ফটাঢোল

আধৰুৱা প্ৰেম – মিৰাজুল ৰছিদ

এতিয়াও মনত পৰিলে বুকুখন বিষায়। অহ্! আচলতে বুকুখনতকৈ গালখনহে বেছি বিষায় ।

কেইবছৰমান আগৰ কথা। প্ৰেমৰ নামত ছোৱালী বিচাৰি হাবাথুৰি খাই আছিলোঁ। নাই কোনেও পাত্তা নিদিয়ে। মোৰ ঠাইত আন কোনোবা হ’লে আশা এৰিয়েই দিলেহেঁতেন। কিন্তু এনে অৱস্থাতো মই আশা এৰি নিদিলোঁ। মই ল’ৰাটো বৰ পজিটিভ; আফটাৰঅল মোৰ ব্লাড গ্ৰুপো বি পজিটিভ। মনতে থিৰাং কৰিলোঁ লাগিলে পঢ়া-শুনাত সময় কমকৈ দিম আৰু অধিক সময় ছোৱালী এজনী বিচাৰিবলৈ খৰচ কৰিম। মুঠতে প্ৰেম মইয়ো কৰিম, সেয়া খাটাং।

ডেইজী! হয়,তাইৰ নাম ডেইজী আছিল। আমাৰ ঘৰৰ ঠিক দুটা ঘৰ পাৰ হৈ গৈয়ে তাইৰ ঘৰ। প্ৰায়ে আহে আমাৰ ঘৰলৈ। সন্ধিয়া আমাৰ ঘৰলৈ আহি ভণ্টিৰ লগত লুডু খেলে। সেইদিনা বুধবাৰ আছিল চাগে। সন্ধিয়া আমাৰ ঘৰলৈ আহিল তাই। মই তাইৰ মুখৰ পিনে চাই মনৰ ভিতৰতে কলোঁ, হেই মিৰাজ !ডেইজীক ভালকৈ চা না বে। এইজনীয়েই নেকি তোৰ হ’বলগীয়া প্ৰেমিকাজনী? ভালকৈ চালোঁ সেইদিনা। তাই পিন্ধি থকা সেউজীয়া চেলোৱাৰ যোৰত একেবাৰে অপেস্বৰী যেন দেখিছিল তাইক।

(আচলতে প্ৰেমত পৰাৰ এয়া প্ৰাৰম্ভিক চিন। প্ৰেমিকা দেখিবলৈ বান্দৰী হলেও মনটোৱে অপেস্বৰী যেন লগা বুলিয়ে ভাৱি লয়। )

মোৰ পিনৰ পৰা একেবাৰে ফিক্স কৰি পেলালোঁ। এইজনীয়ে মোৰ জীৱনসংগিনী হ’ব।

নতুন বছৰৰ আৰম্ভণি। তাই মাচ-কমিউনিকেচন পঢ়িবলৈ থিৰাং কৰিলে আৰু উজান বজাৰত প্ৰতিষ্ঠান এখনত নাম ভৰ্ত্তি কৰিবলৈ গ’ল, লগত মই। নাম ভৰ্ত্তি হোৱাৰ পিছত মই তাইক কলোঁ যে,

“এটা মস্ত পুখুৰী আছে ওচৰতে,নামেই যাৰ দীঘলী পুখুৰী। যাওঁ ব’লা অলপ কথা পাতোঁ।”

তাই ‘হ’ব দিয়া’ বুলি কোৱাৰ পিছত দুয়ো গলোঁ দীঘলীপুখুৰীৰ পাৰলৈ। মই বেট লৈ একদম ৰেডি; মানে আজি চিক্স মাৰিহে এৰিম। ফুল ফৰ্মত আছোঁ। অলপ সময় কথা পতাৰ পিছত তাই মোৰ গাৰ্লফ্ৰেণ্ড আছেনে সুধিলে আৰু মই মুখেৰে একো নকৈ তাইৰ ফালে আঙুলি টোঁৱালোঁ। উফ! কি এক ৰোমান্টিক পৰিৱেশ! তাই মোৰ আঙুলিটোত ধৰি কামুৰি দিলে। মানে এয়া গ্ৰীণ চিগ্নেল। প্ৰেমৰ ফিটা কটা পৰ্ব দীঘলীপুখুৰী পাৰতে সেইদিনাই শেষ কৰিলোঁ।

