ফটাঢোল

আদৰ্শ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য

বহুদিনৰ পৰা ফোন কৰি মাতি আছিল কলিতাদাই তেওঁৰ ঘৰলৈ। যাম যাম বুলি মনত ইচ্ছা এটা থাকিলেও সময়ৰ অসুবিধাতে যাব পৰা নাছিলোঁ ইমানদিনে। আজি দিনত কলিতাদাৰ ফোনটো পোৱাৰ পিছতে তেওঁৰ অনুৰোধ উপেক্ষা কৰাটো সম্ভৱ নহ’ল। তেওঁৰ ছোৱালীজনীৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে, সেইকাৰণে ৰাতিৰ ভাতসাঁজ খাবলৈ মাতিছে।

কলিতাদা মানুহজন মোৰ বহুত পুৰণি চিনাকি। মই কলেজত পঢ়ি থকা সময়তে কলিতাদাই একেখন চহৰতে থকা চৰকাৰী অফিচ এটাত কেৰাণী চাকৰি কৰিছিল। সেই সময়ত আজিৰ দৰে টেম্পো ট্ৰেকাৰবোৰ নাছিল কাৰণে সকলো মানুহৰ বাবে সুবিধাজনক যোগাযোগৰ ব্যৱস্থা ৰাতিপুৱা সময়মতে চলা পৰিবহন নিগমৰ বাছকেইখনেই আছিল। ৰাতিপুৱা ৯ বজাৰ বাছখনত চাকৰিয়ালবোৰ আৰু স্কুল কলেজৰ ল’ৰা ছোৱালীবোৰ মিলি তলে ওপৰে মানুহ ভৰ্তি হৈ যায়। আমিবোৰ বেছিভাগেই বাছৰ বডিৰ ওপৰতহে গৈছিলোঁ। হাঁহি ফূৰ্তি কৰি যাওঁতে কেতিয়া গৈ চহৰ পাওঁ গমেই পোৱা নাযায়। কলিতাদাই আমি কলেজীয়া ল’ৰাবোৰৰ লগত বাছৰ বডিৰ ওপৰতে অহা যোৱা কৰে বেছিভাগ। মানুহজন বৰ ফূৰ্তিবাজ আৰু পঢ়া শুনা কৰা ল’ৰা ছোৱালীৰ প্ৰতি যথেষ্ট মৰমীয়াল আছিল। মানুহজনৰ এটা গুণে আমাৰ সকলোবোৰ ল’ৰা ছোৱালীক বিশেষভাৱে আকৰ্ষিত কৰিছিল, সেইটো আছিল তেখেতৰ সততা আৰু স্পষ্টবাদীতা। অফিচত তেখেতক ঘোচ দিবলৈ যোৱা ঠিকাদাৰবোৰৰ লগত দৈনিক হোৱা তৰ্কা-তৰ্কিবোৰৰ ঘটনাবোৰ বৰ সৰসভাৱে আমাৰ আগত বৰ্ণনা কৰিছিল তেখেতে। আনকি অফিচৰ বৰমূৰীয়া সকলৰ লগতো এইবোৰ কথা লৈ তেখেতৰ কাজিয়া লাগিছিল। মানুহজন উচ্চ শিক্ষিত নহ’লেও এইবোৰ গুণৰ বাবে আমাৰ সকলোৰে বাবে এজন আদৰ্শবান ব্যক্তি হিচাবে পৰিগণিত হৈছিল।

তেতিয়া বাছৰ ভাড়া আমাৰ গাঁৱৰপৰা চহৰলৈ সাধাৰণ মানুহৰ বাবে তিনি টকা আৰু কলেজীয়া ইউনিফৰ্মত থকা ল’ৰা ছোৱালীৰ বাবে দেৰ টকা। মোৰ আৰু কলিতাদাৰ মাজত বাছৰ বডিৰ ওপৰত কথা পাতি পাতি যাওঁতে আন্তৰিকতা ইমানেই গাঢ় হৈ উঠিছিল যে শেষৰ দুবছৰমান মোৰ ভাড়া সদায় কলিতাদাই দিয়ে।

