ফটাঢোল

আজৱ দুনিয়া কী গজৱ কাহানী – মানবেন্দ্ৰ কুমাৰ শৰ্মা

উদক ভেটা ৰখীয়া পাতিব নালাগে বুলি সৰুৰে পৰা শুনি আহিছিলোঁ যদিও উদ হ’লে কোনোকালে দেখা নাছিলোঁ। পিচে তেওঁৰ মতি-গতি চাই মোৰ এনে লাগিল যেন মোৰ সমুখত উদ এটাইহে মাছৰ বাবে খাপ পিটি আছে।

মাছ ধৰিবলৈ সকলোৱে চেষ্টা কৰাৰ দৰে ময়ো কৰিছিলোঁ। এবাৰ বৰশি বাবলৈ যাওঁতে মোৰ লগৰজনে টুপুৰ-টুপুৰকৈ তেত্ৰিছটা মাগুৰ ধৰা সময়লৈ মই আনকি দৰিকণা এটাও খালৈত ভৰাব পৰা নাছিলোঁ। মাছ ধৰাত আচলতে জন্মগতভাবে মই তেনেকুৱা পাকৈতেই নাছিলোঁ।

তথাপি দেখাক দেখি মাছ ধৰিবলৈ কৰা মোৰ সেই প্ৰচেষ্টা অব্যাহত আছিল। সেই পক্ৰিয়াত বিভিন্ন কৌশল প্ৰয়োগ কৰি চাইছিলোঁ; আনকি চেপা, চড়া একো বাদ দিয়া নাছিলোঁ। এবাৰ এঠাইত ৰাতি চেপা পাতি থৈ আহিলোঁ। হিচাপ মতে পুৱালৈ চেপাত মাছেই মাছ লাগিব লাগে! পিচে ফুটা কপালত চন্দন লেপিলেও নালাগে নহয়, গতিকে মাছৰ বাবে তেনে সুচল ঠাই হ’লেও মোৰ চেপাত মাছ পাম জানো? অৱশ্যে ৰাতিপুৱা পানীৰ মাজৰ পৰা সেইটো উলিয়াব খোজোঁতে ওজন দেখি মোৰ মুখেৰে প্ৰথমতে মিচিককৈ হাঁহি এটায়েই ওলাইছিল, যিটোৱে পাৰ পোৱা সময়লৈ ক্ৰমশঃ অস্তমিত বেলিৰ ৰহন লৈছিল। পিছে মাছ নাপালেও বিশেষ কথা নাছিল, কিন্তু মাছ খাই চেপাৰ মাজত গেৰেলা হৈ পৰি থকা বিয়াগোম আকাৰৰ ঢোঁৰা সাপ দুডাল চেপাৰ ভিতৰৰ পৰা বাহিৰ কৰোঁতেহে মোৰ বাৰ বাজিছিল। সংকীৰ্ণ পৰিসৰত মাছৰো নিশ্চয় বুদ্ধি লোপ পায়, সেয়ে ইমান দিনে সিহঁতে ঢোঁৰাৰ সৈতে বাগি দি থাকিও অৱশেষত সিহঁতৰ পেটতেই সোমাব লগা হ’ল!

‘আহ্ ফিফটি!’

স্বৰ্গোতোক্তি শুনি মই তেওঁৰ মুখৰ ফালে আশ্চৰ্যৰে চালোঁ। তেওঁৰ মুখমণ্ডলত যেন হাজাৰ ৱাটৰ হেল’জেনৰ দ্যুতি! সেই দ্যুতিৰ চিকমিকনিত পমি গৈ ময়ো মিচিককে হাঁহি এটা মাৰিলোঁ। পিচে ‘এভ্ৰি এক্সন হেজ এ ইকুৱেল এণ্ড অপজিত ৰিয়েকচন’ নামৰ নিউটনৰ প্ৰবাদ ফাকিকো ভ্ৰুকুটি কৰি তেওঁ মোৰ প্ৰতিক্ৰিয়াৰ প্ৰতি একেবাৰে ভ্ৰূক্ষেপহীন হৈয়েই ৰ’ল। হয়তো মাছৰ সন্ধান কৰা সময়ত উদেও এনেকুৱাই কৰে।

আজিকালিৰ মাছবোৰো পিচে কম শিয়ান নহয় দেই! ফচাবলৈ একেবাৰেই মস্কিল। সু-স্বাদু টোপ দিলেহে যদি ঘূৰি চায়! গাঁৱলৈ গ’লে দেখোঁ আগৰ দৰে মাছ ধৰাৰ বাবে বৰশী বোৱাৰ সেই জামানাও যেন নোহোৱা হ’ল। কাচিৎ কোনোবাই সেই পৰম্পৰা বৰ্তাই ৰাখিব খুজিলেও আগৰ দৰে বৰশীত কেঁচুৰ টোপ গাঁঠি দিলে আজিকালি মাছবোৰে অলপো কেটকুটেই নকৰে। বৰলৰ মিঠা মিঠা টোপৰ গোন্ধ পালেই পিচে জপিয়াই পৰিবলৈ সিহঁতবোৰেই উদগ্ৰীৱ হৈ পৰে।

