভাস্কৰে বোলে এতিয়াই নালাগে, মই কাষ্টিংখিনি মানুহবোৰ চাই মেলি কৰি লওঁ৷

এনেতে জেউৰা খৰি  এডাল হাতত লৈ “ঐৰে পাপীষ্ঠ” বুলি চিঞৰি চিঞৰি হিমাংশু ভাগৱতী ভাস্কৰৰ ফালে চোঁচা মাৰি আহিল৷ ভাস্কৰে উত্তৰা শৰ্মাৰ গিৰিয়েক আহিছে বুলি একে জাপে বহি থকা চকীৰ ওপৰত জাপ মাৰি উঠিল৷জেউৰাদালেৰে মাটিত দুকোব মাৰি পুনৰ কান্ধত গদাৰ দৰে লৈ এখোজ আগুৱাই দুখোজ পিচুৱাই খঙত দাঁত মুখ কৰচি কঁপি কঁপি ভাস্কৰলৈ আঙুলী টোৱাই হিমাংশুৱে বোলে

ঐৰে পাপীষ্ঠ…নৰাধম ভীম দুষ্ট  দুৰাচাৰ৷
যদি পাৰ ৰক্ষা কৰহ তুহো হামাৰ গদাৰ প্ৰহাৰ৷৷
আজি যুদ্ধে তোহাৰ নাহিকে নিস্তাৰ৷
তোহাক মাৰিয়া আজি হামু কৰিব সৎকাৰ৷৷

…….হু …হু ….হাঃ ….হাঃ…. হাঃ… হাঃ…. হাঃ

 …কেনাই ?

ভাস্কৰে বোলে বঢ়িয়া, ফাটাফাটি এক্সেলেন্ট পিছে এনে চোঁচা মাৰি আহিলে মানুহ গদাৰ কোৱত নমৰিলেও হাৰ্টফেইল হৈ জৰুৰ মৰিব৷

হিমাংশুৱে বোলে ” নাটোক কৰলি, নাটোক কৰা হেন কৰবা নাল্‌গে৷ কেৰেক্টাৰত সুমে গেলি এক্টিং নিজে ওলেই আইবো৷”

ভাস্কৰে বোলে বুজিলো তোমাক যুদ্ধৰ ভাও দিব নোৱাৰি নহ’লে কেৰেক্টাৰত সুমে গেলে ভাৱৰীয়া হস্পিতাল পাবগৈ৷

এনেতে হাফ পেন্ট গেঞ্জী পিন্ধি থকা কংকন বৰাই মুৰত গামোচাখন বান্ধি দাঁত মুখ কৰচি হিমাংশুক ঠেলা এটা মাৰি ককালত হাত থৈ বোলে…..

” ঐৰে নৰাধম জ্ঞাতি শত্ৰু দুশাঃসন৷
হামাৰ গদাৰ প্ৰহাৰে তোহ্মাক কৰিবো দমন৷৷
তোহাৰ ৰক্তে কৰিব পাঞ্চালীৰ কেশ স্নান৷
আঠু লৈয়া ভিক্ষা কৰহ যদি লাগে প্ৰাণ দান৷৷”

ভাস্কৰে বোলে কুল ডাউন গদাধাৰী ভীম কুল ডাউন৷

ইমান ফোঁপাইচা, পানী এগিলাচ খাই লোৱা৷ হেৰৌ ভীমৰ ভাও তুমি নালাগে, গদাৰ ওজন আছে৷ তাতে গদা ঘূৰাই কেৰেক কৈ হাতদুটা ভাঙি নলবা৷

কাকতি দা দৌৰাদৌৰিকৈ আহি ভাস্কৰক বোলে ভাত কেইটা বহাই মেলি আহোঁতে অলপ পলম হ’ল হে৷ ৰিহাৰ্চেল আৰম্ভ কৰিলাই নেকি? ভাস্কৰে বোলে নাই কৰা দাদা৷ কিবা এটা নিয়ম কৰি মেলি নাটখন ধৰিলে ভাল আছিল৷ এনেতে সোনটোৱে বোলে শইকীয়া মাষ্টৰে নামঘৰতে শৰাই এভাগ আগবঢ়োৱা কথা কৈ আছিল৷

বিজয়ঃ- ঠিকে আছে কালিলৈ সন্ধিয়া নাট মেলাৰ প্ৰসাদ এমুঠি দি ৰিহাচেল ষ্টাৰ্ট কৰো নে কি কয় ৰাইজে?