দিন বাগৰিল। প্ৰেমত পৰাৰ পিছত মোৰ স্বভাৱ পৰিবৰ্তন হবলৈ ধৰিলে। মোবাইলত মেচেজ, ফোন, নতুন নতুন কাপোৰ, শ্বপিং, পাৰ্ক, চিনেমা এইবোৰ মোৰ দৈনিক কাম-কাজৰ একো একোটা অংশ হ’বলৈ ধৰিলে। আমাৰ প্ৰেমৰ গাড়ীখন টপ গিয়েৰত চলিবলৈ আৰম্ভ কৰিলে ।

ইয়াৰ মাজতে মই প্ৰথম বাৰলৈ এচ.এচ.চিৰ পৰীক্ষা এটা দিবলৈ ওলালোঁ। তাইক আগনিশা এনেই কৈছিলোঁ যে-“জান তুমি মোক ৱিচ কৰিবা দেই,নহ’লে মোৰ পৰীক্ষা বেয়া হ’ব”।

ছোৱালীবোৰৰ এইটোৱেই প্ৰব্লেম। চব কথা চিৰিয়াচলি লোৱাৰ প্ৰয়োজন কি ন? তাই যখিনীয়ে মোৰ কথাখিনি চিৰিয়াচলি লৈ ল’লে। পিছদিনা মই ভুলতে ফোন ঘৰতে এৰি গ’লোঁ। প্ৰায় ৫ কিঃমি যোৱাৰ পিছত মনত পৰিল মোবাইল ঘৰত। মই বুজিলোঁ আজি লাগিল কেণা। ঘৰত জুই জ্বলিব যে খাটাং। দৌৰা-দৌৰিকৈ ঘৰলৈ আহিলোঁ যদিও ইতিমধ্যে চিনেমা শেষ।

তাই ফোন কৰিছিল আৰু দেউতাই ফোন ৰিচিভ কৰিছিল। উফ! ছোৱালীবোৰে আনৰ কথা শুনিবলৈও যেন ধৈৰ্য্য নাথাকে। আৰে ফোন কৰিছা ঠিকেই কিন্তু অন্যফালে কোনে ৰিচিভ কৰিছে শুনিটো লোৱা ন? নাই! একদম ফোন কৰিয়েই… জানু যোৱা ,ভালকৈ লিখিবা,গুড লাক ,লাভ ইউ। উম্মাহ উম্মাহ উম্মাহ ;বাই ।

ইফালে…

: মই জানু নহয় দেই, জানুৰ দেউতাকহে। তুমি পিছে কোন?

টুট্,টুট্,টুট্ … ইতিমধ্যে তাই ফোন কাটি দিলেই ।

ঘৰ পোৱাৰ পিছত দেউতাই মোক ফোন কৰা কথাটো ক’লে আৰু পৰীক্ষা শেষ কৰি অহাৰ পিছত যে ঘৰতে দেউতাৰ গব্বৰ সিং ৰূপটো দেখিম বুজিলোঁ। পৰীক্ষাত নাৰিকল, তামোল, গৰু, ছাগলী এইসোপাকে লিখি ঘৰলৈ আহিলোঁ। দেখিলোঁ যে ছোৱালীৰ দেউতাক বহি আছে দেউতাৰ লগত। ভিতৰৰ ৰূমত মাৰ লগত ডেইজী।

ডিঙি শুকাই গ’ল। সেই সময়খিনিত মোৰ মুখগহ্বৰত লেলাউটিৰ উৎপত্তিৰ কামফেৰাও বন্ধ হৈ গৈছিল। সঁচা অৰ্থত থৰ মৰভূমি হৈ পৰিছিল মোৰ মুখখন।

: তোৰ দাড়ি গজা নাই প্ৰেম কৰিব আহ হা? ক’ৰ ছোৱালী হা সেইজনী? আজিকালিৰ ছোৱালীবোৰো বৰ অসভ্য হৈছে। মাক-দেউতাক ভাল হ’লেহে ছোৱালী ভাল হ’ব। কোন ছোৱালী হা কচোন সঁচা কথা।

… ডেইজীৰ দেউতাকে মোক সুধিলে।

অহ ! মানে দেউতাই কোন ছোৱালী নজনাকৈ বিচাৰ কৰিবলৈ ডেইজীৰ দেউতাকক মাতি আনিছে।

ময়ো কম বস্তু নহয়। মুখেৰে উত্তৰ দিয়াৰ পিছত পৰিস্থিতি যে ভয়ংকৰ হ’ব জানিও ভয় নকৰিলোঁ। এনে ভয়ানক চিটুৱেচনতো নিজৰ পজিটিভ এটিটিউটক জীয়াই ৰাখিলোঁ আৰু ডেইজীৰ দেউতাকক হাঁহি হাঁহি ক’লোঁ ,