কুঁৱাৰ ভিতৰত শিঙি, মাগুৰ জাতীয় মাছ দুটামান দিলে বোলে পানীৰ মাজৰ লেতেৰাখিনি খাই কুঁৱাৰ পানী পৰিষ্কাৰ কৰি ৰাখে। সেয়েহে কেইবছৰমানৰ আগতে আমাৰ কুঁৱাত কেইটামান শিঙি মাছ এৰি দিছিলোঁ। তিনি/চাৰি বছৰমান পাছত কুঁৱাৰ পানী শুকালত কুঁৱাটো নকৈ খন্দাব লগা হ’ল। তলিৰ পানীখিনি উঠাওঁতে দুটামান শিঙিও পানীৰ লগতে ওপৰলৈ উঠি আহিল। সিহঁত বাঢ়ক চাৰি তিনিবছৰ আগতে কুঁৱাত এৰি দিয়া অৱস্থাতকৈ কিজানি অলপ সৰুহে হৈছিল! আৱদ্ধ কুঁৱাৰ ভিতৰৰ পৰা সীমিত আকাশ চাই থাকিলে তেনেকুৱাই হয় বুলি সিদিনা আকৌ এবাৰ অনুভৱ হৈছিল।

‘আস্ হাণ্ড্ৰেড!’
‘ওহ! হাণ্ড্ৰেড ক্ৰচ হ’ল।’

তেওঁৰ মাতে মোৰ চিন্তাত পুনৰ যতি পেলালে। তেওঁৰ ফালে চাই মোৰ নিজৰে লাজ লাগিল। মাছৰ চিন্তাত চাহ দোকানৰ চকীখনক তেওঁ ইতিমধ্যে ঘৰৰ ছোফা বুলি ভাবিছেই, এতিয়া আৰু বিচনাৰ ডানলপ বুলি নাভাবিলেই ৰক্ষা!

মুঠতে মাছবোৰ বৰ চতুৰ!

আমি অৰ্ডাৰ দিয়া মতে দোকানীয়ে আমাক চাহ আৰু মিঠাই দি গ’ল। পিচে বাহিৰত কি ঘটি আছে সেই বিষয়ে তেওঁৰ একো কেটকুটেই নাই। মাছধৰা ব্যস্ততাই কিজানি বহুতকে এনেদৰে বাহ্যজ্ঞানহীন কৰি পৰিবেশ-পৰিস্থিতিৰ প্ৰতি ওৱাকিপহাল হোৱাৰ পৰা ৰক্ষা কৰে!

ফেচবুকৰ এই জামানালৈ নতুনকৈ অহাৰ পিছত প্ৰথম কেইমাহমান ময়ো ইয়াৰ আজৱ বাসিন্দা যেনেই আছিলোঁ, যেন ভাৰত-চীন সীমান্তৰ অতন্দ্ৰ প্ৰহৰীহে! চকু অলপ ইফাল-সিফাল কৰিলেই আমাৰখন উঘালি সিহঁতে পতাকা আঁৰি থৈ যাব! তেনে এটা দিনতেই তেওঁৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট পালোঁ। তেওঁৰ প্ৰফাইল চাই নিজকে কিবা ভাগ্যবান যেনো লাগিল। পূজা-পাৰ্বনত মোৰ সিমান মতি নাই যদিও প্ৰতিমা দৰ্শনত একো আপত্তিও নাই। বৰং ক’ব পাৰি এই দৰ্শনে অকল চকুৰেই নহয়, মনতো বহুত প্ৰশান্তিৰ যোগান ধৰে। নিজৰ ফটোৰে ভৰ্তি কৰি থোৱা তেওঁৰ ৱালৰ ফটোবোৰ সম্পূৰ্ণ প্ৰতিমা বুলি ক’ব নোৱাৰিলেও একেবাৰে অপ্ৰতিমা বুলিও ক’ব নোৱাৰি। মুঠতে দহৰ ভিতৰত সাত নম্বৰ চকুমুদি দিব পাৰি, গতিকে তেনে এগৰাকীৰ ৰিকুৱেষ্টে মনত থৌকিবাথৌৰ সৃষ্টি কৰাতো একো অস্বাভাৱিক নহয়। তাতেই তেওঁৰ লেখা মেলা পেপাৰে-পত্ৰেও মাজে মাজে পাই থাকোঁ। সৱ মিলাই ক’ব পাৰি– ‘লাখো মে এক।’

বন্ধুত্বৰ এই সাংগীতিক লহৰ প্ৰথমাৱস্থাত সুললিত আছিল যদিও সেই অদেখা বান্ধবীৰ অত্যাধিক মান-অভিমানৰ বাবে পিছলৈ যেন তাল-মানৰ অলপ লয় পৰিব ধৰিলে। কিবা কাৰণত যদি তেওঁ ফটো বা কিবা এটা লেখা আপলোড কৰাৰ পাছত মোৰ ‘লাইক-কমেণ্ট’ কৰা নহয়, মুহূৰ্ততে মোৰ ইনবক্সলৈ তেওঁৰ মেছেজৰ ঢল বয়, ‘আঙুলিত কিবা হ’ল নেকি?’ মোৰ ব্যস্ততাৰ বাবে কমেণ্ট নকৰাকৈ কেৱল লাইক কৰিয়েই এৰিলেও তেওঁৰ অভিমান ভৰা মেছেজৰ লানি নিচিগা উপদ্ৰৱী সোঁত।