সমবেত সকলোৱে হয় ভৰি দি বোলে তাকে কৰা হওঁক৷

ভাস্কৰে বোলে কালিলৈ প্ৰসাদ মুঠি লৈ নামঘৰৰ পৰা সকলো ইয়ালৈকে আহিব৷ কালিৰ পৰা “আকৌ কুৰুক্ষেত্ৰ” নাটকৰ ৰিহাচেল চুৰু৷ প্ৰথমতে মই সকলোকে ৰ’ল বোৰ নিদিওঁ৷ এটা বা দুটা দৃশ্যহে এদিনত শিকাম আৰু সেইদিনাই পিছৰ দিনা কাৰ কি ৰ’লৰ ৰিহাচেল হ’ব জনাম আৰু ডায়লগ সমূহ দিম৷ গতিকে কোনো নহাকৈ নাথাকিব৷ যি নাহিব, ৰ’ল কিন্তু নাপাই কৈ দিছো৷

এনেতে চাও খুন শিৱ ডেকাই বোলে অন্তত কালিলৈ প্ৰথম ৰিহাচেল কাৰ কাৰ হ’ব কৈ দিয়ক আজিয়েই৷

ভাস্কৰে নাটখন লুটিয়াই বোলে কালিলৈ কৃষ্ণ আৰু সত্যভামা আৰু সত্ৰাজিতৰেই আৰম্ভ কৰো৷ কথা হ’ল কৃষ্ণৰ ভাওটো মোৰ মতে ৰিন্টুমনি দত্তক দিয়া হওঁক৷ সত্যভামা পল্লৱী কলিতা, ৰুক্মিনী মন্দিৰা শৰ্মা , আৰু সত্ৰাজিৎৰ বাবে মই অভিজিত কলিতাক চিলেক্ট কৰিছো৷ কাৰোবাৰ কিবা আপত্তি আছে নেকি?

কোনেও আপত্তি নকৰিলে যদিও, বেৰত আউজি চাধা মলি থকা আদিত্য জ্যোতি বৰঠাকুৰ,  শংকৰ বৰা, প্ৰাঞ্জল গগৈ, জ্যোতিমনি বৰা আদিয়ে বোলে গম পালা? সৱ ফিটিং হৈ আছে কাক কি ৰ’ল দিব৷ এইবোৰ আমাৰ আগত দেখুৱাইহে নাটক কৰি আছে৷ সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যই বোলে নাটকখনত ৰ’ল কেইটা আছে তাকেই গম নাপাওঁ নহয়৷

 দেৱজিত শৰ্মাই বোলে ৰ’ল যদি নাপাওঁ নৱকৃষ্ণৰ ঘৰত ভাড়ালৈ দিয়া যি ড্ৰেচেই পাওঁ পিন্ধি ষ্টেজত ওলায় যাম নহয়৷ তাৰ পিছত চাম ডাইৰেক্টৰে কেনেকৈ মিলাই৷ ধ্ৰুৱজ্যোতি অৰ্জুনে বোলে মই ধনুকাড় বনায়ে থৈছো৷ একো নাপালে যুদ্ধ লাগি থাকোঁতেই ধনু কাড় লৈ আহি ষ্টেজত যুদ্ধ কৰি থাকিম বাপ্পেকে৷

এনেতে একান্ত মনে নাটখন পঢ়ি থকা কাকতি দাই মাজতে বোলে ৰাইজ সন্ধিয়া ৰিহাৰ্চেলত কিন্তু কালিৰে পৰা লালচাহ বিস্কুটৰ যোগাৰ কৰিব লাগিব৷ যি সকলে ভাও পাইছে বা পাব সকলোৱে ৰাইজক এদিন এদিন চাহ বিস্কুট খুৱাব লাগিব৷

এনেতে লখিমী হাজৰিকাই হাতত কেটলি এটা লৈ সোমাই আহে, পিছে পিছে  পুৰৱী, পাৰবিন আৰু কংকনা বাইদেউ৷ সোনটোৱে ট্ৰে এখনত মেৰিগল্ড বিস্কুটৰ পেকেট কেইটা ফালি দি জোনমনি বৰুৱাক বিলাবলৈ দিবলৈ আগবঢ়াই দিয়ে৷

