ফটাঢোল

আত্মবিশ্লেষণ –মৌচুমী গগৈ

ৰিমলীক স্কুলৰ গাড়ীত উঠাই দি আহি প্ৰণামীয়ে গাড়ীৰ চাবিটো লৈ ওলাই আহিল ।গাড়ীখন উলিয়াই গেটখন বন্ধ কৰোঁতেই প্ৰণামীৰ চকুত পৰিল ,ৰাস্তাৰ সিপাৰে থকা ঘৰটোৰ বাৰান্দাত বহি থকা দত্তনী বৰমাৰ ফালে ।ৰাতিপুৱা খবৰ কাগজখন পঢ়ি চাহ খোৱাটো তেখেতৰ নিত্য নৈমিত্তিক কৰ্ম ।প্ৰণামীয়ে বৰমাক সুপ্ৰভাত বুলি সম্ভাষণ জনালে যদিও তেখেতে বেকা হাঁহি এটাৰেহে প্ৰত্যুত্তৰ দিলে ।প্ৰণামীয়ে ভালদৰেই জানে যে তাই গাড়ী শিকিবলৈ লোৱাটো তেখেতে বৰ এটা সহজভাৱে লব পৰা নাই।তাৰ বাবে প্ৰণামীৰ কোনো আক্ষেপো নাই কাৰণ সমাজত এতিয়াও কিছুমান মানুহে সাতামপুৰুষীয়া নিয়ম কিছুমানকে খামুচি ধৰি আছে ।কিন্তু প্ৰণামীৰ এটা কথাৰ কাৰণেই বেয়া লাগে যেতিয়া এই নিয়মবোৰ ব্যক্তিভেদে পৃথকভাৱে প্ৰযোজ্য হয় ।

বৰমাৰ এজন ল’ৰা আৰু এজনী ছোৱালী।ল’ৰাজন ডাঙৰ আৰু ওকালতি কৰি সমাজত যথেষ্ট সুনাম অৰ্জন কৰিছে কিন্তু নিজৰ ঘৰখনত হৈ থকা অন্যায় -অবিচাৰবোৰৰ বিৰুদ্ধে মাত মতাৰ সাহস তেওঁৰ নাই।
তেওঁৰে পত্নী মেঘা বৌ, বিয়াৰ বাৰ বছৰ পিছতো বৌয়ে ঘৰখনৰ সকলো কাম নিয়াৰিকৈ কৰাৰ পিছতো বৰমাই ওচৰ -চুবুৰীয়াৰ ওচৰত কেতিয়াও বৌৰ বিষয়ে ভাল কথা নকয়।কিন্তু সকলোৱেই জানে যে বৌৰ নিচিনা শান্ত সমাহিত বোৱাৰী এজনী পোৱাটো কিমান সৌভাগ্যৰ কথা।দুজনী ছোৱালীৰে এখন সুখৰ সংসাৰ থকা স্বত্ত্বেও বৰমাৰ মনত সদায়েই দুখ এটা নাতি ল’ৰা নথকাৰ কাৰণে আৰু সেই দোষটোও তেওঁ বোৱাৰীয়েক মেঘাৰ ওপৰত জাপি দিবলৈ অলপো কৃপনালী নকৰে ।বৰমাৰ ছোৱালী বিয়া হৈ কলিকতাত থাকে ।ঘৰলৈ আহিলে পেন্ট ,টি-চাৰ্টৰ বাহিৰে একোৱেই নিপিন্ধে ।তেতিয়া কিন্তু বৰমাই একো নকয় ,অথচ নিজৰ বোৱাৰীয়েকক আজিলৈকে চুৰিডাৰ এযোৰো পিন্ধাৰ অনুমতি নিদিলে ।

প্ৰণামীয়ে আজিকালি গাড়ীখন ভালকৈয়ে চলাবলৈ শিকিছে ।কেতিয়াবা বজাৰ সমাৰ কৰিবলৈও লৈ যাব পৰা হৈছে।স্বামী মৃন্ময় কৰ্পৰেট চেক্টৰত চাকৰি কৰে আৰু প্ৰায়েই বাহিৰলৈ অফিচৰ কামত গৈ থাকিব লগা হয় ।মৃন্ময়ৰ অনুপস্থিতিত যাতে প্ৰণামীহঁতৰ কোনো অসুবিধা নহয় ,তাৰবাবেই তাইক গাড়ীখন শিকিবলৈ মৃন্ময়ে জোৰ দি আহিছে।তাৰ সাহসতেই প্ৰণামীয়ে কেতিয়াও কৰিব পাৰিব বুলি নভবা কাম কিছুমানো কৰিবলৈ উৎসাহিত হয় ।আজি লৈকে মৃন্ময়ে তাইক কোনো দৰকাৰী কথাতেই বাধা দিয়া নাই।তাৰ মতে ,যিটো কাম কৰি তুমি আত্মসন্তুষ্টি লাভ কৰা ,সেইটো কৰিবলৈ কেতিয়াও সংকোচ কৰিব নালাগে।সময়ৰ লগত হাত মিলাই আগবাঢ়ি যাব পৰাটোহে বুদ্ধিমানৰ কাম ।

