ফটাঢোল

অামাৰ নতুন গাড়ী -দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

নাই, মই উৰুকাৰ দিনা অন্ধ্ৰৰ চালানী ৰৌ খাই ‘আস: চিতলটো যে বৰ মজা আছিল দেই’ বুলি তিনিআলিৰ পাণদোকানৰ সন্মুখত উগাৰ মাৰি ফটা ঢোল বজোৱা মানুহ নহয়। একেবাৰেই নহয়। স্কুটাৰত উঠি ধূলি খাই, ৰ’দত পুৰি যোৱা দেহাটোৰে কষ্টই-মষ্টই বিয়াঘৰত উপস্থিত হোৱাৰ পাছত কোনোবাই ‘বৰ গৰম ন?’ বুলি সুধিলে ‘হয়, মোৰ আকৌ গাড়ীখনৰ এচিটো বেয়া হৈ থাকিল নহয়’ বুলি মিছা মতা মানুহো নহয় মই। গাড়ী নাই যদি নাই। চিতলৰ টুকুৰা খাবলৈ নাপালোঁ যদি নাপালোঁ আৰু, কি ডাঙৰ কথাটো হ’ল।

কিন্তু পৰিবাৰ অপৰ্ণাৰ কাৰণে অলপ ডাঙৰ কথা হৈ যায় কেতিয়াবা। দিনটোত মোৰ পৰা গড়ে দহ-বিশটা ‘নাই’, ‘নোৱাৰিম’, ‘দৰমহাৰ টকা শেষেই হ’ল না’ আদি শুনাৰ পাছত তাইৰ সেমেকা মনটোৱে ‘কিয় যে প্ৰেম কৰি বিয়া হৈছিলোঁ’ বুলি যদি ভাবে, এই ‘প্ৰেম’ নামৰ বস্তুবিধৰ প্ৰতি মানুহৰ বিশ্বাস নোহোৱা হৈ যাব পাৰে বুলিহে মোৰ অন্তৰখনে ভয় খাবলৈ আৰম্ভ কৰে। সেয়ে মেখেলা-চাদৰযোৰ পিন্ধি বিয়া বা আন ক’ৰবালৈ স্কুটাৰৰ পিছৰ ছীটত ভাৰসাম্য নেহেৰোৱাকৈ মাজত আমাৰ চাৰিবছৰীয়া মাইনুক সাৱটি কষ্টেৰে উঠি গৈ যেতিয়া অলপ দূৰ যোৱাৰ পাছত কৈ উঠে- ‘গাড়ী এখন বৰ জৰুৰী জানা’, কিয় জানো মোৰ মনটোত ছিৰিয়াছলি কথা এষাৰে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে-‘চাৰিচকীয়া এখন প্ৰয়োজনীয়, ই বিলাসিতা নহয়’।

শহুৰ-শাহু আৰু খুলশালীজনী এমাহ পাছত কিছুদিন থকাকৈ আমাৰ ভাৰাঘৰটোলৈ অহাৰ কথা।

‘মাহঁত অহাৰ আগতে গাড়ী এখন চোৱাচোন ক’ৰবাত। ছেকেণ্ডহেণ্ডটো পাই যাব লাগে ন? মাহঁতেও ঘূৰিব পাৰিব গাড়ীত উঠি, ভাল পাব।’ – অপৰ্ণাই কৈছিল।