লখিমী হাজৰিকাই ডাইৰেক্টৰ ভাস্কৰৰ হাতত চাহ বাকী থাকোতে চকুলৈ চাই বোলে চাহ এনেই খুৱোৱা নাই ৰ’ল এটা দিব৷ ভাস্কৰে বোলে ৰাধে ৰাধে……লখিমীয়ে হাঁহি এটা মাৰি বোলে কৃষ্ণ কোন? ভাস্কৰে বিস্কুটখন কামোৰ এটা মাৰি ৰিন্টুদাৰ ফালে দেখুৱাই চকুৰে ইংগিত দিয়ে৷

খণ্ড (৮)

আগে আগে বিজয় আৰু পিছে পিছে কাকতিদা, দুয়ো চাইকেল চলাই আহি থাকোঁতে পিছফালৰ পৰা কাকতিদাই মাত লগালে, “বিজয়, এই ভাস্কৰক তোমালোকে পৰিচালক পাতি ভুল কৰিলা নেকি? হেৰৈ, আমি সকলোৱে মিলি ভাওখিনি ভাগবতৰা কৰিলোঁ৷ সি বেটাই মোকেই দেখুৱাব নোখোজে৷”

বিজয়ে বোলে, “দাদা, একো ভুল হোৱা নাই বুজিছে৷ মানুহবোৰহে যি, অলপ কাঢ়া হ’বই লাগিব৷ অলপ স্পীড দিয়ক নাম ভাঙিবৰে হ’ব৷”

বিজয়ে অলপ দুৰ গৈ কাকতিদাৰ মাত নুশুনি পিছফালে ঘুৰি চাই দেখে কাকতিদাৰ চাইকেলৰ পিছফালে ধোবাই কাপোৰ মেলাদি ধূতি মাটিত বহুদূৰলৈকে দীঘল দি পৰি আছে আৰু এটা হাতেৰে কাকতিদাই চাইকেলৰ চেইনৰ পৰা ধূতি উলিয়াই ককালত মেৰিয়াব লৈছে৷ বিজয়ে চাইকেলখন ষ্টেণ্ড কৰি বোলে,”কাকতিদা কি হ’ল?”

কাকতিদাই বোলে, “মই এইবাবে ধূতি চুটি নিপিন্ধো৷ তুমি স্পীড দিব ক’লা মই স্পীডত অলপ দূৰ আহি দেখোঁ ভৰি কেইটা ঠাণ্ডা ঠাণ্ডা লাগিছে৷ তেতিয়াহে তলত চাই দেখো ধূতিৰ পোন চাইকেলৰ চেইনত লাগি তললৈ খহিল বুলি৷”

বিজয়ে ইফালে সিফালে চাই বোলে “ৰ’ব,এই গছৰ তললৈ আহক৷ গাড়ী চাৰিয়ে লাইট জ্বলাই আহিলে দিগদাৰ হ’ব৷”

কাকতিদাই ধূতিখন হাতত লৈ বোলে,”লুঙী টাইপ পিন্ধিবলৈও এইখন ইমান লাম্বা৷ দে হে বাপ্পাহাৰে পোন মাৰি৷ এওঁ আধা ঘন্টামান যুঁজি যুঁজি পিন্ধাই দিছিল৷ যি দেখিছো এইখন কান্ধত লৈ গৈ ঘৰত আকৌ বৌয়েৰক পিন্ধাই দিব ক’ব লাগিব৷

বিজয়ে বোলে নালাগে ৰ’ব, আপুনি ঠেং দুটা বহলকৈ মেলক৷ মই পিন্ধাই দিছো৷ কাকতিদাই বোলে তুমি মানুহনে কি হে? মোৰ ঠেং নে ভৰি এইদুটা? বিজয়ে ধূতিৰ পোনটো কাকতিদাৰ হাতত দি বোলে এতিয়া উশাহটো দীঘলকৈ টানি পেটটো ভিতৰলৈ ভৰাই এই ধূতিৰ আগটো  নিজে পেটৰ তললৈ খোচক৷ কাকতিদাই খুচি বোলে আজি তোমাৰ লগত আহিলো বুলি হে নহ’লে ৰাষ্টাৰ আপী তিৰি সৱ দৌৰ্‌ল্লাক হয়৷

বৰ আক্ষেপেৰে কাকতিদাই বোলে “ধূতি পিন্ধিব লাগে বাবেই মই নামঘৰলৈ আহিবলৈ টান পাওঁ৷ সেইটো জানিও তুমি নাট মেলাভাগ নামঘৰত পাতিলা৷ বৰ অশান্তি হে৷”

