ফটাঢোল

আপদীয়া পদ্য – ধনজিৎ বৰুৱা

(১)
গুছি গ’ল শকুনি থাকি গ’ল সঁচ
সকলো ঠাইতে গজে হৈ বৰ গছ
দেশ জাতি সমাজ
মাত্ৰ কথাৰ ৰেৱাজ
মানৱ সম্পদ বধি কৰে তচ-নচ

 

(২)
দপ্তৰ নহয় যেন বাদুলীৰ হে মুখ
টেবুলৰ তলে পিৰিতী যত নষ্ট সুখ
বুকু এহাত গৰ্ব
আলবৎ এদিন খৰ্ব
পোতা কিম্বা চিতা বাপু, চাৰিহাত জোখ ৷

(৩)
কৰ্ফাল খাই নামি আহিলোঁ চিটিবাছৰ পৰা
সাষ্টাংগে প্ৰণামী সাৱটি ল’লোঁ ধৰা
জাৰি জোকাৰি ধূলি
থিক থাক কৰি চুলি
বাছ নহয় ডাৰলিং যেন তোমাৰ প্ৰেমৰ গড়া

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.