অৱশেষত ‘এৰিয়াৰ’ৰ এক লাখ টকা পোৱাৰ পাছতেই মই চাৰিচকীয়া এখন কিনাটো ঠিক কৰিলোঁ। দহ বছৰ সৰু চাকৰিটো কৰাৰ পিছত বাহন বুলিবলৈ মোৰ মাত্ৰ স্কুটাৰখন। অপৰ্ণাৰ অশান্তি সেইটোৱো। কাষৰ ঘৰৰ পৰশুই কৃষিৰ কাৰণে পাঁচ লাখ টকাৰ লোন পোৱাৰ পিছতে সেই টকাৰে ছেকেণ্ড হেণ্ড গাড়ী এখন কিনিলে। গাড়ীত বহি ঘূৰি-ফুৰোতে কোনোবা এজনীৰ লগত প্ৰেম হ’ল, পলুৱাইও আনিলে। এতিয়া বৰষুণৰ বতৰত ঘৈণীয়েকে গাড়ীত বহি পৰশুৰ লগত যোৱা দেখিলেই অপৰ্ণাৰ চকু চলচলীয়া হয়।

কিছু দিন বিচৰাৰ পিছত ছেকেণ্ড হেণ্ড মাৰুতি এইট হাণ্ড্ৰেড এখনৰ খবৰ পালোঁ। টাউনৰ ৰমা ঠিকাদাৰৰ পুৰণি মাৰুতিখন। মই চাবলৈ যোৱাৰ দিনা ৰমা কলিতাই পুৱাতে ধুই-মেলি, নাৰিকলৰ তেলেৰে ঘঁহি-পিহি চিকচিকিয়া কৰি ৰাখিলে মাৰুতিখন। গাড়ীৰ বিশেষ আও-ভাও বুজি নোপোৱা মোৰো প্ৰথম দৃষ্টিতে ভাল লাগি গ’ল। ৰমা কলিতাই দাম কৰিছে এক লাখ। বহু কাকূতি-মিনতিৰ পিছত ষাঠি হাজাৰ টকাত গাড়ীখন কিনাটো নিশ্চিত কৰিলোঁ মই। টকা দহ হেজাৰ এডভান্স দিও আহিলোঁ।

ভদ্ৰ শাস্ত্ৰীয়ে পঞ্জিকাত চাই দিয়া মতে আজিৰ দিনটো হেনো বাহন ঘৰলৈ অনাৰ কাৰণে অতি উত্তম। মই এই দিন-বাৰ চোৱাটো সমূলি নামানোঁ। কিন্তু অপৰ্ণাৰ কথাও পেলাব নোৱাৰিলোঁ।

ৰাতিপুৱা শাহুহঁতো আহি পালে। ঘৰলৈ গাড়ী এখন আহিব বুলি আটাইৰে আনন্দৰ সীমা নাই। আবেলি গাঁৱৰ চাৰিআলিৰে মহেন মেকানিকক লৈ গাড়ী আনিবলৈ ৰমা কলিতাৰ ঘৰ পালোগৈ।

মহেন মেকানিকে গাড়ীখন চাই মেলি ফুচফুচাই ক’লে মোক – ‘দাদা, গাড়ীখান ঠিক কৰিয়ে দিছি না কি? ইঞ্জিনটা কিন্তু…’।

এনেতে ৰমা কলিতাৰ ঘৰৰ ভিতৰৰ পৰা কোনোবাই উচুপি উচুপি কন্দাৰ শব্দ ভাঁহি আহিল। মই আৰু মহেনে কলিতাৰ মুখলৈ চালোঁ।

‘আমাৰ এওঁ…গাড়ীখন বিক্ৰী কৰিম বুলি শুনি দুদিন ধৰি ভাত-পানী খোৱা নাই’- ৰমা কলিতাৰো মনটো যেন মৰি গৈছে।

‘আমাৰ লক্ষ্মী গাড়ীখন কোনে নিবলৈ আহিছে ঐ….কিমান ক’লোঁ নালাগে বিক্ৰী কৰিব, নুশুনিলে। সেইখন আমাৰ ঘৰলৈ অহাৰ পিছতে সকলো নদন-বদন হৈছিল। লখিমী আহিছিল ঘৰলৈ…আজি সেইখন বিক্ৰী কৰিবলৈ ওলাইছে মোৰ নিধক মতাটোৱে…’- এইবাৰ জোৰে জোৰে চিঞৰা শুনা গ’ল ৰমা কলিতাৰ পত্নীয়ে।

মহেন আৰু মোৰ কি কৰোঁ, কি নকৰোঁ- এনে লাগিল।

‘পিছে কলিতা, গাড়ীখন দিব নে?’ – সুধিলোঁ কলিতাক।

‘নিয়ে যদি সোনকালে নিয়ক, নহ’লে এতিয়া ইয়াত কুৰুক্ষেত্ৰ হ’ব যেন পাইছোঁ। কাগজ-পত্ৰ সকলো ৰেডী!’