তথাপি মোৰ ভাল লাগে। মানুহৰ লগত আত্মীয়তা এনেকৈয়ে বাঢ়ে। কাৰোবাক জীৱনভৰ লগ পালেও অচিনাকি যেন লাগে, আৰু কাৰোবাক এনেকৈয়ে মুহূৰ্ততে আপোন যেন লাগে।

মাজতে এসপ্তাহমান অফলাইন আছিলোঁ। অনলাইন আহিয়েই দেখো, ইনবক্সত তেওঁৰ এশৰ ওচৰা-ওচৰি মেছেজ। মোৰ খবৰ-বাতৰি সোধাতকৈ তেওঁৰ পষ্টত লাইক-কমেণ্ট নকৰাৰ অভিযোগ আৰু পোষ্টৰ লিংকেৰেই মেছেজ বক্স ভৰ্তি।

আমি সপৰিয়ালে চিৰিয়াখানালৈ আহিছিলোঁ। ‘দাদা দাদা’ বুলি মতা যেন শুনি কোনোবাই মোকেই মাতিলে নেকি ভাবত ইফালে-সিফালে চকু ফুৰাই চালোঁ। চিনাকি মুখ হ’লে এখনো চকুত নপৰিল।

‘দাদা মই।’

মাতটো এইবাৰ একেবাৰেই কাষত। মই ঘূৰি চালোঁ। পিচে মোৰ কাষতেই থিয় দি থকাজনীৰ মুখখন মোৰ কোনোমতে চিনাকি যেন নালাগিল।

‘দাদা মই অমুক! চিনি পোৱা নাই?’

মোৰ নিজৰে লাজ লাগিল। হয়তো, আপোন বুলি ভবা কাৰোবাক এইদৰে লগ পায়ো চিনি নাপালে লাজ লগাটো স্বাভাৱিকেই। পিচে আচৰিতো হ’লোঁ। ফেচবুকত তেওঁৰ প্ৰফাইল বা আপলোড কৰা ফটোবোৰৰ ভেকুলীৰ বুকুৰ দৰে যিহে নিমজ ছাল, তাতেই গাখীৰত সেন্দুৰ মিহলোৱা উজ্বলতা! আৰু মোৰ সমুখত থিয় হৈ আছে হয়তো শালমইনাৰ দাগে মুখমণ্ডল ভেকুলীৰ পিঠিৰ দৰে খহটা কৰা কৃষ্ণ বৰ্ণৰ মানুহ এজনীহে। অথচ কথা-বতৰাৰপৰা মোৰ সেই বান্ধবীজনীয়েই বুলি বিশ্বাস নকৰিলেও উপায় নাই। আৰু বয়স! সেই কথা থাওক বাৰু! মুঠতে মই ‘দাদা’।

আমি একেলগে একাপ চাহ খাম বুলি চাহৰ দোকান এখনত সোমালোঁ। ‘এক মিনিট ৰ’বচোন!’ বুলি কৈ মোবাইলটো হাতত লৈ তেওঁ কিবা টিপা-টিপি কৰাত লাগিল। আমাৰ সমুখৰ চাহ ঠাণ্ডা হ’ল। বিৰক্তি লাগি ময়ো ফেচবুক খুলিলোঁ। প্ৰথমতেই তেওঁৰ আপডেট চকুত পৰিল, ‘Feeling Amazing at state Zoo.’ চিৰিয়াখানাৰ ভিতৰত উঠা কেইখনমান তেওঁৰ ফটো। ফটোবোৰ আগৰবোৰৰ দৰেই চকুত লগা। ক’ব পাৰি মোৰ সমুখত বহি থকা মানুহগৰাকীৰ প্ৰকৃত অৱয়ৱটোৰ বাহিৰে বাকী কোনো ক্ষেত্ৰতেই ফটোবোৰৰ মিল নাই। এই ফটোৰ লাইক-কমেণ্ট হিচাপ কৰি তেওঁ বৰ্তমান ক’ত কি কৰি আছে একেবাৰে পাহৰি গৈছে।

“চাওক চাওক, কমেণ্টো হাণ্ড্ৰেড হ’ল।”

তেওঁ মোবাইলটো মোক দেখুৱাই ক’লে। মোৰ এনে লাগিল মই যেন চিৰিয়াখানাৰ ভিতৰত উদৰ গঁড়ালটোৰ কাষতেই আছোঁ আৰু নেদেখা বস্তু এটা দেখি জীৱনটো ধন্য কৰিলোঁ।

☆★☆★☆

2 Comments

  • বৰ ভাল লাগিল। সুন্দৰ ব্যংগ। বাস্তৱৰ ছবিখন ধুনীয়াকৈ দাঙি ধৰিছা।

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল মানৱেন্দ্ৰ

    Reply

Leave a Reply

Your email address will not be published.