ফটাঢোল

আমাৰ গাওঁ – মাধুৰ্য্য গোস্বামী

ফটা বেনাৰৰ শেহতীয়া নিবেদন:

আমাৰ গাওঁ

প্ৰযোজনা: ৰাজশ্ৰী শৰ্মা

কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: মাধুৰ্য্য গোস্বামী

শিল্পী সকল:

মণ্ডল বুঢ়া: হেমন্ত কাকতি

বিজয়: বিজয় মহন্ত

মুজিবৰ : সঞ্জীৱ ভট্টাচাৰ্য্য

আৰু অন্যান্য চাইড ৰ’ল সমূহ।

শ্বট- ১)

গাঁ‌ৱৰ এঘৰত গধূলিৰ মেল। মেল মানে মণ্ডল বুঢ়াই (হেকাদা ) এপাল ল’ৰা-ছোৱালীক কাহিনী শুনাই আছে। কাহিনীও আকৌ এলাপেচা নহয়। বুঢ়াই ডেকাকালত ম’হ এটাক শিঙত ধৰি বগৰাই দিয়া, ফান্দ পাতি বাঘ ধৰা টাইপৰ কাহিনী। কিন্তু জনাই জানে, ৰাতি কুকুৰে খেদোতে বুঢ়াই কিমানদিন ধূতিতে সৰুপানী এৰিছে। বুঢ়াই প্ৰায় ৭০ বছৰলৈ মণ্ডলৰ চাকৰি কৰি পাঁচ বছৰমান আগত এৰিছেহে।

গাৱঁত বুঢ়াক কুৰ্চূতীয়া বুঢ়া বুলিয়েই জানে। আৰ-তাৰ মাটি জুখি কমাই কমাই বুঢ়াই নিজলৈ দেধাৰ সম্পত্তি বনাইছে। সি যি কি নহওঁক, আজিও বুঢ়াই বাঁহৰ ফান্দ বনাই বাঘ ধৰা কাহিনী এটা কৈ আছে।

মাজতে নাতিয়েকে প্ৰশ্ন কৰিলে, “ককা, তুমি জীয়া বাঘ হাতেৰে চুই পাইছানে?”

বুঢ়াই বোলে পাইছোতো। এবাৰ এটাক পিছফালৰপৰা মনে মনে গৈ নেগুৰত টানি দিছিলোঁ‌। বাঘে ঘূৰিয়ে নাচালে। ভিৰাই লৰ মাৰিলে। নাতিনীয়েকহঁতে শুনি হাআআ বুলি মুখ মেলি থাকিল। হেন সময়তে পিছফালে বাৰীৰপৰা শিয়াল এটাই ঘৰৰ ওচৰলৈ আহি হোৱা দিলে। চক্ খাই বুঢ়া মূঢ়াৰপৰা লুটি খাই পৰিল। নাতিনীয়েকহঁতে ভয়পাদুৰা বুঢ়া বুলি ঢেকঢেকাই হাঁহিবলৈ ধৰিলে।

লগে লগে ল’চালিহঁতৰ মাকহঁতে ভিতৰৰপৰা আহি “আহ্, কিতাপৰ আগত বহ; কিমান বুঢ়াৰ গাজা শুন” বুলি খেদি নিলে।

শ্বট-২

এইটো শ্বটত গাঁ‌ৱৰে নাতিদূৰৈত থকা মিয়া এটাক(এইটো সঞ্জীৱ ভট্টদাৰ ৰোল) দেখা যাব। মুজিবৰ মানে মিয়াটো আজি কেইবছৰমান আগতে বাংলাদেশৰপৰা পলাই আহি তাতেই থিতাপি লোৱা। যোৱা দহ বছৰত মুজিবৰে দুবাৰ বিয়া পাতি দহটা ল’চালিৰ বাপেক হৈছেই। তথাপি তাৰ দুখ। বাংলাদেশত থাকোতে সি ফাতিমা নামৰ ছোৱালী এজনীক ভাল পাইছিল। আজি বিলত মাছ মাৰিব আহিও সি ফাতিমাৰ কথাই ভাবি আছে। মৈমনসিংত তাৰ ঘৰৰ ওচৰৰে আছিল ফাতিমা।