বিজয়ে বোলে “দাদা, সেইটো নকৰিলে বুঢ়াকেইটাই সুদাই নেৰিব আমাক৷ বাকীবোৰটো স্কুলঘৰতে থাকিব৷ মাত্ৰ আশীৰ্বাদ ল’বৰ সময়ত বাটচৰাৰ পৰাই আশীৰ্বাদ ল’ব৷ আমি দুটামান এনেই আৰু বুঢ়াকেইটাৰ লগত বহি দিম৷ এইখিনি সময়ত ৰামানুজ গোঁসাইৰ শিচ্‌ কেইটাক জোকাই লব নোৱাৰি৷”

কথা পাতি আহি বিজয়হঁত নামঘৰৰ বাটচ’ৰা পালেহি৷ নামঘৰৰ বাটচ’ৰাত সাংগো পাংগো সহ খোদ ভাস্কো মহাজন৷ পিন্ধনত ধূতি যদিও লুঙিৰ টাইপত পিন্ধা, ঠিক মাদ্ৰাজী মানুহৰ দৰে৷ মূৰত হালধীয়া চাদৰৰ দৰে কিবা এটাৰে পাগ মৰা৷ ফুটুকা ফুটুকী পাঞ্জাৱীটোৰে সৈতে মানুহটো দেখিবলৈ কিবা ট্ৰাক ড্ৰাইভাৰ যেন লাগিছে৷ লগতে, কাণত মোবাইল লৈ উচ্চ স্বৰত বাৰ্তালাপ, কোনোবা এক্টৰৰ লগত৷ একদম লেবেল ফুটাই আছে৷ কাকতি দাহঁতক দেখি মোবাইলত কথা পাতি থাকিয়েই ‘আহিছে’ টাইপ এক বিশেষ মূদ্ৰা৷

আজি নামঘৰত নাট মেলা অনুষ্ঠান৷ ৰামানুজ গোঁসাই নামঘৰৰ মূলৰ খুটাটোৰ ওচৰত আছুতীয়াকৈ বহিছে৷ সোমকান্ত খুড়া, সদাখুড়া, গৌৰি শংকৰ তালুকদাৰ দা,সোমেশ্বৰ দাইটি, ললিত বায়ন, আদি সকলো আহি ভাগে ভাগে মূল নামঘৰত বহিছে৷ মাষ্টৰে নৱজিত বৈশ্যক গায়কিৰ কিবা এটা কলা শিকাই আছে৷ বিজয়হঁতক দেখিও নেদেখা ভাৱে কথাত মগ্ন৷ গৈ পাওঁতেই দ্বিজেন দাইটিয়ে ৰিণ্টুমণিৰ কাষতে কঠ এটা পাৰি কাকতিদাক বহিব দি কলে বোলে সভাপতি আজি বহুদিনৰ মূৰত নামঘৰলৈ আহিল৷ বহক, আমাৰ যা-জোগাৰ হৈছেই আৰু৷

বিজয়ে কাকতিদাক নামঘৰত থৈ কাষতে থকা স্কুলঘৰৰ অদিটৰিয়াম মানে অকণমান আহল বহল ৰুমটো পালেগৈ৷ ৰুমত আখৰাৰ বাবে মানুহখিনি ৰৈয়েই আছে৷ বিজয়ক দেখা পাই সকলোৰে একেটাই প্ৰশ্ন,”আৰু কিমান সময় লাগিব?” বিজয়ে বোলে বেছি সময় নালাগে৷ পুথি এক অধ্যায় পঢ়ি গীত ঘাটি আশীৰ্বাদ দিব৷ তাৰ পিছত প্ৰসাদ বিতৰণ৷ আমি আশীৰ্বাদ দিয়াৰ পিছতে আৰম্ভ কৰিবই পাৰিম৷ প্ৰসাদ দেউৰীয়ে ইয়াতে দি যাবহি৷

