ফটাঢোল

আমাৰ এওঁ–জিমি শইকীয়া

আৰম্ভণি-
“আমাৰ” আৰু “এওঁ “, দুটি শব্দ মিলি এটা এনেকুৱা শব্দ সৃষ্টি কৰে যিটি উভয় লিংগ বাচক”আমাৰ এওঁ। ”
মহিলাই ক’লে জানিব স্বামীৰ কথা কৈছে আৰু পুৰুষে ক’লে জানিব পত্নীৰ কথা কৈছে।

উৎপত্তি:
আমাৰ এওঁ শব্দৰ উৎপত্তি সন্দৰ্ভত যথেষ্ট মতবাদ আছে। দৰাচলতে আগৰ দিনত নিজৰ স্বামীৰ নাম ল’ব নোৱাৰিছিল,পত্নীৰ নামো ল’ব নোৱাৰিছিল বিভিন্ন সমস্যাৰ বাবে। তেতিয়াই আমাৰ এওঁৰ জন্ম হ’ল। আমাৰ এওঁৰ সমাৰ্থক হিচাপে ইহঁতৰ বাপেক/মাক,বৰপোনাৰ বাপেক/মাক,আমাৰ সিজন, আমাৰ গৰাকী আৰু বৰ্তমান মোৰ মিষ্টাৰ,মোৰ মিছেছ আদি শব্দ ব্যৱহাৰ কৰা হয়। এইখিনিতে আমাৰ সৰলা বৰমাৰ কথা উল্লেখযোগ্য। বৰমাৰ স্বামীৰ নাম আছিল নাৰায়ণ। ভাদমহীয়া গোপিনীয়ে নাম এটি গালে”হৰি হে নাৰায়ণ” ।দেখ দেখ হৰিমন্দিৰত সৰলা বৰমাই গিৰিয়েকৰ নাম লৈ কিয় নৰকত পৰিব বাৰু!সেয়ে বৰমাই গালে-“হৰি হে আমাৰ সিজন।”

প্ৰকাৰ-
আমাৰ এওঁৰ প্ৰকাৰো বিভিন্ন। গিৰিয়েক বুজোৱা আমাৰ এওঁবোৰ খঙাল,খিঙখিঙিয়া,গহীন,ৰসাল, খাদ্যপ্ৰিয়, টোপনিপ্ৰিয়,নাকৰ ঘৰঘৰণিযুক্ত ,কুবেৰ বা টেটোন ,বাতৰি প্ৰেমীআদি ধৰণৰ হয়। আনহাতে ঘৈণীয়েক বুজোৱা আমাৰ এওঁ হাঁহিলী, চৌখিন, ৰাংঢালী, মৰমীয়াল, মুখৰা, মমতাময়ী, পৰচৰ্চা পৰনিন্দা কাৰী, চিৰিয়েলপ্ৰেমী ,সহনশীলাআদি ধৰণৰ হ’ব পাৰে।