তাইৰ বাপেকে সি ভাং খাই এদিন গৈ ফাতেমা বুলি বাপেকৰ সৰুজনী ঘৈণীয়েককেই “এই যে আমাৰ চাথে পালাইয়া যাবি?” বুলি সোধাৰ লগে লগে “ঐ গেডাৰ কাছে আমাৰ গেডী দিমু না” বুলি কৈ দিলে।

দুখতে দুচিলিম ভাং খাই নদী সাঁতুৰি সি অসম পালে। ফাতিমাৰ কথা মনত পৰাত তাৰ গান এটা মনত পৰিল। প্ৰথম সি তাইক বন্ধু এজনৰ তাত দেখিছিল। তেতিয়াই ৰাতি সি গান এটা লিখিছিল,

“বাজাৰ গেলাম চানা খেলাম

আৰু খেলাম বিড়ি,

বন্ধুৰ কাছে হাতঁতে গেলাম

দেখলাম চুন্দৰ গেডী”।

শ্বট-৩

গাঁৱৰে পেটুৱা এটাক বাটেৰে গৈ থকা দেখাব (এইটো বিজয়দা)। পেটুৱা আকৌ মস্ত চোৰ। সি সৰু থাকোঁ‌তে(ফ্লেচবেক) যেতিয়া গাঁ‌ৱৰ মানুহৰ কেঁচাঘৰ আছিল তেতিয়াৰ পৰা সিন্ধি দিয়া চোৰ। এদিন এঘৰত সিন্ধি দি সি সোমাল। সিন্ধিটোৰে সোমাই দেখে যে গৃহস্থই দা লৈ ৰখিয়ে আছে। ঘপকৈ আকৌ ওলোটাই ঘূৰি সিন্ধিটোৰে ওলাব ধৰোঁ‌তেই গৃহস্থই ঘাপ মাৰি দিলে। ঘাপটোত তাৰ তপিনাৰ এবখলা গ’ল। তেতিয়াৰ পৰা তাক টিকাকটা বুলিয়েই গাঁ‌ৱত জানে।

ঘৰবোৰ পকী হোৱাত আজিকালি সি জহামাল হেপাৰ দৰে হাঁহ-পাৰ চুৰ কৰি ফুৰে। কিছুদিন আগত হাঁহৰ গঁ‌ড়াল বুলি এঘৰৰ গোহালিত সোমাল। এনেও কুকুৰীকণা মানুহ। গৰুৱে ঠেঙত মস্ত গোৰ এটা দিলে। সেইদিনাৰ পৰা সি লেকেচিয়াইয়েই আছে। (কেমেৰা বৰ্তমানলৈ ঘূৰি আহিব) গাঁ‌ৱৰ আলিবাটেৰে তাক ‘জিলেলে জিলেলে আয়ৌ আয়ৌ জিলেলে’ গাই যোৱা শুনি মণ্ডল বুঢ়াই মাতিব।

মণ্ডল– দিনকাল সলনি হ’ল বুজিছ’ টিকাকটা।

টিকাকটা– ধেই খুড়া, মোক সেইডাল নামেৰে নামাতিব। বিজয় বুলি মাতক।

মণ্ডল–হ’ব দে অ’। নামতনো কি? কামতহে। মোৰো নাম মণ্ডল হ’লে কি হ’ল(হুমুনিয়াহ)…এইখিনিতে বুজিছ, এইখিনিতে এদিন বলধ এটা বগৰাই দিছিলোঁ‌। চালা পথাৰত নামিব নোখোজে সি।

টিকাকটা–হয় হয় খুড়া। আগৰ দিনবোৰ যে কি আছিল। (পেটে পেটে তামাম খং উঠিব। থ হেৰৌ, সিদিনা তপনহঁতৰ গৰুটোৱে খেদোতে যিটোৱে লৰ দিলি বুঢ়া। মই দেখা বুলিহে, ধূতি হাতত লৈ দৌৰা দেখিলে লাজ-মান চব গ’লহেঁতেন)

মণ্ডল– মইহেন মানুহ এটা গাওঁবুঢ়া নহ’লো বুজিছ। চবেই মিলি মঙলু বুঢ়াক পাতিলে। কি নাছিল মোৰ, কি নাছিল?

