ফটাঢোল

আপদীয়া পদ্য – চিদানন্দ বৰা

ভাগৱতৰ দশম স্কন্ধ মেলি যদি চোৱা
পাবা কলিৰ মনিচৰ মৰ্ম সম্বন্ধতে বোৱা
খুলশালী আপোন হ’ল
সহোদৰহে দূৰতে ৰ’ল
ৰামচৰিত পঢ়ি নিতৌ নিদিওঁ নে আমি হুৱা

নাগিনীয়ে ল’ৰা পাই নগাইহে জোল খায়
ক’লো হে বোপা সৰ্বা নুবুলিবা পাছত হায়
‘কলি’ৰ গুপুত মৰ্ম
ভকতিতে কৰা ধৰ্ম
ইটো মতি হ’লে বাপু হেৰাব যে সমুদায়।

ন-তে ন অঁৰা পুৰণি হলেই ছ-অঁৰা বোলা
কথা ফাঁকিৰ কিনো মৰ্ম জানানে অঞ্জুমালা
নাথাকিবা চেনি খায়
ভাটি দিব বয়সে হায়
ৰাইজৰ পেহী হৈ পাছে থাকিবা গাই গুণমালা

ঢেঁকীশাল ফুৰিলে হেনো খুদৰ আকাল নাই
নকৰি তাকেই থাকে যি বাপেকৰ মুখলৈ চাই
অসম মুলুকৰ ল’ৰা
এই গুণে হঁৰা-ভৰা
লাগিব কপালৰ ফেৰ এনে ‘পো’ৰ হ’বলৈ বোপাই

☆★☆★☆

Leave a Reply

Your email address will not be published.