সমস্যা-
আমাৰ এওঁ শব্দটো বিতৰ্কিত শব্দ।কাৰণ ‌আমাৰ শব্দটো বহুবচনত ব্যৱহাৰ হয়। ইয়াৰ একবচন “ম‌ই”।কিন্তু “মোৰ এওঁ”,”মোৰ এখেত” শব্দৰ প্ৰচলন নোহোৱাটো ৰহস্যজনক কথা। পণ্ডিতসকলে মত পোষণ কৰিছে যে হয়তো “আমাৰ এওঁ”শব্দটো ৰামায়ণ,মহাভাৰতৰ দিনৰ পৰাই চলি অহা। এইবুলি ভবাৰ যথেষ্ট থল আছে। তেতিয়া ৰজা বা প্ৰজাই কেইবাগৰাকীকো বিয়া পাতিছিল। অৰ্থাৎ সেইসময়ত সমাজত বহু বিবাহৰ প্ৰচলন আছিল। গতিকে পত্নীসকলে গিৰিয়েকক ভাগ বতৰা কৰি ল’ব লগাত পৰিছিল।যাৰ বাবে মোৰ ঠাইত আমাৰ এওঁ শব্দৰ ব্যৱহাৰ হ’ল। উদাহৰণ হিচাপে দশৰথ,পাণ্ডু, অৰ্জুন,শ্ৰীকৃষ্ণ,ৰাৱণ,ভীম আদিৰ কথাই ক’ব পাৰি।
মাইকী মানুহৰ ক্ষেত্ৰত “আমাৰ এওঁ “বোলা কথাটো হয়তো দ্ৰৌপদ্ৰী পঞ্চপাণ্ডৱলৈ বিয়া হোৱাৰ বাবেই আহিল। কাৰণ পাণ্ডৱে দ্ৰৌপদ্ৰীৰ ক্ষেত্ৰত মোৰ বুলি কোৱাটো সমিচিত নাছিল।বৰং আমাৰ বুলিলেহে শুদ্ধ হৈছিল।
আকৌ বৃদ্ধ লোকে কয় ,ম‌ই মোৰ আদি শব্দ‌ই অহংকাৰ বুজায় তথা আপোনপেটীয়া বুজায়।সেয়ে পতি,পুত্ৰ,পুত্ৰী,পত্নীক মোৰ নুবুলি আমাৰ কোৱা হয়। মোৰ ঘৰ ,মোৰ সন্তান বুলিলে ভগৱানে বেয়া পায়। কিন্তু এইখিনিতে এটা সমস্যা । তেতিয়া আমাৰ জেতুকী বৌক বিয়া পতা বেছিদিন হোৱা নাছিল। বৌৰ গিৰিয়েক যতীনদা অকলশৰীয়া মানুহ আছিল। তেওঁ সকলো কথাতে মোৰ মোৰ কৈছিল।যেনে-মোৰ ঘৰ,মোৰ বিচনা,মোৰ পাকঘৰ,মোৰ বাৰী আদি। শুনি জেতুকী বৌৱে এদিন বুজালে,”বোলো হেৰি! এতিয়া আমি দুজন হ’লো নহয়। মোৰ শব্দটো এৰি আমাৰ বুলি ক’বলৈ শিকক। ” পিছদিনা পুৱা গাটো ধুই আহি যতীন দাই শাকনিত শাক চিঙি থকা বৌক চিঞৰি সুধিলে,”হেৰা আমাৰ গেঞ্জী আৰু…ক’ত থ’লাহে।”
গতিকে বুজা গ’লে কিছু ক্ষেত্ৰত ম‌ই মোৰ শব্দয়েই ভাল।
সামৰণি- আগৰ দিনৰ মানুহৰ অন্তৰ আহল বহল আছিল। আমাৰ অন্তৰ কিন্তু ইমান বহল নহয়। গতিকে আমি ডাঙৰহৈ বিয়া হ’লে বা পাতিলে ভৱিষ্যতে “আমাৰ এওঁ “নকৈ “মোৰ এওঁ” বুলিয়েই ক’ম বুলি ভাবিছোঁ। “মোৰ এওঁ”ক লৈ আমাৰ বৰলা-বৰলীসকলৰ যথেষ্ট সপোন থাকে। সেই সপোনত চেঁচা পানী ঢালিলে “মোৰ এওঁ”ক বৰফ বনাই পেলোৱাৰ সম্ভাৱনাই বেছি।

বি.দ্ৰঃ আমাৰ এওঁ “শব্দটো দুৰ্লভ হৈ পৰিছে আজিকালি। সেয়ে সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই শব্দৰ লগত জড়িত হৈ আছে দুজনৰ মাজৰ সন্মান আৰু দায়বদ্ধতা। শব্দটো শ্ৰুতিমধুৰ।
চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি
ফুলিলে ভেবেলি ঐ লতা।
কৈ থাকো মানে ওৰকে নপৰে
আমাৰে এওঁৰে কথা।

☆★☆★☆

6 Comments

  • বঢ়িয়া ।

    Reply
  • সদানন্দ ভূঞা

    আমাৰ এওঁৰ সুন্দৰ বিশ্লেষণ । বহুত ভাল লাগিল ।

    Reply
  • ফটাফাটি এইখন।তামাম জিমি।

    Reply
  • অভিজিত কলিতা

    সাংঘাটিক ভাৱে বুদ্ধিদ্বীপ্ত লেখিনি। একবচন বহুবচনে আগতে নেদেখা দিশ এটা দেখুৱালে। জিমিৰ পৰা আৰু বহু বেছি এনে লিখনি আশা কৰিলো

    Reply
  • কমলা দাস

    সুন্দৰ বিশ্লেষণ ।ভাল লাগিল

    Reply
  • জয়ন্ত দাস

    মজা পালো৷ আমাৰ এওৰ সুন্দৰ বিশ্লেষণ কৰিলে৷

    Reply

Leave a Reply

Your email address will not be published.