ফটাঢোল

আমাৰ এওঁৰ হাতৰ ভাতসাজ – কৃষ্ণা বৰা ফুকন

এদিন অফিচৰ পৰা আহি এওঁ বোলে,

: আজি মই ভাত ৰান্ধিম, তুমি ৰেষ্ট লোৱা।

মই বোলো,

: হয়নেকি, বেচ তেন্তে৷ বঢ়িয়া; গ’ এহেড।

সন্তুষ্টিৰ হাঁহি এটা মাৰি এপ্ৰ’নখন পিন্ধি লৈ পকেটত হেতা, চুৰি আটাইসোপা ভৰাই লৈ (তেহে হেনো চেফৰ ফিলিংচতো আহে) সোমাল পাকঘৰত। ঢাকি থোৱা ইটো সিটো চাই তিয়াই থোৱা বুট এমুঠি খালে, দিনৰ ভাজি অকণ খালে। খাই বৈ আঙুুুলিৰে কিবা হিচাপ কৰাৰ দৰে কৰি লৈ কাঁহী এখন ওলিয়ালে(হয়তো পাচলি কাটিবলৈ)মই বোলো,

: চব্জী কাটি থৈছোঁ মই৷

ঠিক তেনেতে ফোনটো বাজিল৷ বুট চোবাই চোবাই ফোনটো উঠালে।

সিফালৰ পৰা হয়তো সুধিছিল, কি কৰিছ জাতীয়৷
আমাৰজনৰ উত্তৰটো আছিল “মই এই ভাত ৰান্ধিছোঁ।”

মই আচৰিত, হৰি হৰি, না গেছ জ্বলিছে, না কেৰাহী উঠিছে, না কুকাৰ উঠিছে অথচ মানুহে ভাত ৰান্ধিছোঁ বুলি কেনেকৈ ফোঁপজহী মাৰিব পাৰে হে!

তেনেতে পিছৰ প্ৰশ্নটো দেই৷ হয়তো কি ৰান্ধিছে জাতীয়৷ আমাৰজনৰ চিঞৰ,

: হেৰা চব্জী কি কাটি থৈছা?

মই বোলো,

: তোমাৰ ফেভাৰেট ভেণ্ডি।

লগে লগে ফোনত উত্তৰ,

: আজি ভেণ্ডি বনাম হে৷

ক্ষন্তেকৰ পিছত ফোনটো থ’লে৷

এইবাৰ কেৰাহীখন গেছত উঠালে, গৰম হ’ল কি নহ’ল তেল ঢালিবৰ হ’লেই৷ লগে লগে চিঞৰ৷ হেৰা তেল কিমান দিম?( ভাত কিন্তু তেওঁহে ৰান্ধিছে আকৌ, মনত ৰাখিব)

তেল দিলে, তেনেতে ৱাটচাপত মেছেজৰ ট’ন বাজিল৷ গ’ল খেদা মাৰি ম’বাইলটোলৈ৷ গ’ল যি গ’লেই, এইফালে তেল গৰম হৈ ধোঁৱাময়৷

বোলো

: হেৰা, গেছৰ বৰ দাম হে, এনেকৈ তেল উতলাই নষ্ট নকৰিবা আকৌ৷

ইচ ইচ বুলি আহিলদৌৰি৷ আকৌ চিঞৰ,

: হেৰা পিয়াঁঁজ…

মই বোলো চব্জীৰ লগতে কাটি থোৱা আছে, চোৱা দেখিবা৷( ভাত কিন্তু তেওঁ ৰান্ধিছে, পাহৰিছে নেকি আকৌ)

চেংকৈ উঠিল মানে পিয়াঁজ পৰিল৷ লাহে লাহে গোন্ধ ওলালত গ’ম পালোঁ যে হালধি নিমখো পৰিল৷ ডাঙৰকৈ চেং শব্দ হোৱাত বুজিলোঁ এইচাট ভেণ্ডীও কেৰাহীত উঠিল। মাতটো কমিলত ঢাকিলে বুলি গ’ম পালোঁ। এইবাৰ ল’ৰাৰ লগত পকাত পৰি জেঠী জেঠী খেলিবলৈ আহিল। মাজতে মোক চিঞৰি বোলে হেৰা চব্জীখিনি লৰাই দিয়ানা৷(সেইবুলি মই ভাত নাই ৰন্ধা আকৌ, তেওঁহে ৰান্ধিছে, পাহৰিলে নহ’ব)