টিকাকটা– হয় হয় খুড়া। এইবাৰ আপুনি ইলেকচনত উঠক। গাওঁ পঞ্চায়তৰ সভাপতি হৈ মঙলু বুঢ়াৰ টিকাত গোৰ দুটামান সোধাইহে শান্ত হ’ব। আমি আছো আপোনাৰ লগত। এতিয়া আহোঁ‌হে। এইবুলি বিজয়ে বিদায় ল’ব।

মণ্ডল বুঢ়াই নিজকে নিজে কৈ থাকিব, ” হয়তো কথাটো। পঞ্চায়তৰ সভাপতি হ’ব পাৰিলে মোৰ চবপিনে জয়জয় ময়ময় অৱস্থা হৈ পৰিব।

শ্বট-৪

গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভিতৰত দেখা যাব যে নাৰ্চ মিতালীয়ে এগৰাকী ৰোগীক মস্ত ডাঙৰ এটা বেজী দি আছে। ৰোগীয়ে চিঞৰত গগন ফালিছে।

মিতালী : ইমানকৈ চিঞৰিব নালাগে দিয়ক খুড়া। আগতেই যদি মই কওঁতে অলপ মোক চাহ তামোলৰ খৰচ দিলেহেঁতেন, তেতিয়া মই সৰু দুখ নোপোৱা বেজী এটা দিব পাৰিলোহেঁতেন। কিন্তু এতিয়া মোৰো উপায় নাছিল বুলিহে। সেঃ সেঃ সেঃ।

এনেতে বিজয় সোমাই আহিব হস্পিতেলৰ ভিতৰলৈ আৰু মিতালীক ক’ব মণ্ডলৰ ইলেকচনত উঠাৰ কথা। খানা পিনা আৰু স্কুটীত ফুল টেংকী তেল ভৰাই দিলে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে মিতালীয়ে বিজয়ক বিদায় দিব।

শ্বট-৫

দিম্পল আৰু ভাস্কৰ বৰডেকা নামৰ দুজন ল’ৰাক বাহি মুখতে গাঁ‌ৱৰ ছোৱালী দুজনীৰ লগত চুপতি মাৰি থকা দেখা যাব।

দিম্পলে এজনীক “নুসুধিবা তোমালৈ মোৰ মৰম আছে কিমান, বৰডেকাৰ মূৰত চুলি আছে যিমান” বুলি জোকাওতেই তাই “বান্নিৰ কুব লাগে হা অসৎ” বুলি চোতাল সাৰি থকা বাঢ়নীডাল লৈ খেদি আহিল। দুয়ো ফৰিংছিটিকা দিলে।

ৰাতি দুয়ো ভাং দুচিলিম টানি চেণ্টি ফালে এজনীও ছোৱালী নাপালো বুলি। হেন সময়তে দীপাংকৰ বোলা আৰু এজন বেকাৰ ল’ৰা সেইপিনে যায়। তিনিও মিলি চেণ্টি ফালি ৰাতি টেটুলৈকে গঁড়মাৰ্কা গিলে আৰু পুৱা গালি দিয়া ছোৱালীজনীৰ ঘৰৰ আগত থিয় হৈ ঘৰৰ চাললৈ লক্ষ্য কৰি শিলগুটি দলিয়াবলৈ ধৰে। ছোৱালীৰ খুড়াকেও হেন সময়তে সৰুপানী চুবলৈ আহি সিঁহতক দেখি শিয়ালখেদা টাঙোন এডাল লৈ পহুখেদা দিয়ে।

তিনিও দৌৰি গৈ ইলেকচনৰ মিটিং কৰি থকা মণ্ডলৰ চোতাল পায়গৈ। তাতে সিহঁতৰ দৰে আৰু বহুতক খানা পিনাৰে আপ্যায়ন কৰি মণ্ডলে নিজৰ হাত কৰি লয়।

