ফটাঢোল

আচাৰত নিগনি – মূল- অবিনাশ বাচস্পতি – অনুবাদ- প্ৰণীতা গোস্বামী বৰঠাকুৰ

কথাতে কয় যে, “লোভেই পাপ, পাপেই মৃত্যু”। লোভ এটা বেয়া ৰিপু। অতি লোভ কাৰোবাৰ মৃত্যুৰো কাৰণ হ’ব পাৰে। লোভ বা লালসাই কোনো প্ৰাণীৰে ভাল নকৰে। লাগিলে ই বান্দৰ আৰু মেকুৰীৰ কাহিনীতে হওক, নাইবা শিয়াল আৰু মেকুৰীৰ কাহিনীতে হওক; আঙুৰ সদাই টেঙাই আৰু মেকুৰীয়ে কেতিয়াও ৰুটি খাবলৈ নাপায়। লোভত পৰি কাৰোবাৰ ভাল হোৱা আজিলৈকে শুনিবলৈ পোৱা নাযায়। কিন্তু ‘লোভ’ এনে এটা বস্তু যাৰ পাকত সোমাবলৈ সকলো যেন ব্যাকুল হৈ থাকে। মানুহেই হওক বা আন প্ৰাণীয়েই হওক, লোভত পৰিলে কোনো সাৰি যাব নোৱাৰে, হানি অনিবাৰ্য।

আজি আপোনালোকক এটা নিগনিৰ এনে এটি কাহিনীকে ক’বলৈ ওলাইছোঁ। যি লোভত পৰি নিজৰ প্ৰাণ দিব লগা হ’ল। এশ গ্ৰাম ওজনৰ এই কণমানি প্ৰাণীটোৱে লোভৰ কাৰণেই প্ৰাণ বিসৰ্জন দিব লগা হ’ল।

এটা পঢ়া-শুনা জনা নিগনিয়ে এদিন তাৰ ধৰাল দাঁতেৰে কাগজ কুটিবলৈ লওঁতেই কাগজখনত থকা এটা বাতৰি পঢ়িলে, য’ত ফল, পাছলি আদি খালে কেনে সুফল পায়, সেয়া লিখা আছিল। বাতৰিটো পঢ়াৰ পাছৰে পৰাই সি নিজৰ ‘নিগনি-ধৰ্ম’ ত্যাগ কৰিলে, অৰ্থাৎ নিজৰ কাগজ কুটা কাৰ্য এৰি পেলালে। আৰু তৎক্ষণাত ফল, পাছলি আদিৰ সন্ধানত দৌৰিবলৈ ধৰিলে। ঠিক তেনেতে বাতৰি কাগজখন নিগনি ধৰা ফান্দত লাগি লুটি খাই গ’ল। কাগজখনৰ বিপৰীতফালে প্ৰকাশিত বিজ্ঞাপনটো পঢ়ি তাৰ জ্ঞাণচকু মুকলি হ’ল। বিজ্ঞাপনটোত পঢ়ি সি বুজিলে যে, মধ্যপ্ৰদেশত আচাৰ বনোৱা এটা মাল্টিনেচনেল ফেক্টৰী আছে, য’ত হাজাৰ হাজাৰ বটল আচাৰ বনোৱা হয়। সেই ফেক্টৰীত কাম কৰিবৰ বাবে শ্ৰমিক বিচাৰি কাকতখনত বিজ্ঞাপনটো দিয়া হৈছিল। যিহেতু, এই নিগনিটো আধুনিক যুগৰ এটা জ্ঞানী নিগনি, পঢ়া-শুনাও কৰিব পাৰে; সেয়ে সি জানিলে যে, আচাৰ তৈয়াৰ কৰিবলৈ হ’লে ফল, পাছলিৰ প্ৰয়োজন হয়। বিজ্ঞাপনটো পঢ়ি সি মধ্যপ্ৰদেশলৈ যাবলৈ বুলি এখন বিমানত উঠিল। সি যোৱাৰ খবৰ পাই আন নিগনি কিছুমানেও তালৈ যাবলৈ পাছৰ বিমানখনত উঠিবলৈ যাওঁতেই ধৰা পৰিল। সেইখন বিমান বহু পলমকৈয়ে উৰিল, কাৰণ সুৰক্ষাকৰ্মীসকলে বহুত বিচাৰি সিহঁতক হত্যা কৰিলে। নিগনি হত্যাৰ কাহিনী পাছদিনাৰ বাতৰি কাকতত প্ৰকাশ পাইছিল। এই নিগনিবোৰ বিদেশৰ পৰা ভাৰতলৈ ফল, পাছলিৰ সন্ধানতে আহিছিল। কিন্তু বিমানৰ পৰা ওলাবলৈ সুৰুঙা বিচাৰি পোৱা নাছিল। পাছৰবাৰ বিমান উৰাৰ সময় হোৱাত সিহঁত বিমানৰ পৰা নামিবলৈ ওলাওঁতেই সুৰক্ষাকৰ্মীৰ চকুত পৰে আৰু তেওঁলোকে বিচাৰি বিচাৰি সকলো নিগনি হত্যা কৰে। এই নিগনি-নিধন যুদ্ধত নিগনিবোৰেও অতি আতংকৰ সৃষ্টি কৰিছিল।

