ফটাঢোল

আমাৰ বাৰ মাহ – পৰীস্মিতা দাস

(১)
ব’হাগ আমাৰ ৰঙালী মাহ
ব’হাগ মানেই জাতিৰ সাহ
সাংস্কৃতিক সন্ধিয়া পাতি
নাচো-বাগো দিনে ৰাতি
আহ জাতিটোক বচাও আহ৷

(২)
জেঠ মাহত বাৰীত পকে অলেখ অযুত ফল
আমি মাথোঁ‌ চিনি পাওঁ আম, কঁ‌ঠাল, কল
ঘৰৰ ফলৰ আদৰ নাই
বিলাতীবোৰে ঠাই পায়
খালেও দেখোন পেটৰ মাজত কৰে কোলাহল।

(৩)
আহাৰ মাহত হেনো বৰ খৰ
ৰঙালীৰো পেলাব নোখোজো ওৰ
খেতি-বাতিৰ সময় হয়
পথাৰ খালী পৰি ৰয়
নিষ্কৰ্মা জাতিটো আনন্দতে পৰি মৰ ।

(৪)
শাওণমহীয়া পথাৰখন হৈ পৰে বোকা
গচকিব নোৱাৰো মই চহৰত থকা
খেতি-বাতিৰ মূল্য নাই
চাউল দেখোন দোকানত পায়
পথাৰখনত চেল্ফি লোৱাত মই কিন্তু চোকা।

(৫)
ভাদ মাহত আমাৰ গুৰু দুয়োজনাৰ তিথি
নামঘৰলৈ যাওঁ পিছে নামলৈ দিওঁ পিঠি
ফুচফুচীয়া মেল চলে
ভাগ লওঁ দলে-বলে
পঢ়ো যেন কাৰোবাৰ গোপন এখনি চিঠি।

(৬)
আহিনত আহে দূৰ্গা পূজা আমাৰ হেঁ‌পাহৰ
অপেক্ষাৰ আমাৰ অন্ত পেলায় গোটেই বছৰৰ
কত পেণ্ডেল সাজে
কত ঢাক-ঢোল বাজে
শেষ হয় পূজা, নপৰে প্ৰতিযোগিতাৰ ওৰ।

(৭)
কাতি মাহত বিহু হয়, নাম কঙালী
পিঠা-পনা খোৱা হয়, যেন ভোগালী
চাকি-বন্তি পাহৰি যাওঁ
টুনি লাইটহে ভাল পাওঁ
ব’হাগলৈ সাজু হওঁ বান্ধি টঙালি।

(৮)
আঘোণ মাহত পকা ধানৰ সোণোৱালী ৰং
ডাঙৰি দাঙিব ক’লেই ডেকাৰ উঠে খং
পঢ়ি শুনি নাই কাম-কাজ
খেতিত ধৰিবলৈ লাগে লাজ
পথাৰত নামি এৰিব নোৱাৰি চহৰীয়া ঢং।

(৯)
পুহৰ জাৰত ব্লেংকেটৰ তলত থাকো বাগৰি
ব্লেংকেটৰ তলত মোবাইল চাই নপৰো ভাগৰি
আগৰ সেই জুহালো নাই,
আইতাও নাই, সাধুও নাই
ফেচবুক, টিক্-টক্, পাবজিহে হৈ পৰিছে লগৰী।

(১০)
মাঘ মাহত বিহুৰ প্লেট পিঠা-পনাৰে সজাওঁ‌
পিঠা-পনাৰ বজাৰ কৰি আহৰি নাপাওঁ
প্লেটৰ পিঠা প্লেটতে ৰয়
চেল্ফিতহে শুৱনি হয়
চাওমিন, মেগী, ম’ম’ৰেহে হৃদয় জুৰাও।

(১১)
ফাগুন মাহ বৰ শুকান মাহ
বেমাৰ হয় জ্বৰ চৰ্দি-কাহ
লঠঙা ডাল লৰে-চৰে
সোঁৱৰণী মনত পৰে
ডাক্তৰৰ সতে হয় সঘন আহ-যাহ।

(১২)
ফাগুন মাহৰ পিছত আহে অন্তিম মাহ চ’ত
ইঞ্জিনৰ যুগত কুলিৰ মাত শুনিবলৈ পাম ক’ত
বিহুটি লাহেকৈ আহে
চান্দা পাৰ্টীয়েও হাঁহে
চান্দা বিচাৰি বেনাৰ মাৰি ৰৈ থাকে য’ত ত’ত।

☆★☆★☆

2 Comments

  • সুন্দৰ হাস্যমধুৰ লিমাৰিক

    Reply
  • Nilakshi Devi Deka

    বাস্তৱ সমাজৰ ছবিখন প্ৰতিফলিত কৰা সুন্দৰ কবিতা। বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.