সেইজন কলিতাদাকে ইমান বছৰৰ মূৰত নতুন চহৰখনত লগ পাই মোৰো যথেষ্ট ভাল লাগিছিল। মই চাকৰিসূত্ৰে নতুনকৈ আহিছিলোঁ সেই চহৰখনত আৰু কলিতাদা তিনিবছৰমান আগতে ট্ৰেন্সফাৰ হৈ আহিছিল ইয়ালৈ। কলেজীয়া শিক্ষা সাং কৰি কলিতাদাৰ লগত মোৰ দেখা দেখি নোহোৱা প্ৰায় দহবছৰমান হৈছিল, গতিকে একসময়ৰ মোৰ বাছযাত্ৰাৰ লগৰীজনক ইমান দিনৰ মূৰত দেখি যথেষ্ট আনন্দই লাগিছিল।

সন্ধিয়া সাতমান বজাত বাইকখন লৈ ওলাই গ’লোঁ কলিতাদাৰ কোৱাৰ্টাৰলৈ। গেটৰ মুখত বাইকখন ৰখায়েই অনুমান কৰিব পাৰিলোঁ যে পাৰ্টি ডাঙৰেই। অলপ অশ্বস্তিও অনুভৱ কৰিলোঁ সুদা হাতে যোৱাৰ বাবে। আচলতে কলিতাদাৰ ছোৱালীজনী কিমান ডাঙৰ হ’ব পাৰে, কি পৰীক্ষা পাছ কৰিলে মই একোৱেই অনুমান কৰিব পৰা নাছিলোঁ। ফোন কৰোঁতে সোধাও নহ’ল কথাবোৰ। ইমান সাদৰ নিমন্ত্ৰণ আছিল যে ছোৱালীৰ কি পৰীক্ষাৰ ৰিজাল্ট দিছিল মোৰ সোধাই নহ’ল কথাটো। পকেটত ৫০০ টকীয়া নোট এখন আছিল যিহেতু ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, দৰকাৰ হ’লে সেইখনকে দি আহিম বুলি ভিতৰ সোমালোঁ।

ভিতৰ সোমায়েই ইফালে সিফালে চালোঁ, মানুহবোৰ দেখি নালাগিল যে সেইটো চৰকাৰী অফিচ এটাৰ কেৰাণী এজনৰ ছোৱালীজনীয়ে পৰীক্ষাত পাছ কৰাৰ আনন্দতে আয়োজন কৰা পাৰ্টি। চৰকাৰী বাসভৱনটোৰ পিছফালে চামিয়ানা দি আহল বহলকৈ জেগাদোখোৰ মুকলি কৰি লোৱা হৈছে। এফালে বিধে বিধে খাদ্যবস্তুৰ সম্ভাৰ আৰু অন্য এটা ফালে কম ভলিউমত ডি জে এজনেও কিবাকিবি বজাই আছে, মাজতে অলপ ঠাই মুকলি কৰি ৰাখিছে ডান্স ফ্ল’ৰৰ দৰে। সৰুকৈ চুক এটাত বাৰ এখনৰো ব্যৱস্থা কৰা হৈছে। মানুহবোৰেও সৰু সৰু জুম বান্ধি ৰঙীন পানীয় গলাধকৰণ কৰি আছে। কেইগৰাকীমান মহিলায়ো পানীয়ৰ গিলাছটোৱে লাজ পাব বুলি নেপকিন পেপাৰেৰে ঢাকি লৈছে। মুঠৰ ওপৰত কোনোবা ডাঙৰ কৰ্পৰেট হাউছৰ ককটেইল ডিনাৰ পাৰ্টি যেন লাগিল।

এজনো চিনাকি মানুহ নেদেখি প্ৰথম অৱস্থাত অলপ ইতস্তত বোধ কৰিলেও এইবোৰ জেগাত অভ্যস্ত হওঁতে মোৰ বেছি সময় নালাগে। জীৱনত বহুত অনিমন্ত্ৰিত বিয়া খোৱা ৰেকৰ্ড আছে।

সন্মুখত যাকে দেখিছোঁ মিছিকিয়াই হাঁহি এটা মাৰি সেই বিশেষ ৰঙীন চুকটোৰ ফালে আগুৱাইছোঁ। বাৰখনৰ সন্মুখ পাওঁতেই কৰবাৰপৰা কলিতাদা আহি ওলাল এজন বিশেষ মানুহক আগবঢ়াই লৈ।