আমাৰ সেই এশ গ্ৰাম ওজনৰ নিগনিটো, যাৰ বাতৰি কাকতত বিজ্ঞাপন পঢ়ি বুদ্ধি খেলাইছিল; সি কিন্তু সুকলমে আচাৰ ফেক্টৰীৰ চৌহদত প্ৰবেশ কৰিব পাৰিছিল। কিন্তু ফেক্টৰীৰ ভিতৰত সোমাবলৈ সি বহুত যুঁজিব লগা হৈছিল। কিয়নো ৰাতি দুৱাৰৰ তলেদি ফেক্টৰীৰ ভিতৰলৈ সোমাব খোজোঁতেই তাৰ জাতি-ভাইবোৰে তাক ভিতৰ সোমোৱাত বাধা দিছিল। সিহঁতৰ বাধা পাই সি আনফালেৰে সোমোৱাৰ বাট বিচাৰি আঁতৰি আহিল। আৰু শৌচালয়ৰ পাইপেদি সোমাই গৈ ফল, পাছলি থোৱা ভঁৰালটো পাইছিলগৈ, যি ঠাইলৈ আহিবলৈ তাৰ হাবিয়াস আছিল। কলিজাখন নিগনিৰ হ’লেও, সি কিন্তু বহুত সাহসী আছিল। বিপৰীত পৰিস্থিতিৰ সন্মুখীন হৈয়ো সি ধৈৰ্য হেৰুওৱা নাছিল।

ভঁৰালটোৰ ভিতৰত সোমাই সি ফল-মূল, পাছলিবোৰ দেখি খোৱাতকৈ সকলোবোৰ এফালৰ পৰা কুটি কুটি ফূৰ্তি পাইছিল। দৌৰি দৌৰি পাছলিবোৰ কুটি সি ভিটামিন সংগ্ৰহ কৰিছিল, আৰু দেহৰ কেলৰি নষ্ট কৰিছিল। দামী ফল, পাছলিবোৰ যেনে- কবি, চালগোম, পদুমৰ চকা, গাজৰ, আম, আতলচ, আলু আদি সকলোবোৰতে সি তাৰ চোকা দাঁত বহুৱাই গৈছিল। কিছুমান পাছলি আচাৰ বনাবলৈ প্ৰয়োজন হয়, কিন্তু আন কিছুমান পাছলি কম দামী হোৱাৰ বাবে আচাৰৰ বাজেট বঢ়াবলৈ ব্যৱহাৰ কৰা হয়। সেইবাবে আচাৰ ব্যৱসায়ত বহুত লাভবান হ’ব পৰা যায়। নিগনিটো যদিও পঢ়া-শুনা জনা তথাপিও তাৰ আচাৰ তৈয়াৰ কৰাৰ ওপৰত অলপো জ্ঞান নাছিল। সি নাজানিছিল যে, আচাৰ বনোৱাৰ আগতে পাছলিবোৰ বহু সময় উতলোৱা হয় আৰু মাহজুৰি শুকোৱা হয়।তাৰ পাছতহে আচাৰ বনাব পৰা যায়। ফেক্টৰীবোৰত যিহেতু ৰ’দ সোমাব পৰা ব্যৱস্থা নাথাকে, আৰু সময়ো কম থাকে; সেয়েহে সকলো কাম মেছিনৰ দ্বাৰাই কৰা হয়।