মই পঞ্চাশ হেজাৰ টকা ৰমা কলিতাৰ হাতত দিলোঁ। এনেতে ৰমা কলিতাৰ ঘৈণীয়েক বাহিৰলৈ ওলাই আহিল। আউলি-বাউলি চুলি। চকুৰ পানী বৈ আছে বিৰামহীনভাবে। আহিয়েই গাড়ীখন সাৱটি কান্দিলে-‘ইমান কম দামতে সাইলাখ লখিমীজনীক ঘৰৰপৰা বিদায় দিবলৈ ওলাইছে ও এই অধমটোৱে…মই মৰি নগ’লোঁ কিয়? তাতকৈ মোকেই বিক্ৰী নকৰে কিয়?’

মোৰ অশান্তিও লাগিল। কলিতাৰ ঘৈণীয়েকৰ হুল হেন কথাবোৰ দুকাণত নোসোমাওক বুলি কাহিলো দুবাৰমান।

‘হেৰি, এক লাখ কৰি দিয়ক বেয়া নাপায় যদি..দেখিছেই নহয় কি অৱস্থা হৈছে’- ৰমা কলিতাই ক’লে মোক।

‘নাই নাই, আমি বন্দোৱস্ত কৰিছিলোঁ নহয়, ষাঠি হেজাৰত…’ – মই ক’বলৈহে পালোঁ, ৰমা কলিতাৰ পত্নীয়ে এইবাৰ চিঞৰিবলৈ ধৰিলে-‘মই ইয়াতে শুই পৰিম এতিয়া। গাড়ী নিয়ে যদি মোৰ গাৰ ওপৰেৰে নিয়ক’।

‘দাস, আপোনাৰ হাতত আছে যদি আৰু লাগিলে ত্ৰিশ হেজাৰ দিয়ক। দেখিছেই নহয়….’ -ৰমা কলিতাৰ কাতৰ কন্ঠ।

পৰিস্থিতি ভয়াবহ হ’ব পাৰে বুলি মই নব্বৈ হাজাৰ দিলোঁ, শেষ দাম। হ’লেও সাইলাখ লক্ষী গাড়ী এখন কিনিবলৈ পাই সুখীও হ’লো মই। অপৰ্ণাহঁত চাগে সাজি-কাচি ৰৈ থাকিব। নিশা গাড়ীত উঠাই ধাবাত ভাত খুৱাবলৈ নিম বুলি কৈ আহিছোঁ। দুবাৰমান ঠেলা-ঠেলি কৰাৰ পিছত গাড়ী ষ্টাৰ্ট হ’ল। মহেন মেকানিকে চলাবলৈ আৰম্ভ কৰিলে।

ঘৰলৈ দুই কিল’মিটাৰ বাট থাকোতেই গাড়ীখন বন্ধ হ’ল। মহেনে দুঘন্টাৰ বেছি সময় যুঁজিলে। একো তলামূধা নাপালে সি।

‘দাদা, মই কৈছিলোঁৱেই না ইঞ্জিনটা খাৰাব আছে এক্কেবাৰে’ – সি ক’লে।

‘কেতিয়া কৈছিলা?’