শ্বট-৬

গাঁৱৰে বৰপেটীয়নী(এইটো তৃষ্ণা ভূঞাৰ ৰোল) আৰু মণ্ডলৰ বোৱাৰীয়েকৰ দুৰ্বাদল কাজিয়া। ল’ৰাছোৱালীৰ কাজিয়া গৈ মাকৰ মাজৰ কাজিয়া হ’ল।

বৰপেটীয়নীয়ে আঁঠুলৈকে মেখেলা কোঁচাই “হা বেটী মৰননহইতী, তোৰ খাবা গেইছু মোৰ চলিক যি মাৰা? তোৰে লালেৰ(গিৰিয়েকৰ) চলিক নামৰা কিয়?” বুলি ফেপেৰি পাতি দিলে।

মণ্ডলৰ বোৱাৰীয়েকেও (ডলী তালুকদাৰ) “হা বেটী খাবা নাপোৰ জাত, মোৰ চলিক মাৰবা কবা আইহছা” বুলি খেদি আহিল। দুয়োৰে ৰাস্তাৰ ওপৰতে দবৰাদবৰি লাগিল। মণ্ডলেও বোৱাৰী কি কৰা কি কৰা বুলি মাজত সোমাই কাজিয়া ভাঙিবলৈ যাওঁ‌তে দুয়োৱে দুয়োকে মৰা ভুকু কেইটামান গেমেহ গেমেহকৈ পৰে। বুঢ়াই কেঁকাই গেঁথাই ঘৰলৈ সোমাবলৈ ধৰোঁ‌তেই টিকাকটাই লেকেচিয়াই খুড়া খুড়া বুলি গেটেৰে সোমাই আহে।

মণ্ডল–আয়ৌ। এই জহনীযাইতীহঁতে মোক খালে ঐ। গুৰুলা গুৰুলকৈ পিটিলে। মোৰ পিঠিত অলপ মালিচ কৰি দে ঐ বিজয়।

টিকাকটা– কেনেকৈ দিমহে খুড়া। মোৰেই অৱস্থা বেয়া। কালি তামোল চুৰ কৰিবলৈ গৈছিলো। গৃহস্হৰ কুকুৰকেইটাই খেদি খেদি কলাফুলৰ এবখলা নিলে। এনেকৈ আৰু চুৰ কৰি চলিব নোৱাৰি। আপুনি সভাপতি হৈ মোকো মেম্বৰ চেম্বৰ কিবা এটা বনাই দিয়ক।

এনেতে বাটেৰে মুজিবৰ গৈ থাকে। দুয়োকে দেখি বাটৰপৰাই মাত দিলে, “উইজে মণ্ডল কুড়া, কি হইলো?”

মণ্ডল– ধেই জহনীযোৱা মিয়া, এইপিনে আহ।

মুজিবৰ ওচৰলৈ গ’ল।

মণ্ডল–ঐ, এইবাৰ ইলেকচনত উঠিম বুজিছ। তই থাকিবি লগত।

মুজিবৰ– ঐডা আৰ কইতে লাগে কি। আমৰা থাকুমেই তুমাৰ লগে। কৈয়া দিলাম।

শ্বট-৭

হেডমাষ্টৰৰ(এইটো দেৱজিত শইকীয়া দা) ভায়েক ভেবো(হিতেশ এইটো) কলেজত পঢ়ে। কলেজত গৈ ভেবেলীৰ(এইজনী ববিতা কোঁৱৰ) লগত লাইন দি থাকে। ৰাতি ৰাতি ফোনত জান, কলিজা, দেহা চলি থাকে। হেডমাষ্টৰে ৰাতি ৰাতি লেনিয়াই লেনিয়াই কিচ দি থকা বেৰৰ সিফালৰপৰা শুনি থাকে। ভেবোই প্ৰেমৰ চুনামিত কবিতা গায়,

“হালোত মৰিল হাউলা গৰু

গলিত মৰিল গাই,

ভেবো পৰিল ভেবেলীৰ প্ৰেমত

কলেজত দেখা পায়”।

হেডমাষ্টৰৰ সদায় শুনি শুনি টেমা চুটি যায়। এদিন ক’লে, “কুকুৰ, পৰীক্ষাত ফেইল কৰিলে মোক দাদা বুলি মানুহৰ আগত নামাতিবি।”

