ফটাঢোল

আমাৰ এওঁ – লুনা বৰা

শুৱনি আমাৰ এওঁজন অতি
নাভূত নাশ্ৰুত কথাৰে ভৰা,
কি নো ক’ম, কি নো নক’ম,
ভাবিয়ে পাৰ নোপোৱা।

শুৱনি আমাৰ এওঁৰে পাকঘৰ
একোৰে আতি গুৰি নোপোৱা,
কুকাৰৰ চিটি মাৰিলেও দৌৰে
চিঞৰি…… “বাৰ্ষ্ট হব এতিয়া”।

শুৱনি আমাৰ এওঁৰে বেডৰূম
সদায় কাপোৰৰ মেলা বহা,
পিন্ধি থকা চাৰ্ট পেন্টটোকে বিচাৰি
গোটেইখন তল ওপৰ কৰা।

শুৱনি আমাৰ এওঁৰে দ্ৰয়িং ৰূমটি
চোফাকে বেড সজোৱা,
টিভিও চায়, একেলগে পেপাৰো পঢ়ে
যেন জ্ঞানৰ হে সঁফুৰা।

শুৱনি আমাৰ এওঁৰে বাথৰূমটি
নানান গোন্ধৰে সজাই থৈ অহা,
আধা বাল্টি পানীত, আধা কেজি চাৰ্ফ দি
এটা মাইনাপেণ্ট ধোৱা।

বাহিৰৰ চোতালৰ কথা নক’লোৱে
সামৰি আহোগৈ ৰবা,
চিঞৰিব এতিয়া ফটাঢোল বজাব বাদ দিয়া,
ভাত কেতিয়া ৰান্ধিবা কোৱা!!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.