যিটো ভঁৰালত সোমাই সি খাদ্য খাই ফূৰ্তি কৰি আছিল, তাতে পাছত সি নাক বজাই শুই পৰিছিল। সি জনা নাছিল যে, তাৰ নাকৰ শব্দ কাৰো কাণত নপৰিব! কিয়নো তাৰ নাকৰ শব্দই আকাশ কঁপাব নোৱাৰে, যাৰ মৃত্যুৱে পৃথিবীত ভূমিকম্পৰো সৃষ্টি কৰিব নোৱাৰে!
সন্ধ্যা হওঁ হওঁ অৱস্থাতে ফল, পাছলিৰ সেই ভঁৰালটোলৈ উতলা পানীৰ সোঁত ববলৈ ধৰিলে। পানী ওলাই যোৱাৰ সকলো বাট আগতেই বন্ধ কৰি লোৱা হৈছিল। ফল-পাছলিৰ মাজত সোমাই থকাৰ কাৰণেই গৰম পানীৰ তাপ পাই সি যেতিয়া চট্ ফটাই ওপৰলৈ মূৰ উলিয়াইছিল, তেতিয়ালৈ সি সম্পূৰ্ণ সিজি গৈছিল। তেতিয়াই তাৰ জীৱন লীলাৰ সমাপ্তি ঘটিছিল। তাৰ সেই নিগনি দেহাটো আচাৰ লীলাত পৰিণত হৈছিল। যিটো খবৰ পাছদিনাৰ বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছিল; যে, “পাঁচ কিলোৰ এটা আচাৰৰ বটলত এটা আঢ়ৈশ গ্ৰামৰ নিগনি উদ্ধাৰ”–। ১০০ গ্ৰাম ওজনৰ নিগনিটো ২৫০ গ্ৰাম কেনেকৈ হ’ল, সেই ৰহস্য উদ্ঘাটন কৰিব পৰা নগ’ল।

এই সন্দৰ্ভত কিছুমান জলন্ত প্ৰশ্নৰ উত্তৰ জনাৰ আৰু আচাৰ প্ৰেমীসকলৰ প্ৰতিক্ৰিয়াৰ প্ৰয়োজন। এনেই এই ঘটনাৰ পৰা মানুহ আৰু অন্য জীৱ-জন্তুবোৰেও শিক্ষা লোৱা উচিত। মানুহক এই ঘটনাটোৱে নিজৰ ঘৰবোৰত সতৰ্ক কৰা উচিত, আৰু তাৰ অডিঅ’ কেছেট বনাই ঘৰবোৰত বজোৱা উচিত। যাৰ ফলত তেওঁলোক ভবিষ্যতে সাবধান হ’ব পাৰে, আৰু ভবিষ্যতে এনে জীৱ হত্যাৰ বাবে মানুহ অসাবধান নহয় যাতে! আচাৰ খোৱা বাদ দিবলৈ এইটো এটা ডাঙৰ উদাহৰণ। কিন্তু এনেকৈ মানুহে আচাৰ খাবলৈ এৰি দিলে, পাছত জীভাখনে আচাৰৰ স্বাদ কেনেকৈ পাব? জীভাখন বেৰস হ’লে এজন সাধাৰণ মানুহে সহ্য কৰিব নোৱাৰিব।

এই ঘটনাটোৱে মনত কেইটামান প্ৰশ্ন অৱতাৰণা কৰে—
প্ৰথম প্ৰশ্ন- পাঁচকিলো আচাৰৰ বটলত নিগনিহে ওলাব পাৰিব, কিয়নো এটা হাতী ওলোৱা সম্ভৱ নহয়!

দ্বিতীয় প্ৰশ্ন- এনে আচাৰৰ বটলত জেঠী ওলোৱাও সম্ভৱ! আৰু বহু সামগ্ৰীত জেঠী পোৱাও গৈছে, কিন্তু ইহঁতক এই আচাৰত পোৱাটো জেঠীবোৰ যে শিক্ষিত হোৱাৰ প্ৰমাণ মানিব পৰা যাবনে?

তৃতীয় আৰু অন্তিম অতি জৰুৰী প্ৰশ্নটো হ’ল- নিগনি, জঠী আদিবোৰ ইমান ডাঙৰ যে পাছত আচাৰৰ ভিতৰত সহজে চকুৰে দেখা যায়। কিন্তু, পঁইতাচোৰা, কবিৰ পোক আদি যিবোৰ আচাৰ বনোৱাৰ সময়ত মিলি যায়, সেইবোৰ কেতিয়াবা ধৰা পৰিছেনে? আৰু কি সেই ভয়ত মানুহে আচাৰ খোৱা এৰিব পাৰিব?

☆★☆★☆

10 Comments

Leave a Reply

Your email address will not be published.