ভেবোৱেও “নামাতো দে দেৱজিত” বুলি ৰিপ্লাই দিয়ে। খঙতে হেডমাষ্টৰে হাতত থকা কটাৰীখন তাৰ গাত মাৰি দিয়ে। ইফালে মণ্ডলৰো গাঁ‌ৱৰ ধনেশ্বৰৰ ঘৈণীয়েক পটেশ্বৰীৰ লগত হিয়া দিয়া নিয়া চলি থাকে।

মণ্ডলে কঁটাবাঁহৰ তলত পটেশ্বৰীৰ লগত চুপতি মাৰি ট্ৰেজেডী ফালি কবিতা গায়,

“ঘৰত আছে দমৰা গৰু

সদায় খুৱাও ঘাঁহ,

দেখাত বুঢ়া বুলি মণ্ডলক

নিদিবা তুমি বাঁহ।”

চেইম টাইমত টিকাকটা বিজয়ে বাৰীত এহ্ কৰিবলৈ যায়। মণ্ডল আৰু পটেশ্বৰীৰ লিলিমাই দেখি পকা চপৰা পিছফালৰপৰা দলিয়াই। লগে লগে মণ্ডল ধূতি কোঁচাই দৌৰে।

শ্বট-৮

মিতালী-দীপাংকৰ, ভেবো-ভেবেলী আৰু মণ্ডলৰ ডিজাইন প্ৰেম চলি থাকে। দিম্পল, ভাস্কৰ আৰু হেডমাষ্টৰে আক-তাক সদায় লাইন দি ফুৰে। মাজতে ভেবেলী এবাৰ বেলেগ এটা ল’ৰালৈ পলায় যায়। কিন্তু তাৰ মাক-বাপেকৰ পছন্দ নোহোৱাত আকৌ ঘূৰাই থৈ যায়।

সেইকেইদিন দুখতে ভেবোৱে চেণ্টি ফালি থাকে। এদিন মাজতে গাঁ‌ৱৰ ডাঙৰ পুখুৰিত চুইচাইদ কৰিবলৈ জাঁপো দিয়ে। কিন্তু জাৰকালি পানী নথকা বাবে বোকাত কঁকাললৈকে পোত যায়, তপিনাত দুটা শিঙি মাছেও পিন্ধে। সিয়ো ঘেণ্টা শান্তিত মৰিবও নোৱাৰি বুলি ঘৰলৈ ঘূৰি আহে।

ইফালে মুজিবৰে আকৌ এজনী বিয়া পাতে। বুঢ়াকালত আৰু এজনী গোটাই সংসাৰ সামৰিব বুলি মণ্ডলক কয়। এনআৰচিত তাৰ নামো আহে। সাংবাদিকে এদিন ঘৰলৈ আহি তাৰ গোটেইপাল ল’চালিৰ নাম একাদিক্ৰমে ক’বলৈ দিয়ে।

সিয়ো চাৰিটাৰ নাম কৈ “আৰ জানি না গো” বুলি ষ্টেটমেণ্ট দিয়ে। লগে লগে তাৰ নাম টিভিত ৰঙা কাঁড় এডালেৰে সৈতে গধূলি নিউজত ওলায়। ফূৰ্তিতে সি এমুঠা বিড়ি খায়।

শ্বট ৯):

ইফালে হেডমাষ্টৰেও স্কুলৰ মাষ্টৰনী (মৃদুলা গগৈ) এজনীক তামাম জেং দি থাকে। মাষ্টৰণীক অকলে পালেই দম দিয়ে, “তোমাৰ প্ৰেমত পৰিমেই পৰিম। তুমি কি কৰিবা?” বুলি। মাষ্টৰণীয়েও “সৰু ভাইটিক কৈ দিম। পিঠি বহল হোৱাকৈ গৰুপিটন দিব” বুলি ৰিপিলাই দিয়ে। হেডমাষ্টৰে মাষ্টৰণীৰ গুণ্ডা ভায়েকৰ ভয়ত মুখখন ক’লা কৰি সাউৎকে পলায়।

ৰাতি ৰাতি হেডমাষ্টৰে মণ্ডলৰ লগত দুপেগমান গঁড়মাৰ্কা খায়। খাই উঠি বৌম ট্ৰেজেদি ফালে।

