ফটাঢোল

আদৰণি – নিশান্ত বৰদলৈ

ঘৰৰপৰা স্কুললৈ ৪ কি.মি. বাট। ভণ্টী আৰু মই খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিলো। মই ক্লাছ নাইনত। ভণ্টী ক্লাছ চিক্সত, মোৰ সৈতে একেলগে স্কুললৈ গৈছিল, উলতিছিল।
সেইদিনা আমাৰ ক্লাছত হাই উৰুমিৰ মেলা বহিছিল। বাটত ভণ্টীয়ে মোক সুধিলে- ‘দাদা , আজি বোলে তহঁতৰ ক্লাছত কমলেশ্বৰ ছাৰে চবকে গৰুপিটন দিলে! পেপাৰ দিছিলে নেকি?’
মই চকু পকাই ধৰিলো, তাই মনে মনে থাকিল।

যিকোনো পৰীক্ষাৰ পিছত অকল দুখন পেপাৰহে মই ঘৰত দেখুৱাইছিলো। এখন ইংৰাজী আৰু এখন অসমীয়া। বাকী কেইখনৰ কথা সুধিলে, মই জাঙুৰ খাই উঠিছিলো। বিভিন্ন বাহানা আৰু ফাঁকি কথাৰে বাকী পেপাৰ কেইখনৰপৰা সকলোৰে দৃষ্টি আঁতৰাই আনিবলৈ সক্ষম হৈছিলো।

এদিন স্কুলৰপৰা ঘৰলৈ পথাৰে পথাৰে পোনাই আহিছোঁ, পদূলিমুখতে জুম পাতি গাঁৱৰ জাপান ককা, কটলু বৰতা, প্ৰশান্তদাদা, মা, বৰতা, খুড়া আৰু কেইবাজনো বহি কথাৰ মহলা মাৰি আছে। মই আৰু ভণ্টী পদূলিমুখত উপস্থিত হোৱাৰ লগে লগে দেউতা ভিতৰৰপৰা ওলাই আহিল। হাতত পানী এঘটি লৈ লগত পেহীৰ ছোৱালীজনীও। দেউতাই মোক পদূলিমুখতে পীৰা এখন পাৰি বহিবলৈ দিলে। পেহীৰ ছোৱালীজনীক দেউতাই ক’লে- ‘মাজনী অ’ ককায়েৰৰ ভৰি দুটা ধুৱাই দে।’ মোৰ লগত একেলগে স্কুলৰপৰা অহা ভণ্টীয়ে ‘দাদাৰ কি হ’ল অ’ বুলি পদূলিমুখতে বাগৰি বাগৰি কান্দিবলৈ আৰম্ভ কৰিলে। ময়ো একো তত ধৰিব পৰা নাই, আচলতে হৈছে কি!

পেহীৰ ছোৱালীজনীয়ে থাপনাত ধূপ জ্বলাই ঘূৰোৱাৰ দৰে মোৰ মুখৰ আগত ধূপকাঠি এডাল জ্বলাই ঘূৰাই দিলে। দেউতাই সকলোৱে শুনাকৈ চিঞৰি চিঞৰি ক’লে- ‘ৰাইজ, এইখন চাওক! বুঢ়ীমাকৰ বাকচৰ তলৰপৰা আনিছোঁ। আমাৰ ডাঙৰ ল’ৰাই অংকত ১০০ ভিতৰত ৩ পাইছে!’

☆★☆★☆

One comment

  • হা হা — সেয়ে ভৰি ধুৱাই গৃহপ্ৰবেশ কৰাইছিল। বঢ়িয়া অভিজ্ঞতা দেই।

    Reply

Leave a Reply

Your email address will not be published.