তুমি আহিলা, এয়া চিনাকি হোৱা এখেতৰ লগত।
এখেত মি: শৰ্মা চাৰ, আমাৰ ডিপাৰ্টমেণ্টৰে ঠিকাদাৰ আৰু বহুতো বেলেগ ব্যৱসায়ো আছে। আৰু শৰ্মা চাৰ এওঁ মোৰ ভাইটিৰ দৰেই। মানুহজনৰ লগত চিনাকি হৈ থাকোঁতেই কলিতাদাই নিজে দুটা পেগ লৈ আহি মোৰ আৰু মি: শৰ্মা বোলা ঠিকাদাৰ চাৰজনৰ হাতত দিলে।

একেলগে দুটা জোকাৰণি মাৰিলে মোৰ সৰ্বশৰীৰত।

প্ৰথমটো, দহ বছৰ আগত বাছৰ বডিৰ ওপৰত মদৰ বেয়া গুণবোৰ বুজাই মোৰ আদৰ্শত পৰিণত হোৱা মানুহজনে মোৰ হাততেই মদৰ গিলাছ তুলি দিছে।
দ্বিতীয়তে, দহ বছৰ আগত ঘোচ দিওঁতে ঠিকাদাৰৰ লগত তৰ্কা-তৰ্কি কৰা মানুহজনে আজি এজন ঠিকাদাৰক চাৰ বুলি মাতিছে।

: লাজ নকৰিবা ভাইটি, চিয়েৰ্ছ।

ময়ো চিয়েৰ্ছ বুলিলোঁ, মোৰ আকৌ কিহৰ লাজ। মইতো বেচা যোৱা নাই এতিয়াও।

চাৰিটামান পেগ পৰাৰ পিছত মোৰো নিচা, কলিতাদাৰো নিচা। শৰ্মা চাৰে দুপেগতে নিজৰ গলাটো তিয়াই আঁতৰিলে, ঠিকাদাৰ মানুহ যেতিয়া জাতে মাতাল হ’লেও তালে ঠিক হ’বই বাৰু।

মদৰ নিচাত মানুহজনে পুৰণি কথাবোৰ ৰোমন্থন কৰিছে। বিয়াৰ সময়ত মোৰ ঘৰত বোলে নিমন্ত্ৰণো দি আহিছিল, সেইবোৰো ক’লে। অফিচৰে কোনোবা বৰমূৰীয়া এজনীৰ ছোৱালীজনীকে বিয়া কৰাবলগীয়া হ’ল হেনো। বিয়াৰ পিছৰপৰা বোলে জীৱনেই সলনি হৈ গ’ল, সাংঘাটিক সুখী ব্যক্তি বৰ্তমান তেওঁ। এজনী নাৰীয়ে কেনেকৈ এজন মানুহৰ জীৱন সলনি কৰি দিব পাৰে সেই লৈয়ো অলপ বুজালে মোক। নিজে পঢ়া শুনা বিশেষ কৰিব নোৱাৰিলেও ঘৈণীয়েকৰ উচ্চ শিক্ষাই ছোৱালীজনীৰ শিক্ষাৰ ক্ষেত্ৰত কিমান সহায়ক হৈছে সেইবোৰো বুজালে। এক ঘণ্টাত মোৰো জ্ঞানদৰ্শন চেনেলৰ এশটামান খণ্ড চোৱা যেন লাগিল। সুধিম সুধিম বুলি মনতে ভাবি থাকিলেও নোৱাৰিলোঁ যে আপোনাৰ জীৱনটো সলনি হ’ল নে জীৱনৰ দৰ্শনটো সলনি হ’ল।

: আজি ছোৱালীজনীয়ে ক্লাছ ৱান পোৱাই বহুত ফূৰ্তি, এতিয়া অন্তত এখন ভাল বৰ্ডিং স্কুল বিচাৰি তাইক অসমৰ বাহিৰত ভালকৈ পঢ়ুৱাব পাৰিব।

মোৰো বহুত ফূৰ্তি, ক্লাছ ৱানৰ পৰীক্ষা পাছ কৰোঁতে ময়ো ৫০০ টকা নিদিওঁ৷ ৫০০ কি এটকাও নিদিওঁ আৰু দুটা পেগ বেছিকৈহে খাম।