হেডমাষ্টৰ–বুজিছে মণ্ডলকা, আজিকালিৰ আপাবোৰৰ তেজ শুকাই গ’লহে। আমি কম আপী চাইছিলোঁ‌। ভাওনা চাবলৈ গৈ কিমান আপীৰ লগত লিলিমাই কৰিলোঁ‌।

মণ্ডল–হয়হে মাষ্টৰ। আমাৰ লগত আজিকালিৰ চলি পাত্তা নাপায়। মই আৰু দুবাৰ বিয়া পাতিব পৰা হৈ আছো। কিন্তু আজিকালি এইমখাৰ উৎপাতত শান্তিত প্ৰেমো কৰিব নোৱাৰা হ’লো।

তেনেতে কুকুৰ এটা আহি চাকনাখিনি মনে মনে চেলেকি থাকে। মণ্ডলেও হেই ঢেকুঁৰা বুলি কুকুৰটোৰ পেটতে থিয়গোৰ এটা দিয়ে।

শ্বট-১০

গোটেই গাঁ‌ৱত ল’ৰাহঁতে ফ্ৰি পেট্ৰলৰ বাইক চলাই প্ৰচাৰ কৰে যে কূৰ্চুতীয়া মণ্ডল ইলেকচনত উঠিব। কোন পাৰ্টীৰ হৈ উঠিব তাকো লৈ পয়মাল। শেষত যেনিবা বিৰোধী পক্ষৰপৰা বেছি টকা পোৱাত সেইফালেই উঠিলে।

ঠগ পাৰ্টিৰ হেডমাষ্টৰ, মিতালী, মুজিবৰ, টিকাকটা বিজয়, দীপাংকৰ, দিম্পল, ভাস্কৰ সকলোৰে আপত্তি বোলে চৰকাৰ থকা দলৰ হৈ কিয় নুঠিলে। মণ্ডলে বোলে ৰহ নিলাজহঁত, আজিৰ বিৰোধী কালিৰ চৰকাৰ। চাই থাক মই কি খেল খেলোঁ‌। দুয়োফালে পইছা খাম পিছত। মণ্ডলৰ বুদ্ধি দেখি সকলোৱে হাত চাপৰি বজাই বজাই

“জয় মণ্ডলৰ জয়”

গাঁৱৰ উন্নতি ক’ত?

মণ্ডল আছে য’ত।”

এনেকুৱা শ্লোগান দি দি মণ্ডলক কান্ধত তুলি লৈ ফুৰায়।

মনোনয়ন পত্ৰ দাখিলৰ পিছদিনাই নিউজ চেনেলৰ সাংবাদিকে মণ্ডলক আগুৰি ধৰি নানা প্ৰশ্ন সুধিবলৈ ধৰিলে।

বোলে ভাৰতৰ ৰাষ্ট্ৰপতি কোন? মণ্ডলে বোলে মোডী।

অসমৰ মূখ্যমন্ত্ৰী কোন? মণ্ডলে বোলে হেমন্ত।

সাংবাদিক–পঞ্চায়তৰ সভাপতি পদত উঠি আপুনি এইবোৰ সাধাৰণ কথাও নাজানে?

মণ্ডল–থোৱা হেৰৌ বাপু। যাক বেছিকৈ টিভিত দেখিছোঁ‌ তাৰ নামেই ল’ম। দেশ কোনে চলাইছে মোক কিয় লাগে। মই সভাপতিহে হ’ম।

সাংবাদিকে বুঢ়া পাগল হোৱা বুলি আঁতৰি গ’ল। লগে লগে ঠগ পাৰ্টিয়ে বুঢ়াক আগুৰি ধৰিলে বোলে খুড়া এইবাৰ ইলেকচন জিকিমেই, মঙলুৰ টিকা যাব এইবাৰ। আটায়ে সমস্বৰে গাবলৈ ধৰিলে,

“বাজাৰ যামু মিষ্টি খামু

আৰু খামু চানা,

সভাপতি হইয়া পইছা খামু

তাক ধিনা ধিন টানা।”

☆★☆★☆

One comment

Leave a Reply

Your email address will not be published.