ফটাঢোল

আপদীয়া পদ্য– বিস্মিতা শৰ্মা

(১)
ভাওনা আজি আমি কেইজনে চাওঁ?
চিনেমা চাবলৈ হ’লে দৌৰি দৌৰি যাওঁ।
নামঘৰৰ পদূলিত ভৰিকে দি নাপাওঁ
গোড়ামি কৰি সমাজক পিছে লুটি-পুতি খাওঁ
ধাৰ্মিক বুলি কঁপালত ফোঁট লৈ জগতক জহাওঁ।

(২)
ধুতী, চাদৰ-মেখেলা পিন্ধিবলৈ নকৰোঁ মন
পাহৰিলোঁ চেলেং, ৰিহা, এৰীয়া চাদৰখন
চৌদিশে চলিছে যে এতিয়া মডাৰ্ণ ফেশ্বন।
দেহা নঢকা চুটি কাপোৰে
সমাজলৈ আনিছে ওভোতা বিৱৰ্তন।

(৩)
বৰগীত এৰিলোঁ, বন গীত এৰিলোঁ
ফিউজন কৰিলোঁ বিহু
বিয়া নাম, দিহা নাম পাহৰিয়েই পেলালোঁ
ডি জেৰ তালত হনি সিং অৰ গীত গাম
ভৱিষ্যতে বিহুমঞ্চত এইবোৰেই শুনিম আৰু চাম

(৪)
কোমলচাউল, সান্দহগুড়ি খাবলৈ এৰিলোঁ
ঢেঁকীকো দিলোঁ যে কাহানিবাই বিদায়
মেগী-মেক্ৰনীৰে ব্ৰেকফাষ্ট কৰিলোঁ
কলপাত পটুৱা ভোজত ভকতেও এৰিলে
ব্ৰুফেত হে ঠেং দাঙি পাৰ্টি খাবলৈ যাওঁ৷

(৫)
বোৱা-কটা, বুটা বছা, তাঁত শাল এৰিলোঁ
মাদ্ৰাজী গামোচাৰে চেনেহৰ বিহু পাতিলোঁ
খোল-তাল, ঢোল-পেঁপা-গগনা বজাব নাজানোঁ
নিজৰটো এৰি পৰৰ সংস্কৃতিৰে জয়জয় ময়ময়
জাতীয় সংস্কৃতিৰ ভৱিষ্যত ঠিকনা সংগ্ৰহালয়৷

★★★★

One comment

Leave a Reply

Your email address will not be published.