মানুহবোৰক অকলে অকলে মাত লগাই এপাকত ঘৈণীয়েক আহি আমাৰ ওচৰ পালে, প্ৰায়ভাগ অতিথি বিদায় লৈছিলেই তেতিয়ালৈকে। অলপ খং কৰা যেন দেখুৱালেও মোৰ লগত সহজভাৱেই চিনাকি হ’ল। কলিতাদাই মোৰ অলপ ইতিবৃত্ত কোৱাত তেখেতো বহিল আমাৰ লগতে, পেগ এটাও ল’লে। তেওঁলোকৰ ৬ বছৰীয়া ছোৱালীজনীৰ গুণবোৰ ক’বলৈ ধৰিলে এইবাৰ, ইমান সৰুতে কিমান স্মাৰ্ট হৈছে সেইবোৰো ক’লে।

: জানানে সঞ্জীৱ, আমাৰ এই মাত্ৰ এটা কুৱেশ্যনৰ ভুল উত্তৰ দিছে বাকী সকলোবোৰ শুদ্ধ তাইৰ।

ভালেই দিয়ক বুলি শলাগিলোঁ, কলিতাদা গৰগৰাই উঠিল,

: কিহৰ ভাল হে, ভুল কিয় কৰিব, মই কি সুবিধা দিয়া নাই তাইক, মাকে পঢ়োৱাৰ উপৰিও তিনিটাকৈ প্ৰাইভেট টিউচনো দিয়াইছোঁ ঘৰতে, এটাও ভুল কৰিব নোৱাৰিব মোৰ ছোৱালীয়ে৷

দোৰোল খোৱা জিভাখন কোনোমতে ঘূৰি আহিল কলিতা দাৰ।

: How much legs does a cockroach have?
অকল এইটোৱে ভুল কৰিলে। ছিক্স হ’ব লাগে এইট লিখি থৈ আহিলে। মই বুজাইছোঁ তাইক, নেক্সট টাইম এইটো ভুল নকৰে তাই, তুমি চাবা।

কথাখিনি কৈয়েই উচাৎ মাৰি আঁতৰি গ’ল কলিতাৰ ঘৈণীয়েক।

: কি প্ৰশ্ন আছিল অ সেইটো সঞ্জীৱ, কিবা ককৰোছ নে কি ক’লে বৌৱেৰাই। সেইটো মানে কি?

: দাদা, ‘তেলভৌকা’ৰ ঠেং কেইখন সুধিছিল, আপোনাৰ ছোৱালীয়ে শুদ্ধটো ক’ব নোৱাৰিলে।

: মোৰ ছোৱালীয়ে ‘তেলভৌকা’ৰ ঠেং কেইখন নাজানে, হ’বই নোৱাৰে।

কলিতাদাৰ নিচাৰ উমান পালোঁ, গোলাপী নিচা মোৰো হৈছিল।

: হুহ, সৰুতে কিমান ‘তেলভৌকা’ৰ ঠেং ছিঙি এৰি দিছিলোঁ আমি, এতিয়া ইহঁতে ‘তেলভৌকা’ক ককৰোছ নে বকৰোছ ক’বলৈ আহে, ঘেণ্টা।

: যাওঁ দিয়ক কলিতাদা, দহবছৰ আগৰ ‘তেলভৌকা’টো ঠেং ছিগা ককৰোছ হোৱা আজি নিজে দেখা পালোঁ মই।

☆★☆★☆

10 Comments

  • Anonymous

    সুন্দৰ সঞ্জীৱদা।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ।

      Reply
  • অভিজিত কলিতা

    সাৱলীল আৰু সংবেদন শীল ব্যংগ। চুপাৰ্ব

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।উৎসাহিত হ’লো।

      Reply
  • সদানন্দ ভূঞা

    সুন্দৰ, আগতে পঢ়িছিলোঁ ।

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • ৰিণ্টু

    তোমাৰ প্ৰকাশভংগী অত্যন্ত সাৱলীল, সেইবাবেই লিখাবোৰ ভাল লাগে।

    অতি সংবেদনশীল ব্যংগ, খুব ভাল লাগিল সঞ্জীব

    Reply
    • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • কমলা দাস

    সংবেদনশীল ব্যংগ।ভাল লাগিল

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    অশেষ ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published.