‘কিমান টোপনি মাৰাহে’ বুলি কাকতি দাই তলমূৰ কৰি টোপনিয়াই থকা ৰিণ্টুমণিক হেঁচা এটা মৰাত ‘মৰিলোঁ ঐ’ বুলি কঠতে বাগৰি পৰিল৷ কি হ’ল বুলি টৰ্চটো মাৰি চাই কাকতিদাই দেখে গোটেই ধূতিখনত মাইকী মানুহে চাদৰত মৰাৰ দৰে এক ডজন চেফ্‌টি পিন মাৰি থৈছে৷ তাৰে দুটা কৰঙনৰ ওচৰত খোচ খাই আছে৷ নৱজ্যোতি বৈশ্যই “এনেকৈনো পিন মাৰি ধূতি পিন্ধেনে? ৰ’ব মই উলিয়াই দিছোঁ” বুলি টান মাৰি উলিয়াই দিয়াত আগতকৈ দুগুণ শব্দ ‘আই ঐ’ চিঞৰি উঠিল৷ কাকতিদাই ধমক দি কলে, “হেৰা, কি সৰু লৰাৰ দৰে চিঞৰিছা হে? ঘৰত গৈ বৰ’লিন লগাই দিবা৷” তেজ ওলোৱা অংশত দ্বিজেন দাইটিয়ে চাদা-চূণ অকণ লগাই দিয়াত কোনোমতে তেজ বন্ধ হ’ল৷

ভাস্কো মহাজন অদিটৰিয়ামলৈ সোমাই আহোঁতেই জয়ন্ত শৰ্মাই পকেটৰ পৰা ৰুমালখন উলিয়াই প্লাষ্টিকৰ চকীখন মচি ভাস্কোক বহিব দিলে৷ এজন দুজনকৈ আহি ভাস্কোৰ ওচৰ পালেহি৷ জয়ন্তই মাত লগালে,”দাদা, ভাওনাৰ ভাও লিষ্টখন আছে যদি মোৰ ৰোলটো কি ক’ব নেকি?” ভাস্কোৱে অলপ নুশুনাৰ ভাও ধৰি কলে,”নাই ,নাই৷ এতিয়া সেইবোৰ দেখুৱাব নোৱাৰি৷ আখৰাত সদায় থাকিলে নিজে নিজেই গম পাই যাবা৷” ৰাজীৱ ৰিয়ানে বোলে “মোক নাৰদৰ ভাওটো দিব৷ একেবাৰে ফালি দিম৷ টোকাৰি গীত গাই কেনাকা পৰৱেশ কৰিম৷ নাৰায়ণ…… নাৰায়ণ……. নাৰায়ণ”৷ “থোৱাহে, বৰ নাৰদৰ পাৰ্ট লয়৷ নাৰদে বীণ গীটাৰ বজোৱাদি  নবজায়৷ দাদা, ময়ো মানে সৰু হলেও এটা ৰোল কৰিব বিচাৰোঁ”-দেৱজিত শৰ্মাই ৰাজীৱৰ মুখতে ধৰি কথাষাৰ কলে৷ ভাস্কোৱে বোলে যি য’ত ৰোল চোল আজি নাটমেলাৰ পাছতহে জনাম৷

ৰুমটোৰ এটা চুকত ধূতি পাঞ্জাৱী পৰিহিত কলিতা ইঞ্জিনিয়াৰে নামঘৰৰ পৰা আহি একান্ত মনে বিড়ী হুপি আছে৷ তেওঁ অফিচত চিগাৰেট খাই যদিও সাগৰ বিড়ী তেওঁৰ প্ৰথম পচন্দ৷ তাৰ বাবে পল্লুবৌৰ পৰা কমখন বকনি খায়নে? এবাৰত পল্লুবৌৱে নিজৰ পাণ ৰখা টেমাটোৰ পৰা জৰ্দা পাণ এটা উলিয়াই মুখত ভৰাই, কলিতা দাৰ ওচৰলৈ আহি কিবা এটা কোৱাত ভাস্কোৰ ওচৰলৈ আহি কলে,
“ভাস্কৰ, নামঘৰত যি হয় হৈ থাকক আমি ইয়াত আৰম্ভ কৰোৱেই নেকি?”

ওচৰতে ৰৈ থকা সোণটোৱে বোলে, “কলিতাদা, নাটক নোহোৱাকৈ কি আখৰা কৰিব? ৰামানুজ গোঁসায়ে থাপনাত ৰাখি কিবা নিয়ম কৰিব বুলি দুপৰীয়াই বিজয়ক কৈ নাটকখন লৈ গ’ল৷ আজি আখৰা কৰিব নোৱাৰিমেই নেকি?” কলিতাদাই বোলে,”বৰ বেয়া কথা হ’ল দিয়া৷ ইফালে T-20 ৱৰ্ল্দ কাপ খেলখনো আজিহে পৰিব পাৰেনে?”৷

