ফটাঢোল

আপদীয়া পদ্য – তবিবৰ ৰহমান

১) এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হ’ল
সঁচা কি মিছা কি ধৰিব নোৱাৰা হ’ল
সপক্ষে ক’লে ভাল
বিপক্ষে ক’লে মহাকাল
আচল সমস্যাবোৰ হাৱা হৈ উৰি গ’ল।

২) বাংলা মূলৰ মানুহৰ কথা থাকে জিভাৰ আগত
মেলে মিটিঙে আওৰাই থাকে নিৰ্বাচনী বতৰত

আনে নিলে বাংলাদেশী
নিজে পালে আসাম দেশী

হলি গলিও কৰিবলৈ নেৰে ক্ষমতাৰ লোভত।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.