: খুড়া, ছোৱালীজনী ডেইজী । মানে আপোনাৰেই ছোৱালী দিয়ক।

… ঠাচ্ ! ক’ৰবাৰ পৰা যেন ১০০ কিঃমি বেগত মস্ত হাত এখন আহি মোৰ গালত পৰিল।

তাইৰ দেউতাকে চৰটো মাৰি উঠি ডেইজীক আমাৰ ঘৰৰ পৰা লৈ নিজৰ ঘৰলৈ গ’ল। দেউতাই মোৰ পিঠিত লিৰলিৰিয়া চেকনী এডালেৰে পিঠিত গোটেই ভাৰতখনৰ মেপ আঁকি পেলালে।

… এনে অৱস্থাতো কেঁকাই কেঁকাই মই দেউতাক কলোঁ, “ইমান ডাঙৰ ল’ৰাৰ গাত হাত তুলিছে? লাজ নালাগিল? বৰ বেয়া কাম কৰিছে আপুনি”।

এইবাৰ মায়ে দিলে ধুম ধুমকৈ দুটামান পিঠিতে। মুঠতে সেইদিনা মই ফটা-ঢোলটো হৈ পৰিলোঁ।

ঘটনাৰ দুটামান দিন পিছত তাইক মই মেচেজ কৰিলোঁ, “ব’লা ,পলুৱাই লৈ যাওঁ তোমাক।”

তাই ৰিপ্লাই দিলে, “মই ৰেডি”।

পলাই যোৱাটোকে আমি ঠিক কৰিলোঁ। কথামতে কাম। তাইক আমাৰ ঘৰৰ পৰা ২ কিঃমি নিলগৰ বাছস্থানলৈ আহিবলৈ ক’লোঁ। তাই আহিল থিকেই। কিন্তু কি আচৰিত! লগত ভায়েক। মানে মূৰ্খজনীয়ে ভায়েকৰ বাইকত উঠি আহিছে মোৰ লগত পলাই যাবলৈ। মোৰ মানে দিনেই বেয়া। ফুটা কপাল ,পানী পৰে টোপাল টোপাল টাইপ বেয়া সময় মোৰ। ভায়েকৰ যি মস্ত বডী, মোৰ দৰে ষ্টিল বডীৰ গাজৰটোক একে কামুৰে খাই শেষ কৰিব পাৰে সি। তাইৰ সেই বুৰ্বকৰ দৰে কামৰ বাবে সকলোৰে সন্মুখত ৰাজপথতে মই ভায়েকৰ ধাই কিলোৰ হাতৰ ঘোঁচা খালোঁ।

মই তাক দম দিলোঁ, “ঐ এইবাৰ মাৰিলে তই শেষ”। সি আকৌ এটা ঘোঁচা মাৰে। মই পুনৰ ধমকি দিওঁ তাক, “ধেমালি নহয় দেই; এইবাৰ মাৰিলে তোৰ কথা বেয়া হ’ব”। সি আকৌ ঘোঁচা মাৰে মুখত।

উফ! নোৱাৰি ইমান মাৰ খাব। সন্মানৰ কথাও আছে ন? গতিকে লাহেকৈ তাক কলোঁ, “তই মোৰ ভাইৰ দৰে গতিকে তোক নামাৰোঁ দে, যাওঁ মই। ডেইজীক লৈ যা” ।

… নিজৰ জীৱনৰ ইমান বেয়া অৱস্থাতো অকণমানো ভাঙি নপৰি পজিটিভ এটিটিউডেৰে নিজকে কলোঁ, আল ইজ ৱেল! আল ইজ ৱেল। বেঁকা হোৱা মুখখন পিহি পিহি শেষত তাক ক’লোঁ, “ঐ হ’ব দে,বায়েৰক বেলেগৰ লগত বিয়া দিবি। মই নকৰাওঁ বিয়া, এনেও ভাল নাপাওঁ তাইৰ দৰে মূৰ্খজনীক মই, তাই হে… ঐ বিয়া পাতিবলৈ জোৰ নকৰিবি মোক হা” ।

সেইদিন ধৰি তাইৰ লগত মাতবোল নাই। প্ৰেম তাতেই সমাপ্ত। মোৰ প্ৰেম আধৰুৱা হৈয়ে ৰ’ল।

আধৰুৱা প্ৰেম … দ্যা আধুৰি লাভ।

☆★☆★☆

24 Comments

Leave a Reply

Your email address will not be published.