ফটাঢোল

আপদীয়া পদ্য – চিদানন্দ বৰা

১)
গুৰুজনাই এক কৰে, ভকতেহে কৰে চেও
জানি-শুনিও সি-কথা, কৰানো কিয় মেও

শাস্ত্ৰই কৰিছে বেকত
ভগৱন্তৰ উৰ্দ্ধত ভকত

ভকতৰ ভকতালিত সেয়ে, নধৰিবা দায় কেও।।

 

২)
উদক দেখি বোন্দাই দিয়ে, মাজ-পুখুৰীতে জাঁপ
পুঠি ডঁৰিকণা কোনেনো খায়, মাৰিলে বৰালিত থাপ

সিয়ঁ‌নিত শোৱাৰ জাত
এৰেহাতহে মিলে ভাত

বুদ্ধিজীৱীৰ চাল-চলনত, দিবিচোন অকণ ৰাপ।।

 

৩)
পঢ়িলে শাস্ত্ৰ ফুটিব চকু, তাহানিতে শুনা কথা
দুনীয়া-দাৰি চলিছিল ঠিকেই, নামাৰি তাতে মাথা

নামানি হিতোপদেশ
শাস্ত্ৰত কৰে নিৱেশ

শিষ্যৰ ত্ৰাসত পলায় গুৰু, লৈ অন্তৰত বেথা।।

 

৪)
কেতিয়ানো আহিল ধুমুহা এজাক, নাপালো তাৰেই গম
কিনো উৰুৱাই নিলেনো বুলি, খেদিলো তাৰেই পম

ঢাপত আছিল এটি পুলি
সহিষ্ণুতাৰ মেলি ঠালি

শিপাই সহিতে উঘালি নিলে, পা বাপেকে গম।।

 

৫)

এম এ পাচ বিজয়ে, কৰিলে হৰণ বৰ বায়নৰ জীক
গোপত গঙা হৈ চুবুৰীয়াক দেখাই, মাৰে বাইকত কিক

ওলাল পিছে ফুটুকাৰ ফেন
হ’লগৈ ফেঁ‌চা মাছুৱা শেন

গুৰুঘাঁত বজায় নিতৌ পিঠিত(বিজয়ৰ), নকৰিবা কেৱে খিক।।

☆★☆★☆

4 Comments

  • ৰামানুজ

    ছন্দবদ্ধ বৰ মনোমোহা

    Reply
  • Georges Kaddar

    লিমাৰিক মোৰ এনেও প্ৰিয়….
    বহুত ভাল লাগিল

    Reply
  • নীলাক্ষি

    ভীষণ সুন্দৰ ব্যঙ্গাত্মক কবিতা। বহুত ভাল পালোঁ পঢ়ি।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বহুত ভাল পালোঁ দাদা পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.