ৰাতি ১২ মান বজাত গেটত কোনোবাই খটখটাই থকা শুনি প্ৰণামী আচৰিত হ’ল ।ইমান ৰাতি কোন আহিব পাৰে ।ইফালে মৃন্ময়ো আজি ঘৰত নাই।তাই আৰু ৰিমলী অকলে আছে।তাই খিৰিকীৰ পৰ্দা দাঙি বাহিৰলৈ চাই দেখে যে মেঘা বৌ গেটৰ বাহিৰত ৰৈ তাইক চিঞৰি আছে।তাই লৰালৰিকৈ বাৰান্দাৰ গ্ৰীল খুলি ওলাই আহিল।তাই গম পালে যে ,বৰমা বাথৰূমলৈ যাওঁতে পিছলি পৰি কঁকালত বেয়াকৈ দুখ পাইছে।ইফালে পুতেক জনো কিবা এটা কামত গুৱাহাটীলৈ গৈছে।বৌয়ে ড্ৰাইভাৰ জনকো ফোন কৰিছিল কিন্তু বহুত দূৰত ঘৰ হোৱা কাৰণে সি ৰাতিপুৱাহে আহিব পাৰিব।এতিয়া উপায়ন্তৰ হৈ বৌয়ে প্ৰণামীৰ সহায় বিচাৰিছে।

প্ৰণামীয়ে এক মূহুৰ্তো সময় নষ্ট নকৰি ৰিমলীক বৌহঁতৰ ছোৱালীদুজনীৰ লগত থৈ কাপোৰকেইটা সলাই গাড়ীখন উলিয়ালে ।ওচৰৰে খুড়া এজনক লগত লৈ প্ৰণামী আৰু মেঘা বৌয়ে বৰমাক হস্পিতেললৈ লৈ গল।ডাক্তৰে লগে লগে চিকিৎসা প্ৰদান কৰিলত বৰমা অলপ সুস্থ হ’ল যদিও ৰাতিপুৱালৈকে প্ৰণামীহঁত তাতেই থাকিব লগা হ’ল।পিছদিনা ডাক্তৰে ভিতৰত আৰু দুখ পাইছে নেকি চাবৰ বাবে এক্স ৰে কৰিবলৈ আৰু এদিন হস্পিতেলত থাকিবলৈ পৰামৰ্শ দিলে।পুৱালৈ আত্মীয় সকল এজন দুজনকৈ আহিল আৰু প্ৰণামীক প্ৰশংসা কৰিলে।তেওঁলোকেই তাত অলপ সময় থাকিম বুলি কোৱাত প্ৰণামী আৰু বৌ ঘৰলৈ আহিল ।ইফালে ছোৱালী কেইজনীও ঘৰত অকলে আছে ।

পিছদিনাখন আগবেলাই পুতেকে বৰমাক যাৱতীয় সকলোখিনি চিকিৎসা প্ৰদান কৰি ঘৰলৈ লৈ আহিল।প্ৰণামীয়ে বৰমাক গাড়ীৰ পৰা নমা দেখি মাত এষাৰ লগাও বুলি আগবাঢ়ি আহিল ।বৰমাইও প্ৰণামীক দেখি সেইদিনা প্ৰথম বাৰৰ বাবে এটা সন্তুষ্টিৰ হাঁহি মাৰিলে আৰু ক’লে –

:বৰ লেতেৰা লেতেৰা লাগি আছে জানা কালিৰ পৰা।এতিয়া গা টো ভালকৈ ধুই দিলেহে অলপ পৰিস্কাৰ যেন লাগিব ।

প্ৰণামীৰ কিন্তু তেতিয়া আন এটা কথাহে সুধিব মন গ’ল –

:গা ধুই আপুনি শৰীৰৰ বাহিৰত লাগি থকা মলিখিনি আতৰাব পাৰিব কিন্তু মনৰ ভিতৰৰ মলিনতাখিনি জানো দূৰ কৰিব পাৰিব ?যেতিয়ালৈকে এগৰাকী নাৰীয়েই আন এগৰাকী নাৰীৰ মনোবেদনা বুজি নাপায় ,তেতিয়ালৈকে নাৰীসকলে সচাঁ অৰ্থত নিজকে স্বাধীন বুলি দাবী কৰিব পাৰিব নে ??

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.