ফটাঢোল

আপদীয়া পদ্য – তবিবৰ ৰহমান

১)

জাতি মাটি ভেটিৰ দিছিল আশ্বাস
ৰাইজে চকু মুদি কৰিছিল বিশ্বাস
ৰজাই বাগৰ সলালে
কান্ধুলি মাছকো চেৰ পেলালে
প্ৰজাই ল’ব নোৱাৰা হ’ল শ্বাস প্ৰশ্বাস।

 

 

২)

নিৰ্বাচনৰ আগত দিছিল উদাত্ত ভাষণ
নাম দি লৈছিল শৰাইঘাটৰ দ্বিতীয় ৰণ
জনতা ভাষণত ভোল গ’ল
ডাঙৰীয়া বৈতৰণী পাৰ হ’ল
উপহাৰ হিচাপে জনতাই পালে ৰামঠগন৷

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.