জেঠীৰ পৰা মানুহলৈ পৰিবৰ্তন হোৱাৰ লক্ষণ নেদেখি চব্জীখিনি লৰাই মেলি সিজিলত মইয়ে নমাই থ’লোঁ।

তাৰ পিছত বোলো,

: হেৰা ভাতকেইটা বনাব লাগিছিল নহয়৷

এওঁ বোলে,

: ইয়ে হয়তো আকৌ

মই বোলো চাউল ধোৱাই আছে, কুকাৰত ভৰাই পানী দিলেই হ’ল৷ চাউল কেইটা ভৰাই লৈ আকৌ চিঞৰ,

: হেৰা আধা মিনিটৰ কাৰণে আঁহাচোন৷

গ’লোঁ। বোলে পানীৰ জোখটো চাই দিয়া৷(অহ, পাহৰিলে নেকি আকৌ…ভাত কিন্তু….)

হুইচেল আহিবৰ হ’ল৷ আকৌ চিঞৰ,

: এটা নে দুটা হুইচেল দিয়াম?

বাৰু যেনেতেনে ভাত ভাজি হ’ল। এইবাৰ তেওঁৰ ভিতৰৰ আচল চেফজন জাগ্ৰত হ’ল৷ বোলে,

: হেৰা চাটনি অকণ বনাওঁ৷

মই বোলো বনোৱা৷

ফ্ৰীজটো খুলি জুপি জুপি চাই বৰ বেছি লায়কৰ বস্তু নেদেখিলে হ’বলা, ফ্ৰীজ বন্ধ কৰি মচুৰ দাইল এমুঠি তিয়ালে৷ বুজিলোঁ আজি মচুৰ দাইলৰ চাটনি খাবলৈ পাম। মোক সুধিলে কি কি দিব লাগে, ক’লোঁ বোলো আদা নহৰু জলকীয়া দিলেই হ’ল।

নহৰুবোৰ ডাঙৰ ডাঙৰ আঙুলিৰে হেনো গুছাবলৈ বৰ দিগদাৰ, গতিকে মোৰ পাল পৰিল। আটাইখিনি মিলাই মেলি মিক্সীত দিলে৷ মিক্সীৰ শব্দৰ পৰা গ’ম পালোঁ যে ব্লেডখন হাৱাতে ঘূৰি আছে, মানে পানী অকণ নিদিলেই৷ মিক্সীটো বেয়া হ’ব বুলি ভাবি ময়ে চাটনিখিনি বনালোঁ। এওঁক বোলো নিমখ অকণ দিবা৷ এওঁ ভাবিলে নিমখ সাধাৰণ ৰান্ধনীয়েহে দিয়ে, তেওঁৰ দৰে চেফে বেছি স্পেচিয়েল বনাবলৈ বুলি নেমু এফালো বাকলিৰে সৈতে দিয়ে। তাৰপিছত গ’ম পাইছেই আৰু টেষ্টটো৷

আচ্ছা এইবাৰ বোলে পাপৰো বনায়৷ মই বোলো বনোৱা। বেছি উস্তাদি মাৰি বাৰ্ণাৰৰ ওপৰত পাপৰ এটা দি দিলে, গৰম হোৱাত ওলটাব নোৱাৰাত দে চিঞৰ৷ ইফালে গেছৰ ওপৰত পাপৰ নহয় যেনিবা মাঘ বিহুৰ মেজিহে৷ দেখি এনে খং উঠিছে, বোলো আঁতৰাহে; পাপৰ খোৱাৰ আগতেইচোন মানুহ সিফলীয়া হ’ব কোনোবাদিনা৷

যি কি নহওক, দিনৰ দাইল আছিল, তাৰে সৈতে মুঠতে ভাত, ভাজি, দাইল, তিতা চাটনি, পাপৰে সৈতে মুঠতে এওঁ মোক এসাজ খোৱালে “নিজ হাতেৰে ৰান্ধি”। সেইসাজৰ জুতি লোৱাৰ পিছত কেতিয়াবা ভুলতো যদি এওঁ কয়, “আজি মই ভাত ৰান্ধিম” মনে মনে বোলো একদম খবৰদাৰ, কদাপি ভাত নাৰান্ধিবা৷

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.