ফটাঢোল

আপদীয়া পদ্য – তাবিবৰ ৰহমান

অসম আমাৰ ৰূপহী
গুণৰো নাই শেষ

পৰিস্মিতাই নাকৰ পানী
চেলেকি কৰে শেষ

গোটেই জীৱন বিচাৰিলেও
অলেখ দিৱস ৰাতি

কমলা বায়ে স্কুটি চলাই
মূৰত লৈ ছাতি

চিৰ বিনন্দীয়া তোমাৰ
সেউজ পৰিৱেশ

ৰাজশ্ৰীয়ে ৰাতি হ’লে
ধৰে ভূতৰ ভেশ

ব’হাগতে আমাৰে আই
মহুৰা হৈ ঘূৰে

ডলীবায়ে ৰাতিপুৱা হ’লে
লোহা-টিং বিচাৰি ফুৰে

শৰৎ নিশাই তৰাৰে
সজায় আইৰে কেশ

পূৰ্ণময়ীয়ে ওকণিবোৰ
খাই কৰে শেষ

পাহাৰ-ভৈয়াম একে কৰা
ৰামধেনুৰেই দৰে

নীলাক্ষিৰ মাত শুনিলেই
মানুহবোৰে দৌৰে

লৌহিত্যৰে বহল পাৰক
প্ৰণিপাত কৰোঁ

মৌচুমীৰ ষ্টাইল দেখি
উবৰি খাই পৰোঁ

পাম ক’ত এনে মধুৰ
ৰূপৰ সমাৱেশ

মিতালীয়ে বেজী দিলে
ৰোগীয়ে দিয়ে কেচ।।

☆★☆★☆

9 Comments

Leave a Reply

Your email address will not be published.