‘আৰে দাদা, ক’বৰ চান্স না আপনি দিছে, না সেই কইলতাৰ তিৰিয়ে দিছে’।

ৰাতি হৈ আহিছে। চাৰে দহ বাজি গ’ল। অপৰ্ণাহঁতে চাগে ৰৈ ৰৈ আমনি পাইছে। খবৰ এটা দিও বুলিও দিব পৰা নাই, মোবাইলৰ ছুইটচ্ অফ।

‘নে গাড়ীখন ইয়াতে থৈ যাওঁ। কাইলৈ পুৱা আহি কিবা এটা কৰিম, কি ক মহেন?’

‘পাগলা হৈছি না কি? চুৰৰ জাগা। গাড়ী ভাঙি পেলে থৈ যাব।’

‘তেনেহ’লে কি কৰিম?’

‘ধাক্কা দিবা লাগিব আৰু….উপায় নাই না আৰ’

‘মই অকলে?’

‘কষ্ট হ’ব কিন্তু কি কৰবো? আপনি ষ্টিয়াৰিং ভী নোৱাৰে না, নহ’লি ময়ে দিলু হয়।’

ৰাস্তাত এজনক পালোঁ। হাজিৰা কৰা মানুহ। টকা দুশ দিম বুলি কওতে সিও ঠেলিবলৈ সাজু হ’ল। মই সকাহ পালোঁ অলপ।

চালকৰ আসনত বহি ষ্টিয়েৰিং কন্ট্ৰ’ল কৰিছে মহেনে। গাড়ী ঠেলি ঠেলি ঘামত তিতি-বুৰি পিছফালে নতুন গাড়ীৰ মালিক মই আৰু মানুহজন!

এঘাৰমান বজাত ঘৰ আহি পালোঁ। অপৰ্ণাসহিতে শহুৰ-শাহু, খুলশালী আটাইকেইজন বাহিৰত ৰৈ আছে। চকুৱে-মুখে চিন্তাৰ ৰেখা। ৰাতিৰ ভাত সাজ নিমখ-তেলেৰেই খালোঁ। মহেন মেকানিকেও খালে আমাৰ লগত। সি সকলো বিৱৰি ক’লে।

তেনেতে ৰাস্তাৰে কোনোবাই চিঞৰি গ’ল-‘ঐ চালা চুৱৰৰ বাচ্চা, নতুন গাড়ী কিনি দেখুৱাব আহিছ।…ইফালে সঞ্চয়ৰ লোনৰ টকা বছৰ ধৰি দিয়া নাই…গাড়ী দাঙি নিম, চুৱৰ…’। মোৰ কাহৰ শব্দটোৱেও বাহিৰৰ সেই চিঞৰবোৰক ভিতৰলৈ অহাত বাধা দিব নোৱাৰিলে। শহুৰ দেউতাই গল খেকাৰি উঠি গ’ল। আধা খায়েই ভোক পলাল নে চিঞৰবোৰে ভোক মাৰিলে, নুবুজিলোঁ। মইতো ফটা ঢোল বজাই গাড়ী কিনা মানুহ নাছিলোঁ। কি জানো হৈ গ’ল। কাইলৈৰ পৰা সঞ্চয়ৰ লোনৰ পইচাখিনিৰ কাৰণে হিচাপ এটা কৰিব লাগিব। হয়তো এক মিলাব নোৱৰা অংক হ’ব সেইটো। তথাপিও চেষ্টা কৰিব লাগিব। সদায় ৰাতি ৰাতি ‘চুৱৰৰ বাচ্চা’তো হ’ব নোৱাৰোঁ!

ঠিক সেই সময়তে হয়তো ৰমা কলিতাৰ ঘৰত-

মুৰ্গীৰ ডাঙৰ ঠেং এটুকুৰাত কামোৰ মাৰি ৰমা কলিতাই ক’লে-‘বুজিছা, নাৰীৰ চকুপানীক মানিছোঁ কিন্তু দেই। এই চকুপানীৰ জোৰতেই আজি দুবছৰ আগত পঞ্চাশ হাজাৰত কিনা মাৰুতিখনত নব্বৈ হাজাৰ পালোঁ।’

ঘৈণীয়েকে লাজ-লাজকৈ হাঁহিলে।

■■

28 Comments

  • Krishna Borah Phukon

    ভাল লাগিল দিগন্ত দা….

    Reply
  • গীতালি

    খুব ভাল লাগিল পঢ়ি

    Reply
  • Joy

    খুওব সুন্দৰ।

    Reply
  • Chayan bordoloi

    খুব ভাল লাগিল

    Reply
  • পল্লৱী

    লাজবাব দাদা !!

    Reply
  • সঞ্জীৱ

    ধুনীয়া লাগিল।

    Reply
  • Priti sarma

    ভাল লাগিল ।

    Reply
  • Manisha Kakati

    বহুত হাঁহিলো.. আৰু হাঁহিবলৈ আশা পালি থাকিম।

    Reply
  • হা হা, তিৰি হলে ৰমা কলিতাৰ জনীৰ দৰে হব লাগে ৷ বৰ ভাল লাগিল দেই প্লট টো! ৰস পালো কাহিনীটোত!

    Reply
  • Debajit

    বহুদিনৰ মূৰত হাঁহিবলৈ পাইছো ধন্যবাদ

    Reply
  • কমলেশ দাস

    ভাল লাগিল ।

    Reply
  • কংকনা শইকীয়া

    বেচেৰা বেয়াও লাগে দেই

    Reply
  • Hemanga dutta

    সুন্দৰ….

    Reply
  • বৰ ভাল লাগিল — সৰল মানুহৰ চাৰিওফালে খেলি মেলি হয়—

    Reply
  • Bhabani devi

    বৰ ভাল পালো দেই পঢ়ি

    Reply
  • ৰিণ্টু

    কি কম আৰু দিগন্ত। তোমাৰ লেখা মানেই বেলেগ কিবা এটা। পঢ়ি থাকিলেও হেঁ‌পাহ নপলায়। ভাষাৰে বুজাবলৈ শব্দৰ অভাৱ

    Reply
  • kasturi

    প্ৰথম এই টোৱে আৰম্ভ কৰিছো।মন চুই গৈছে।

    Reply
  • Diganta K Bhattacharya

    আপোনালোকৰ প্ৰেৰণাই লিখিবলৈ উৎসাহ যোগায়৷ সদৌটিকে ধন্যবাদ!!

    Reply
  • দিগন্ত দা কি বুলি ক’ম ৷ পাঠক হিচাপে আপোনাৰ দৰে লেখক পায় গৌৰৱ অনুভৱ কৰিছো ৷ মজ্জা হৈছে ৷

    Reply
  • ইমান ভাল লগাকৈ কেনেকৈ লিখে হে দাদা !

    Reply
  • মৃদুল শৰ্মা

    বৰ ভাল লাগিল পঢ়ি।

    Reply
  • সুৰভি গগৈ

    বহুত ভাল লাগিল ..

    Reply
  • কবীন্দ্ৰ ডেকা

    ভাল লাগিল!
    অৱশ্যে এনেবোৰ নিচা মানুহৰ কমি আহিব,যেতিয়া ফেচবুকৰ উপাদেয়তা বঢ়া পৰ্যায় পাবলৈ সুৰুচিপূৰ্ণ ব্যৱহাৰকাৰীৰ সংখ্যা বাঢ়ি আহিব

    Reply
  • জয়শ্ৰী লৰ

    ভাল লাগিল

    Reply
  • অভিজিত

    ইমান ধুনীয়াকৈ কেনেকৈ লিখে দিগন্তদা?

    Reply
  • অংকুৰ অসম তালুকদাৰ

    একেবাৰে এখন চুটি ছবিয়ে হৈ যায়।

    Reply
  • Noopur Baruah

    Val lagil

    Reply

Leave a Reply

Your email address will not be published.