ভাস্কোৱে বোলে,”মোৰো সময়বোৰ এনেই গ’ল৷ ইফালে ইমন কৌশিক আৰু ৰূপ ৰাগিনী আহিম বুলি কৈছিল,নতুন ফিলিম খনৰ বিষয়ে কথা পাতিবলৈ৷ চেহ্‌ মিছাতে বন্ধ কৰিলোঁ৷”

ইমন আৰু ৰূপ ৰাগিনীৰ নাম শুনি সোনটোৱে বোলে “ভাস্কৰদা, আমাৰ ভাওনা খনৰ বাবে এই দুজনক ললে কেনে হয়৷ আপুনি এবাৰ কৈ দিলেই কৰি দিব চাগৈ৷”

“হেৰৌ, মই কলে নামানিব, এনে কথা আছে৷ ফিক্স হ’ল বুলিয়েই ধৰ”-ভাস্কোৱে অলপ ফিটাহি মাৰিয়ে কলে৷ সোনটোৱে ‘মই নামঘৰত কথাষাৰ কওগৈ’ বুলি ওলাই গ’ল৷

ভাস্কোৰ কথাত মহিলা সকলৰো উথপ থপ লাগিল৷ পিংকুমণি দত্ত বাইদেৱে বোলে,”ভাস্কো তোমাৰ গাতহে জোৰ আৰু৷” দীপজ্যোতি সন্দিকৈয়ে আহিয়েই বোলে “ভাস্কো মোৰ ৰোল কি সোনকালে কোৱাচোন৷ মই মানে ঘৰলৈ যাব লাগে৷ আজি আখৰা নকৰোঁ৷” ভাস্কোৱে ভেকাহি মৰাদি ক’লে,” আখৰাত নাথাকিলে কি ভাওনা কৰিব৷ ঘৰতে বন বাৰী কৰি থাকক গৈ৷” দীপজ্যোতিয়ে মুখখন বেঁকা কৰি ভোৰ ভোৰাই আতৰি গ’ল৷ পিয়ম চুতীয়াই মন মোহিনী হাঁহি এটা মাৰি,” দাদা, পাণ খাৱ” বুলি বান্ধি অনা জৰ্দা পাণটো ভাস্কোলৈ আগবঢ়াই দিলে৷ ভাস্কোৰ চকুও অবাধ্য হোৱা যেন হ’ল৷

ৰুমটোৰ এটা চুকত ৰিতুপৰ্না মহন্ত আৰু গীতাশ্ৰী কলিতাক দেখি জিমিয়ে পৰিস্মিতাক কলে,”দেখিছা, ভাওনা বুলি শুনি এই দুজনীও আহিছে৷ এনেই গাঁৱৰ আন কামত সদায় কাম আছে বুলি পলায়৷” “হয়হে, ইমান আৰু হ’ব নাপায় ন জিমি? মই ভাস্কোদাক কৈয়েই দিছোঁ, যিবোৰ মানুহ গাঁৱৰ কামবন নকৰে তেনে লোকক ভাও দিব নালাগে”- পৰিস্মিতাই টপকৈ কলে৷ ওচৰতে ৰৈ থকা চিম্পী বৰাই বোলে,”পৰিস্মিতাবা, ভাও কাক কাক দিছে গম পাই নেকি৷” পাৰিজাত ফুকন বোলা জনীয়ে নিজকে অকণমান জহাই কলে,”মোকেই ভাস্কোদাই কোৱা নাই, এইক কব?”

এনেতে নৱই আহি সকলোকে আশীৰ্বাদ লবলৈ মাতিছে বুলি কোৱাত ভাস্কো মহাজনে লুঙি কৰি পিন্ধা ধূতিখনকে পোন্ধৰ দৰে মাৰি সকলোৰে লগত ওলাই গৈ নামঘৰৰ দুৱাৰ মুখতে সেৱা ধৰিবলৈ বহি পৰিল৷

ক্ৰমশঃ

☆★☆★☆

3 Comments

  • Jahnovi

    👌

    Reply
  • উত্তৰা

    উস এইখন আকৌ অহাতহে ভাল লাগছে। ভাস্কোৰ ড্ৰেছটো কিন্তু তামাম।

    Reply
  • ৰাস্না বৰা

    ভাওনা এইবাৰ হবই তেন্তে। ভাস্কৰ ৰ ড্ৰেচ তো কিন্তু তামাম হৈছে দেই। ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *